শেহতীয়া লেখা

ৰেজিয়া

                 

পৰি গ’ল,পৰি গ’ল , ধৰ ধৰ, পানী আন……………..
 হঠাৎ বৰপেটাৰ এন. আৰ.চি.(NRC) অফিচ এখনৰ সন্মুখত হূলুস্থুলখন লাগি গ’ল৷ ভিৰৰ মাজত ছোৱালী এজনী পৰি গৈছে৷ লগত অহা মাকজনী ছোৱালীজনীক ধৰি কান্দি আছে৷ অলপ দূৰত ৰৈ থকা দেউতাকেও দৌৰি আহিছে৷ ছোৱালীজনীক হেৰুৱাই পেলালে বুলিয়ে মাক দেউতাকে ভয় খালে যদিও কোনোবাই হাতৰ নাৰ্ভ চাই বেহুচ হোৱা বুলি জনালে৷ লগে লগে দুই তিনিজনে ছোৱালীজনীক ধৰি ৰ’দৰ পৰা উঠাই লৈ এন.আৰ.চি. অফিচৰ অলিন্দত থকা বেঞ্চ এখনত শুৱাই দিয়াত মাক আৰু দেউতাকে হাত ভৰি মালিচ কৰাত লাগিল৷ এজনে এবটল পানী আনি গালে মুখে চটিয়াই দিয়াত জ্ঞান ঘূৰাই পালে ৰেজিয়াই৷ মাকে আথে বেথে পানী এঢোক খুৱাই দিহে মাক দেউতাকে স্বস্থিৰ নিশ্বাস এৰিলে৷ ৰেজিয়াৰ মাকে গিৰিয়েকক কৈ এন.আৰ.চি অফিচাৰ আকাশদ্বীপ বৰ্মণৰ কাষত পঠিয়াই দিলে৷ গিৰিয়েকে অফিচাৰজনৰ কাষত গৈ হাত যোৰ কৰি কলে-
: চাৰ, আমি বহু দূৰৰ পৰা আহিছোঁ, তাতে ছোৱালীজনীৰ বেমাৰ৷ অলপ আগতীয়াকৈ কাগজবোৰ চাই দিলে ভাল হয়৷
:ক’ৰ পৰা আহিছে?
:ধুবুৰীৰ পৰা৷
: ইয়াত আৰু বহুত আছে দূৰৈৰ পৰা অহা গতিকে কাক আগত দিম কাক পিছত৷ অলপ অপেক্ষা কৰিব লাগিব৷
: ছাৰ, আমি বৰ বিপদত আছোঁ, ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া৷
: কি হৈছে?
: নকব ছাৰ, ধুবুৰী চিভিলৰ পৰা পোনে পোনে লৈ আহিছোঁ৷ ছোৱালীজনী গৰ্ভৱতী আছিল, পৰহিয়ে সন্তান এটা জন্ম হৈছিল কিন্তু মৃত৷ ছোৱালীজনীৰো অৱস্থা বৰ বেয়া বুলি কৈছিল৷ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও বা গুৱাহাটী লৈ যাব কৈছিল কিন্তু কি কৰিম ছাৰ আমি দুখীয়া মানুহ ভাল চিকিৎসাৰ বাবে টকা নাই৷ তাতে দুদিন ৰাখি আজি ইয়ালৈ লৈ আহিছোঁ৷ নাহিলেও নহয়৷ আমি বাধ্য৷ মৰিলেতো সকলো শেষ , আমাৰ কষ্ট হ’ব তাই মুক্তি পাব, কিন্তু যদি জীয়াই থাকে গোটেই জীৱন ‘ডি’ ভোটাৰৰ নামত যে প্ৰতি পল মৃত্যু যন্ত্ৰণাত ভুগিব লাগিব সেইটোলৈহে আমাৰ ভয়৷ আমাৰ চকুৰ আগত ছোৱালীজনী‘ ডি ’ভোটাৰৰ নামত ডিটেনশ্বন কেম্পৰ দৰে জেলত থাকিব লাগিব৷ সেয়া আমি চাই থাকিব নোৱাৰিম৷ সেয়েহ আজিয়েই লৈ আহিছোঁ৷ ছাৰ দয়া কৰি আমাৰ কাগজবোৰ ঠিক কৰি দিয়ক৷ আমি পূৰ্বৰে পৰা অসমতে আছোঁ, আমাৰ ককা আজোককাহঁত হয়াৰে৷ আমাৰ সকলোৰে NRC ত নাম আহিছে কিন্তু মোৰ এই ছোৱালীজনীৰ নাম অহা নাই৷
: ঠিক আছে মই চাই দিছোঁ, ছোৱালীজনীৰ গিৰিয়েক ক’ত? -কৈ কৈ অফিচাৰজনে কাগজ পাতি হাতত ললে৷
: কি ক’ম চাৰ, আমাৰ লগতে ছোনালীজনীৰো কপাল বেয়া৷ ছোৱালীজনীৰ বিয়াৰ এবছৰ হোৱাই নাই, ২০-২৫ দিন হ’ল আমি জোৱাইক হেৰুৱাইছোঁ৷
: অহ! কেনেকৈ?
: আজিৰ পৰা তিনিমাহ আগৰ ঘটনা৷ দুবেলা দুমুঠি ভাতৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল মেঘালয়লৈ…..৷
 দেউতাকে কৈ গ’ল ওচৰতে বহি থকা ৰেজিয়াৰ মনত পঢ়ি গ’ল শহিদে যোৱা দিনলৈ৷
: ৰেজি আমাৰ ভৱিষ্যতৰ বাবে, আমাৰ হ’ব লগা সন্তানৰ বাবে মই যাবই লাগিব বাহিৰলৈ৷- ৰেজিয়াৰ গিৰীয়ে শহীদে ৰেজিয়াৰ কাষত বহি মৰমেৰে বুজাই কলে৷
: মোৰ মনে সৈমান হোৱা নাই তুমি বাহিৰলৈ যোৱা৷ কিয়বা মোৰ মনে বাৰ বাৰ বাধা দি আছে৷ একো ভাল লগা নাই তোমাক লৈ চিন্তা হৈ আছে ৷
: চিন্তা নকৰিবা মোৰ সোণ, অকল ময়ে নহয় আমাৰ ইয়াৰ দেখোন বহুতেই যায় কাম কৰিবলৈ, একো নহয়৷ মই সোণকালেই ঘূৰি আহিম৷ তুমি নিজৰ ধ্যান ৰাখিবা৷
-বুজনী দি কৈ ওলাই গৈছিল শহিদ মেঘালয়লৈ৷ ৰেজিয়াই চকুলো টুকি শহীদ যোৱালৈ চাই থাকিল৷ সৰু ছোৱালীজনীৰ বিয়াৰ ছমাহে হোৱা নাই সংসাৰৰ ভাৰ অকলে তাৰ ওপৰত পেলাই থৈ গিৰিয়েকে বাহিৰলৈ গ’লগৈ ৷ কান্ধৰ লগত কান্ধ মিলাবলৈ নাই কাষত লগৰী৷ দৰিদ্ৰতাৰ লগত যুজি যুজি শাহুৰ তীক্ষ্ন কথাৰ মাজেৰে সংসাৰৰ কাম বন কৰি পাৰ হৈছিল দিনবোৰ৷ যিমানে পাৰ হৈছিল দিনবোৰ সিমানে ৰেজিয়াৰ পেট ওলাই আহিছিল৷ ৰেজিয়াৰ কাষত শহীদ নাথাকিলেও ফোনৰ জৰিয়তে ভাল বেয়াৰ খৱৰ লয়, প্ৰেৰণা দিয়ে৷ কামৰ সময়ত মোবাইল থৈ যাব লাগে সেয়েহ দুয়ো নিতে ৰাতিপুৱা আৰু ৰাতি সময় মিলাই কথা পাতে ফোনত৷ এদিন হঠাৎ সিহঁতৰ সংযোগ বিচ্ছিন্ন হ’ল৷ ৰাতি পুৱা কথা পাতি ৰাতি কল কৰিম বুলি কৈছিল কিন্তু ৰাতি বহুত হোৱালৈ ফোন নহাত ৰেজিয়াই অস্থিৰ হৈ পৰিল৷ অকল ফোন নহাৰ বাবে নহয়, তাইৰ মনো কিয়বা অস্থিৰ হৈ পৰিছে৷ বাৰ বাৰ হাতৰ পৰা ইটো সিটো পৰি গৈছে৷ দিনটো কাউৰী এটাই কা কা কৰি আছিল৷ এই সকলোবোৰ ভাবি ভাবি তাইৰ মন বেছি অস্থিৰ হৈ পৰিল৷ তথাপিও নিজৰ মনক সান্তনা দিবলৈ চেষ্টা কৰিল৷
 খৰাং মাহৰ বতাহে বাৰ বাৰ কোবাই আছে বাঁহ মৰাপাটৰ উওলি যোৱা জুপুৰিখনক৷ বতাহৰ লগত ভাহি অহা জিলি আৰু ফেঁচাৰ মাতত তাইৰ এনে লাগিল তাই শুই থকা জুপুৰিটো এতিয়াই ধুমুহাই উৰাই লৈ যাব৷ ভয় লাগিলেও কোনো কাষত নাই৷ তেনেকৈয়ে ৰাতি পাৰ হ’ল৷ পিছদিনা ৰাতিপুৱাতো ফোন নাহিল৷ দিনটো অপেক্ষাৰ মাজেৰেই পাৰ হ’ল৷

 হঠাৎ সন্ধিয়া অজান নম্বৰ এটাৰ পৰা ফোন আহিল৷ ৰেজিয়াই দৌৰি গৈ ৰিচিভ কৰিলে৷ হেল্ল কৈ আগন্তকে পৰিচয় দিয়াৰ আগতে ৰেজিয়াই চিনি পালে শহীদৰ বন্ধু চিৰাং জিলাৰ পানবাৰীৰ সাহেব আলী৷ আগতেও কথা পাতিছিল৷ ৰেজিয়াই পোনে পোনে শহীদৰ কথা সুধিলে৷ বন্ধুজনে শহীদৰ কথা কোৱাত তাই চিঞৰিলে-‘ মিছা কথা , সি কালি ৰাতিপুৱাতেই কথা দিছে ১৫ দিনমান পিছত আহিব৷ সি মিছা কথা নকয় মোৰ লগত৷’ মবাইল ফোন কানত লৈয়ে আবোল তাবোল কৈ কান্দিব ধৰিলে৷ তাইৰ কান্দন শুনি শহুৰে কাষত আহি কথাৰ গুৰু গম্ভিৰতা বুজি তাইৰ হাতৰ পৰা মবাইল ললে৷ শহীদৰ দেউতাকে ফোন লৈ কলে-
‘ কি হৈছে মোক কোৱাচোন ভালকৈ৷’
 সিফালৰ পৰা সাহেবে কলে –‘ খুঢ়া মই শহীদৰ বন্ধু৷ আমি যোৱাকালি ৰাতিপুৱা মেঘালয়ৰ লাহৰিঘাট অঞ্চলত থকা কয়লা খনিত শহীদকে ধৰি আমি ১৮ জন শ্ৰমিক একেলগে নামি যাওঁ খনিত কাম কৰিবলৈ৷ কয়লা খনিৰ মালিকহঁতৰ লোভৰ ফলত নিয়মতকৈ বেচি ৩৮০ ফুট তলত কয়লা খনন কৰি থকা অৱস্থাত সেই গভীৰ গাতত  হঠাৎ প্ৰায় ২০০ ফুট পানী উফন্দি উঠিল৷ মূহুৰ্ততে লাগি গ’ল চিঞৰ বাখৰ৷ মই আৰু শহীদ একেলগেই আছিলো৷ সকলোৰে লগত আমিও যিমান পাৰো চেষ্টা কৰিলোঁ কিন্তু তাতে এনেই অক্সিজেনৰ অভাৱ আৰু পানীৰ তলত ভয়ত এজনে আনজনক টানি ধৰে, তাৰোপৰি স্বাৰ্থলোভী মালিকবোৰে আমাৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ বস্তু নিদিয়ে৷ অক্সিজেন মাক্সো নাছিল৷ মই আৰু শহীদ আগত আছিলোঁ৷ আহি থাকোতেই কোনোবাই তাক টানি ধৰিলে ৷
 মই চেষ্টা কৰিলো আনিবলৈ কিন্তু আমাৰ উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম চাই সি কলে-‘ চা, আমি সকলোৱে ইয়াত মৰি থাকিলে কোনেও ভু নাপাব অন্তত তই যা, ওপৰত গৈ কিবা বুদ্ধি কৰা যায় নেকি সকলোকে উলিয়াবলৈ তাৰ চেষ্টা কৰগৈ৷ মই জীয়াই থাকিলে তোৰ পিছে পিছে আহি যাম৷ কোনো কাৰণত ওলাব নোৱাৰিলে মোৰ ঘৰত খৱৰ দিবি৷ আৰু মোৰ ঘৈনিয়েকক সাহসী হৈ আগবাঢ়িব কবি৷ তাইৰ গৰ্ভত মোৰ মৰমৰ সাক্ষী লালিত হৈ আছে৷ কিছু টকা আছে মোৰ বিচনাৰ তলত তাইক দিবি৷’
 এইবুলি কৈ সি মোৰ হাত এৰি দিছিল৷ মই বহুত কষ্ট কৰি বাহিৰত ওলাই আহিলোঁ কিন্তু সি ওলাই নাহিল৷ মই বাহিৰত আহিও কোনো ব্যৱস্থা কৰিব নোৱাৰিলো , কোনেও সহায় নকৰিলে সিহঁতক উলিয়াবলৈ৷ – কৈ সিফালৰ পৰা সাহেব আলিয়ে কান্দোনত ভাঙি পৰিল৷ শহীদৰ দেউতাকেও মাটিত বহি পৰিল৷ দুচকুৰে বৈ আহিল বুকুৰ যন্ত্ৰণা৷ সন্মুখত সকলো ধুৱলী কুৱলী দেখিলে৷ শহীদে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰ্তা আছিল৷ দেউতাকৰ টি.ভি বেমাৰ হোৱাত সৰু ভায়েক ভনীয়েকৰ দায়িত্ব শহীদে মুৰ পাতি লৈছে৷ তিনিজনী ভনীয়েকৰ বিয়া হৈছে, আৰু এজনী আছে৷ ভায়েকজন একেবাৰে সৰু৷ এতিয়াহে ৭ বছৰ হৈছে৷ পলকতে হুলুস্থুল লাগি গ’ল ঘৰখনত৷ চাৰিওফালৰ মানুহ আহি ভৰি পৰিল৷
 তাৰ মাজতে আশা কিছু জীয়াই ৰাখিল কিজানিবা সি এতিয়াও জীয়াই আছে, চৰকাৰে কোনো ব্যৱস্থা কৰি উলিয়াই আনিব৷ ৰাতি পাৰ হ’ল, দিনটোও গ’ল কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ কয়লা খনিৰ মাজতে আৱদ্ধ হৈ অন্ত পৰিল ১৭ জনকৈ শ্ৰমিকৰ জীৱনৰ অধ্যায়৷
: আপোনাৰ বিয়াৰ বছৰৰ লগত আপোনাৰ জীয়েকৰ বয়স মিলা নাই৷ এতিয়া আমি কেনেকৈ জানিম এইজনী আপোনাৰ জীয়েক৷- NRC অফিচাৰ বৰ্মনে ডাঙৰকৈ কোৱাতহে ৰেজিয়া অতীতৰ পৰা বৰ্তমানত উভতি আহিল৷
: নহয় ছাৰ , তাই মোৰে ছোৱালী৷ বয়সো তাইৰ ঠিকে আছে৷ কাগজতহে বয়স বেচি ৷
:কিয়, চাৰ্টিফিকেটত কেনেকৈ বেচি হ’ল?
: তাইক বিয়া কম বয়সতে দিবলৈ বনাইছিলোঁ৷ আজিকালি বয়স কম থাকিলে বিয়া দিব নোৱাৰে বুলি নিয়ম বনাই দিলে কিন্তু ছাৰ আমি দুখীয়া মানুহ, তাতে আমাৰ সমাজখনো ভাল নহয়৷ কোনে কেতিয়া কোন ছোৱালীৰ ক্ষতি কৰিব ঠিক নাই৷
: এটা কথা কওকচোন৷ ভাত তলুৱাত লাগি ধৰিব বুলি ভাবি মানুহে ভাত খোৱা বাদ দিছেনে?
: নাই দিয়া৷
: তেন্তে ছোৱালীজনীৰ আনে ক্ষতি কৰিব ভাবি কিয় বিয়া দিলে? আজি তাইৰ এই অৱস্থাৰ দায়ী আপুনিয়েই৷ মৃত সন্তান জন্ম দিয়াটোও কম বয়সত বিয়া দিয়াৰ বাবেই হৈছে৷ খেল ধুলৰ বয়সত তাই সংসাৰৰ বোজা কান্ধত লৈছে৷ মাতৃত্বৰ ভাৰ আৰু এতিয়া বৈধব্যৰ ভাৰ!
: হয় ছাৰ আমাৰে ভুল হৈছে৷ এতিয়া আপুনিয়ে অনুগ্ৰহ কৰি এন.আৰ.চি.খন ঠিক কৰি দিয়ক৷
: আপোনাৰ জীয়েকক মাতকচোন আৰু কোনো সাক্ষী আছে যদি মাতি আনক৷
ৰেজিয়াৰ দেউতাকে ততালিকে অফিচৰ দুৱাৰমুখৰ পৰাই সিহঁতক মাতিলে৷ ৰেজিয়াক মাকে ধৰি ধৰি লৈ গ’ল৷ লগত এজন সম্পৰ্কীয় খুৰা৷
অফিচাৰ বৰ্মনৰ ৰেজিয়াৰ কংকালসাৰ অৱস্থা চাই খং উঠিল৷ তাইৰ দেউতাক উদ্দেশ্যি বৰ্মনে গৰ্জি উঠিল-
তাইৰ অৱস্থা চাইছেনে? আপোনাৰ ভুলৰ বাবে গোটেই জীৱন তাই ভুক্তভুগী হৈ কটাব লাগিব৷
 আপুনি জানেনে বাল্যবিবাহে শিশুৰ সকলোৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব কৰে৷
 বাল্যবিবাহে ছোৱালীৰ মানসিক আৰু শাৰিৰীক দুয়োতে বিকৃত প্ৰভাৱ পেলায়৷ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ বাল্যবিবাহ ৷
বাল্যবিবাহৰ কাৰণে প্ৰায় প্ৰতি ১৫-২০ মিনিটত একোজনকৈ  মাতৃৰ মৃত্যু হয়৷ প্ৰতি ঘন্টাত একোটাকৈ শিশুৰ মৃত্যু হয়৷ কিছুমান মাতৃৰ গৰ্ভতে মৃত্যু হয় কিছুমান জন্মৰ সময়ত আৰু কিছু জন্মৰ পিছত মৃত্যু হোৱা দেখা৷
  বাল্য বিবাহৰ বাবে ছোৱালীজনী শাৰিৰীকভাৱে পৰিপক্ক হোৱাৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবে শিশুটিৰ গঠন ভালকৈ নহয় বা ব্ৰেইনৰ বিকাশ নহয়, যাৰ বাবে বহু ক্ষেত্ৰত শিশু পংগু, মানসিক বিকাৰগ্ৰস্থ হোৱা দেখা যায়৷ তাৰোপৰি বাল্য বিবাহৰ ফলত ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ, আই, ভি আৰু প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়।
 মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতনৰ বলি হয়৷ সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়৷ গতিকে আপুনি ছোৱালীজনীৰ বিয়া দিয়াতকৈ কষ্ট কৰি হলেও যদি পঢ়ালেহেতেন না আজি এই NRC ৰ সমস্যা হ’লহেতেন নে ছোৱালীজনীৰ জীৱন ধ্বংস !
: ছাৰ, আমি অশিক্ষিত মানুহ ,এবোৰ জনা নাছিলোঁ৷আপোনাৰ পৰা আজি জানিলোঁ৷ মোৰ পাপ হৈছে৷ এনে পাপ আৰু কেতিয়াও নকৰোঁ৷ আপুনি আমাক এই সহায়কন কৰি দিয়ক৷- ৰেজিয়াৰ দেউতাকৰ লগতে মাক খুৰাকেও হাতযোৰ কৰি মিনতি কৰিলে৷
: ঠিক আছে মই ছাই আছোঁ৷ তাইৰ শশুৰৰ ঘৰৰ পৰা কোনেও অহা নাইনে? -
: নাই ছাৰ, গিৰিয়েক মৰাৰ এসপ্তাহ পিছতে তাইক উলিয়াই দিলে ঘৰৰ পৰা৷ তাই হেনো কুলক্ষ্মী সেয়েহ গিৰিয়েক মৰিলে বুলি অপবাদ দি উলিয়াই দিলে৷
: ইয়াত আকৌ তাইৰ দোষ ক’ৰ পৰা আহিল? কি যে হৈ থাকে আমাৰ সমাজবোৰত, এই আধুনিক যুগতো এনে কুসংস্কাৰ ভৰি আছে চাৰিওফালে৷ – কৈ অফিচাৰজন তলমূৰ কৈ কাগজবোৰ ছোৱাত লাগিল৷ সকলো ঠিক হ’ব নে নাই, এন.আৰ.চি.ত নাম আহিবনে নাই সেইবোৰ ভাবি নহয় কেতিয়া কাম শেষ হ’ব ভাবি অসুস্থ দেহাৰে ৰেজিয়াই কাতৰ দৃষ্টিৰে চাই ৰ’ল অফিচাৰজনলৈ………………………………………৷