Posts

Showing posts from August, 2022

বন্দীত্ব

Image
  বন্দীত্ব @#Begum Asma এতিয়া মই  জেলত বন্দী হাত ভৰিত লোৰ শিকলি মোৰ প্ৰহৰী মাত্ৰ জেলৰ আন্ধাৰ আন্ধাৰৰ হাতত কাইটীয়া চাবুক চাবুকৰ কোবত দেহত অঙ্কিত মোৰ পৃথিৱীৰ নিৰ্মমতাৰ প্ৰতিচ্ছবি । মোক সাক্ষাৎ কৰিবলৈ ইয়াত নাহিব উশাহ -নিশাহ আৰু এখন অদৃশ্য যুদ্ধৰ বাহিৰে জেলত আনৰ  প্ৰৱেশ নিষিদ্ধ আনকি খাবলৈ খাদ্যও দিয়া নিষিদ্ধ খাদ্য বুলি নিজৰ মাংস আৰু হাড়বোৰকে চবাই খাওঁ তৃষ্ণাত চকুলোকে চেলেকি খাওঁ চকুলো শুকাই গলে হৃদয়ৰ তেজ হুহি খাওঁ দেহত বস্ত্ৰ বুলিবলৈ একোয়েই নাই বিবস্ত্ৰত দেহেৰে অদৃশ্য যুদ্ধ যুজি ভাগৰি শুই পঢ়ো কংক্ৰিটৰ মজিয়াখনত নিজৰে মল মূত্ৰৰ গোন্ধত নাড়ীভূৰি ওলাই আহে তথাপি দুচকু মুদি থাকোঁ। চকুযুৰি জোপালেই  সৰু সৰু পোকবোৰ মোৰ নাকে মুখে দি সোমাই গৈ কলিজা কুটি কুটি খায় প্ৰথমে  যন্ত্ৰণাত চটফটাইছিলোঁ, চিঞৰিছিলোঁ এতিয়া যন্ত্ৰণাবোৰ অভ্যস্ত হৈ পৰিছে। আপুনি সুধিব কি অপৰাধত জেলত বন্দী ? এৰা ! অপৰাধেই অপৰাধ , কিমান অপৰাধৰ কথা কম? অৰণ্যময়ী হোৱাৰ  অপৰাধ, আচঁল ভৰাই তৰাবোৰ বুটলাৰ অপৰাধ আপুনি নাভাবিব এয়াই মোৰ প্ৰথম জেল ইয়াৰ আগতেও বহুবাৰ জেলত বন্দী আছিলোঁ বহুবাৰ ফাঁচীও দিয়া হৈছিল অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত ৰঙা

বেগম আছমা খাতুনৰ উপন্যাস ' বাইচাল'

Image
বেগম আছমা খাতুনৰ উপন্যাস  ' বাইচাল'  @#Begum Asma  বেগম আছমা খাতুনৰ ' বাইচাল' উপন্যাসখন প্ৰকাশৰ লগে লগে বিপুল সমাদৰ লাভ কৰিছে ।বাস্তৱ আৰু ইতিহাসৰ লৈ বেগম আছমা খাতুনৰ  প্ৰথম উপন্যাস যদিও পাঠক সমাজে আদৰি লৈছে। পাঠক সমাজত সমাদৰ লাভ কৰাৰ লগতে উপন্যাসখন পঢ়ি পাঠকে বহুত উৎসাহজনক মন্তব্য আগবঢ়াইছে। ' বাইচাল' উপন্যাসখন চৰ চাপৰিৰ সংস্কৃতি, সমস্যা , দূৰ্দশা আৰু ইতিহাস, সুখ - দুখ , প্ৰেম , দৈনন্দিন জীৱন লৈ লিখা । অবিভক্ত গোৱালপাৰাৰ বহু ইতিহাস এই উপন্যাসত সমৃদ্ধ । কল্পনাৰে আগবাঢ়িলেও ইতিহাসক সমল কৰি লৈ বাস্তৱ ভিত্তিত লিখা হৈছে। উপন্যাসখনত বৰ্তমানৰ লগতে অতীতক দেখিবলৈ পাব বুলি ধাৰণা কৰিছোঁ। দেখিবলৈ পাব এইকাৰণেই কৈছোঁ , কিছুমান বস্তু আমি পঢ়ি সেই কাহিনীৰ মাজত সোমাই যাব পাৰিলে এনে লাগে আমাৰ সন্মুখত ঘটি আছে । সেইখিনি কৰিবলৈ তিনি চাৰি বছৰ লাগিছে । চৰ চাপৰিৰ অৱহেলিত মানুহবোৰৰ দুখ কষ্ট , সমাজ জীৱন সকলোৰে আগত তুলি ধৰা হৈছে এই উপন্যাসখনত। ১৯৫০ চনৰ মানুহৰ দূৰ্দশাৰ কাহিনী, ১৯৮০-৪৩ ঘটনাবোৰোৰ লগতে  চৰ চপৰিৰ মানুহৰ দুখ যন্ত্ৰণা, আনন্দ , অনুভৱ , কলা সংস্কৃতি, প্ৰেম , বিবাহ , ভৌগলিক পৰিৱেশ আদিৰ
Image
  আজাদি কা অমৃত মহোৎসৱ @Begum Asma Khatun আজাদি কা অমৃত মহোৎসৱত  মোৰ দেশৰ ঘৰে ঘৰে ভয়ৰ ত্ৰাস ভোকৰ ভয় ,উচ্ছেদৰ ভয়, বজাৰৰ ভয়,  ৰাজনীতিৰ ভয়, নেতাৰ ভয় , দালালৰ ভয়,  ধৰ্মান্ধৰ ভয়,প্ৰশাসনৰ ভয় সকলোতে ভয় আৰু ভয়। ঘৰে ঘৰে তিৰঙ্গাৰ শ্লোগান দি থকা এই দেশত কেনেকৈ উৰিব স্বাধীনতাৰ পতাকা? ইয়াত শিশুটিয়ে মাকৰ আচঁলত ধৰি ভাত দিবলৈ কৈ থাকোতেই চৰুৰ ভাত সাজ বুলডজাৰেৰে মহতিয়াই  ঘৰখন ভাঙি দিয়া হয়  উদাং ভেটিত ভাতবোৰ পৃথিৱীৰ মানচিত্ৰ হৈ পৰে শিশুটিয়ে মানচিত্ৰখন মচি দি স্বাধীনতাৰ পতাকাখন উৰাব বিচাৰে তাকো লাঠিৰে কোবাই খেদি দিয়া হয় ভোকাতুৰ মানুহৰ জানো স্বাধীনতা আছে? ভোকৰ জানোঁ কোনো দেশ আছে? দেশ -বিদেশ, শৰণাৰ্থী শিবিৰ, ডিটেনশ্যন কেম্প ইত্যাদি ৰাজনীতিৰ পথাৰখন ভোকে নিচিনে ভোকৰ বাবে লাগে এখন ঘৰ  এখন সেউজীয়া পথাৰ  আৰু এমুঠি ভাত লাগে। ভোকৰ ভাত মুঠিৰ বাবেই পাঁচবছৰীয়া কন্যাৰ মৃতদেহ যতিয়া মাকৰ কোলাত তুলি দিয়া হয় মাকৰ বুকুৰ পৰা দেশৰ পতাকাখন সৰি পৰে চাহপাত বৰণীয়া সেই মাতৃৰ বুকু খনতো  অকাঁ আছিল এখন ধুনীয়া জাতীয় পতাকা। ৰেলপথৰ দাতিত , ষ্টেশনত, বস্তিবোৰত, ফুটপাথত ,  নৈ পাৰত অথবা চাহবাগানৰ দাতিত এতিয়াও শুই থাকে এটি এটি পৰাধীন দেশ সি