বন্দীত্ব

 






বন্দীত্ব

@#Begum Asma

এতিয়া মই  জেলত বন্দী

হাত ভৰিত লোৰ শিকলি

মোৰ প্ৰহৰী মাত্ৰ জেলৰ আন্ধাৰ

আন্ধাৰৰ হাতত কাইটীয়া চাবুক

চাবুকৰ কোবত দেহত অঙ্কিত

মোৰ পৃথিৱীৰ নিৰ্মমতাৰ প্ৰতিচ্ছবি ।


মোক সাক্ষাৎ কৰিবলৈ ইয়াত নাহিব

উশাহ -নিশাহ আৰু এখন অদৃশ্য যুদ্ধৰ বাহিৰে

জেলত আনৰ  প্ৰৱেশ নিষিদ্ধ

আনকি খাবলৈ খাদ্যও দিয়া নিষিদ্ধ

খাদ্য বুলি নিজৰ মাংস আৰু হাড়বোৰকে চবাই খাওঁ

তৃষ্ণাত চকুলোকে চেলেকি খাওঁ

চকুলো শুকাই গলে হৃদয়ৰ তেজ হুহি খাওঁ


দেহত বস্ত্ৰ বুলিবলৈ একোয়েই নাই

বিবস্ত্ৰত দেহেৰে অদৃশ্য যুদ্ধ যুজি ভাগৰি

শুই পঢ়ো কংক্ৰিটৰ মজিয়াখনত

নিজৰে মল মূত্ৰৰ গোন্ধত নাড়ীভূৰি ওলাই আহে

তথাপি দুচকু মুদি থাকোঁ।


চকুযুৰি জোপালেই  সৰু সৰু পোকবোৰ

মোৰ নাকে মুখে দি সোমাই গৈ

কলিজা কুটি কুটি খায়

প্ৰথমে  যন্ত্ৰণাত চটফটাইছিলোঁ, চিঞৰিছিলোঁ

এতিয়া যন্ত্ৰণাবোৰ অভ্যস্ত হৈ পৰিছে।


আপুনি সুধিব কি অপৰাধত জেলত বন্দী ?

এৰা ! অপৰাধেই অপৰাধ ,

কিমান অপৰাধৰ কথা কম?

অৰণ্যময়ী হোৱাৰ  অপৰাধ,

আচঁল ভৰাই তৰাবোৰ বুটলাৰ অপৰাধ


আপুনি নাভাবিব এয়াই মোৰ প্ৰথম জেল

ইয়াৰ আগতেও বহুবাৰ জেলত বন্দী আছিলোঁ

বহুবাৰ ফাঁচীও দিয়া হৈছিল

অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত

ৰঙা নিচান  লৈ বিপ্লৱ কৰাৰ অপৰাধত

কেতিয়াবা নেলচনৰ দৰে

বৰ্ণবাদৰ পৰা স্বাধীনতা বিচৰাৰ অপৰাধ

মুঠতে মই এতিয়া কুখ্যাত অপৰাধী।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)