চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ ৩

 যোৱা সংখ্যাৰ পিছৰ পৰা

শুকাই ব্যৱহাৰ কৰা খাদ্য :

 চৰ চাপৰিত কিছুমান খাদ্য শুকাই সংৰক্ষণ কৰি থৈ দিয়ে । সেইবোৰ পিছলৈ প্ৰয়োজন সাপেক্ষে ৰান্ধি খায় । এইবোৰ খাদ্যও চৰাঞ্চলত জনপ্ৰিয় । চৰ চাপৰিৰ মানুহে মাছ হালধি দি শুকাই থোৱাৰ প্ৰচলন আছে । শুকান মাছবোৰ শাক পাচলি দি ৰান্ধি খোৱাৰ ওপৰিও ভাজি , ভৰ্তা বনায়ো খায় ।কছুৰ লতি আৰু শুকান মাছ , কছুৰ পেটা ( মুহি) আৰু শুকান মাছ , কছুৰ ঠেৰা, কঠাল গুটি আৰু শুকান মাছ, ৰঙালাউৰ শাক , কঠাল গুটি আৰু শুকান মাছ , ভোল আৰু শুকান মাছ, ৰঙালাউৰ আৰু শুকান মাছ আদি জুতি চৰাঞ্চলত জনপ্ৰিয় । শুকান মাছৰ তৰকাৰী খোৱাৰ ওপৰিও শুকান মাছৰ ভৰ্তাও জনপ্ৰিয় । বিশেষকৈ চেপা ভৰ্তাটো অধিক জুতি লগা ভৰ্তা । পঁইতা ভাতৰ লগত শুকান মাছৰ ভৰ্তা বৰ সোৱাদ লগা । 

মাছৰ লগতে চৰ চাপৰিত মাংসও শুকাই থোৱা প্ৰচলন আছে । বিশেষকৈ কোৰবাণীৰ সময়ত ৰঙা মাংস সিজাই লৈ ৰ'দত শুকাই সংৰক্ষণ কৰাৰ প্ৰচলন । 


মাছ মাংসৰ উপৰিও শাক- পাচলিও সংৰক্ষণ কৰি থৈ দিয়ে । যেনে - 

১)

পাটৰ শাক শুকাই থৈ পিছলৈ প্ৰয়োজন অনুযায়ী ওৰে ৰাতি  পানীত তিয়াই পানী খায় । এই পানী খালে জ্বৰ আৰু শৰীৰত বিষ অনুভৱ কৰিলে সেয়া ভাল হয় বুলি বিশ্বাস । 

২) চৰ চাপৰিত কছুও শুকাই থোৱাৰ প্ৰচলন আছে । দীঘল জাতৰ কছু, পঞ্চমুখী কছু আদি পাতল পাতলকৈ কাটি ৰ'দত শুকাই তাৰ পিছত ঢেঁকীত খুন্দি গুড়ি কৰা হয় । সেই গুড়ি সংৰক্ষণ কৰি থোৱা হয় আৰু পিছলৈ সেই গুড়ি  ব্যৱহাৰ কৰি কছুৰ দালি ৰন্ধা হয় ।

৩) চাল কোমোৰা- চাল কোমোৰাও ৰ'দত শুকাই সংৰক্ষণ কৰা হয় ।

৪) মিঠা আলু- মিঠা আলু সিজাই লৈ ৰ'দত শুকাই সংৰক্ষণ কৰা হয়, পিছলৈ সেইবোৰ খোলাত এনেই বা বালি মিহলাই  মচমচীয়াকৈ ভাজি খোৱাৰ প্ৰচলন । 

৫) কঠাল গুটি শুকাই বালি মিহলাই সংৰক্ষণ কৰি থৈ দিয়া হয় ।


চৰ চাপৰি খাদ্যাসম্ভাৰত কাউন চিনা:

চৰাঞ্চলত কাউন , চিনা আৰু গমধান  প্ৰচলন দেখা যায় ।কেতিয়াবা কেতিয়াবা  চাউলৰ  পৰিৱৰ্তে  এই খাদ্যসমূহৰ ব্যৱহাৰ  হয় । যেনে গম ধানৰ ভাত, কাউনৰ ভাত, কাউনৰ বইখুদা আদি ভাতৰ পৰিৱৰ্তে খোৱা হয় । ইয়াৰ ওপৰিও কাউনৰ পায়স, চিনাৰ পায়স আদি খোৱা হয় ।

চিনাৰ পৰা এবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰা হয়, সেয়া হৈছে- উনচা । 

সেইদৰে গম ধানৰো ভাত খায় , পায়স, চাতু , ৰুটি আদি বনাই খায় । 

গমধান শুকাই ভাজি লৈ গুড়ি কৰি লোৱা হয় । সেই গুড়ি সংৰক্ষণ কৰি থৈ গাখীৰৰ লগত নাইবা চেনী পানী বা চাহৰ লগত খায় । গমধানৰ আটা বনাই সেই আটাৰ ৰুটি বা খোলা চাপৰি বনাই খায় ।

 ইয়াৰ ওপৰিও আটাৰ হালুৱা বনাই খায় । আটা পানীৰে মথি লৈ সৰু সৰুকৈ সৰু সৰু বলৰ দৰে বনাই গাখীৰ চেনীৰে বা চেনীবিহীন ৰান্ধি খোৱা হয় ।  

ডেমচিৰ চাতুও তৈয়াৰ কৰি খোৱা হয় । 

 চৰচাপৰিৰ কেইদিনমান আপুৰুগীয়া খাদ্য সম্ভাৰ

১) উনচা-

উপকৰণ- চিনা, গাখীৰ, ইলাচী , নিমখ আৰু চেনী ।

প্ৰণালী - চিনাক প্ৰথমে  উখাই তাৰ পিছত অলপ শুকাই ঢেঁকী বা উৰালত লাহে লাহে খুন্দি চাউল উলিয়াই ল'ব লাগে । তাৰ পিছত গাখীৰ চেনী, ইলাচী দি গৰম কৰি ল'ব লাগে । গৰম গাখীৰত চিনা ৰাতিটো বাবে তিয়াই থ'ব লাগে । ওৰে ৰাতি ভিজাৰ পিছত ৰাতিপুৱা খাব লাগে ।

আগলৈ-------

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু