শেহতীয়া লেখা

ডাক্টৰ(Doctor)



তেওঁ গাড়ীখন কম স্পীডত চলাই আহিছিল৷হঠাৎ তেওঁ গাড়ীখন ৰখালে৷এইখিনি পৰত অন্য কোনো গাড়ীৰ চলাচল নাই দেখি তেওঁ বাটৰ সোঁফালেই গাড়ীখন ৰখাই দিলে৷বাটৰ সোঁফালেই বাগিচাখনত মিনিহঁতে কুমলীয়া চাহপাতৰ কলিবোৰ চিঙি আছে৷ হঠাৎ গাড়ীৰ হৰ্ণ শুনি সিহঁতে মূৰ তুলি চাই দত্তক দেখা পাই মাত লগালে-‘‘ বাবু ভালে আছেনে?’’
‘‘হয় ভাল,তোমালোকৰ ভালনে?’’ – কৈ তেওঁ গাড়ীৰ দুয়োখন খিৰিকী ভালকৈ খুলি দিলে৷ খিৰিকীৰে সোমাই গ’ল সতেজ বতাহ৷ বতাহৰ সৈতে কেঁচা চাহপাতৰ আমোলমোল গোন্ধ আৰু ডাঙৰ গছবোৰত ওলমি থকা গুলমৰিচৰ গোন্ধৰে গাড়ীৰ ভিতৰখন ভৰি পৰিল৷ এনেতে দুৰণিত কৰ্মৰত কোনোবা এজাক মিনিৰ কন্ঠৰ পৰা ৰিণি ৰিণিকৈ ভাঁহি আহিল-
                          এইখন বাগিছাতে লৰালুৰিৰ
                          দিনবোৰ গ’ল
                          সময়ৰ ফাঁকে ফাঁকে চামেলিও
                          গাভৰু হ’ল……………………..৷
এৰা!এইখন টিয়ক চাহ বাগিছা, সকলোৰে পৰিচিত ৷ এই ঠাইৰ নামটো টাই ভাষাৰ পৰা লোৱা হৈছে৷ ইয়াৰ অৰ্থ হ’ল – গাখীৰ আৰু খীৰৰ ঠাই৷ ইয়াত বৰ্তমান গাখীৰ আৰু ঘীৰ বাবে বিখ্যাত নহয় যদিও চাহ বাগানৰ বাবে পৰিচিত৷ চেলেঙঘাট ৰেল ষ্টেশ্যনৰ পৰা দুই তিনি কিলমিটাৰমান হ’ব এই বাগানখনলৈ৷ এই বাগিছাখনে বৃটিচৰ ঐতিহ্য বহন কৰি আছে কাৰণ ১৯২৭ চনত জেমচ ফেনলে নামৰ বৃটিছ চাহাব এজনে বাগিছাখন আৰম্ভ কৰিছিল৷ ৰাজ আলিৰ পৰা ওচৰতে কিন্তু একেবাৰে কাষতো নহয়৷ ৰাজআলিৰ পৰা পোণে পোনে গৈছে বাটটো  টিয়ক চাহ বাগিছালৈ৷ বাটৰ সন্মুখতে ধুনীয়াকৈ আৰি দিয়া হৈছে টিয়ক চাহ বাগিছাৰ চাইনবোৰ্ডখন৷বাটৰ দুয়োকাষে পাইন গছৰ শাৰী৷ কিছুদূৰ গৈ নিৰ্দ্দিষ্ট ঠাইৰ পৰা আৰম্ভ হৈছে সেজীয়া পোচাক পিন্ধা ঠাই৷ শান্ত সমাহিত পৰিৱেশ৷ চৌদিশে মাথোঁ দৃষ্টিন্দন সেউজীয়া আৰু সেউজীয়া৷ দেখিলেই হৃদয় জুৰায়৷ চাহ গছৰ মাজে মাজে শাৰী শাৰী শাল,পলাশ,মহুৱা আদি গগনলম্ভী গছ৷ ইয়াত বেলিটোয়েও দিনভৰ লুকাভাকু খেলি থাকে৷ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এখন ঠাই৷ চাহ বাগিছাৰ সেউজীয়া বুকুত সেউজীয়া চোতাল থকা চিকিৎসকৰ চৰকাৰী আৱাশ সমূহ আৰু অলপ দূৰতে চৰকাৰী চিকিৎসালয়খন৷ চিকিৎসকৰ আৱাশ এটা খালী হৈ পৰি আছে যদিও দেৱেন দত্তৰ ঘৰ ওচৰত হোৱা বাবে ঘৰৰ পৰাই অহা-যোৱা কৰে৷ তেওঁৰ ঘৰ জগদুৱাৰত৷ ঘৰৰ পৰা চিকিৎসালয় পাওঁতে মাত্ৰ দহ মিনিট সময় লাগে৷ আনদিনাৰ দৰে আজিও ব্ৰেকফাষ্ট কৰি সময়মতেই  ৰাওঁনা হ’ল চিকিৎসালয়লৈ৷ দেৱেন দত্ত চিকিৎসক আৰু এজন মানুহ হিচাপে অত্যন্ত নিয়মানুবৰ্তী আৰু সৰল মনৰ৷ চিকিৎসক হিচাপে কোনো অহংকাৰ নাই৷ আন দহজনৰ দৰেই সাধাৰণ৷ মুখত অনৱৰত লাগি থাকে প্ৰশন্তিৰ হাঁহি৷ তেওঁৰ মন সেউজীয়া, সেউজীয়াৰ মাজত থাকি ভাল পায়৷
সেয়েহ তেওঁৰ ইয়াত থকা সময়খিনি অন্য এখন পৃথিৱীত থকা যেন লাগে৷ ইয়াত নাই কোনো যান জট, নাই যান্ত্ৰিকতা,নাই ধুলি মাকতি,নাই চতুৰালি ,নাই বিশ্বাসঘাতকতা৷ ইয়াত অকল সেউজীয়া আৰু সেউজীয়া মনৰ মানুহ৷ সেউজীয়া গছ-গছনিবোৰ হ’ল মানুহৰ আটাইতকৈ ভাল বন্ধু অৰ্থাৎ প্ৰকৃত বন্ধু৷ পুৱাৰ বেলিৰ কিৰণেও ওখ গছবোৰৰ সৈতে লুকা ভাকু খেলি খেলি সুযোগ পালেই চাহ পাতত বহি জিৰণি লয়হি৷ এইবোৰ দেখি তেওঁৰ মন সতেজ হৈ পৰে৷ ,সতেজ মন এটা লৈ দিনটো কামৰ আৰম্ভনি কৰিলে দিনটো ভালে যায়৷
 ভাৱজগতৰ পৰা পুনৰ বাস্তৱলৈ উভতি আহি দত্তই প্ৰশ্ন কৰিলে-
‘‘ও হাৰিয়াৰ মা,হাৰিয়া সুস্থ হৈছেনে?’’-দত্তই যি উদ্দেশ্যত গাড়ী ৰখাইছিল সেয়া জানিবলৈ প্ৰশ্ন কৰিলে৷
‘‘হয় ছাৰ অলপ সুস্থ হৈছে, অৱশ্যে একেবাৰে ভাল হোৱা নাই৷আপুনি দৰৱ দিছেই নহয় ভাল হৈ যাব৷’’
‘‘ মই দৰৱ দিছো বুলিয়েই যে ভাল হ’ব সেয়া তো কথা নহয়, দৰৱৰ লগত শুশ্ৰুষাও লাগিব৷ তাক অকলে ঘৰত এৰি আহিছা কিয়?’’
‘‘কাম নাহি কৰলে পেটত ভাত কেমনে যাইবো …..৷’’হাৰিয়াৰ মা ৰূপাই কোৱা কথাষাৰ শুনাৰ লগে লগে মনটো কিছু সেমেকি উঠিল৷ তাইতো ঠিকেই কৈছে ইহঁতে দিন হাজিৰা কৰি দিনে খায়৷ স্বাধীনতাৰ ৭২ বছৰ পিছতো ইহঁত পিঠিত টুকুৰিলৈ দিনৰ দিনটো বাগিচাৰ কেঁচা পাতবোৰ তুলিব লগা হয়৷ শিক্ষাৰ প্ৰভাৱো নাই বুলিয়েই ক’ব পাৰি৷নেতাবোৰ আৰু মালিকবোৰে ইহঁতক মাথোঁ ব্যৱহাৰ কৰি আহিছে,ইহঁতৰ উন্নতিৰ বাবে কোনেও একো কৰা নাই৷ দত্তই কথাবোৰ ভাবি পকেটৰ পৰা কিছু টকা উলিয়াই হাৰিয়াৰ মাক মাতি দি ক’লে ‘‘ এতিয়া ল’ৰাৰ ওচৰত যোৱা,পাৰিলে এবাৰ লৈ আহিবা মই চেক কৰি চাম৷’’
‘‘ শুকৰিয়া বাবু’’ মুখৰ হাঁহিত আত্মসন্তষ্টি জিলিকি উঠিল৷
দত্তই গাড়ী ষ্টাৰ্ট দি আগলৈ আগবাঢ়িল৷ এই হাৰিয়াৰ মাকজনীক এসময়ত তেওঁয়ে প্ৰসৱ কৰাইছিল আৰু আজি তাই সন্তানৰ চিকিৎসা কৰি আছে৷ দৰাচলতে চাকৰিকালৰ প্ৰথম সময়চোৱাত এই বাগিছাতেই কটাইছে৷ সুদীৰ্ঘ একৈশ বছৰ কাল চাকৰিৰ অন্তত বদলি হৈছিল৷ বদলি হৈ কেইবছৰমান চৰকাৰী চাকৰি কৰি অৱশৰ হৈছিল এমাহ পূৰ্বে৷ নাতি নাতিনীৰে ভৰপূৰ এখন ঘৰ তেওঁৰ৷ অৱশৰৰ পাছত ব্যস্ততাৰ পৰা আতৰি পৰিয়ালৰ সতে অৱসৰ সময় কটাব পাৰিলেহেঁতেন,কিন্তু নিজৰ বৃত্তি আৰু চাহ বাগিচাৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই চাহ বাগিছাখনত চিকিৎসকৰূপে আকৌ সেৱা আগবঢ়াই আছে৷
জীৱনৰ একৈশটাকৈ বছৰ কোনো এজন মানুহ  কোনো এখন ঠাইত থাকাৰ পিছত  সেই ঠাইখনৰ প্ৰতি স্বাভাৱিকতেই তেওঁৰ  আন্তৰিকতা বাঢ়ে যাব, তাতে এয়া প্ৰকৃতিৰ সেউজীয়া দলিচা পাৰি দিয়া ঠাই, সেউজীয়া মনৰ সহজ সৰল মানুহ৷ ইয়াৰ সকলো মানুহ আৰু প্ৰতিটো গছ-পাতৰ সৈতে সুকীয়া সম্পৰ্ক আছে৷ এই বাগিছাৰ উঠি অহা প্ৰজন্মৰ জম্মৰ আদিকথা তেওঁৰ অৱগত,কাৰণ বাগিছাৰ গৰ্ভৱতী মহিলা সকলোৰ চিকিৎসা আৰু প্ৰসৱ কৰোৱা দায়িত্ব তেওঁৰ হাততেই আছিল ৷তাৰোপৰিও কিমানযে মানুহৰ অসুখ-বিসুখত নিজৰ সাধ্যমতে সেৱা শুশ্ৰুষা ঠিক কৰিলে তাৰ হিচাপ নাই৷ এইবোৰৰ বাবে তেওঁ এটকাও লোৱা নাই৷ যি সময়ত বেচিভাগ ডক্টৰকে দেখা যায় টকা ঘটিবৰ বাবে একো একোটি যন্ত্ৰ হৈ পৰে৷ হকে বিহকে এগালমান টেষ্ট কৰাব নিৰ্দেশ দি কমিশ্যন লাভ কৰে৷ ৰোগ সম্পৰ্কে একো নজনাই বাণ্ডিলে বাণ্ডিলে ঔষদ প্ৰেচক্ৰাইব কৰি ডাঙৰ ডাঙৰ গিফ্ট,বিদেশ যাত্ৰা, কমিশ্যন আদি লাভ কৰে৷প্ৰতিদিনে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কৰ্তব্যৰত  সময়খিনি কোনোমতে  পাৰ কৰি  ফাৰ্মাচি,নিজৰ চেম্বাৰত ৰোগী চাই টকা ঘটে৷ জটিল বেমাৰীবোৰক চৰকাৰী চিকিৎসালয়ত কোনোমতে চাই নিজৰ চেম্বাৰত মাতে চিকিৎসাৰ বাবে, কিন্তু এনে কিছুমান ডক্টৰ আছে ৰোগীক যিকোনো প্ৰকাৰে ঠিক কৰাৰ চেষ্টা কৰে৷ দত্তও তেনে এজন ডক্টৰ৷তেওঁৰ উদ্দেশ্য হ’ল ৰোগীৰ সু চিকিৎসা কৰি সুস্থ কৰি তোলাটো৷ হাৰিয়াৰ মাকক দেখি বহুবছৰ আগৰ কথা মনত পৰিল৷তেতিয়া চাকৰিত যোগদান কৰা মাত্ৰ তিনি চাৰি বছৰ হৈছিল৷ তেতিয়া টিয়কত নিজা ঘৰ নাচিল৷ বাগিছাৰ কোৱাটাৰত থাকিছিল৷

এদিন ৰাতি শুই থাকোতে হঠাৎ দুৱাৰত কোনোবাই টোকোৰিয়াই থকাৰ আৱাজ শুনা পালে৷ তেওঁ টৰ্চ লাইটো জ্বলাই ঘড়ীলৈ চাই পঠিয়ালে৷ ৰাতিৰ বাৰ বাজিছে ইতিমধ্যে৷ চহৰত ৰাতি নহলেও এই দূৰ্গম চাহ বাগিছাৰ বাবে বহু ৰাতি৷এই ৰাতিখনত কোন আহিব পাৰে বুলি ভাবি দুৱাৰৰ কাষ চাপিল৷ বাহিৰত হুলুস্থুল শুনা গ’ল৷ কোৰোবাৰ কিবা হৈছে বুলি বিশেষ একো নাভাৱি দুৱাৰখন খুলি দিলে৷ দুৱাৰখন খুলাৰ লগে লগে বাগিছাৰ মিনি এগৰাকীয়ে কান্দি কান্দি হাতযোৰ কৰি কাতৰ অনুৰোধ কৰিলে ‘‘ মোৰ স্বামীকে বাচাই দে বাবু, নাহলে মৰি থাকবেক….৷’’
‘‘ ঠিক আছে,ঠিক আছে,বলকছোন কি হৈছে চাওঁ.৷’’-কৈ তেওঁ ততালিকে দুৱাৰখন জপাই তেনেকৈয়ে সিহঁতৰ লগত ওলাল৷ বাটতে এজনে জনালে –গছত উঠি মধুঘৰা পাৰোতে কেনেবাকৈ পিছলি পৰি গৈছিল, তলত থকা পাথৰৰ টুকুৰা এটাত মূৰটো লাগি ফাটি গৈছে৷
কথাটো জানি ধুমুহাবেগে গৈ লগে লগে ICU সোমাই গ’ল৷ ইতিমধ্যে নাৰ্চ এজনী উঠি আহি সকলো ঠিক কৰি থৈছিল৷ বহু সময়ৰ অন্তত আই.চি.ইউৰ পৰা ওলাই আহি জনালে ‘‘অপাৰেশ্যন হৈ গৈছে কিন্তু বহু তেজ ইতিমধ্যে বৈ যোৱাত তেজৰ আৱশ্যক নহলে জীয়াই ৰখা সম্ভৱ নহয়৷’’ কথাষাৰ শুনি গৰ্ভৱতী মানুহজনীৰ দুচকুৰে অসহায়ৰ চকুলো বৈ আহিল৷ তেতিয়া ৰূপাৰ জন্ম হোৱা নাছিল৷ লগত থকা এজন মানুহৰো তেজৰ গ্ৰুপৰ সতে মিল নাই ৰোগীৰ৷ মাত্ৰ দত্তৰ নিজৰ তেজৰ লগত মিল আছে৷ তেওঁ পলম নকৰি নাৰ্চ গৰাকীক তেওঁৰ নিজৰ তেজ চেলাইনেৰে ট্ৰেচফাৰ কৰি দিবলৈ অৰ্ডাৰ দিলে৷ তেনেকৈয়ে ৰাতিটো পাৰ হৈছিল৷ ৰাতিপুৱা কিছু সুস্থ হৈ পৰিছিল মানুহজন৷ আৱেলিয়ে মানুহজনৰ ঘৈনিয়েকে তেওঁৰ বাবে ১ কেজি মধু লৈ আহি উপহাৰ দিছিল৷ কেইদিনমান পিছতে মানুহজন সুস্থ হোৱাৰ পিছত লগত এজাক শ্ৰমিক আৰু তেওঁলোকৰ চৰ্দাৰ সকলোৱে মিলি বন কুকুৰা আৰু হাঁহ লৈ কোৱাটাৰৰ চোতালত ‘‘ খানা’’ৰ আয়োজন কৰিছিল৷ খোৱাবোৱাৰ পিছত ‘‘ হাৰিয়া’’ খাই বহু ৰাতিলৈ ঝুমুৰ নাচিছিল৷ তেতিয়াৰ পৰা প্ৰায়ে দত্তৰ চোতালত আড্ডা হৈছিল৷সেয়া এক দীঘলীয়া পৰিক্ৰমা সময়ৰ৷
   ২
ঘৰ ওচৰত বাবে লাঞ্চ ব্ৰেকত ঘৰলৈ গৈ মুখ হাত ধুই ললে৷আটকধুনীয়াকৈ সজোৱা ঘৰটোৰ মাজত থকা আধুনিক ডাইনিং টেবুলত পৰিয়ালৰ সৈতে বহিল ভাত খাৱলৈ, ভাতৰ পাতত বহি কেইগৰাহমান ভাত মুখত দিছেহে মাত্ৰ,ফোনৰ ৰিংটনটো বাজি উঠিল৷ মুখ হাত ধোৱতে মোবাইলটো স্টাডি টেবুলত থৈছিল৷তাতেই বাজি আছিল৷ ঘৈনিয়েকে উঠি গৈ মোবাইলটো আনি দিলে৷ ফোনটো হাতত লৈয়ে দেখিলে চিকিৎসালয়ৰ ফোন নম্বৰ, ফোনটো ৰিচিফ কৰিলে৷ ‘‘আহি আছোঁ’’ বুলি কৈ ফোনকল কাটি খৰধৰকৈ ভাত পাতত থৈয়ে হাত ধুই ওলাল যাবলৈ৷ ‘‘ তোমালোকে খোৱা,মই গৈ আহোঁ৷’’ যোৱাৰ সময়ত ঘূৰি অহাৰ কথা কৈ ওলাই গলগৈ৷  ডক্টৰ সকলোৰ এনে এটা দায়িত্ব , যিকোনো মূহূৰ্ততে ওলাই যাব লাগে,নিজৰ শৰীৰ বেয়া লাগিলেও কবলৈ উপায়কণ নাই৷তেনেকৈ পাতত ভাত থৈ যোৱা চাই ঘৈণিয়েকে কিছু খং কৰিলে৷ নকৰিবই নো কিয় গোটেই জীৱন আনৰ সেৱাত কটালে এতিয়া অৱসৰৰ সময় তথাপিও কাম আৰু কাম৷শান্তিৰে এগৰাহ ভাত খাৱলৈয়ো সময় নাই৷ আধা খোৱা এৰি যাবলৈ তেওঁৰো মন নাছিল, তথাপিও কাৰোবাৰ জীৱন লৈ কথা৷ জীৱন মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও কৰণীয়খিনি কৰি যাব লাগিব৷ বহুতেই ডক্টৰকে ঈশ্বৰ বা ঈশ্বৰৰ দূত বুলি ভাবে কিন্তু এয়া যুক্তিহীন৷ যাৰ জীৱনৰ আয়ু কম সি যিমান চেষ্টা নকৰক কিয় ডক্টৰ এজনে জীৱন দান দিব নোৱাৰে৷ ঈশ্বৰৰ ওপৰত ভৰষা কৰি মাথোঁ প্ৰাথমিক চেষ্টা কৰি থাকে৷ তেওঁ তিব্ৰ বেগে গাড়ীখন চলাই গৈ দেখিলে চিকিৎসালয়ৰ সন্মুখত মানুহৰ ভিৰ৷ তেওঁ ভিৰৰ মাজেৰেই গৈ দেখিলে মাঝি নামৰ যুৱক এজন অচেতন অৱস্থাত আছে৷নাৰ্চজনীয়ে প্ৰাম্ভিক ভাৱে চেলাইন এটা লগাইছে৷ তেওঁ প্ৰেচাৰ জুখিবৰ বাবে প্ৰেচাৰ মেচিনটো বুকুত ধৰিলে কিন্তু হাৰ্ডবিট নাপালে৷তেওঁ লগে লগে হাতৰ নাৰ্ভ পৰিক্ষা কৰি চালে৷নাই আত্মাই কেতিয়াবাই শৰীৰ এৰি গৈছে৷বেমাৰ একো নাই মাথোঁ চুলাই মদ খাই খাই ভিতৰৰ সকলো নষ্ট কৰি পেলাইছে৷ দত্তই বহুবাৰ তেওঁক মদ এৰিবলৈ পৰামৰ্শ দিছিল কিন্তু শুনা নাই৷ নিজকে শেষ কৰি পেলালে৷চুলাই মদ যে কিমান ভয়ঙ্কৰ হ’ব পাৰে তালৈ কোনো ভ্ৰুক্ষেপ নাই৷ প্ৰতি বছৰে শ শ মানুহৰ মৃত্যু হৈ গৈ আছে৷চৰকাৰেও ইয়াৰ বিৰুদ্ধে সৰৱ নহয়৷ দৰিদ্ৰতাৰ হাতোৰাৰ আঘাতৰ যন্ত্ৰনাৰ উপশম পাবলৈ এওলোকে সোমাই পৰে নিশাৰ পোতশালত৷ এওলোকক উদ্ধাৰ কৰিবলৈ চৰকাৰ বা বাগিছাৰ মালিকপক্ষ কোনেও আগবাঢ়ি নাহে, অকল যুগযুগ ধৰি ইহঁতক ব্যৱহাৰ কৰি আহিছে৷ কথাবোৰ ভাবি তেওঁৰ মনটো বিষাদেৰে ভৰি পৰিল৷ বিষাদ মনেৰেই বাহিৰলৈ ওলাই ঘৰৰ মানুহক জনালে৷ লগে লগে আৰম্ভ হৈ পৰিল হুলুস্থুল৷মূহূৰ্ততে জমা হৈ পৰিল দুই তিনিশ মানুহ৷ আৰম্ভ হৈ গ’ল ধৰ ধৰ মাৰ মাৰ শব্দ৷ দলে বলে সোমাই গ’ল চিকিৎসালয়ৰ ভিতৰলৈ৷ চিকিৎসালয়ৰ বস্তু ভাঙি তচনচ কৰিলে মূহূৰ্ততে৷
 ‘‘ঐ মানুহজন জীয়াই দে,নহলে মাৰি পেলাম৷’’-ভিৰৰ পৰাই কোনোবাই চিঞৰিলে৷
‘‘ মই কেনেকৈ জীয়াই দিম কোৱাচোন,মইতো ঈশ্বৰ নহয়৷ মই যিমান পাৰো........৷’’-দত্তই কথাষাৰ হোৱাৰ আগতে
 তেওঁৰ গাত চৰ,ভুকু,কিল পৰিবলৈ ধৰিল৷‘‘তোয়ো আহিছোঁ মোক মাৰিবলৈ!’’ মাৰি থকা ল’ৰা এজনলৈ উদ্দেশ্য কৰি ক’লে৷ লগে লগে ল’ৰাজন কিছু পিছুৱাই গ’ল৷আছলতে ল’ৰাজন দহদিনমান আগতেই চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছিল৷ দত্তই চিকিৎসা কৰি ভাল কৰিছিল তেওঁক৷ তেওঁক চৰ ভুকুৱে সিমান কষ্ট দিব পৰা নাই যিমান কষ্ট হৈ আছে এই মানুহবোৰক দেখি৷ ইহঁত এটা সময়ত তেওঁৰ হাহতেই জন্ম লাভ কৰিছে৷ সৰুৰে পৰা কিমানজনৰ বেমাৰ ভাল কৰিলে তাৰ হিচাপ নাই আৰু সেইবোৰেই আজি মাৰিবলৈ কুন্ঠবোধ কৰা নাই৷ সদায় দেখি অহা সহজ সৰল আপোন মানুহবোৰ ইমান কঠোৰ হ’ব পাৰেনে? কিয় বাৰু ইমান অৱনমিত হ’ল ইহঁতৰ আৱেগ নে ইয়াতেও ৰাজনীতিয়ে পোখা মেলিলে৷ বৰ্তমান ৰাজনীতিয়েই পাৰে মানুহক মানুহৰ পৰা পশুলৈ অৱনমিত কৰাবলৈ৷ভাবি থাকোতেই কোনোবাই চোকা অস্ত্ৰৰে আঘাত কৰিলে, লগে লগে কেঁচা তেজবোৰ বব ধৰিল৷ কৰবাৰ পৰা হাৰিয়াৰ দেউতাই দৌৰি আহি যিমান পাৰে তেওঁক সিহঁতৰ পৰা বচাবলৈ চেষ্টা কৰিলে৷ বেণ্ডেজৰ বাবে সামগ্ৰী বিচাৰিলে যদিও সকলো সিহঁতে তচনচ কৰিছে৷হাতেৰেই হেচি ধৰি ৰাখিবলৈ চেষ্টা কৰিলে৷ ইতিমধ্যে পুলিচ আহি মানুবোৰক কোঠাটোৰ পৰা কোনোমতে বাহিৰ উলিয়ালে কিন্তু মানুবোৰক শান্ত কৰিব পৰা নাই৷ মানুহবোৰ ওলাই যোৱাৰ পিছহে লক্ষ্য কৰিলে তেওঁৰ তেজেৰে কোঠাৰ মজিয়া ভৰি পৰিছে৷ ইমান সময়ত তেওঁক কিমান হানিছে খুছিছে তালৈ লক্ষ্যই নাছিল,কাৰণ তেওঁ অচেতনৰ দৰে হৈ পৰিছিল৷ তেজৰ নৈখন চাই তেওঁৰ এনে লাগিল ইহঁতৰ পৰা আতৰি যাব এতিয়াই আৰু কেতিয়াও ঘূৰি নাহে৷ তেওঁ অৱস্থা চাই পুলিছে চেলাইনৰ তাৰ এডালেৰে তেজ ওলাই থকা ভৰিখন বান্ধি কোনোমতে পিছফালে দি উলিয়াই গাড়ীত তুলিল চিকিৎসালয়লৈ নিবলৈ৷ তেওঁৰ পিছফালে সকলো অন্ধকাৰ হৈ পৰিল লাহে লাহে আৰু চকুৰ সন্মুখত দিব্য পোহৰ দেখা পালে৷ সেই পোহৰৰ পম খেদি আৰম্ভ কৰিলে এক অনন্ত যাত্ৰ৷ যি যাত্ৰাই আকাশৰ সীমনা পাৰ কৰাই লৈ যাব এক ৰহস্যতীত পৃথিৱীলৈ……৷