প্ৰেম

আকৰ্শনীয় কোমল চকুত প্ৰেম বহে

প্ৰেমে চকুৰে কথা কয়

চকুৰেই হাঁহে,গান গায়

চকুৰেই উদৰ পুৰায়


প্ৰেমে ওঁঠত নবহে

পৰ্বতীয়া বাটবোৰত ঘূৰি নুফুৰে

বান্ধি নিদিয়ে ভৰিত লোৰ জুনুকা

নকৰে কোনো দাবী আপত্তি


প্ৰেম মুক্ত

প্ৰেম স্বাধীন

ৰ'দ বতাহ বৰষুণ সমোৱা 

আহল বহল ঘৰ এখন প্ৰেমৰ প্ৰিয়

আপোনমনে খেলি থকা  অভ্যাস


প্ৰেমৰ ভৰত্ব বহন কৰিব পৰাজনক 

জোন বেলি তৰা সকলো দিব পাৰে

বৰফৰ পাহাৰ এখন

অথবা কাইটিয়া গোলাপৰ বাগিচা এখনো।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু