সমন্বয় আৰু বহাগ বিহু

অসমৰ জাতীয় উৎসৱ বিহু হৈছে প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ স্পন্দন ।বিহু মানেই অসমীয়াৰ প্ৰাণ,হিয়াৰ আমঠু৷পৃথিৱীৰ আটাইবোৰ লোক সংস্কৃতিৰ উৎস হ’ল কৃষিভিত্তিক৷প্ৰাক ঐতিহাসিক যুগৰ পৰাই মানুহে জীয়াই থকাৰ সংগ্ৰাম কৰি আহিছে৷কঠোৰ জীৱন সংগ্ৰামত মানুহে প্ৰাকৃতিৰ অধিক শক্তিৰ সৈতে ফেৰ মাৰিব নোৱাৰি প্ৰাকৃতিক বশিভূত কৰাৰ বাবে নৃত্যগীত, পুজা-পাতলৰ আশ্ৰয় ললে৷ তাৰোপৰিও নাৰীক সতে অদ্ভুদ সাদৃশ্য পালে,যেনে - নাৰীৰ সন্তান জন্ম দিয়াৰ লগত পৃথিৱীৰ শস্য উৎপাদনৰ সাদৃশ্য৷ এনে ধৰণৰ ধাৰণাৰ বাবেই পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে বিভিন্ন উৎসৱ৷অসমৰ লোক উৎসৱ বিহুও তাৰ ব্যতিক্ৰম নহয়৷বিহু অসমৰ উমৈহতীয়া উৎসৱ যদিও অসমৰ প্ৰায় জনগোষ্ঠীযে ভিন ভিন নামেৰে পালন কৰা দেখা যায়৷কচাৰীসকলোৰ‘ বহুৱা নাচ’, বড়ো সকলোৰ‘ বৈচাগু’,আহোমসকলোৰ‘ চাংকেন’ , দেউৰী আৰু তিৱা সকলোৰ‘বিছু’,মিছিং সকলোৰ ‘ আলি আয় লৃগাং’ আদি৷ ঠিক তেনেকৈ বিভিন্ন জিলাত বিভিন্ন নামেৰে বহাগ বিহু পালন কৰে৷যেনে নলবাৰী জিলাত সমগ্ৰ মাহ জুৰি পালন কৰা হয় বসন্তোৎসৱ৷ যাক ‘ভথেলি’ বুল্ কয়৷ বৰপেটা জিলাত ‘ পাউৰা তোলা বা দহৰ ফুৰোৱা উৎসৱ’ পালন কৰে৷ আনহাতে অবিভক্ত গোৱালপাৰা জিলাত বহ’গৰ প্ৰথম ছদিন ‘বিষুৱা বা বেষমা উৎসৱ ’ পালন কৰে৷ এই আটাইবোৰ উৎসৱৰ মূলতে আছে কৃষিভূমিৰ উৰ্বৰতা৷ আটাইবোৰ ভিন ভিন নাম আৰু বৈচিত্ৰতাই সাৰ পানী যোগাই আহিছে বাপতি সাহোন বিহুটিক আৰু বিহুৰ জড়িয়তে  অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সুদৃঢ় হৈছে৷

 অসমত কৃষিভিত্তিক সংস্কৃতি বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে নিজৰ জাতীয় পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, লগতে ঐক্য-সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি আহিছে। বিহুৰ প্ৰধান বিশেষত্ব হ’ল– জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ বিহু উদযাপন কৰে। অসমীয়া জাতিৰ বিহু উৎসৱেও বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত একতাৰ সেতুবন্ধ গঢ়ি তুলিছে।
বিহুগীত, বিহুনাম, হুচৰি আদি সংস্কৃতিৰ চোতালত অপূৰ্ব অৱদান। যাৰ জৰিয়তে বিভিন্ন জাতি-উপজাতিৰ সমষ্টি অসমীয়া জাতিয়ে একেখন আকাশৰ তলত ঐক্যতান বজাই আছে। ই অসম তথা অসমীয়াৰ গৌৰৱ। বিহু এটি পৰম্পৰা নহয়, ই সংস্কৃতিৰ মূল চানেকি, অসমীয়াৰ প্ৰেৰণা। বিহু সমন্বয়, শান্তি তথা ঐক্যৰ প্ৰতীক। এই কথাষাৰ বিহুনামতো পোৱা যায় এইদৰে– 
দিহিং, দিচাং, দিখৌ আৰু নদী ধনশিৰি
মিলিনো ব্ৰহ্মপুত্ৰ মহাসুঁতিৰ এসুঁতি,
সেইদৰেনো ঐ নাচনী
কাৰবি, মিচিং, কাছাৰী মিলিনো ঐ অসমীয়া হয়নো মহাজাতি।
বিহু অসমীয়া সংস্কৃতিৰ প্ৰানবিন্দু। অসমত অতীজৰে পৰা কৃষি কৰ্মক লৈ বহু লোকবিশ্বাস আছিল৷অতীতৰে পৰা ককা আইতাহতে কৈ আহিছে বিহুৰ সতে খেতিমাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে।  ডেকা-গাভৰুয়ে মুকুলি পথাৰত গৈ প্ৰেমৰ গীতেৰে আৰু নৃত্যৰে পুৰুষ স্বৰূপ আকাশক আৰু নাৰী স্বৰূপা প্ৰকৃতিক বৰষুণেৰে মিলন ঘটাই বসুমতীক শস্য সম্ভৱা কৰি তোলে। এই কামণাৰে অমসীয়া জনগোষ্ঠীয়ে উৎসৱ পালন কৰিছিল৷ 
  যি কালক্ৰমত বিহুৰ নাম পায়। বিহুৰ উৎপত্তি সম্পৰ্কেও বিভিন্ন জনৰ বিভিন্ন মত। বহুতেই কয় সংস্কৃত ‘বিষুৱত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। আন কিছুমানে কয় বিহু শব্দটি টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) এই শব্দ দুটাৰ পৰা আহিছে।
অসমৰ সামাজিক গাঁথনিৰ দৰেই বিহু উৎসৱত আৰ্য, অষ্ট্ৰিক, আলপাইন, মংগোলীয় সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে আৰু প্ৰত্যেক সভ্যতাৰে অৱদান সংমিশ্ৰণত হৈ পৰিছে। মানুহে কৃষিক মূল জীৱিকা হিচাপে লোৱাৰ পৰাই কৰা বিভিন্ন নীতি-নিয়ম, লোক-বিশ্বাস মিলি কালক্ৰমত বিহু উৎসৱত পৰিণত হয়। প্ৰথম অৱস্থাত বিহুত ডেকা-গাভৰুৱে মিলি পথাৰত বা গছৰ তলত নৃত্য কৰিছিল। পিছলৈ শংকৰদেৱৰ সময়ত বিহুত ধৰ্মৰো প্ৰভাৱ পৰে। পিছলৈ আহোম ৰজা ৰুদ্ৰ সিংহই বিহুক ৰংঘৰৰ বাকৰীলৈ নি শ্ৰেষ্ঠ নৃত্যকাৰী দলক পুৰস্কাৰ দিয়া প্ৰচলন কৰিলে। ক্ৰমে ই আনুষ্ঠানিকতা পালে। তদুপৰি হুঁচৰি গাই মুৰ দোৱাই আশীৰ্বাদ লোৱাৰ পৰম্পৰাও আৰম্ভ হয়। এয়া ভাল যদিও বৰ্তমান বিহু মঞ্চ হ’ল! পথাৰত বিহু বা আহত গছৰ তলত বিহু এতিয়া যেন সাধু কথা হ’ল।
বছৰৰ ভিন-ভিন ঋতুত অসমীয়া জাতিয়ে কৃষিৰ সৈতে সংগতি ৰাখি তিনিটা বিহু পালন কৰে। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত আৰু বহাগৰ সংক্ৰান্তিত ব’হাগ বিহু বা ৰঙালী বিহু। ৰোৱা ধান ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন আৰু কাতিৰ সংক্ৰান্তিত কাতি বিহু বা কঙালী বিহু আৰু খেতি চপাই সোণ গুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ আৰু মাঘৰ সংক্ৰান্তিত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই তিনি বিহুৰ ভিতৰত বহাগ বিহু অন্যতম। বহাগ বিহু সাত দিনিয়াকৈ পালন কৰা হয়। সাতদিনৰ বিহুৰ প্ৰত্যেকতে সুকীয়া নাম আছে। সেইবোৰ হৈছে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেকী বিহু আৰু চেৰা বিহু।
কৃষি প্ৰদান ৰাইজৰ প্ৰধান অৱলম্বন হ’ল হালৰ গৰুহাল। গৰুহাল সুস্থ থাকিলেহে পথাৰৰ মাটি চহাই শস্য সিঁচিব পাৰিব। সেয়েহে চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিন অসমীয়াই গৰু বিহু পালন কৰে। গৰুহালক পুৱাই মাহ-হালধি দি গা-ধুৱাই নতুন পঘা তৈয়াৰ কৰি সেই পঘাৰে বন্ধা হয়। কিছুমানে সেই পঘাত তুলসী-দুৱৰীও গুজি দিয়ে।
‘লাও-বেঙেনা দি, দীঘলতী-মাখিয়তীৰ পাতেৰে কোবোৱা হয়। লোকবিশ্বাস মতে এনে কৰিলে মহ, মাখি কমকৈ পৰে। লগতে পুৱাতে গৰুহাল উঠি  বা শুই ওপৰ ফালে মুখ কৰি থাকিলে সেই বছৰ বৰ বানপানী হোৱাৰ সম্ভাৱনা থাকে বুলি লোকবিশ্বাস। গৰু বিহুৰ দিনাই অসমীয়াই পৰম্পৰাগতভাৱে ১০১বিধ শাক খায়। অৱশ্যে সকলো বিধ নাথাকিলে সাত বিধৰ শাক মিলাই খায়। তাৰে কিছুমান শাক হ’ল– মাটি কাঁদুৰী, বৃন্দাবনী শাক, কঁনা শিমলু, দুৱৰি বন, ঢেঁকীয়াশাক, বিয়নি সাবটা, টেঙেচি টেঙা, ওভটা শঠ, কেঁহৰাজ, মানিমুনি, খুটৰা শাক, শেৱালি ফুলৰ পাত, শুকলতি, ভেঁকুৰি তিতা, মছোন্দৰী, ব্ৰাহ্মী শাক, জিলমিল শাক, পকমৌ, মেথি শাক, সৰিয়হ শাক, পিপলি ইত্যাদি। গৰু বিহুৰ দিনাই কাম-বন সামৰি জীয়ৰী-বোৱাৰীসকলে হাতত জেতুকা লয়। বিহুত জেতুকা লোৱাটোও এটা পৰম্পৰা। সাধাৰণতে ৰং বেছি হ’বলৈ জেতুকাৰ স’তে পাণ, থেকেৰা, মধুৰি আমৰ কোঁহ, দুৱৰীবন আদি মিলোৱা হয়। বহুতেই জেতুকাৰ ৰং গাঢ় হবলৈ জেতুকা সানি গোটেই ৰাতি ৰাখে হাতত। পুৱাতহে ধুই পেলায়।
বসন্ত ঋতুত প্ৰকৃতিয়ে বৰণ সলায়। নাহৰ তগৰ কপৌ আদি ফুলে, লগতে গছ লতিকাত কুঁহিপাত মেলি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। কুলি-কেতেকিৰ মাতত মন উতনুৱা কৰে। প্ৰকৃতিৰ এনে মনোমহা ৰূপত, পৰিবেশত ডেকা-গাভৰুৰ মনত প্ৰেম প্ৰীতিৰ ভাৱ জাগি উঠি। চঞ্চল হয় মন, চঞ্চল হয় যৌৱন। যৌৱনৰ লগত খেতিমাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। জনবিশ্বাস মতে ডেকা-গাভৰুয়ে মুকলি পথাৰত গৈ প্ৰেমৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰী স্বৰূপা প্ৰকৃতিক বৰষুণেৰে মিলন ঘটাই বসুমতী শস্যসম্ভৱা কৰি তোলে। বহাগ বিহুত ৰং তামাচা কৰা হয় আৰু নৃত্য গীতেৰে মন ৰাঙলী হৈ পৰে। সেয়েহে ইয়াক ৰঙালী বিহু কোৱা হয়। গৰু বিহুৰ পিছদিনা অৰ্থাৎ বহাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত ইয়াক ‘বৰ দোমাহী’ কোৱা হয়। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক  আশীৰ্বাদ দিয়ে। বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান” বুলি কোৱা হয় যদিও বিহুৱান বুলিলে ঘাইকে গামোচাখনকে বুজায়। গামোচা (বিহুৱান)খনেৰে প্ৰিয়জনৰ লগতে জ্যেষ্ঠজনক শ্ৰদ্ধা, সন্মান আৰু মৰম যাচে। প্ৰেমিকায়ো নিজৰ প্ৰেমিকলৈ বুলি বিহুৱানখন পঠিয়ায়।
মানুহ বিহুৰ দিনাই হুঁচৰি আৰম্ভ হয়। ল’ৰা, ডেকা, বুঢ়া সকলো মিলি হুঁচৰি দল গঠন কৰি ঘৰে ঘৰে গৈ ঢোল, তাল, পেঁপা, গগনা আদি বাদ্য বজাই বিহু নাম গায়। এয়াই হুঁচৰি। প্ৰথমে গাঁৱৰ ৰাইজ একগোট হৈ নামঘৰত তামোল-পাণ আগবঢ়ায়। তাৰ পিছত গাঁৱৰ গাঁওবুঢ়া বা মুখিয়াল মানুহৰ ঘৰতে হুঁচৰি আৰম্ভ কৰে। ইয়াকে “হুঁচৰি ঘেতা” মৰা বোলে। বছৰেকৰ মূৰত হুঁচৰি ঘেতা আহিলে গৃহস্থই তামোল পাণ শৰাই দি পদুলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। হুঁচৰি গোৱাৰ পিছত গৃহস্থইও তামোল-পাণ, গামোচা আদি যতাসাধ্য অৰিহণা আগবঢ়াই ৰাইজৰ আগত আঠুলৈ আশীৰ্বাদ গ্ৰহণ কৰে। ৰাইজেও আশীৰ্বাদ দি গায়–
“এটা বাটিত নহৰু, এটা বাটিত পনৰু, এটা বাটিত খুতুৰা শাক,
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”
হুঁচৰিৰ উপৰি ৰঙালী বিহুৰ আন এটি বিশেষত্ব হ’ল “মুকুলি বিহু’ বা ‘বিহুনাচ”। ঢোল, তাল, পেপা, গগনাৰে ডেকা গাভৰুৱে বিহু নৃত্য কৰে। লগতে বহাগ বিহু হ’ল ৰং তামাচাৰ বিহু। এই বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল-ধেমালিও কৰা হয়। যেনে– কণী যুঁজ, ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ ইত্যাদি। ৰঙালী বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেই দিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম প্ৰসঙ্গ হয়। চতুৰ্থ দিনা তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ অত্যাৱশ্যকীয় সম্পদ তাঁতশাল। সেয়েহে সেইদিনাক তাঁতৰ বিহু কোৱা হয়।
পঞ্চম দিনা নাঙল বিহু পালন কৰা হয়। অসমৰ ৰাইজৰ কৃষিকৰ্মৰ মূল সঁজুলি নাঙলৰ গুৰুত্ব অসমৰ কৃষি কৰ্মত অপৰিসীম। সেয়েহ পঞ্চম দিনা নাঙল বিহু পালন কৰা হয়।
ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে, সেয়েহে সেইদিনা জীয়ৰী বা চেনেকী বিহু বুলি কোৱা হয়।
শেষৰ দিনা ‘চেৰা বিহু’ পালন কৰে। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়– “নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক, ন-ভাতে পুৰণি ভাতে জীন খাওক।”
এইদৰে বিচনীৰে বা ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়। এইদৰেই বহাগ বিহুৰ সামৰণি মাৰে যদিও বৰ্তমান অসমৰ ইমূৰে-সিমূৰে গোটেই বহাগ মাহ জুৰি বিহু পালন কৰা হয়। অৱশ্যে ই মঞ্চস্থ।
বহাগ অসমৰ জনমানসৰ নিৰ্ভুল দাপোন। অসমবাসীৰ সমগ্ৰ সত্তাত বহাগৰ ৰূপ, ৰস, সুবাস বিলীন হৈ আছে। বহাগৰ সতে যেনেকৈ প্ৰেমৰ সম্পৰ্ক আছে ঠিক তেনেকৈ অসমৰ কৃষকসকলৰো আবেগ অনুভূতি জড়িত আছে। অসমৰ জাতি জনজাতিৰ বাবে ব’হাগ উৰ্বৰা পথাৰ। এই পথাৰতেই সমন্বয়ৰ গজালি মেলে।
ঢোলৰ চেৱে চেৱে মনটি ৰঙাই
চিফুঙৰ সুৰে হৃদয় জুৰাই
বিহুৱান, আৰনাইখনি
আমাৰ মৰমৰ এনাজৰী
কৃষ্টিৰ পথাৰত ইজনে-সিজনক
একতাৰ ডোলেৰে বান্ধো আজি....।।
অতীতৰে পৰা বৰ্তমানলৈ সময়ৰ সোতত বহাগ বিহু আদৰা আৰু উপভোগ কৰা কিছু কিছু পৰিবৰ্তন হৈ আহিছে যদিও বহাগ বিহুৰ মদকতা আৰু সজীৱতা একেই। আজিও বসন্তৰ সুবাসে সুবাসিত হৈ পৰে মন। আজিও জীৱনৰ সুখ-দুখ, প্ৰেম-বিৰহৰ, আবেগিক ভৰা গীতে জীৱনত দিয়ে জীৱনৰ মদকতা।
বাপতি সাতোন বিহুটি আমাৰ 
অসমীয়া জাতিৰ দাপোন 
জাতি-জনজাতি অসমীৰ সন্তান
সকলো আমি আপোন....।
এইদৰে বিহু গীত সমূহতো সমন্বয়ৰ মদকতা ভৰা গীতে একতাৰ এনাজৰী আৰু মজবুদ কৰি তোলে।সেয়ে আমি ক’ব পাৰোঁ বহাগ বিহুয়ে বৰ্ণিল সাংস্কৃতিক বৈভৱ আৰু অধিক শক্তিশালী কৰে৷ 
যি সময়ত হিংসা, হত্যা, ব্যভিচাৰ আদি বিষবাষ্পই অসমক ঢাকি ৰাখিছে, এনে সময়ত বহাগ বিহুৱে জাতি ধৰ্ম বৰ্ণ মিলি বহাগৰ সুবাসত ভেদাভেদ পাহৰি সমন্বয়ৰ সেতু অধিক মজবুত কৰি অসমৰ কৃষ্টিৰ পথাৰ উন্নত কৰাৰ লগতে অসমৰ সাৰ্বজনীন উন্নতিৰ হকে আগবাঢ়ি যোৱা উচিত।
(১) বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।
(২) চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
বহাগ বিহুৰে কথা...।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?