Posts

Showing posts from December, 2023

পাগলী

 # পাগলী            ------ ------ মহানগৰৰ পৰা পোহৰহীন চহৰলৈ পুৰণি সভ্যতা এটাৰ দৰেই পাগলিজনী ৰৈ আছে এই হাঁ‌হিছে এই কান্দিছে পাউৰুটিৰ টুকুৰাটো চিঙি এটুকুৰা এটুকুৰাকৈ ভগাইছে আমাৰ মাজত বহু যুগৰ ব্যৱধান তাই হাতখন বঢ়াই দিলে 'ভোক লাগিছে?আহা খোৱাহি ,আহা.. .' নাই,মোৰ ভোক লগা নাই 'তেন্তে টকা লাগে . . ? চৰাইৰ ঠোঁটৰ দৰে আঙুলিকেইটাই জীৰিলি মোনাৰ পৰা খুচুৰি খুচুৰি উলিয়ালে এমুঠি জীৱনৰ টুকুৰা এই এশ টকা ফুলুৰ মাকৰ এই এশ টকা জিতুৰ মাকৰ . . . . . . জানা,সিহঁতে বহুদিন হ'ল কাম কৰিব পৰা নাই বাচ্চাবোৰ নাখাই মৰিব সিহঁতক এশ টকাকৈ দিম  আৰু এই এশ টকা তুমি লোৱা এশ টকা নহয় -এটকাহে 'নহয় এশটকা,পাগল পাগল-'তাই হাঁ‌হিলে বহুত হাঁ‌হিলে,হাঁ‌হি হাঁ‌হি কান্দোঁন জুৰিলে চহৰৰ খটখটিয়েদি আহোঁতে চচমাযোৰ খুলি থৈ আহিবা,তেতিয়া .. . ইয়াত চেনিটাইজ কৰা অৰ্ধজীৱিত জীৱনৰ উশাহ লওতেও কৰ দিব লাগে তুমিও গুচি যোৱা,গুচি যোৱা ইয়াত মহামাৰী লাগিছে,ভোকৰ মহামাৰী গছে গছে ওলমি আছে কৃষকৰ শৱ  বৃদ্ধা এগৰাকী জুপুৰিৰ পৰা চিঞৰিলে  জুপুৰিটো কপি আছে ভিতৰত বেমাৰীৰ গলৰ গেৰগৰনি আৰু কেচেমা কেচেম গোন্ধ ভাহি আহিছে জুহালত চকুলোৰে ভৰিছে হবলা!

সন্ধানহীন

#  সন্ধানহীন মোৰ মাজত মোক বিচাৰি পোৱা নাই কিছুদিনৰ পৰা সন্ধানহীন হৈ আছে বহুদিন আগতে মাজৰাতি উজাগৰে সপোন দেখিছিল কংক্ৰিটৰ চহৰত প্ৰেমৰ বৃক্ষ হোৱাৰ বালিচাপৰিৰ মাজৰে নৈ হৈ বৈ যোৱাৰ হঠাৎ জানো কি হ'ল! এনে দুৰ্দিনত পলাই গল  মোক বিচাৰি বিজ্ঞাপন এটাও দিছিলোঁ‌ কোনোবাই খবৰ দিলে দূৰ এক আপোন পৃথিৱীৰ গোন্ধত পানীপৰুৱাৰ দৰে শ্ৰমিকৰ মিচিলত  খোজ কাঢ়ি আছোঁ‌ বতাহবেগে গৈ দেখিলোঁ‌ শ্ৰমিকৰ ভৰিৰ পানীজোলাৰ ৰক্তপুঞ্জই  লিখি গৈছে বঞ্চনাৰ ইতিহাস সিহঁতে হাতে গঢ়া চহৰখনে আভিজাত্যৰ পোচাক পিন্ধিছে ৰাজতন্ত্ৰই বহি বহি বিনা বজাইছে  খালী ভৰীৰে পৃথিৱী এটিয়ে মূৰত বোজা কোলাত শিশুক লৈ দিগন্তলৈ যাত্ৰা কৰি থাকোতেই সম্ভ্ৰান্ত চহৰৰ চাৰ্টাৰ্ড ফ্লাইট পাৰ হৈ যায় অসহায় চাৱনিবোৰ আকাশৰ বহ্নীত জ্বলে সিহঁতৰ ক্লান্ত চাৱনিত দগ্ধ হৈ থকা মোক বস্তাত মেৰিয়াই লৈ আনিলো  কেতিয়া যে পলাই গল! মাজৰাতি খবৰ পালোঁ‌ ভিক্ষাৰী লগত ফুটপাথত শুই আছে খালী উদৰ লৈ নিদ্ৰাহীনতাত চটফটাইছে অন্ধৰাৰ বাটেৰে গৈ টানি চোচৰাই আনি 'উনিচম'খুৱাই শুৱাই দিলোঁ‌ ৰাতিপুৱাৰ ব্ৰেকিঙ নিউজ খাদ্যৰ অভাৱত ভিক্ষাৰীৰ মৃত্যু হৈছে মৰা মাছৰ দৰে অসহায় চকুবোৰত  স্বাধীনতাৰ পতাকাখন উৰ

প্ৰেম

আকৰ্শনীয় কোমল চকুত প্ৰেম বহে প্ৰেমে চকুৰে কথা কয় চকুৰেই হাঁহে,গান গায় চকুৰেই উদৰ পুৰায় প্ৰেমে ওঁঠত নবহে পৰ্বতীয়া বাটবোৰত ঘূৰি নুফুৰে বান্ধি নিদিয়ে ভৰিত লোৰ জুনুকা নকৰে কোনো দাবী আপত্তি প্ৰেম মুক্ত প্ৰেম স্বাধীন ৰ'দ বতাহ বৰষুণ সমোৱা  আহল বহল ঘৰ এখন প্ৰেমৰ প্ৰিয় আপোনমনে খেলি থকা  অভ্যাস প্ৰেমৰ ভৰত্ব বহন কৰিব পৰাজনক  জোন বেলি তৰা সকলো দিব পাৰে বৰফৰ পাহাৰ এখন অথবা কাইটিয়া গোলাপৰ বাগিচা এখনো।

বহু বিবাহ আৰু মুছলিম মিয়া সমাজ

 # বহু #বিবাহ আৰু #মুছলিম #মিয়া সমাজ বৰ্তমান অসমৰ ৰাজনীতি ত বহু চৰ্চিত বিষয় বাল্যবিবাহ আৰু বহুবিবাহ । চৰকাৰে এই দুটাই বন্ধ কৰিবলৈ ব্যৱস্থা লৈ আছে । এই ক্ষেত্ৰত ভাল পদক্ষেপ বুলি ক'ব লাগিব কিন্তু বিষয় দুটালৈ ৰাজনীতি কৰি আছে তাৰ বাবে ই সমৰ্থন যোগ্য নহয় । ইছলামত বহু বিবাহৰ স্বীকৃতি আছে। মুছলমান সমাজত অতীতৰে পৰা বহু বিবাহৰ প্ৰচলন দেখা যায়। বহু বিবাহৰ ক্ষেত্ৰত ইছলামত কিছুমান চৰ্ত আছে। সেই চৰ্ত সমুহ পালন কৰিব পাৰিলেহে এজন ব্যাক্তি বহু বিবাহ কৰিব পাৰে। চৰ্ত সমুহ পালন কৰিব নোৱাৰিলে বিবাহ কৰাৰ পৰা বিৰত থাকিবলৈ আল্লাহে কোৰান স্বৰীফত হুকুম দিছে। অৰ্থাৎ যিসকলে আল্লাহে দিয়া চৰ্ত  পালন কৰিব নোৱাৰিব বুলি আশঙ্কা থাকে সিহঁতৰ বাবে বহু বিবাহ নিষিদ্ধ। কোৰাণ শ্বৰীফত ছুৰা নিসাৰ তিনি নম্বৰ আয়াতত  স্পষ্ট উল্লেখ আছ যে-  ' আ যদি তোমালোকে  আশংকা কৰা যে, ইতিম সকলৰ  প্রতি সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ'লে  নাৰীসকলৰ মাজৰ পৰা  তোমালোকৰ পছন্দ মতে দুজনী, তিনিজনী নাইবা চাৰিজনীকে বিয়া কৰি লোৱা ; কিন্তু যদি তোমালোকে  আশংকা কৰা যে, সিহঁতৰ লগত  সুবিচাৰপূৰ্ণ  আচৰণ কিৰিব নোৱাৰিবা তেনেহ'লে  মাত্র এটা নাইবা সি

কিচমিচৰ_উপকাৰিতা

# কিচমিচৰ_উপকাৰিতা...  কিচমিচ  প্ৰায় সকলোৰে পাকঘৰত থাকেই  কিন্তু আমি কিচমিচ  খোৱাৰ প্ৰতি গুৰুত্ব নিদিওঁ । সধাৰণ বুলি ভাবি থকা কিচমিচত অসাধাৰণ গুণ আছে । ই আমাৰ  স্বাস্থ্যৰ বাবে বৰ উপকাৰী । আহকচোন চাওঁ কিচমিচ খালে কি কি উপকাৰ হয়  । ১) কিচমিছত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। সেয়েহে ৰক্তহীনতাত ভোগা লোকৰ বাবে কিচমিছ বৰ উপকাৰী। ২) নিয়মিয়াকৈ কিচমিছ খালে চুলি আৰু ছালৰ বহু ৰোগৰ পৰা বাচি থাকিব পৰা যায়। ৩) কিচমিচ ভিজাই সেই পানী আৰু কিচমিচ খালে লিভাৰৰ সক্ৰিয়তা বৃদ্ধি পায়। ৪) কিচমিচ কেইটামান ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিষ্কাৰ হয়, কৌষ্ঠকাঠিন্যৰ সমস্যা নোহোৱা হয়,পাচন শক্তি বৃদ্ধি হয়,ভোক লাগে । ৫) এনেদৰে গৰম পানীত কিচমিচ তিয়াই নিয়মিত খালে এচিডিটি বা পেটৰ দুষিত বায়ু ,পিত্ত ৰোগৰ সমস্যা নোহোৱা হয় । ৬) ই শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে সেয়েহে ক্ষীণ মানুহে দৈনিক ৰাতি কিচমিচ কল আৰু গাখীৰৰ লগত খালে সুফল পাব। ৭) কিচমিচত যথেস্ট পৰিমানে কেলচিয়াম থকাৰ বাবে দাঁতৰ বিভিন্ন ৰোগ, গাঁঠি বিষ আৰু হাড়ৰ সমস্যা দূৰীকৰণৰ বাবে উপকাৰী। ৮) নিয়মি