বিন্নাৱতিৰ সাধু
![Image](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhUxtP56mHM7boKNvahvs9UUwC6RpDAzWAlHYRJ1K60-zfqs0yRM_c13Ky1gHT5KqFHK3vGVP6A4gVaBh47mJ5eSEjic7IWgik7d3eaGXG71A261m4KSY03l_7yw_Si6brc9cOoocGjei_okLxd5YIoV9XBIAmH7piSPJO670wMshv5l0OkHv1JsvCQVX4/w200-h150/20220717_143641.jpg)
এক দেশত আছিল এক সদাগৰ । সদাগৰৰ সাতজন পুতেক আৰু জীয়েক এজনী আছিল । জীয়েক জনীৰ নাম আছিল বিন্নাৱতি । মাকহীন বিন্নাৱতিক দেউতাকে খুব আদৰ যত্নৰে ডাঙৰ দীঘল কৰিছিল । দেউতাকে তাইক ইমান মৰম কৰিছিল যে মাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল । সাত ভায়েকেও ভনীয়েকক বৰ মৰম কৰিছিল । বিন্নাৱতি ঘৰৰ আনন্দৰ কেন্দ্ৰবিন্দু । চাওঁতে চাওঁতে বিন্নাৱতি গাভৰু হৈ পৰিল । বিন্নাৱতিৰ ভাই ককাই কেইজনো বিয়াৰ উপযুক্ত সেইবাবে সদাগতে পুতেক আৰু জীয়েকৰ বিয়া একেলগে পাতিবলৈ মনস্থ কৰিলে । সেইমতে সমাজৰ নিয়ম কানুন মানি এদিন সদাগৰে জিয়েক আৰু সাত পুতেকৰো বিয়া পাতি দিলে ।বিন্নাৱতি আনৰ ঘৰত গ'লগৈ ।সদাগৰৰ ঘৰত সাতজনী বোৱাৰী আহিল। ভালে ভালেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে । কিন্তু ৰজাই আৰু ভায়েকবোৰে বিন্নাৱতিক অত্যন্ত মৰম কৰা বাবে লাহে সাত বৌয়েকে বিন্নাৱতিক হিংসা কৰিবলৈ ধৰিলে যদিও প্ৰকাশ নকৰিলে । বিন্নাৱতিৰো সংসাৰ সুখে সন্তষে চলিবলৈ ধৰিলে । কিন্তু ভাগ্যৰ লিখন কোনে কোৰে খণ্ডণ । বিন্নাৱতিৰ গিৰিয়েক বেমাৰ হৈ বিচনাত পৰি থাকিল। গিৰিয়েকৰ বেমাৰৰ বাবে বিন্নাৱতিৰ সংসাৰৰ অৱনতি হ'বলৈ ধৰিলে । জীয়েকৰ এই দুখীয়া অৱস্থা চাই চাই দুখ কষ্টত এদিন ৰজাও ঢুক