kashmiri mango Achar আমৰ কাশ্মীৰী আচাৰ



কাশ্মীৰী আচাৰ
উপকৰণ-আম দুটা ,চেনি দুকাপ,
,নেমুৰ ৰস বা ভিনেগাৰ ২ চামুচ ,পানী চাৰি কাপ,নিমখ
কাশ্মীৰী জলকীয়া দুটা( বেছিও লব পাৰে)
আদা এডোখৰ সৰু সৰু কৈ কাটি লোৱা
প্ৰণালী - প্ৰথমে আম সৰু সৰুকৈ কাটি নিমখ পানীত দুঘন্টা ৰাখি দিয়ক ।আদা আৰু জলকীয়া সৰু সৰুকৈ কাটি লওঁ‌ক।দুঘন্টা পিছত আমৰ টুকুৰাবোৰ মচি বা ৰ'দত শুকাই লব।এতিয়া এটা পাত্ৰত চেনি আৰু পানী গৰম কৰক।আদা দি চেনিৰ পানী উতল আহিলে আমৰ টুকুৰা আৰু দি দিয়ক।দহ -পোন্ধৰ মিনিট পিছত জলকীয়া দি আৰু দহ মিনিটমান ৰাখক।নেমুৰ ৰস বা ভিনেগাৰ দি চেনিৰ শিৰা ঘন হৈ অহাত নমাই থব।
আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব।

https://youtu.be/dsKkPtXDeP0

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)