বিন্নাৱতিৰ সাধু

 

এক দেশত আছিল এক সদাগৰ । সদাগৰৰ সাতজন পুতেক আৰু জীয়েক এজনী আছিল । জীয়েক জনীৰ নাম আছিল বিন্নাৱতি । মাকহীন বিন্নাৱতিক দেউতাকে খুব আদৰ যত্নৰে  ডাঙৰ দীঘল কৰিছিল । দেউতাকে তাইক ইমান মৰম কৰিছিল যে মাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল । সাত ভায়েকেও ভনীয়েকক বৰ মৰম কৰিছিল । বিন্নাৱতি ঘৰৰ আনন্দৰ কেন্দ্ৰবিন্দু । চাওঁতে চাওঁতে বিন্নাৱতি গাভৰু  হৈ পৰিল । বিন্নাৱতিৰ ভাই ককাই কেইজনো বিয়াৰ উপযুক্ত সেইবাবে সদাগতে পুতেক আৰু জীয়েকৰ বিয়া একেলগে পাতিবলৈ মনস্থ কৰিলে । সেইমতে সমাজৰ নিয়ম কানুন মানি এদিন সদাগৰে জিয়েক আৰু সাত পুতেকৰো বিয়া পাতি দিলে ।বিন্নাৱতি আনৰ ঘৰত গ'লগৈ ।সদাগৰৰ ঘৰত সাতজনী বোৱাৰী আহিল। ভালে ভালেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে । কিন্তু ৰজাই আৰু ভায়েকবোৰে বিন্নাৱতিক অত্যন্ত মৰম কৰা বাবে লাহে সাত বৌয়েকে বিন্নাৱতিক হিংসা কৰিবলৈ ধৰিলে যদিও প্ৰকাশ নকৰিলে । বিন্নাৱতিৰো সংসাৰ সুখে সন্তষে চলিবলৈ ধৰিলে । কিন্তু  ভাগ্যৰ লিখন কোনে কোৰে খণ্ডণ । বিন্নাৱতিৰ গিৰিয়েক বেমাৰ হৈ বিচনাত পৰি থাকিল। গিৰিয়েকৰ বেমাৰৰ বাবে বিন্নাৱতিৰ সংসাৰৰ অৱনতি হ'বলৈ ধৰিলে । জীয়েকৰ এই দুখীয়া  অৱস্থা চাই চাই দুখ কষ্টত  এদিন ৰজাও ঢুকাই থাকিল ।  বিন্নাৱতিৰ দুখৰ ওপৰত দুখ । ভায়েককেইনেই তাইৰ অভিভাৱক । ভাইকেজনে তাইক বৰ মৰম কৰে , মাজে মাজেই খা খবৰ লয় । ঘৰলৈ লৈ আহে আকৌ থৈ আহে । প্ৰয়োজনীয় বস্তু কিনি আনি দিয়ে । এইবোৰ দেখি বৌয়েক কেইজনীৰ মনত হিংসাৰ জুই জ্বলি উঠিল । তাইক কেনেকৈ ভায়েকৰ পৰা দূৰ কৰা যায় তাৰ বাবে সুযোগ বিছাৰি থাকিল । তেনেতে  এদিন  সদাগৰ ভায়েক সাতজনেই একেলগে বানিজ্যলৈ গ'ল । যোৱাৰ সময়ত ভনীয়েকৰ খা খবৰ ৰাখিবলৈ প্ৰত্যকেই ঘৈনিয়েক কৈ গ'ল। সিহঁতে গুচি যোৱাৰ পিছত বুদ্ধি পাঙি বিন্নাৱতিক নিমন্ত্ৰণ দিয়াৰ । ইফালে বিন্নাৱতিৰ সখিয়েকৰো বিয়া ।  নবৌবোৰে বিন্নাৱতিক সখীৰ বিয়া খোৱাকৈ সিহঁতৰ ঘৰত নিমন্ত্ৰণ কৰি আনিলে । পিছে বিন্নাৱতি সখীয়েকৰ বিয়াত নাযায় কাৰণ বিন্নাৱতিৰ ভাল কাপোৰ এযোৰ নাই । এই কথা জানি বৌৱেক কেইজনীয়ে বুদ্ধি কৰি সিহঁতৰ ভাল কাপোৰ এযোৰ পিন্ধাই বিয়া খাবলৈ পঠাই দিলে । যোৱাৰ সময়ত বাৰ বাৰ সোঁৱৰাই দিলে দামী কাপোৰযোৰত  যাতে কাপোৰত দাগ নালাগে । সেইমতে বিন্নাৱতি সখীয়েকৰ বিয়াত গৈ ভয়ে ভয়ে খৰিৰ চাংত উঠি বহি তাৰ পৰাই সখীয়েকৰ বিয়া চাই আছে । এনেতে কোনোবাই পান খাই পানৰ পিক খৰিৰ চাংলৈ পেলালে । পানৰ পিক গৈ বিন্নাৱতিৰ কাপোৰত লাগিল । বিন্নাৱতি ভয়তে কান্দি কান্দি ঘৰ গৈ পালে । ঘৰত বৌয়েকহঁতক সকলো বিবৰি কৰে । সিহঁতে তাইৰ শাস্তি হিচাপে ঢেঁকীত ( আলা দিবলৈ ক'লে । ) বিন্নাৱতি মান্তি হ'ল । সাত বৌয়েকে মিলি ঢেঁকীত ধান বানিবলৈ ধৰিলে আৰু বিন্নাৱতি নোটত আলা দি থাকিল । ধান আলা দিওঁতে প্ৰথমতে সোঁ হাতখন ভাঙিল। সোঁ হাত ভঙাৰ কথা কোৱাত ক'লে- একো নহয়  , বাওঁ হাতখন আছে নহয় । বাওঁ হাতেৰে আলা দিয়া । বিন্নাৱতিৰয়ে বাওঁ হাতেৰে আলা দিবলৈ ধৰিলে । বাওঁ হাতখন ভঙাৰ পিছত বিন্নাৱতিয়ে নবৌয়েকক কোৱাত কলে - হাত ভাঙিল কি হ'ল সোঁ ভৰিৰে দিয়া ,তাই সোঁ ভৰিৰেই আলা দিবলৈ ধৰিলে । সোঁ ভৰিখনো ভাঙি দিলে । সোভৰিখন ভঙাৰ পিছত বাওঁ  ভৰি ভাঙি গ'ল ।এনেকৈ হাতভৰি ভঙাৰ পিছত সাত বৌয়েক তাইক ঠেলি নোটৰ ভিতৰলৈ দি খুন্দিয়াই মাৰি পেলালে। বিন্নাৱতিক গুৰা গুৰা কৰি  বাৰিৰ এঠাইত পুতি থলে । কেইদিনমানৰ ভিতৰতে সেই ঠাইত এটা ডালিম গছ গজিল । গছটি লহ পহকৈ বাঢ়ি কেইদিনমানৰ ভিতৰতে ডালিম ধৰিলে । ডালিম চাই সকলোৰে লোভ লাগে কিন্তু যিয়ে চিঙিবলৈ যায়  তাকেই কয় -' আমাক চুয়োনা , আমাক চুয়োনা , আমি বিন্নাৱতি , সাত ভাইবৌয়েৰ কাপোৰ পিন্ধা আমাৰ এই গতি । এদিন ভিক্ষাৰী এজনী আহি চিঙিবলৈ লয় তেতিয়াও একে কথা কয় । ভিক্ষাৰীয়ে ভয়তে আহি বিন্নাৱতিৰ  সাত ভাই বৌয়েকক ক'লে । কথাটো শুনি সিহঁতে থতমত খালে । মনে মনে সিহঁতেও ভয় খালে । কিবাকৈ কথাটো জনাজাত হলে সিহঁতৰ বিপদ গতিকে সিহঁতৰ এজনে ক'লে-' কি কোৱা, আমি দেখোন তুলি একো নকয় । তোমাৰ শুনাত ভুল হৈছে । ' ভিক্ষাৰীৰ জনীয়ে  ভুত প্ৰেত থাকিব পাৰে বুলি ভাবি সিহঁতৰ কথালৈ মন নিদি খোৰগেদাকৈ গুছি গ'ল ।  লগে লগে সাত বৌয়েকে গৈ ডালিম গছটো কাটি আনি ঢেঁকীত থেতেলি বাড়ীৰ পিছফালে পেলাই দিয়ে । কিছুদিন পিছত তাতে লহপহকৈ পানী লাউৰ গছ এটা হৈ গছ ভৰি লাও লাগিল । এদিন আন এজনী ভিক্ষাৰী আহি গছ ভৰা লাউ চাই লোভ লাগিল । ভিক্ষাৰীয়ে গৈ সদাগৰৰ সাত ঘৈনিয়েকৰ পৰা লাও বিচাৰিলে । সিহঁতে ভিক্ষাৰীজনীক তুলি লবলৈ ক'লে । ভিক্ষাৰীজনী লাও চিঙিবলৈ হাত মেলতেই লাৱে গান গাবলৈ  ধৰিলে - ' আমাক চুয়োনা, আমাক চুয়োনা,আমি বিন্নাৱতি , সাত ভাইবৌয়েৰ কাপোৰ পিন্ধা আমাৰ এই গতি ।'

গছে গান গোৱা শুনি ভিক্ষাৰীয়ে ভয়তে দৌৰি গৈ সদাগৰৰ সাত ঘৈনিয়েকক ক'লে । সিহঁতে আগৰ ভিক্ষাৰীজনীক কোৱাৰ দৰেই ক'লে । এইজনীও ভয়তে গুচি গ'ল । সাত বৌয়েকে মিলি লাউৰ গছ কাটি আনি ঢেঁকীত থেতেলি এইবাৰ নৈৰ পাৰত পেলাই দি থৈ আহিল ।

কেইমাহ পিছত যেতিয়া সাত সদাগৰে বানিজ্যৰ পৰা আহি আছে তেতিয়া পাৰ ঘাটত ধুনীয়া ফুল ফুলি থকা দেখি বিন্নাৱতিলৈ ফুলকেইপাহ  আনিবলৈ মন মেলিলে । সেইমতে নাওঁ পদুম ফুলৰ কাষত নি এজনে ফুল চিঙিবলৈ হাত মেলোতেই ফুলে গাই উঠিল- আমাক চুয়োনা, আমাক চুয়োনা,

আমি বিন্নাৱতি, সাত ভাই বৌয়েৰ কাপোৰ পিন্ধা আমাৰ এই গতি।'

 ভায়েকবোৰে আচৰিত হৈ পৰিল । এজন এজনকৈ সাত ভাই ককাইয়ে ফুলপাহ চিঙিবলৈ চেষ্টা কৰিলে কিন্তু ফুলপাহ সেই একে কথাই কয় । সিহঁতৰ মনত সন্দেহ হ'ল । অৱশেষত গছৰ সৈতে ফুলপাহ উভালি আনিলে । ঘৰলৈ উভতি আহি সাত জাক বিন্নাৱতিৰ কথা সুধিলে । সিহঁতে আগতে পাঙি থোৱা বুদ্ধি মতেই ক'লে- 'বিন্নাৱতি সখীয়েকৰ বিয়া খাবলৈ গৈছে । এতিয়ালৈ অহাই নাই ।'

সিহঁতে খা খবৰ কৰি সকলো কথা গম পাই গ'ল যদিও পত্নীবোৰক নকলে । পিছদিনাখন কুঁৱা এটা খান্দি সাত ভায়েকেই নিজৰ নিজৰ পত্নীক মাতি আনি কুঁৱা ঠিক হৈছে নে নাই চাবলৈ ক'লে । সাতজনীয়ে আহি একেলগে  কুঁৱাৰ ভিতৰলৈ  চাবলৈ ধৰিলে লগে-লগে সাত ভায়েকে নিজৰ নিজৰ পত্নীক পিছফালৰ পৰা ( গতা মাৰি ) কুঁৱাত পেলাই মাটিৰে পুতি থলে । দাটা খেতে পানী এইহানী হাস্তৰ আমি জানি ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)