প্ৰেম(love)



প্ৰেম(love) ----নাম শুনিলেই অন্তঃকৰণত মিঠা অনুৰণন সৃষ্টি হয়।প্ৰেমৰ বাবেই চলি আছে বিশ্ব,প্ৰেমৰ বাবেই ফুলবোৰে সৌৰভ বিয়পাইছে চৌদিশে ৷ প্ৰেম হৃদয়ৰ গোপন কোঠাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত ৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সংগীত তৰঙ্গ ৷প্ৰেমক কোনো ভাষা বা কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়।মৌনতাইহে কব পাৰে হৃদয়ৰ কথা।দুচকুৰ নীলাভ চাৱনীয়ে প্ৰেমৰ গভীৰতা প্ৰকাশ কৰে।চকু সুনিপুন শিল্পী, চকুৰ হৃদয়ৰ ভিতৰলৈ মসৃণ বাট কাটি দিয়ে। হৃদয়ৰ মনিকোঠাৰ দুৱাৰখন খুলি দিয়ে।দুচকুয়েই অভিবাদন জনাই হাত ধৰি লৈ যায় হৃদয়ৰ গভীৰলৈ।
প্ৰেম আত্মাৰ আজন্ম সহযাত্ৰী।প্ৰেম সকলোৰে জীৱনলৈ আহে ৷কিন্তু প্ৰেম নে ভাললগা তাক প্ৰায় মানুহে পাৰ্থক্য কৰিব নোৱাৰে।প্ৰেমত সকলোৱে পৰে।কেতিয়াবা প্ৰেমে পূৰ্ণতা পায় কেতিয়াবা অপূৰ্ণ হৈ ৰ(বহুতেই ভাবে ) ৷যিহতু ভাবে বা কয় প্ৰেম ব্যাৰ্থ হ'ল,প্ৰকৃততে সিহঁতে প্ৰেমত পৰা নাছিল।সৌন্ধৰ্য চাই ভাল লাগিছিল বাবে ভাল পাইছিল।ভাল পাইছিল বাবে ভাল লগা নাই।প্ৰেম ধুনীয়া বা সৌন্ধৰ্য চাই নহয়, চকুত চকু পৰিহে প্ৰেম হয়।প্ৰেম বাট চকুৰে হৃদয়লৈ।হৃদয়ৰ নিভৃত কোনত জগাই তোলে এক শিহৰণ।
প্ৰেম চিৰকালেই পূৰ্ণ , সয়ং সম্পূৰ্ণ ।প্ৰেমৰ অনুভৱেই নিসংগ সময়ক সংগীতময়, পূৰ্ণ কৰি তোলে।আত্মাৰ সতে আত্মাই কথা পাতে।বিপৰীতজনে ভাল পাব লাগে বুলি কথা নাই।যি সচাঁকৈয়ে প্ৰেমত পৰিছে সদায়ে উমি উমি জ্বলিব।এই জ্বলন পৃথিৱীৰ ভিতৰত সুমধুৰ। যি জীৱন বাটৰ শক্তি আৰু প্ৰেৰণাৰ উৎস।
প্ৰেম সদায় বন্ধনমুক্ত।প্ৰেম হলে জৰুৰী নহয় কোনো বন্ধনত বান্ধিব লাগিব।যিদৰে চিনেমাবোৰত দেখুৱা হয়,প্ৰেম হলে বিয়া হ'ব লাগিব,শাৰিৰীক সম্পৰ্ক হ'ব লাগিব?সেইবোৰ চাই চাই আমাৰ মাইণ্ড চেট হৈ গৈছে। প্ৰেমৰ বাবে যদি মিলন জৰুৰী তেন্তে বজাৰত দেহ কিয় বিক্ৰী হয়?কিয় দেহ কিনা হয়? ইয়ে প্ৰমাণ কৰে প্ৰেম নহলেও মিলন হয়।
মিলন এক জৈৱিক প্ৰক্ৰিয়া।এই জৈৱিকতাই যিকোনো নাৰী পুৰুষকে আকৰ্শিত কৰিব পাৰে। কিন্তু প্ৰেম ইয়াতকৈ বিপৰীত। মিলন নহলেও প্ৰেম জীয়াই থাকে আজীৱন।এবাৰ কাৰোবাৰ প্ৰেমত পৰিলে সেই স্থান কোনেও নাপায়।চেতন মনত কোনো ঠাই পালেও অৱচেতন মনত সেই প্ৰেমৰ ৰাজত্ব থাকি যায়।যি ঘনে ঘনে চেতন মনতো আহি ৰাজত্ব কৰে।
প্ৰেম দুখ বা সুখৰ সময়ৰ এটোপাল চকুপানী,যি সৰি নপৰে। চকু বন্ধ কৰি প্ৰেমত পৰাজনৰ আত্মা চুই চোৱা,আত্মাৰ অস্তিত্ব অনুভৱ কৰা  নাম।প্ৰেম এপলক চোৱাৰ নাম।প্ৰেম এটি পল একে লগে খোজ কঢ়াৰ নাম ,এটি পল চুপ চাপ বহি এজনে আনজনৰ কষ্ট অনুভৱ কৰাৰ নাম।প্ৰেম ভালপোৱাজনৰ ওঁঠত হাঁহি বুলাই দিয়াৰ নাম।
প্ৰেম বাৰ বাৰ নহয়,সচাঁ প্ৰেম এবাৰে হয়।অকল প্ৰথম প্ৰেমেই যে সচাঁ প্ৰেম,সেয়া নহবও পাৰে।যি প্ৰেমৰ অনুভৱ আত্মাত চিৰদিনৰ বাবে ৰৈ যায়,যি অনুভৱে জীৱন বাটত আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে সেয়াই প্ৰকৃত প্ৰেম। কোনোবাই দুই,তিনি,চাৰিবাৰ প্ৰেমত পৰা বুলি কয় কিন্তু সেয়া প্ৰেম নহয়,ভাল লগা,মৰম ।যিদৰে ভাই ভনী মৰম কৰে ঠিক তেনেদৰেই।মৰমৰ লগত জৈৱিক আকৰ্শন জৰিত হৈ থাকে বাবেই সেই মৰম প্ৰেমৰ নাম পায়,যি আচলতে প্ৰেম নহয়।
প্ৰেম অন্তৰৰ পৰা কৰা আৰাধনা।যিদৰে আমি ঈশ্বৰক আৰাধনা কৰো অন্তৰেৰে,ঠিক তেনেকৈ প্ৰেমকো অন্তৰেৰে আৰাধনা কৰা হয়।
তুমি বহুত ধুনীয়া।মই তোমাক ভাল পাওঁ,তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ।তুমি মোৰ হলে মই তোমাক সুখত ৰাখিম।তোমাক বহুত ভাল পাম।প্ৰেমৰ বাবেই এই জীৱন,জীৱন ক্ষন্তেকীয়া,প্ৰেম কৰি জীৱন উপভোগ কৰিব লাগে।ঠিক এই ধৰনেৰেই হিয়া দিয়া নিয়াৰ নাটক এখন ৰচা হয়।এটা সময়ত প্ৰেমৰ নামত স্বাৰ্থহে পুৰণ কৰাহে দেখা যায়।
এনে ধৰনৰ যান্ত্ৰীকতাই আৰু স্বাৰ্থপৰতাই প্ৰেমক কলঙ্কিত কৰিছে ৷প্ৰেমক উপভোগৰ সামগ্ৰী কৰি তুলিছে।প্ৰেমৰ অজ্ঞতা আৰু কৃত্ৰিম প্ৰেমৰ চমকত বহুতৰে জীৱন বিষময় হৈ পৰে।প্ৰেম হৈ পৰে সিহঁতৰ জীৱনৰ অন্ধকাৰ পোতশালা।প্ৰেম মাথোঁ বিয়া কৰিবৰ বাবে,বিয়া বহিবৰ বাবে।বিয়া হলে পূৰ্ণতা ,বিয়া নহলে ব্যাৰ্থতা।এই ব্যাৰ্থতাৰ বাবে বহু প্ৰেমিক প্ৰেমিকাই জীৱনটোৱে ধ্বংস কৰি পেলায়,এনেকি এচিড ঢালি দিয়ে,হত্যা কৰে।বাহ! কি প্ৰেম?

প্ৰেম সুমধুৰ,যান্ত্ৰিক জড়তাই প্ৰেমক স্পৰ্ষ কৰিব নোৱাৰে।প্ৰেম জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী।এই প্ৰেমে যাক চুই যায়  তাৰ জীৱন ধন্য ৷ তাৰ পৃথিৱী সেউজীয়া হৈ পৰে।ধৈৰ্যশালী হয়।মন উদাৰ হয়,সৃষ্টিশীল কৰি তোলে মনক।
সৃষ্টিশীলতাই  নতুনকৈ চাবলৈ শিকায় পৃথিৱীখনক।অধিক আত্মবিশ্বাসী কৰি তোলে।নিজক ভাল পাবলৈ শিকায়।মানুহক ভাল পাবলৈ শিকায়।প্ৰেমে মানুহক সাহসী কৰি তোলে।ই মনক উদ্ধুদ্ধ কৰি তোলে সংগ্ৰাম কৰিবলৈ।
প্ৰেমিক/প্ৰেমিকাৰ সমস্ত দুখ নিজৰ কৰি লৈ সোতৰ বিপৰীতে যুজ দিবলৈ সাজু কৰি তোলে প্ৰেমে।প্ৰেমিক/প্ৰেমিকাৰ সুখৰ বাবে সমস্ত পৃথিৱীৰ সতে যুজ দিব পাৰে হেলাৰঙে।
প্ৰেম পবিত্ৰ নিৰ্মল বৰষুণ,নামি আহে দুভৰিত জুনুকা পিন্ধি । প্ৰেমৰ আৱেশেৰে হৃদয়ক সিক্ত কৰি তোলে।
প্ৰেম একপ্ৰকাৰ বিষাদৰ পিয়লা।এই বিষাদৰ পিয়লাত অনুভুতিবোৰ পি খায়ো ভাগৰি নপৰে জীৱন ৷ বিষাদৰো এটা আমেজ আছে ৷ যিয়ে বিষাদ বুকুত ধাৰণ কৰিব নোৱাৰে সি জীৱনত একো পোৱা নাই আৰু নাপায়,জীৱনত হাৰি যায় ৷ বুকুৰ বিষাদকে শক্তি কৰি ললেই জীৱনত সফলতাৰ উচ্চ শিখৰ চুব পাৰি ।প্ৰেমেই হাত ধৰি লৈ যায় সু উচ্চ শিখৰলৈ।
প্ৰেম এক পবিত্ৰ আৰাধনা।বিবাহ এক পবিত্ৰ বন্ধন।এই বন্ধনত প্ৰয়োজন বিশ্বাস,বন্ধুত্ব আৰু মৰম।পৰস্পৰে পৰস্পৰক সন্মান দিয়া দৰকাৰ। প্ৰেমক অপবিত্ৰ কৰা দৰে বিবাহকো অপবিত্ৰ কৰা দেখা যায়।পুৰুষে নাৰীক কিনি অনা দাসৰ দৰেই ব্যৱহাৰ কৰে।আকৌ কিছুমান নাৰীয়ে স্বামীক এ টি এম কাৰ্ডৰ দৰেই ব্যৱহাৰ কৰে।
কিন্তু প্ৰেম কাৰো অধীন নহয়,স্বাৰ্থপৰ নহয়।কাৰো পৰা একো দাবী নকৰে,যিমান পাৰে নিজে দিবলৈ চেষ্টা কৰে।প্ৰেম হৃদয়ৰ এক স্বতঃস্ফুৰ্ত অনুৰণন৷ টকা পইচা,দাবি ধমকিৰে প্ৰেম আদায় কৰিব নোৱাৰি।প্ৰেম নিজৰ মনৰ অনুৰণন।ই কেতিয়া কাৰ হৃদয়ত টুকুৰিয়ায় কোনেও কব নোৱাৰে।
প্ৰেম স্বৰ্গীয় অনুভুতি,ইয়াক অনুভৱ কৰিবলৈ পবিত্ৰ মনৰ প্ৰয়োজন।প্ৰেম অমৰ,অপৰিবৰ্তনশীল।


Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?