Posts

Showing posts from June, 2020

mango chutneyআমৰ চাটনি

Image
উপকৰণ-কেঁ‌চা আম দুটা ইলাইচি দুটা ১কাপ চেনি হালধি এচিকুট নিমখ আন্দাজমতে ১ চামুচ নেমুৰ ৰস ১চামুচ আদাৰ ৰস সৰিয়হ ফোৰন দিবৰ জোখমতে১-২ চামুচ তেল প্ৰণালী- প্ৰথমে আম দুটা কাটি মিক্সিত পিহি লব।এটা কেৰাহীত তেলি গৰম কৰিব,তেল গৰম হোৱাত সৰিয়হ ফোৰন দিব।আমৰ পেষ্ট ঢালি দি তাত যোখমতে নিমখ,চেনি,হালধি এচুকুট ,আদাৰ ৰস দিব।সকলো মিক্স কৰি দিব।এলাইচি দি লো ফ্লেমত কিছুসময় ৰাখি হোৱাৰ আগে আগে নেমুৰ ৰস দিব।কিছুসময় লৰাইচৰাই নমাই দিব।আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব। https://youtu.be/H4_yo_4EWpo

kashmiri mango Achar আমৰ কাশ্মীৰী আচাৰ

Image
কাশ্মীৰী আচাৰ উপকৰণ-আম দুটা ,চেনি দুকাপ, ,নেমুৰ ৰস বা ভিনেগাৰ ২ চামুচ ,পানী চাৰি কাপ,নিমখ কাশ্মীৰী জলকীয়া দুটা( বেছিও লব পাৰে) আদা এডোখৰ সৰু সৰু কৈ কাটি লোৱা প্ৰণালী - প্ৰথমে আম সৰু সৰুকৈ কাটি নিমখ পানীত দুঘন্টা ৰাখি দিয়ক ।আদা আৰু জলকীয়া সৰু সৰুকৈ কাটি লওঁ‌ক।দুঘন্টা পিছত আমৰ টুকুৰাবোৰ মচি বা ৰ'দত শুকাই লব।এতিয়া এটা পাত্ৰত চেনি আৰু পানী গৰম কৰক।আদা দি চেনিৰ পানী উতল আহিলে আমৰ টুকুৰা আৰু দি দিয়ক।দহ -পোন্ধৰ মিনিট পিছত জলকীয়া দি আৰু দহ মিনিটমান ৰাখক।নেমুৰ ৰস বা ভিনেগাৰ দি চেনিৰ শিৰা ঘন হৈ অহাত নমাই থব। আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব। https://youtu.be/dsKkPtXDeP0

eid spesial dessert

Image
তলত ভিডিওটোত চাৰিটা ৰেচিপি আছে,তাৰে এটা ৰেচিপি লিখি দিছোঁ‌। সিৰ খুৰমা উপকৰণ- গাখীৰ ১লি চেৱাই - ১৫০ গ্ৰাম ইলাইচি,ড্ৰাই ফ্ৰুইটচ,ঘী,চেনি ,নিমখ,কেশৰ। প্ৰণালী- প্ৰথমে ড্ৰাই ফ্ৰুইটচ খিনি ঘীত ভাজি লব।তাৰ পিছত সেই পেনতে আৰু ঘী দি চেৱাইখিনি ভাজি লব।এতিয়া গাখীৰখিনি গৰম কৰিব।তাত ইলাইচি আৰু চেনি দিব।উতল আহিলে তাত চেৱাই আৰু ড্ৰাই ফ্ৰুইটচ দি নমাই ৰাখিব।কেশৰ দি গাৰ্ণিশ কৰি পৰিৱেশন কৰিব। আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব। https://youtu.be/dl1R084tz8U

ঔষদি গুণযুক্ত ভাতঘিলা#medicinal value of Indian trumpet

Image
ডিংডিঙা অথবা ভাতঘিলা- ই একপ্ৰকাৰ বৃক্ষ,১৫-২৫ ফুট দীঘল বৃক্ষ হয়৷ ভাল মাটি পানী হলে ৫০ ফুট দীঘলো হোৱা দেখা যায়৷ইযাক ইংৰাজীত Indian trumpet,midnight horror,broken bones আদি নামে জনাজাত৷  বৈজ্ঞানিক ভাষাত Oroxylum indicum বুলি কয়৷ বড়ো সকলে koroikandai ,চিনাসকলেMu Hu Die , ঠাই বিশেষে ভাৰতত হিন্দিত সোণাপাঠা,সোয়ানাক,আৰলু আদি নামেৰে জনাজাত৷অসমীয়াত ইয়াক ভাতঘিলা,টাকুনা,নাওফুল,ডিঙৰী নামেৰেও জনাজাত৷ ইয়াৰ ছাল,বীজ,ফুল আৰু ফল সকলো কামত আহে৷ চাইনীজ সকলে ইয়াৰ ছালৰ চাহ খায় আৰু ফুলৰ ব্যজ্ঞন খায়৷ ৰাজবংশী আৰু বড়োসকলোৰ ইয়াৰ ফুলৰ ব্যজ্ঞন প্ৰিয়৷ মে-জুনত ফুলা এই ফুলবোৰ ১-২ ফুট দীঘল ঠালত ২-৩ ইঞ্চি দীঘল হৈ ফুলে৷ফুলৰ ভিতৰফালে ঈশৎ হালধীয়া ৰঙৰ আৰু বাহিৰ ফালে নীলা মিহলি ৰঙা ৰঙৰ৷ফুলত পাঁচটা পাহি আছে আৰু ফুলৰ ভিতৰত হালধীয়া কেসৰ আছে৷বেছি ভাগ ফুল সৰি পৰে  বাবে ইয়াৰ বীজৰ পৰিমাণ কম৷ বীজ ২ -২ ফুট দীঘল আৰু ২-৩ ইঞ্চি বহল হয়৷দেখাত তৰোৱাল সদৃশ হয় বীজবোৰ৷ আয়ুৰ্বেদ মতে ই বাত নাশক,পিত্ত দোষ নাশক,ৰুচিকাৰক,পাচক,শীতল,কৃমিনাশক,কফ আৰু কাশ নাশক,বলকাৰী,বিৰ্যবৰ্ধক৷ইয়াৰ ওপৰিও মধুমেহ,উচ্চ ৰক্তচাপ,হৃদয় ৰোগত,পাইলচ,জণ্ডিচ,জ্ৱৰ,ক