Posts

Showing posts from May, 2024

চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ ৪

 যোৱা সংখ্যাৰ পিছৰ পৰা ২) গাখীৰ পিঠা- প্ৰয়োজনীয় উপকৰণ- আতপ/ আৰৈ চাউল ১ কেজি , নিমখ- ১ চা চামুচ,  পানী জোখমতে , গাখীৰ দুই বা তিনি লিটাৰ, খেজুৰ গুড় দুকাপ ( চেনী ও দিপ পাৰে) , ইলাচী ২ টা, নাৰিকল ৰোকা ১ কাপ । প্ৰণালী- চাউল ধুই চাৰি পাঁচ ঘন্টা তিয়াই থৈ পটাত বটি নাইবা  ঢেঁকীত খুন্দি পিঠাগুৰি তৈয়াৰ কৰি ল'ব । পিঠাগুৰিত নিমখ আৰু প্ৰয়োজন মতে কুহুমীয়া গৰম পানী দি এটা বেটাৰ তৈয়াৰ কৰিব । বেটাৰটো বেছি পাতলো নহয় ঘনো নহয় । তাৰ পিছত  অলপ সময় ঢাকি থ'ব ।  এতিয়া এটা পাত্ৰত গাখীৰ গৰম হ'বলৈ দিব । এলাইচি আৰু দাৰচিনিও দিব পাৰে । চৰ চাপৰিত আগতে ভোগপাত ব্যৱহাৰ কৰিছিল । ভোগপাত নাথাকিলে একো দিয়া নাই । এতিয়া কিছুমানে ভোগপাতৰ ঠাইত ইলাচী দিয়ে । গাখীৰ অলপসময় উতল আহিলে তাতে চেনী আৰু অলপ নিমখ দিয়ে । গুড় দি বনালে আন এটা পাত্ৰত অলপ পানী দি গুড় গৰম কৰিব লাগিব, গুড় গলি গ'লে অলপ ঠাণ্ডা কৰি গাখীৰত দি মিহলাই ল'ব । (গৰম গুড় আৰু গৰম গাখীৰ মিহলাই দিলে গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে । ) তাৰ পিছত নাৰিকল ৰোকা দিব লাগে । নাৰিকল নিদিলেও হয় ।   এতিয়া খোলা গৰম কৰি তাতে এচামুচকৈ বেটাৰ দি ঢাকনীৰে ঢাকি দিব , প্ৰয়োজন হল

চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ ৩

 যোৱা সংখ্যাৰ পিছৰ পৰা শুকাই ব্যৱহাৰ কৰা খাদ্য :  চৰ চাপৰিত কিছুমান খাদ্য শুকাই সংৰক্ষণ কৰি থৈ দিয়ে । সেইবোৰ পিছলৈ প্ৰয়োজন সাপেক্ষে ৰান্ধি খায় । এইবোৰ খাদ্যও চৰাঞ্চলত জনপ্ৰিয় । চৰ চাপৰিৰ মানুহে মাছ হালধি দি শুকাই থোৱাৰ প্ৰচলন আছে । শুকান মাছবোৰ শাক পাচলি দি ৰান্ধি খোৱাৰ ওপৰিও ভাজি , ভৰ্তা বনায়ো খায় ।কছুৰ লতি আৰু শুকান মাছ , কছুৰ পেটা ( মুহি) আৰু শুকান মাছ , কছুৰ ঠেৰা, কঠাল গুটি আৰু শুকান মাছ, ৰঙালাউৰ শাক , কঠাল গুটি আৰু শুকান মাছ , ভোল আৰু শুকান মাছ, ৰঙালাউৰ আৰু শুকান মাছ আদি জুতি চৰাঞ্চলত জনপ্ৰিয় । শুকান মাছৰ তৰকাৰী খোৱাৰ ওপৰিও শুকান মাছৰ ভৰ্তাও জনপ্ৰিয় । বিশেষকৈ চেপা ভৰ্তাটো অধিক জুতি লগা ভৰ্তা । পঁইতা ভাতৰ লগত শুকান মাছৰ ভৰ্তা বৰ সোৱাদ লগা ।  মাছৰ লগতে চৰ চাপৰিত মাংসও শুকাই থোৱা প্ৰচলন আছে । বিশেষকৈ কোৰবাণীৰ সময়ত ৰঙা মাংস সিজাই লৈ ৰ'দত শুকাই সংৰক্ষণ কৰাৰ প্ৰচলন ।  মাছ মাংসৰ উপৰিও শাক- পাচলিও সংৰক্ষণ কৰি থৈ দিয়ে । যেনে -  ১) পাটৰ শাক শুকাই থৈ পিছলৈ প্ৰয়োজন অনুযায়ী ওৰে ৰাতি  পানীত তিয়াই পানী খায় । এই পানী খালে জ্বৰ আৰু শৰীৰত বিষ অনুভৱ কৰিলে সেয়া ভাল হয় বুলি বিশ্বাস ।  ২) চৰ চাপৰিত

চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ 2

 যোৱা খণ্ডৰ পিছৰ পৰা সেউজীয়া শাক পাচলি: চৰ চাপৰিত বানপানীৰ দিনকেইটাৰ বাহিৰে প্ৰায়  বাৰ মাহতে শাক পাচলি থাকে । বিশেষকৈ শীত-কালত যথেষ্ট পৰিমাণে শাক পাচলি পোৱা যায় । চৰ চাপৰিৰ প্ৰায়বোৰ মানুহে কৃষক । তেওঁলোকে ব্যৱসায়িক ভিত্তিত শাক পাচলিৰ খেতি কৰে । শাকৰ ভিতৰত কিছুসংখ্যক শাক যেনে - কলমৌ শাক , মাটি কাদুৰি ( হেলেঞ্চি) শাক , খুতুৰা, ৰঙা খুতুৰা, দোৰণ শাক , জিলমিল ( বথুৱা বা বইতা) শাক , ঢেকীয়া শাক , কছু শাক , মচন্দৰী আদি বনৰীয়া ভাৱে পোৱা যায় । এই থলুৱা শাকবোৰ চৰ চাপৰিৰ পথাৰৰ দাঁতিত ,বাটৰ দাঁতিত হয় । যিবোৰ চৰ চাপৰিৰ মানুহৰ অতিকৈ প্ৰিয় । বনৰীয়া শাকৰ ওপৰিও ঘৰত বা পথাৰত খেতি কৰা শাকবোৰ হ'ল - পাট শাক , ডেমচি শাক , সৰিয়হ শাক ,লাউ শাক ,লাই শাক , লাল শাক,আলুৰ শাক , মূলাৰ শাক , কোমোৰা শাক , লভা শাক , পালেং শাক , ৰঙালাউৰ শাক , মিঠা আলুৰ শাক , পূৰৈ( কুই ) শাক আদি ।চৰ চাপৰিৰ মানুহে শাকবোৰ বিভিন্ন ধৰণে খোৱাৰ বাবে প্ৰস্তুত কৰে । যেনে - শাক ভৰ্তা , শাক ভাজি , শাক মাছেৰে জোল বনাই অথবা শাক পিঠালি বনাই । শাক পিঠালি চৰ চাপৰিৰ জনপ্ৰিয় খাদ্য । শাক দালিৰেও ৰান্ধি খায় । আনহাতে চৰ চাপৰিৰ নিত্য চাপৰিৰ নিত্য প্ৰচলিত

চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ১

  চৰ চাপৰিৰ মুছলমান সকলোৰ  খাদ্যাসম্ভাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ হোৱাৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া সংস্কৃতি দেখা যায় । অসমত নানা জাতি জনগোষ্ঠীৰ ঐতিহ্যময় সংস্কৃতিৰ সমাহাৰৰ বাবেই অসমৰ সংস্কৃতি গৌৰৱৰ ধ্বজা বহন কৰি আছে  । পিন্ধন উৰণ , ৰীতি- নীতি ,  উৎসৱ পাৰ্বনৰ দৰে জনগোষ্ঠী সমূহৰ খাদ্য সম্ভাৰৰ সেই সংস্কৃতিৰ অন্তৰ্গত । অসমৰ প্ৰত্যকটো জাতি জনগোষ্ঠীৰ খাদ্যাসম্ভাৰ অতি চহকী । আন আন জনগোষ্ঠীৰ দৰে অসমৰ চৰ চাপৰিৰ খাদ্যাসম্ভাৰো অতি চহকী । ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল সমুহত বাস কৰা মিঞা জনগোষ্ঠীটোয়ে পৰিৱেশ অনুকুলে বিভিন্ন ধৰণে খাদ্য গ্ৰহণ কৰি আহিছে । নৈৰ দাঁতিত হোৱা বাবে কেতিয়াবা বানপানীৰ মাজত কেতিয়াবা প্ৰচণ্ড খৰাঙৰ ধূলি বালিৰ মাজত বাস কৰিবলগীয়া হয় । তাৰ ওপৰিও কেতিয়াবা  ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰি পেলায়, তাৰ পিছতো কহুৱাৰ দৰে বালিচাপৰিত নতুনকৈ আকৌ জী উঠে । এনে এক পৰিবেশৰ মাজত জীৱন নিৰ্বাহ কৰাৰ বাবে খাদ্যও এই পৰিৱেশ অনুকুলে খাব লগীয়া হয় , বিশেষকৈ বানপানীৰ সময় খিনিত চৰ চাপৰিৰ মানুহৰ বাবে বহুত সংকটজনক । সংকটৰ এই সময়চোৱা পৰা হ'লে  অত্যাধিক পৰিশ্ৰমৰ ফলত চৰ চা

সুস্থ চিন্তা

  বৃদ্ধ আশ্ৰমৰ বাবে অকল সন্তানক দোষাৰোপ কৰি যুক্তিকৰ নহয়। কিছুমান অকল সন্তানৰ কাৰনেই হয় কিন্তু প্ৰায়ভাগৰে উৰহিৰ(  ওৰ ) বেলেগহে । এদিন বান্ধৱী এজনীৰ লগত ল'ৰা- ছোৱালীৰ কথা পাতোতে হঠাৎ কৈ উঠিল - ল'ৰাৰ লগত ফ্ৰেন্ডলী হ'ব লাগে । আজি তই যেনে ব্যৱহাৰ কৰিবি কাইলৈ সিও একেই ব্যৱহাৰ কৰিব। বৃদ্ধ আশ্ৰমবোৰ কি কাৰণে হৈছে ? সৰুতে ল'ৰা - ছোৱালীক সময় দিয়া নাই, মমতাৰে বুকুত আকোৱালী ল'ব পৰা নাই , যাৰ বাবে সিহঁৰত মাজত আত্মিকতা হোৱা নাই । শেষত কি হয় বৃদ্ধ আশ্ৰম।  সেইকাৰণে লৰা- ছোৱালীৰ লগত ভাল ব্যৱহাৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে।

সুস্থ চিন্তা

  1) সুস্থ সমাজ বিচাৰিলে প্ৰথমে নিজৰ মানসিকতা সুস্থ কৰক , নিজৰ ঘৰখন সুস্থ কৰক । সুস্থ মানসিকতা আৰু সুস্থ ঘৰেই সুস্থ সমাজৰ মূল ভেটি। 2) নিজৰ ঘৰখনৰ পৰিৱেশ উন্নত কৰিব বিচাৰিলে প্ৰথমে নিজৰ মনোভাৱ , নিজৰ চিন্তাশক্তিৰ উৎকৰ্ষ কৰক ।  3) এজন মানুহ বয়সত ডাঙৰ হলেই তেওঁ ডাঙৰ হৈ নাযায় , চিন্তাচৰ্চা আৰু কৰ্মইহে মানুহক সৰু বা ডাঙৰ কৰে । 4) যিয়ে নিজৰ মাকক সন্মান কৰিব নাজানে , তেওঁ পৃথিৱীৰ আন কোনো মানুহকে সন্মান কৰিব নাজানে , এনেকি নিজকো সন্মান নকৰে । এনে মানুহৰ পৰা সদায় দূৰত থকাটোৱে শ্ৰেয়। 5) মইবৰ ভবা মানুহক কেতিয়াও মানুহে সন্মান নকৰে , আনহাতে হীনমান্যতাত ভুগি নিজৰ দোষবোৰ ঢাকি থৈ আনক দোষাৰোপ কৰি থাকিলেও মানুহে তাক ভাল নাপায় , সেয়েহ সদায় নিজৰ মানসিকতা উন্নত কৰাৰ চেষ্টা কৰক ।

চৰ চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন

  চৰ  চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন চৰ চাপ ৰিৰ মিয়া জনগোষ্ঠীৰ জন জীৱন আৰু অৰ্থ সামাজিক দিশটো আলোচনা কৰিবলৈ হ’লে প্ৰথমে এই জন গোষ্ঠীৰ ইতিহস বা পটভূমিৰ বিষয়ে জানিব লগিব।       বৰ্তমান অসমত চৈধ্যখ্ন জিলাত 2251 খ্ন চৰ চাপৰি আছে । এই 2251 খ্ন চৰাঞ্চলত 434758 টা পৰিয়াল আছে। উক্ত পৰিয়ালত 24,90,397 জন লোক বসবাস কৰে । বৰ্তমান বসতি  কৰি থকা এই অঞ্চলসমুহ হাবি বননি আৰু পিতনিৰে ভৰা আছিল । অঞ্চলবোৰত দিন দুপৰতে বাঘ ভালুক উলাইছিল। নামনি অসমৰ ৰজা আৰু জমিদাৰ সকলোৰ চিকাৰৰ কাহিনি বোৰত তাৰেই প্ৰমাণ ।  কুৰি শতিকাৰ প্ৰথ্ম দশকৰ পৰা এই অঞ্চল সমুহত বসতি আৰম্ভ হয়। 1826 খৃষ্টাব্দত অসম ইংৰাজৰ অধিনলৈ যায়। অসমত উপনিৱেশ পাতি থকা অত্যাচাৰি মান সকল অসমৰ ৰাজহাড় প্ৰায় ভাঙি থৈ গুচি যায়। ইংৰাজ সকলে অসম দখ্ল কৰাৰ পিছতে অসমৰ নানা সম্পদ যেনে চাহ , তেল , কয়লা, কৃষিভূমি আদিলৈ নজৰ দিয়ে। ইংৰাজ সকলে প্ৰথমেই চাহ খেতিৰ ওপৰত গুৰুত্ব দিয়ে। অসমত চাহ খেতি কৰিবৰ বাবে ওপযুক্ত শ্ৰমিক আৰু ৰাজ কৰ্মচাৰী নাপাই বহিঃ ৰাজ্যৰ পৰা আমদানি কৰে। সিসতে প্ৰচুৰ শ্ৰমিক আনে । যদিও সিহতৰ বাবে খাদ্যৰ নাটনি হয়।আসমত বহুত পতিত মাটি আছিল । যদিও কৃষিকৰ

অপেক্ষা

  অপেক্ষা  দিনের গভীরে রাত হারিয়ে যায়  রাতের গভীরে দিন হারিয়ে যায়  তার পর মাস , বছর হারায় তার পর একটি একটি যুগ কেঁউ কাকো ধরে রাখতে পারেনা সবি সুধু হারিয়ে যায়  তবু আকাঙ্খা ফুরায় না সময়ের গভীরে  জীবনের একটা একটা পৃষ্ঠা হারিয়ে যায়  তবু আশা ফুরায় না প্রতিক্ষা ফুরায় না শুকনো ডালে একটি পাতা আকরে রাখার মতো কোনো এক অপেক্ষা  জীবনটাকে আকরে ধরে রাখে কিসের অপেক্ষা  কেনো এই অপেক্ষা  তার কোনো উত্তর নেই শুধু মাত্র অপেক্ষা রয়ে যায়  কেঁউ বহু আপোন হৈয়ে  দূরে চলে যায়  কেঁউ চখের আরালে থেকে প্রতিক্ষার  মোহর মেরে দেয় যার ফিরে আসার কথা ছিলো   সাথে চলার কথা ছিলো  ভালোবাসার কথা ছিলো  সে কোনোদিন আসে না তবুও অপেক্ষা রৈয়ে যায় । একদিন মৃত্যু এসে সব নিয়ে যায়  মৃত্যুৰ খাতায় অপেক্ষা থাকেনা সুধু শেষ লেখা থাকে ।

সাঁকো

  হাজাৰ ব্যস্ততাৰ মাজতো মানুহে মানুহৰ সংগ বিচাৰে,মানুহৰ মৰম বিচাৰি।প্ৰেমৰ পিছে পিছে ঘূৰিছে বিশ্ব ব্ৰাহ্মণ্ড।তথাপিও মানৱ প্ৰেমত ঘূণে ধৰিছে।যিটো সময়ত আবিদ মাষ্টৰে এক সুখী জীৱন কটাব লাগিছিল। সুখৰ জীৱন থাকিব লাগিছিল।মুক্তমনে ঘূৰি ফুৰিব লাগিছিল।অৱসৰ জীৱনটো ঘূৰি পকি তীৰ্থ ভ্ৰমণ কৰি ঘূৰাৰ সময় কিন্তু সময়ে সেয়া কাঢ়ি কৈছে। এক অস্থিৰতাই গাস কৰিছে সকলোতে। আবিদ মাষ্টৰে খিৰিকীৰ কাষত থকা বিচনাখনত টোপনি আহিবলৈ চেষ্টা কৰি আছে।ঘৈনিয়েকে ওলপ দূৰৈত মজিয়াতে বহি আধা শুকান তামোলকেইটা কাটি আছে।শকত মানুহজনী ঘামত তিতি গৈছে।বাহিৰত প্ৰখৰ ৰ'দ। গৰমো পৰিছে কিছু।হাই প্ৰেচাৰ থকা বাবে গৰমত চটফটাইছে।ওপৰত ফেনটো ঘেৰ ঘেৰাই ঘূৰিছে।বহুত পুৰণি হোৱা বাবে ঘূৰো নুঘূৰোকৈ ঘূৰি আছে।বতাহৰ গতি বঢ়াব পৰা নাই।পোন্ধৰ- বিশ বছৰ ধৰি এই ফেনটোয়ে দুয়োকে শীতল কৰি ৰাখিছে।ল'ৰাই বদলাই দিব বিচাৰিলেও বদলাব নালাগে বুলি কৈ দিয়ে।মেকাৰ এজন মাতি আনি ঠিক কৰিলে নতুনৰ দৰে নহলেও বৰ্তমান ফেনতকৈ ভাল হ'ব।মাষ্টৰৰ মতে পুৰণি বস্তুবোৰেই খাটি,বৰ্তামানবোৰত ভেজাল আছে,একেবাৰে অৰ্ডিনাৰী।  টেবুলৰ ওপৰত ফোনটো বাজি উঠিল।এই সময়ত কোনে ফোন কৰিল বুলি মনতে ভাবি বিছনাৰ

বিষ

  ৰুণাৰ কথাবোৰ ভাবি ভাবি ইবাই  জীয়েকক লগত লৈ আৰবক আহিবলৈ কোৱা ঠাইলৈ খোজকাঢ়ি গৈ আছে । নিজৰ ঘৰৰ কেকুৰীটো পাৰ হওঁতেই হঠাৎ চিঞৰ বাখৰ শব্দ পাই সেইফালে চালে । কেকুৰীটোৰ পাৰা আৰু দুঘৰ উত্তৰ ফালৰ পৰা কান্দোনৰ শব্দ শুনা গৈ আছে । ইবাই ভালকৈ লক্ষ্য কৰিলে নাহিদহঁতৰ ঘৰৰ পৰা আৰ্তনাদ শুনা গৈছে । সিহঁতৰ ঘৰলৈ মানুহেও জুম বান্ধি গৈ আছে । তাইৰ মনৰ কৰোবাত খুন্দা মাৰি ধৰিলে । তাইৰ ভৰিৰ খোজবোৰ নিজে নিজে নাহিদহঁতৰ ঘৰলৈ আগবাঢ়িল । চোতালত সোমাইয়ে দেখিলে কেইজনমান মহিলাই আৰ্তনাদ কৰি কান্দি আছে । ইবাই উৎকন্ঠা সামৰিব নোৱাৰি ওচৰৰে মহিলা এজনী ক সুধিলে । ' নাহিদ আত্মহত্যা কৰিছে ।' ইবাৰ ভৰিৰ তলৰ পৰা মাটি সৰকি যোৱা যেন অনুভৱ কৰিলে । ইমান অমায়িক, ভদ্ৰ, মৰমিয়াল ছোৱালী আত্মহত্যা কৰিব পাৰেনে ? কিহৰ যন্ত্ৰণাত তাই আত্মহত্যা কৰিলে ? কি অভাৱ আছিল তাৰ ?  নানান প্ৰশ্ন তাৰ মনত আউল লগালে । একো উত্তৰ নাপাই আকৌ মহিলাজনীক সুধিলে ' তাই কিহৰ বাবে এনে কৰিলে ?' মহিলাজনীয়ে ইফাল সিফালে চাই ইবাৰ কানৰ কাষত ফুচফুচাবলৈ ধৰিলে । ' ইমান সহজেই কোনেও আত্মহত্যা নকৰে । এই পৰিয়ালৰ মানসিক অত্যাচাৰৰ পৰিণতি এয়া ।  ইমান বছৰ পিছত তাই অন্