Posts

Showing posts from July, 2020

উই পৰুৱাটো

Image
      উই পৰুৱাটোৱে টানিলৈ যায় মোক আপ্লাছ পৰ্বতৰ শিখৰলৈ আকাশখনলৈ হাত মেলোতেই শিলা বৃষ্টি এজাকে খৰশ্ৰতা নৈত পেলই দিয়ে নৈয়ে দলি মাৰি দিয়ে মহাসাগৰৰ নীলাভ শলিলৰাশিত, ক্লান্ত নেত্ৰপল্লৱ টানি তুলিয়েই দেখো চৌপাশ শ শ শৱদেহ শিলাঘাতত ৰক্তাক্ত দেহৰ ঘ্ৰাণ পাই শৱবোৰ জীয়াই উঠে মোক ঘেৰি ধৰে গিলিবলৈ, সিহঁতে মোক টানি লৈ যায় গভীৰলৈ মোৰ উশাহ ক্ৰমাৎ চুটি হয় হঠাৎ পাখিকটা উই পৰুৱাটোয়ে চুলিত ধৰি টানি আনে পাৰলৈ আকৌ চোচৰাই লৈ যায় . . .।

জীৱন(jiban part 2)

Image
জীৱন!অৰ্থটো জীৱনভেদে বেলেগ ।কোনোবাই জীৱনটো এটা সৰল অঙ্কৰ দৰে বুলি ভাবে ।ভাত পানী খাই জীয়াই থকাটোয়ে জীৱন বুলি ভাৱে৷তেওলোকে ভাতমুঠিৰ বাবেই হাহাকাৰ কৰি ফুৰে।কোনোবাই জীৱনটোক সংগ্ৰাম হিছাপে লয়৷কৰ্মঠ মানুহবোৰে যিমানদূৰ পাৰে কৰ্ম কৰি যায়৷ পৰিশ্ৰমী,অধ্যবসায়ী মানুহে মনৰ দুৱাৰ খুলি জ্ঞানৰ পৃথিবীত ভাহি ফুৰে,তাতেই তেওঁলোকে জীৱনৰ অৰ্থ বিচৰি পায়৷কিছুমানে ঈশ্বৰৰ ওপৰত আস্থা ৰাখি দেশৰ বাবে দহৰ বাবে লগতে পৰিয়ালৰ বাবে নিজক উছৰ্গা কৰাৰ মনোবৃত্তিৰেও জীৱনৰ অৰ্থ বিচৰাৰ চেষ্টা কৰে ৷সকলো মানুহৰ বাবে জীৱনৰ অৰ্থ সুকীয়া।জীৱন ৰহস্যৰ সন্ধানৰ  মাজেৰেই মানুহে সৃষ্টি কৰে , জীৱনৰ অৰ্থ বিচাৰি মানুহে হাবাথুৰি খায়,আশাৰ পিছে পিছে দৌৰে,কল্পনাৰ মোহত বন্দী হয় ।জীৱন বিচিত্র , জীৱন ৰহস্যৰে ভৰা, বুজিয়ো বুজিব নোৱাৰা এক সাথৰ । সেয়ে হয়তো জীৱন ইমান সুন্দৰ, ইমান মায়াময় ।

প্ৰেম(love)

Image
প্ৰেম(love) ----নাম শুনিলেই অন্তঃকৰণত মিঠা অনুৰণন সৃষ্টি হয়।প্ৰেমৰ বাবেই চলি আছে বিশ্ব,প্ৰেমৰ বাবেই ফুলবোৰে সৌৰভ বিয়পাইছে চৌদিশে ৷ প্ৰেম হৃদয়ৰ গোপন কোঠাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত ৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰঙ্গ ৷প্ৰেমক কোনো ভাষা বা কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়।মৌনতাইহে কব পাৰে হৃদয়ৰ কথা।দুচকুৰ নীলাভ চাৱনীয়ে প্ৰেমৰ গভীৰতা প্ৰকাশ কৰে।চকু সুনিপুন শিল্পী, চকুৰ হৃদয়ৰ ভিতৰলৈ মসৃণ বাট কাটি দিয়ে। হৃদয়ৰ মনিকোঠাৰ দুৱাৰখন খুলি দিয়ে।দুচকুয়েই অভিবাদন জনাই হাত ধৰি লৈ যায় হৃদয়ৰ গভীৰলৈ। প্ৰেম আত্মাৰ আজন্ম সহযাত্ৰী।প্ৰেম সকলোৰে জীৱনলৈ আহে ৷কিন্তু প্ৰেম নে ভাললগা তাক প্ৰায় মানুহে পাৰ্থক্য কৰিব নোৱাৰে।প্ৰেমত সকলোৱে পৰে।কেতিয়াবা প্ৰেমে পূৰ্ণতা পায় কেতিয়াবা অপূৰ্ণ হৈ ৰ(বহুতেই ভাবে ) ৷যিহতু ভাবে বা কয় প্ৰেম ব্যাৰ্থ হ'ল,প্ৰকৃততে সিহঁতে প্ৰেমত পৰা নাছিল।সৌন্ধৰ্য চাই ভাল লাগিছিল বাবে ভাল পাইছিল।ভাল পাইছিল বাবে ভাল লগা নাই।প্ৰেম ধুনীয়া বা সৌন্ধৰ্য চাই নহয়, চকুত চকু পৰিহে প্ৰেম হয়।প্ৰেম বাট চকুৰে হৃদয়লৈ।হৃদয়ৰ নিভৃত কোনত জগাই তোলে এক শিহৰণ। প্ৰেম চিৰকালেই পূৰ্ণ , সয়ং সম্পূৰ্ণ ।প্ৰেমৰ অনুভৱেই ন

জীৱন#jiban

Image
কি যে প্ৰহেলিকাময় জীৱন(#life)!কেতিয়াবা অসমাপ্ত সপোনবোৰৰ পিছে পিছে দৌৰি ভাগৰি পৰোঁ ,কেতিয়াবা ভগ্ন সপোনবোৰে মোক টানি নি আন্ধাৰৰ মাজত পেলাই দিয়ে ।আন্ধাৰৰ মাজত থকা কাঁইটবোৰে হানি খুচি চিৰাচিৰ কৰে,তেজবোৰ বৈ যায় অন্ধকাৰ সুতিয়েদি।জীৱনটো এক সাথৰ।জীৱনৰ বাট কেতিয়াবা উজু কেতিয়াবা কঠিন।আচলতে উজু বুলিবলৈ একো নাই, সেয়া আমাৰ ভ্ৰম।জীৱন বাটটো বহুত কঠিন।তাৰ বাবে প্ৰতিপল আমাৰ বাবে ৰৈ থাকে নতুন নতুন সংগ্ৰাম।ঠিক পানীত উপঙি থকা পদুম ফুলৰ দৰে।পুখুৰীৰ পানীয়েই তাৰ জীৱন।পুখুৰীৰ  দুটি পাৰ যেন জীৱন আৰু মৃত্যু। তাৰ মাজতেই জীয়াই থাকিবলৈ সংগ্ৰাম কৰি যায়।ৰ'দ ধুমুহা,বৰষুণে কোমল পাতবোৰত বাৰে বাৰে আঘাত কৰে।পদুম ফুলে সেই আঘাত সহ্য কৰি জীয়াই থাকিবলৈ নিৰ্ভয়ে সংগ্ৰাম কৰে।ময়ো সংগ্ৰাম কৰিবলৈ ভয় নকৰো।মই এগৰাকী সংগ্ৰামী।সংগ্ৰাম কৰি আছো জীয়াই থাকিবলৈ।মাজে মাজে ক্লান্ত হৈ পৰোঁ।কেতিয়াবা ভাব হয়  যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাওঁ কনো দূৰ দেশলৈ।য'ত কোনো নাই,জীৱন সংগ্ৰাম নাই,সপোন নাই,হেঁপাহ নাই,সপোন মৃত্যুৰ চিৎকাৰ নাই।আছে মাথোঁ এজাক চৰাই,পখিলা,পাহাৰ,জলপ্ৰপাত,নৈ ।ফুলৰ সুবাহ কঢ়িওৱা মৃদু বতাহ।য'ত বতাহক মই চুই চাম, সুধিম তাৰ উদা