Posts

Showing posts from March, 2019

চ’ৰ চাপৰিত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ

Image
   যাদু বিদ্যা, তন্ত্ৰ মন্ত্ৰ বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ ই যিহেতু অসমৰ সমাজত চলি আহিছে গতিকে ইয়াক অসমৰ একধৰণৰ কু সংস্কাৰ বা পৰম্পৰা বুলি কব পাৰি৷ পিছে বহুতে ইয়াক সাহিত্যৰ অংশ বুলিও কব খোজে৷ হিন্দু ধৰ্ম্মাৱলম্বী বা আন আন ধৰ্ম্মাৱলম্বী সকলোৰ লগতে মুছলমান সকলোৰ মাজতো যাদু বিদ্যা অতীতৰে পৰা চলি আহিছে৷ মুছলমান সমাজত বিষেশকৈ চ’ৰ চাপৰি বা ভিতৰুৱা গ্ৰাম্য অঞ্চলবোৰত ইয়াৰ প্ৰভাৱ বেচি ৷ বৰ্তমান কিছু শিক্ষাৰ প্ৰভাৱ পৰাৰ বাবে তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ কমিছে যদিও নিৰ্মূল হোৱা নাই৷ বৰ্তমানো কিছু ভণ্ড বেজৰ তন্ত্ৰ মন্ত্ৰ সমাজত চলি আছে কিন্তু ককা আইতা সকলে কোৱাৰ দৰে আগত  মানুহ মাৰিবলৈ বা কোনো খতি কৰিবলৈ বান( যাদু) যেনে- নাৰী কটা বান, বৰষী বান আদি দেখিবলৈ পোৱা নাযায় ৷ আজিকালি এইবোৰ শুনা নাযায়৷ অৱশ্যে কাৰবাক প্ৰতিশোধ লবলৈ বা হিংসা কৰি বহু ধৰণৰ ক্ষতি কৰাৰ প্ৰৱনতা এতিয়াও আছে বুলি বহুতেই কয়৷ চিকিৎসাৰ ক্ষেত্ৰত যিবোৰ তন্ত্ৰ মন্ত্ৰ চলিছিল সেইবোৰ এতিয়াও চলি আছে মানুহৰ অজ্ঞতাৰ আৰ লৈ৷        বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুগ

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

Image
বিকশিত ৰাষ্ট্ৰ বা সুস্থ জাতি গঢ়ি তুলিবলৈ প্ৰয়োজন সুস্থ, শিক্ষিত নাগৰিক৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলে আমাৰ মনলৈ আহে মাতৃৰ কথা, কাৰণ মাতৃয়েহে পাৰে শিশুক সুস্থ, শিক্ষিত আৰু বিকাশগামী নাগৰিক গঢ়ি তুলিবলৈ৷ গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ৷ প্ৰখ্যাত দাৰ্শনিক নেপোলিয়নে কৈছিল ‘ এটা সুস্থ জাতি পাবলৈ প্ৰয়োজন এজন শিক্ষিত মাতৃ৷ এ. পি.জে. আব্দুল কালামে কৈছিল-‘ নাৰী শক্তিশালী হ’লে সুস্থ সমাজ এখন নিশ্চিত হয়৷’ কিন্তু আমাৰ ভাৰৰতত এতিয়াও প্ৰায়ভাগ নাৰীসকল শিক্ষাৰ পৰা বঞ্চিত, ইয়াৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ৷  অনাগত প্ৰজন্ম সুস্থভাৱে বাঢ়ি অহা আৰু সুনাগৰিক হিচাপে গঢ়ি উঠাত বাল্যবিবাহ এক প্ৰাচীৰ হৈ আছে৷ বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সমাজত এগৰাকী নাবালিকাক সাধাৰণতে ১৮ বছৰৰ তলৰ এজন প্ৰাপ্তবয়ষ্ক বা অ প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয়৷ বৰ্তমান ভাৰতৰ ভিতৰত আমাৰ অসমত বাল্যবিবাহৰ প্ৰচলন বেচি৷ অসমৰ ভিতৰত চাহ বাগান আৰু চ’ৰ চাপৰিত বাল্য বিবাহ বেচিকৈ হোৱা দেখা যায়৷ অসমত ২২৫১ খন চৰ আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ এই মানুহখিনি দৰিদ্ৰতা আৰু শ

প্ৰাপ্তি

Image
দুখৰো থাকে গভীৰতা সুখৰো থাকে বিজ্ঞাপন জীৱনৰো থাকে বাৰংবাৰতা সপোনৰো থাকে জীৱন। যিদৰে জুখি চোৱা নাই কোনোকলে দুখৰ গভীৰতা  সেইদৰে কৰি চোৱা নাই জীৱনৰ বাৰংবাৰতা। কান্ধত যন্ত্ৰণাৰ  বোজা হাতত আহত কলিজাটি অৰণ্যৰ বনজুইত দগ্ধ সপোনৰ ভগ্নাংশ তথাপি . . . সমূহ প্ৰত্যাহ্বানক বুকুত  লৈ সম্ভাৱনাৰ বাটত খোজ দি যাম যুগ যুগান্তৰলৈ. . . . আপুনি ইয়াক সু অভ্যাস ক'ব নে বদ অভ্যাস কব নাজানোঁ এৰা ! ইও  এক প্ৰাপ্তি ।

ৰেজিয়া

Image
                  পৰি গ’ল,পৰি গ’ল , ধৰ ধৰ, পানী আন……………..  হঠাৎ বৰপেটাৰ এন. আৰ.চি.(NRC) অফিচ এখনৰ সন্মুখত হূলুস্থুলখন লাগি গ’ল৷ ভিৰৰ মাজত ছোৱালী এজনী পৰি গৈছে৷ লগত অহা মাকজনী ছোৱালীজনীক ধৰি কান্দি আছে৷ অলপ দূৰত ৰৈ থকা দেউতাকেও দৌৰি আহিছে৷ ছোৱালীজনীক হেৰুৱাই পেলালে বুলিয়ে মাক দেউতাকে ভয় খালে যদিও কোনোবাই হাতৰ নাৰ্ভ চাই বেহুচ হোৱা বুলি জনালে৷ লগে লগে দুই তিনিজনে ছোৱালীজনীক ধৰি ৰ’দৰ পৰা উঠাই লৈ এন.আৰ.চি. অফিচৰ অলিন্দত থকা বেঞ্চ এখনত শুৱাই দিয়াত মাক আৰু দেউতাকে হাত ভৰি মালিচ কৰাত লাগিল৷ এজনে এবটল পানী আনি গালে মুখে চটিয়াই দিয়াত জ্ঞান ঘূৰাই পালে ৰেজিয়াই৷ মাকে আথে বেথে পানী এঢোক খুৱাই দিহে মাক দেউতাকে স্বস্থিৰ নিশ্বাস এৰিলে৷ ৰেজিয়াৰ মাকে গিৰিয়েকক কৈ এন.আৰ.চি অফিচাৰ আকাশদ্বীপ বৰ্মণৰ কাষত পঠিয়াই দিলে৷ গিৰিয়েকে অফিচাৰজনৰ কাষত গৈ হাত যোৰ কৰি কলে- : চাৰ, আমি বহু দূৰৰ পৰা আহিছোঁ, তাতে ছোৱালীজনীৰ বেমাৰ৷ অলপ আগতীয়াকৈ কাগজবোৰ চাই দিলে ভাল হয়৷ :ক’ৰ পৰা আহিছে? :ধুবুৰীৰ পৰা৷ : ইয়াত আৰু বহুত আছে দূৰৈৰ পৰা অহা গতিকে কাক আগত দিম কাক পিছত৷ অলপ অপেক্ষা কৰিব লাগিব৷ : ছাৰ, আমি বৰ বিপদত আছোঁ,

সমন্বয় আৰু বহাগ বিহু

Image
অসমৰ জাতীয় উৎসৱ  বিহু হৈছে প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ স্পন্দন ।বিহু মানেই অসমীয়াৰ প্ৰাণ,হিয়াৰ আমঠু৷পৃথিৱীৰ আটাইবোৰ লোক সংস্কৃতিৰ উৎস হ’ল কৃষিভিত্তিক৷প্ৰাক ঐতিহাসিক যুগৰ পৰাই মানুহে জীয়াই থকাৰ সংগ্ৰাম কৰি আহিছে৷কঠোৰ জীৱন সংগ্ৰামত মানুহে প্ৰাকৃতিৰ অধিক শক্তিৰ সৈতে ফেৰ মাৰিব নোৱাৰি প্ৰাকৃতিক বশিভূত কৰাৰ বাবে নৃত্যগীত, পুজা-পাতলৰ আশ্ৰয় ললে৷ তাৰোপৰিও নাৰীক সতে অদ্ভুদ সাদৃশ্য পালে,যেনে - নাৰীৰ সন্তান জন্ম দিয়াৰ লগত পৃথিৱীৰ শস্য উৎপাদনৰ সাদৃশ্য৷ এনে ধৰণৰ ধাৰণাৰ বাবেই পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে বিভিন্ন উৎসৱ৷অসমৰ লোক উৎসৱ বিহুও তাৰ ব্যতিক্ৰম নহয়৷বিহু অসমৰ উমৈহতীয়া উৎসৱ যদিও অসমৰ প্ৰায় জনগোষ্ঠীযে ভিন ভিন নামেৰে পালন কৰা দেখা যায়৷কচাৰীসকলোৰ‘ বহুৱা নাচ’, বড়ো সকলোৰ‘ বৈচাগু’,আহোমসকলোৰ‘ চাংকেন’ , দেউৰী আৰু তিৱা সকলোৰ‘বিছু’,মিছিং সকলোৰ ‘ আলি আয় লৃগাং’ আদি৷ ঠিক তেনেকৈ বিভিন্ন জিলাত বিভিন্ন নামেৰে বহাগ বিহু পালন কৰে৷যেনে নলবাৰী জিলাত সমগ্ৰ মাহ জুৰি পালন কৰা হয় বসন্তোৎসৱ৷ যাক ‘ভথেলি’ বুল্ কয়৷ বৰপেটা জিলাত ‘ পাউৰা তোলা বা দহৰ ফুৰোৱা উৎসৱ’ পালন কৰে৷ আনহাতে অবিভক্ত