Posts

Showing posts from September, 2019

ডাক্টৰ(Doctor)

Image
তেওঁ গাড়ীখন কম স্পীডত চলাই আহিছিল৷হঠাৎ তেওঁ গাড়ীখন ৰখালে৷এইখিনি পৰত অন্য কোনো গাড়ীৰ চলাচল নাই দেখি তেওঁ বাটৰ সোঁফালেই গাড়ীখন ৰখাই দিলে৷বাটৰ সোঁফালেই বাগিচাখনত মিনিহঁতে কুমলীয়া চাহপাতৰ কলিবোৰ চিঙি আছে৷ হঠাৎ গাড়ীৰ হৰ্ণ শুনি সিহঁতে মূৰ তুলি চাই দত্তক দেখা পাই মাত লগালে-‘‘ বাবু ভালে আছেনে?’’ ‘‘হয় ভাল,তোমালোকৰ ভালনে?’’ – কৈ তেওঁ গাড়ীৰ দুয়োখন খিৰিকী ভালকৈ খুলি দিলে৷ খিৰিকীৰে সোমাই গ’ল সতেজ বতাহ৷ বতাহৰ সৈতে কেঁচা চাহপাতৰ আমোলমোল গোন্ধ আৰু ডাঙৰ গছবোৰত ওলমি থকা গুলমৰিচৰ গোন্ধৰে গাড়ীৰ ভিতৰখন ভৰি পৰিল৷ এনেতে দুৰণিত কৰ্মৰত কোনোবা এজাক মিনিৰ কন্ঠৰ পৰা ৰিণি ৰিণিকৈ ভাঁহি আহিল-                           এইখন বাগিছাতে লৰালুৰিৰ                           দিনবোৰ গ’ল                           সময়ৰ ফাঁকে ফাঁকে চামেলিও                           গাভৰু হ’ল……………………..৷ এৰা!এইখন টিয়ক চাহ বাগিছা, সকলোৰে পৰিচিত ৷ এই ঠাইৰ নামটো টাই ভাষাৰ পৰা লোৱা হৈছে৷ ইয়াৰ অৰ্থ হ’ল – গাখীৰ আৰু খীৰৰ ঠাই৷ ইয়াত বৰ্তমান গাখীৰ আৰু ঘীৰ বাবে বিখ্যাত নহয় যদিও চাহ বাগানৰ বাবে পৰিচিত৷ চেলেঙঘাট ৰেল ষ্টেশ্যনৰ পৰা দুই তিনি কিলমিটাৰমান