শেহতীয়া লেখা

চ’ৰ চাপৰিত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ



   যাদু বিদ্যা, তন্ত্ৰ মন্ত্ৰ বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ ই যিহেতু অসমৰ সমাজত চলি আহিছে গতিকে ইয়াক অসমৰ একধৰণৰ কু সংস্কাৰ বা পৰম্পৰা বুলি কব পাৰি৷ পিছে বহুতে ইয়াক সাহিত্যৰ অংশ বুলিও কব খোজে৷ হিন্দু ধৰ্ম্মাৱলম্বী বা আন আন ধৰ্ম্মাৱলম্বী সকলোৰ লগতে মুছলমান সকলোৰ মাজতো যাদু বিদ্যা অতীতৰে পৰা চলি আহিছে৷ মুছলমান সমাজত বিষেশকৈ চ’ৰ চাপৰি বা ভিতৰুৱা গ্ৰাম্য অঞ্চলবোৰত ইয়াৰ প্ৰভাৱ বেচি ৷ বৰ্তমান কিছু শিক্ষাৰ প্ৰভাৱ পৰাৰ বাবে তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ কমিছে যদিও নিৰ্মূল হোৱা নাই৷ বৰ্তমানো কিছু ভণ্ড বেজৰ তন্ত্ৰ মন্ত্ৰ সমাজত চলি আছে কিন্তু ককা আইতা সকলে কোৱাৰ দৰে আগত  মানুহ মাৰিবলৈ বা কোনো খতি কৰিবলৈ বান( যাদু) যেনে- নাৰী কটা বান, বৰষী বান আদি দেখিবলৈ পোৱা নাযায় ৷ আজিকালি এইবোৰ শুনা নাযায়৷ অৱশ্যে কাৰবাক প্ৰতিশোধ লবলৈ বা হিংসা কৰি বহু ধৰণৰ ক্ষতি কৰাৰ প্ৰৱনতা এতিয়াও আছে বুলি বহুতেই কয়৷ চিকিৎসাৰ ক্ষেত্ৰত যিবোৰ তন্ত্ৰ মন্ত্ৰ চলিছিল সেইবোৰ এতিয়াও চলি আছে মানুহৰ অজ্ঞতাৰ আৰ লৈ৷

       বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুগৰ সকলে জীৱিকাৰ পথ কৰি লোৱা দেখা যায় ৷ যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি নহয় পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তান্ত্ৰীক সকলে কয়৷ কিছুমান ভণ্ড বেজে নানা বেমাৰ-আজাৰ তথা সমস্যাত ভূগি মনোবল হেৰুৱাই পেলোৱা লোকক ঠগ-প্ৰৱঞ্চনা কৰাটোকেই নিজৰ জীৱিকাৰ পথ হিচাপে লৈছে৷
 মুছলমান সমাজত তন্ত্ৰ মন্ত্ৰ কৰা সকলক ‘কবিৰাজ’ বুলি কয়৷ প্ৰকৃত কবিৰাজি শিকা কাৰ্য্য সহজ সাধ্য নহয় বুলি কবিৰাজ সকলে কয়৷ বহুত সাধনাৰ প্ৰয়োজন হয় বুলি কয়৷ আমাৱশ্যাৰ দিনত এইবোৰ শিকে বুলি জনায়৷ কিছুমানে আকৌ শ্বশানত ৰাতি থাকি সাধনা কৰে৷ মুছলমান সমাজত দুই ধৰণৰ কবিৰাজ দেখা যায়৷ এটা হ’ল সাধাৰণ, যিসকলে কোৰাণৰ দোৱাৰে জাৰা ফুকা কৰে৷ কোৰাণৰ দোৱাৰে তাবিজ কবজ বনাই দিয়ে৷ এই সকলে কিন্তু গোৰামী নকৰে বা টকাৰ বাবে নকৰে৷ এওলোকে অৰ্থ লোভ বা সন্মান লিপ্সাক বৰ্জন কৰিব লাগে৷ঈৰ্ষা ত্যাগ কৰিব লাগে৷ আল্লাহৰ ওপৰত ভৰষা কৰি সৰু সুৰা যেনে মুৰ ঘুৰণি, বমি, বা ভয় খালে, জ্বিন পৰী ধৰিলে আতৰাই দিয়া আদি কাম কৰে, লগতে ডক্টৰৰ চিকিৎসাৰো পৰামৰ্শ দিয়ে৷ এই সকলোক আ’মেল বুলি কোৱা হয়৷ তথাপিও হাদিচত কোৱা আছে আমেলতকৈ কামেল( পৰহেজগাৰ) হোৱাই শ্ৰেষ্ঠ৷
 এবাৰ আমেল হ’লে কোনো কাৰণত নামাজ- কোৰাণ নপঢ়িলে, জায়েজ- নাজাযেজ( হাৰাম হালাল) মানি নচলিলে নিজৰ লগতে পৰিয়ালৰ বাবে ক্ষতিকাৰক৷ আমেল মানে জ্বিন পৰীক বশ কৰি সিহঁতৰ দ্বাৰাই কাম কৰায়৷ আনবিধ অতি ভয়ঙ্কৰ৷ ইহঁত ভণ্ড, টকাৰ বাবে যিকোনো কাম কৰিব পাৰে৷ নানা বেমাৰ-আজাৰ তথা সমস্যাত ভূগি মনোবল হেৰুৱাই পেলোৱা লোকক কথাৰ চলেৰে বশ কৰি লাহে লাহে টকা লুন্ঠনত লাগি পৰে৷ কিছুমানে হিন্দু ধৰ্মৰ শ্বশানত থাকি কালীৰ সাধনা কৰি কবিৰাজি শিকে বুলি কয়৷ এইবোৰ সাধন কৰিবলৈ আমাবশ্যাৰ ৰাতি নগ্ন শৰীৰে যাব লাগে আৰু শ্বশানত জ্বলাই দিয়া শৱৰ হাড় আৰু অস্থি কলহৰ তলত থোৱা টকা বা পইচা আনিব লাগে বুলি ইয়াৰ লগত জড়িত মানুহে কয়৷ মৃত মানুহৰ লাওখোলা, হাড় আদি ব্যৱহাৰ কৰি আত্মা হাজিৰ কৰি চিকিৎসা কৰে বুলি কয়,( আচলতে এইবোৰ ভূৱাৰ বাহিৰে একো নহয়) ইয়াৰ বাবে বিভিন্ন তন্ত্ৰ মন্ত্ৰ ব্যৱহাৰ কৰে৷ ইহঁতে সনাতন ধৰ্মৰ বহুত দেৱ দেৱীৰ কথা উল্লেখ কৰে চিকিৎসাৰ সময়ত৷ গীতা ভগৱতৰ মন্ত্ৰ ওলটাকৈ মাতাৰ লগতে কোৰাণ শ্বৰীফৰ দোৱাও ওলটাকৈ কয় আৰু লিখে৷ কিছু নিষিদ্ধ কথা লিখে যিবোৰ ইছলাম ধৰ্মমতে বহুত ডাঙৰ পাপ( শ্বেৰেকি)৷ এই পাপৰ কোনো ক্ষমা নাই৷ ইছলামত কবিৰাজৰ ওচৰত যোৱাটোই পাপ কিন্তু মানুহ বিপদত পৰি যাবলৈ বাধ্য হয়৷ এই ধৰণৰ কবিৰাজবোৰো আচলতে নামতহে মুচলমান, কাৰণ এওলোক ইচলাম ধৰ্মৰ পৰা ফালৰি কাটি গৈ ভণ্ড পীৰ বা ফকীৰৰ তৰিকা গ্ৰহণ কৰে৷ এইবোৰ ইচলামৰ বহিৰ্ভূত৷
 এই সকলোক বিশেষকৈ জলেশ্বৰ উৰুচ, হাজোৰ উৰুচকে আদি কৰি বিভিন্ন ঠাইত হোৱা উৰুচ আৰু ফকীৰ মেলাবোৰত দেখা যায়৷ এইবোৰত অশিক্ষিত, দৰিদ্ৰ মানুহৰে ভৰি পৰে যিবিলাকে সেই ফকীৰবোৰৰ চলাহী কথাত ভোল যায় আৰু সিহঁতৰ বাবে সাধ্য অনুসৰি টকা, চাউল আদি বিভিন্ন সামগ্ৰী লৈ গৈ দান কৰে৷ চৰ চাপৰি বা ভিতৰুৱা অঞ্চলত চিকিৎসা ব্যৱস্থা নথকা আৰু নিৰক্ষৰতাৰ সুযোগ লয় এই ফকীৰ বা কবিৰাজবোৰে৷ কিছু কিছু ক্ষেত্ৰত এই ধৰণৰ শ্বেৰেকি যাদুবোৰ কিছুক্ষেত্ৰত দুই এটা কাম সফল কৰি দেখুৱায় বাবে মানুহে ভাৱে কবিৰাজৰ দ্বাৰা সকলো সম্ভৱ৷

 কিছুমান শিক্ষিত চামেও এই সকলোৰ ওচৰত আঠু লোৱা দেখা যায়৷ বিষেশকৈ প্ৰণয় ভঙা আৰু গঢ়াৰ বাবে কবিৰাজৰ ওচৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰে৷ কিন্তু সিহঁতে পাহৰি যায় যে সেইবোৰ কৰিলে তাৰ ধৰ্মটো নাম মাত্ৰহে থাকিব৷ ইছলাম ধৰ্মৰ বিধান মতে যিয়ে এইবোৰ কাম কৰিব অৰ্থাত কবিৰাজ জন আৰু যিয়ে ব্যৱহাৰ কৰিব , দুয়ো ইহকাল পৰকাল ধ্বংস কৰিলে৷ সেইসকল মানুহ দোজখৰ খৰি বনাই দিয়া হব বুলি হাদিচত উল্লেখ আছে৷ তথাপিও এই সকল কবিৰাজৰ দপদপনি সমাজত দেখা যায়৷ ভুত ধৰাৰ চিকিৎসাৰ নামত প্ৰত্যেক সপ্তাহত হাজাৰ হাজাৰ টকা লুটি লৈ থাকে আৰু চিকিৎসাৰ নামত অভিভাৱকৰ চকুত ধলি দি হুমিয়, আয়ুৰবেদিক বা হামদৰ্দৰ ঔষধ খুৱাই থাকে যাৰ বাবে বেমাৰীয়ে কিছু আৰাম পায় বাবে মানুহে ভাৱে সচাঁকৈয়ে দেও ভূতৰ নজৰ লাগিছিল৷ যেতিয়া কবিৰাজ জনে বহুদিন ধৰি টকা লুটি লুটি একেবাৰে ভাল কৰিব নোৱাৰে তেতিয়া কয় ভূত আতৰাই দিছোঁ কিন্তু ভূতে তাৰ ভিতৰৰ সকলো নষ্ট কৰিছে গতিকে এতিয়া ডক্টৰৰ চিকিৎসা কৰিব লাগিব, যেতিয়ালৈকে এই কথা কয় তেতিয়ালৈকে বহুত পলম হৈ যায়৷ আৰু যদি কবিৰাজে চিকিৎসা কৰি থকা সময়তে বেমাৰীৰ মৃত্যু হয় তেতিয়া কয় ভূতে তাৰ কলিজা খাই দিছে আদি বহুতো যিবোৰ কথা মানুহে সহজেই বিশ্বাস কৰে৷ আমাৰ চকুৰ সন্মুখত এনে উদাহৰণ বহুত আছে৷ আন বেমাৰৰ ক্ষেত্ৰতো মানুহে প্ৰায়ে কবিৰাজৰ ওচৰত যোৱা দেখা যায়৷ যেনে – পেৰালাইচিচ, অশ্ব, জ্বৰ, নাৰ্ভ দূৰ্বল, আৰ্থাৰাইটিচ, বাত বিষ আদি বহুতো৷
 দুখীয়া মানুহে ভাবে কবিৰাজৰ ওচৰত গ’লে কম টকাতে বেমাৰ ভাল হৈ যাব কিন্তু দেখিবলৈ গলে একেই খৰচ হয়৷ অলপ অলপকৈ লৈ থাকে বাবে চকুত নপৰে৷ লগতে বেমাৰো ভাল নহয়৷ ধৰি লওক মানুহ এজনৰ পেৰালাইচিচ হৈছে তাক কবিৰাজৰ ওতৰত লৈ গলে বেমাৰীক উত্তৰ দক্ষিণকৈ শুৱাই লৈ বিষ ঢেকীয়াৰ পাত, বিচনী বা ঝাৰুৰে মন্ত্ৰ মাতি মাতি মূৰৰ পৰা তলৰ ফালে ঝাঢ়ে , তাৰ পিছত মিঠাতেলত গছৰ শিপা মূৰ বা কৰফুল আদি বিভিন্ন ধৰণৰ ঔষদ দি মালিচ কৰিব দিয়ে৷ আচলতে কবিৰাজৰ তন্ত্ৰ মন্ত্ৰত একো নহয় ভাগ্যক্ৰমত যদি বেমাৰিয়ে আৰাম পায় সেয়া অকল মালিচৰ বলতহে৷ কিছুমান কবিৰাজক দেখা যায় পেৰালাইজ বেমাৰিজনক ৰাতি পদুলিত শুৱাই লৈ ৭ জনী অবিবাহিত ছোৱালীক কবিৰাজে লগত লৈ বেমাৰীৰ চাৰিওফালে ঘূৰি এক ধৰণৰ গান গাই নাচি নাচি ঝাৰি থাকে নাইবা ভৰিৰে গছকি গছকি বিষ নমায় বুলি কয়৷ বেমাৰ পুৰণা হ’লে ভাল হোৱাৰ গেৰেন্টি নিদিয়ে৷ নতুনকৈ হোৱা বেমাৰ ভাল হয় বুলি জনায়৷ কিছুমান হোৱা দেখা যায় ৷ ইয়াৰো কাৰণ নথকা নহয়৷ আচলতে নতুনকৈ হোৱা বেমাৰীৰ নাৰ্ভবোৰ একেবাৰে বেয়া হৈ নাযায় , গতিকে গছপাত বা শিপা যিবোৰৰ ঔষদি গুন আছে সেইবোৰৰ লগত মিঠাতেল দি মালিশ কৰে বাবে নাৰ্ভৰ ৰক্তসঞ্চালন আকৌ আৰম্ভ হয়৷ কিন্তু মানুহে ভাৱে যাদু মন্ত্ৰৰ দ্বাৰা ঠিক হ’ল৷ এনেকৈয়ে সমাজত চলি আছে কবিৰাজি৷ ঠিক তেনেকৈ আন বেমাৰ বোৰতো দেখা যায়৷ তাৰওপৰিও ভুতে ধৰে কিছু হিন্দু ধৰ্মৰ ভূত কিছু মুচলমানৰ জীন পৰী ইত্যাদি৷ বেমাৰীক সন্মুখত বহুৱাই লৈ মনে মনে কিছু মন্ত্ৰ মাতি চিঞৰি চিঞৰি কিছু গান গায় যেনে –
 ( আইছেৰে জইটা মাদাৰ উৰাইয়া মাথাৰ কেশ
দেখ দেখ তৰা দেখ আমাৰ দয়ালেৰ অইৰূপ দেখ….) নাউজুবিল্লাহ ৷
 এইবোৰ কৈ পৰিৱেশটোয়ে জয়াল কৰি তোলে৷ তাৰ পিছত আৰম্ভ হয় কথোপকথোন৷ আচলতে মোৰ এনে লাগে জয়াল পৰিৱেশৰ সুযোগলৈ বেমাৰীক নিশাজাতীয় কোনো বস্তু নাকৰ ওচৰত ধৰে তাৰ বাবে বেমাৰীয়ে আবোল তাবোল কবলৈ ধৰে৷ তাৰ পিছত যেতিয়া ভূতে এৰি দিয়ে বুলি কয় তেতিয়া অৱচেতন হৈ পৰে বেমাৰী৷ আন কিছুমানে বেমাৰীৰ লগত ভূত হাজিৰ নকৰে লগত এজন মানুহ লৈ আহে৷ সেই মানুহজনৰ লগত হাজিৰ কৰে৷ তেওঁকে কথা পাতিব দিয়ে বা আইনাত মিঠাতেল ঝাৰি লগাই দিয়ে৷ সেই আয়নাতে ভুতক দেখিবলৈ পায় আৰু দুয়ো কথা পাতে বুলি কয়৷ এইবোৰ সকলো টেকনিক৷ যিদৰে যাদু খেলত চকুৰ পলকতে মানুহক কাটি পেলায় আকৌ ভাল হয়৷ চকুৰ পলকতে হাতত টকা আহে, পাৰো চৰাই আহে৷ ঠিক একে ধৰণেই কবিৰাজবোৰ মানুহক বৰ্বক বনায়৷

উদাহৰণস্বৰুপে ইংলেণ্ডৰ এটা জেলত কায়েদি এজনক শাস্তি হিচাপে সাপেৰে কাটি মাত্যুদণ্ড দিয়াৰ আদেশ দিয়া হয়৷ সেই কায়েদীজনক আন্ধাৰৰ সুযোগ লৈ বেজিৰে চাৰিটা ফুটা কৰি দিয়া হয়৷ ৰাতিপুৱা দেখা গ’ল কায়েদীজনৰ মৃত্যু হৈছে৷ তাৰ মৃতদেহ পৰীক্ষা কৰি ধৰা পৰিল সাপৰ বিষ শৰীৰত গতিকে কায়েদীজনৰ মন মানসিকতাত যি সোমাই পৰিছিল সেয়াই শৰীৰত বিষ উৎপন্ন কৰিছে৷ তেন্তে সাধাৰণ হোজা মানুহক ব্ৰেইনত যিকোনো কথা সোমাই দিয়া অতি সহজ কথা৷ এনেকৈয়ে চলি থাকে ভিতৰুৱা গ্ৰাম্য অঞ্চলত নিৰক্ষৰ , দৰিদ্ৰ মানুহক বৰ্বক বনোৱা কাম৷ এইবোৰে আমাৰ সমাজৰ উন্নতিত এক বৃহৎ প্ৰচীৰ হৈ থিয় দি আছে৷ ইয়াক অতি সোনকালে ৰোধ কৰাৰ ব্যৱস্থা কৰা উচিত৷

 নহলে আমি আকৌ অন্ধকাৰ জগতলৈ গতি কৰিব লাগিব৷ এই বিজ্ঞানৰ দিনতো মানুহ অন্ধ বিশ্বাসৰ কোৰাল গ্ৰাহত সোমাই আছে৷ এয়া অকল তেওলোকেও দায়ী নহয় চৰকাৰ আৰু আমাৰ সমাজৰ শিক্ষিতবোৰেও সমানে দায়ী কাৰণ এওলোক নিৰক্ষৰ আৰু দৰিদ্ৰতাৰ বাবে কবিৰাজৰ চলাহী কথাত ভোল যায়৷ কিন্তু চৰকাৰ বা দল সংগঠণবোৰ ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা দেখা নাযায়৷ নিৰক্ষৰ মানুহবোৰক শিক্ষিত কৰি কৰ্ম সংস্থাপনৰ ব্যৱস্হা নকৰিলে এনেবোৰ হৈ থাকিব৷ গতিকে এইবোৰ সমস্যা দূৰ কৰিবলৈ চৰকাৰে প্ৰথমে প্ৰত্যেক শিশুকে শিক্ষিত কৰি তুলিব লাগিব  আৰু সমাজত যি সকল শিক্ষিত আছে আৰু বিভিন্ন দল সংগঠণ আছে সকলোৱে মিলি আগবাঢ়ি আহিব লাগিব৷ ইয়াৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰিব লাগিব৷
 শিক্ষিতচামেও আগবাঢ়ি নাহে ভণ্ড ফকীৰ আৰু কবিৰাজৰ বিৰুদ্ধে, হয়তো সকলোয়ে ভয় খায় এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ৷ বৰ্তমান যুগতো যি হাৰত বাঢ়ি গৈছে ফকীৰৰ হাৰ সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি নকৰিলে বা এইবোৰক ৰোধ নকৰিলে ভবিষ্যত ভয়াবহতাৰ ৰূপ ল’ব৷ ‘ মোৰ ঘৰত তো এইবোৰ হোৱা নাই’- এইবোৰ ভাবি শিক্ষিতচামে দূৰৈৰ পৰা চাই হাত সাবটি বহি থাকে৷ সেইসকলোক কৈছো- আজি আপোনালোকৰ ঘৰত নাই কি ঠিক কালি আপোনাৰ ঘৰত গৈ পাব৷ বৰ্তমান যুৱচাম অস্থিৰ, ধৈৰ্য্য নাই ৷ এই সকল নব প্ৰজন্মক ভণ্ড কবিৰাজবোৰে সহজেই টাৰ্গেট কৰি লয় , গতিকে নব প্ৰজন্মক এইবোৰৰ পৰা ৰক্ষা কৰিবলৈ সমাজৰ পৰা এইবোৰ ভণ্ডামি দূৰ কৰিবই লাগিব৷