ঘোঁৰাৰ ডিম

ঘোঁৰাৰ ডিম 

এক দেশত আছিল এজন বব্বৰ( বুৰ্বক ) মানুহ আৰু এজন আছিল খুব টেঙৰ মানুহ। বুৰ্বক মানুহজনে এদিন ঘোঁৰাৰ ডিম কিনিবলৈ বজাৰলৈ গ'ল। টেঙৰ মানুহজনে এই কথা জানি বুৰ্বক মানুজনক মাতি নি কলে - মোৰ ওচৰত ঘোৰাৰ ডিম আছে। তোমাৰ লাগিলে দিব পাৰোঁ। সেইকথা শুনি বুৰ্বক মানুহজনে খুব আনন্দ পালে। সেই সুজগতে টেঙৰ মানুহজনে হাতত থকা চাল কুমোৰাটো দেখুৱাই কলে- মোৰ হাতত আৰু এটাই আছে ঘোঁৰাৰ ডিম।
বৰ্বকজনে পলম নকৰি লগে লগে সেই কোমৰাটো কিনি ললে। কোমোৰাটোকে ঘোঁৰাৰ ডিম বুলি ভাবি মহা আনন্দত ঘৰলৈ ৰওনা দিলে। ঘৰ পাই কোমোৰাটো চৰাইৰ গোৰালৰ সন্মুখত উম দিলে। টেঙৰ মানুহজনে কোমোৰা কিনিলৈ আহোতে কৈ দিছে - ' ঘোঁৰাৰ ডিম উমত দিয়াৰ নিয়ম আছে । সেইমতে নহলে ঘোঁৰাৰ পোৱালী নহয় । গতিকে মই কৈ দিও সেই মতেই উমত দিব। ডিমটো ঘৰলৈ নি প্ৰথমে এটা সৰু ফুটা কৰিব , তাৰ পিছত হাঁহ কুকুৰাৰ গৰালৰ সন্মখত থৈ পাটৰ বস্তাৰে ঢাকি থব। চতুৰৰ কথা মতেই বুৰ্বকজনে কোমাৰাটো ফুটা এটা কৰি গৰালৰ সন্মুখত পাটৰ বস্তাৰে ঢাকি থলে। কেইদিনমান যোৱাৰ পিছত কোমোৰা ভিতৰখন পচি গ'ল। এদিন পাহাৰৰ পৰা শিয়াল নামি আহিল কুকুৰা ধৰিবলৈ। শিয়ালে লাহে লাহে কোমোৰাৰ ওপৰেদি গৈ গোৰালত সোমাল । গোৰালত সোমাওতে লাহে লাহে লুকাই চোৰকৈ সোমোৱা বাবে কোমোৰা ফাটি নগল। ইপিনে চতুৰজনে কৈ দিছে - ডিমটো উমত দি তুমি কেথাঁ উৰি ওচৰতে শুই থাকিবা। যেতিয়া দেখিবা গোৰালত হাঁহ কুকুৰাই চিঞৰ বাখৰ কৰিছে তেতিয়া ভাবিবা ডিম ফাটি ঘোঁৰাৰ পোৱালী গোৰালত সোমাইছে। ঘোঁৰাৰ পোৱালী গোৰালত নাথাকে সেইবাবে গোৰালৰ পৰা সিধাই পাহাৰলৈ দৌৰ দিব। তুমি পিছে পিছে গৈ ধৰি আনিবা। ধৰি আনিব পাৰিলে ঘোৰা তোমাৰ হ'ব আৰু ধৰি আনিব নোৱাৰিলে ঘোঁৰা তোমাৰ নহয়। ' চতুৰে জানে শিয়ালৰ পিছে পিছে দৌৰি গলে পাহাৰত উঠিব শিয়াল ভাবিব ঘোৰা। পাহাৰততো পাহাৰীয়া ঘোৰা থাকেই। পাহাৰত উঠিলে পাহাৰীয়া ঘোৰা দেখা পাব।
বুৰ্বকজনে কোমোৰাটো উমত দিয়াৰ পিছৰে পৰা সদায় গোৰালৰ ওচৰতে কেথাঁ উৰি শুই থাকে। যেতিয়া ঘোঁৰাৰ ডিম ফুটিব ঘোঁৰাৰ পোৱালীটো পাহাৰলৈ যাব নিদিম ধৰিম বুলি আজিও শুই আছিল। শিয়ালে কুকুৰা ধৰিবলৈ লওতেই হাঁহ কুকুৰাই পুৰা শব্দ কৰাত বোকা মানুহজনে সাৰ পালে। মানুহজনে ততালিকে উঠি গৈ ধৰিবলৈ লাইট মাৰোতেই শিয়াল ভয়তে খৰ গতিৰে দৌৰিলে। শিয়ালৰ ভৰিৰ আঘাতত কোমোৰাটো ফট - কৈ শব্দ কৰি ফাটি গ'ল। বব্বৰজনে ভাবিলে সচাঁইতো ঘোঁৰাৰ ডিম ফুটিল। সেইফালে চকুদিয়াত দেখিলে শিয়ালটো দৌৰি গৈ আছে। বব্বৰজনে ভাবিলে ঘোঁৰাৰ পোৱালী দৌৰি পাহাৰলৈ গৈ আছে। সি শিয়ালৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। শিয়াল দৌৰি গৈ পাহাৰত উঠিল। বব্বৰজনেও পিছে পাহাৰত গৈ উঠিলে। পাহাৰত উঠি ঘোৰাৰ পোৱালী বিচৰাত লাগিল। বিচাৰি থাকোতে থাকোতে ৰাতি পুৱাই গ'ল। কিছুমান মানুহ পাহাৰলৈ খৰি কাটিবলৈ আহিছে। বব্বৰজনক পাহাৰত কিবা বিচাৰি দৌৰি থকা চাই সুধিলে- তুমি এনেকৈ কি বিচাৰি আছা? বব্বৰজনে কলে- মোৰ ঘোৰাৰ পোৱালি আহিছে পাহাৰলৈ তাকে ধৰিব আহিছোঁ। ৰাতি পোৱালিটো ডিমৰ পৰা ফুটি ওলাই পাহাৰলৈ দৌৰ মাৰি আহিছে । '
মানুহবোৰে হাঁহিবলৈ ধৰিলে আৰু কলে- আৰে বব্বৰ ঘোঁৰাৰ ডিম থাকে নেকি ? ঘোঁৰাৰ ডিম নাথাকে ,ঘোঁৰাৰ পোৱালিহে হয় ।'
সেইবোৰ কথা শুনি বব্বৰজনে পাহাৰৰ পৰা নামি ঘৰলৈ ৰাওঁনা দিলে । বাটতে গাঁৱৰ মুৰব্বীজনক লগ পাই গ'ল। বব্বৰজনে সকলো কথা ভাঙি পাতি কলে। এই কথাও কলে - মানুহজনে ঘোৰাৰ ডিম বুলিকৈ কিয় বিক্ৰী কৰিলে?
তেতিয়া মানুহজনে কলে - তুমিও এক বব্বৰ আৰু যিয়ে ঘোঁৰাৰ ডিম বিক্ৰী কৰিছে সিও এক বব্বৰ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু