প্ৰাপ্তি











দুখৰো থাকে গভীৰতা
সুখৰো থাকে বিজ্ঞাপন
জীৱনৰো থাকে বাৰংবাৰতা
সপোনৰো থাকে জীৱন।

যিদৰে জুখি চোৱা নাই
কোনোকলে দুখৰ গভীৰতা 
সেইদৰে কৰি চোৱা নাই
জীৱনৰ বাৰংবাৰতা।

কান্ধত যন্ত্ৰণাৰ  বোজা
হাতত আহত কলিজাটি
অৰণ্যৰ বনজুইত দগ্ধ
সপোনৰ ভগ্নাংশ
তথাপি . . .

সমূহ প্ৰত্যাহ্বানক
বুকুত  লৈ
সম্ভাৱনাৰ বাটত
খোজ দি যাম
যুগ যুগান্তৰলৈ. . . .

আপুনি ইয়াক সু অভ্যাস ক'ব নে
বদ অভ্যাস কব নাজানোঁ
এৰা ! ইও  এক প্ৰাপ্তি ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)