ঔষদি গুণযুক্ত ভাতঘিলা#medicinal value of Indian trumpet


ডিংডিঙা অথবা ভাতঘিলা- ই একপ্ৰকাৰ বৃক্ষ,১৫-২৫ ফুট দীঘল বৃক্ষ হয়৷ ভাল মাটি পানী হলে ৫০ ফুট দীঘলো হোৱা দেখা যায়৷ইযাক

ইংৰাজীত Indian trumpet,midnight horror,broken bones আদি নামে জনাজাত৷  বৈজ্ঞানিক ভাষাত Oroxylum indicum বুলি কয়৷ বড়ো সকলে koroikandai ,চিনাসকলেMu Hu Die , ঠাই বিশেষে ভাৰতত হিন্দিত সোণাপাঠা,সোয়ানাক,আৰলু আদি নামেৰে জনাজাত৷অসমীয়াত ইয়াক ভাতঘিলা,টাকুনা,নাওফুল,ডিঙৰী নামেৰেও জনাজাত৷ ইয়াৰ ছাল,বীজ,ফুল আৰু ফল সকলো

কামত আহে৷ চাইনীজ সকলে ইয়াৰ ছালৰ চাহ খায় আৰু ফুলৰ ব্যজ্ঞন খায়৷ ৰাজবংশী আৰু বড়োসকলোৰ ইয়াৰ ফুলৰ ব্যজ্ঞন প্ৰিয়৷ মে-জুনত ফুলা এই ফুলবোৰ ১-২ ফুট দীঘল ঠালত ২-৩ ইঞ্চি দীঘল হৈ ফুলে৷ফুলৰ ভিতৰফালে ঈশৎ হালধীয়া ৰঙৰ আৰু বাহিৰ ফালে নীলা মিহলি ৰঙা

ৰঙৰ৷ফুলত পাঁচটা পাহি আছে আৰু ফুলৰ ভিতৰত হালধীয়া কেসৰ আছে৷বেছি ভাগ ফুল সৰি পৰে  বাবে ইয়াৰ বীজৰ পৰিমাণ কম৷ বীজ ২

-২ ফুট দীঘল আৰু ২-৩ ইঞ্চি বহল হয়৷দেখাত তৰোৱাল সদৃশ হয় বীজবোৰ৷ আয়ুৰ্বেদ মতে ই বাত নাশক,পিত্ত দোষ

নাশক,ৰুচিকাৰক,পাচক,শীতল,কৃমিনাশক,কফ আৰু কাশ নাশক,বলকাৰী,বিৰ্যবৰ্ধক৷ইয়াৰ ওপৰিও মধুমেহ,উচ্চ ৰক্তচাপ,হৃদয়

ৰোগত,পাইলচ,জণ্ডিচ,জ্ৱৰ,কাণৰ ৰোগ,নিউমেনিয়া,আস্থমা, কিডনীৰ ৰোগ,গাঠিৰ বিষ আদি ৰোগত উপকাৰী৷ শেহতীয়াকৈ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে বুলিও চৰ্চা হৈছে৷
ইয়াৰ ছাল জণ্ডিচ ৰোগত ব্যৱহাৰ কৰা দেখা যায়৷ তাৰ বাবা ১৫০ গ্ৰাম ডিংডিঙা গছৰ ছাল গছৰ পৰা কাটি আনি এগিলাচ পানীত তিয়াই থব

লাগে৷ গোটেই ৰাতি তিয়াই থোৱাৰ পিছত ৰাতিপুৱা খালী পেটত.(পয়েন্ট)১মি. গ্ৰাম খোৱা কৰ্পূৰ খাই তাৰ ১০-১৫ মিনিটমান পিছত ছাল তিয়াই

থোৱা পানিখিনি পান কৰিব৷ এনেকৈ কেইদিনমান খালেই জণ্ডিচ ৰোগ ভাল হয়৷
ইয়াৰ কেঁচা ফল হৃদৰোগ,পাইলচ,কৃমি ৰোগ,অৰুচি,কফ আদি ৰোগত ব্যৱহাৰ কৰা হয়৷ মহিলাৰ নানা ধৰণৰ বেমাৰত উপযোগী৷ ইয়াৰ শিপা আৰু ছাল আমি খোৱা দশমোলাৰিষ্টত ব্যৱহাৰ কৰে৷
ডিংডিঙাৰ ফুল উচ্চ ৰক্তচাপ,মধুমেহ ৰোগীৰ বাবে উপকাৰী৷এই ৰোগবিধ নিয়ন্ত্ৰণ কৰি ৰাখে৷লগতে পাচন শক্তি বৃদ্ধি কৰে৷ ফুলবোৰৰ সোৱাদ

কিছু তিতা যদও মুখৰোচক৷সাস্থৰ পক্ষেও উপকাৰী৷
https://youtu.be/XJ1DVfM81uU


Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)