বেগম আছমা খাতুনৰ উপন্যাস ' বাইচাল'



বেগম আছমা খাতুনৰ উপন্যাস  ' বাইচাল' 

@#Begum Asma 

বেগম আছমা খাতুনৰ ' বাইচাল' উপন্যাসখন প্ৰকাশৰ লগে লগে বিপুল সমাদৰ লাভ কৰিছে ।বাস্তৱ আৰু ইতিহাসৰ লৈ বেগম আছমা খাতুনৰ  প্ৰথম উপন্যাস যদিও পাঠক সমাজে আদৰি লৈছে। পাঠক সমাজত সমাদৰ লাভ কৰাৰ লগতে উপন্যাসখন পঢ়ি পাঠকে বহুত উৎসাহজনক মন্তব্য আগবঢ়াইছে।

' বাইচাল' উপন্যাসখন চৰ চাপৰিৰ সংস্কৃতি, সমস্যা , দূৰ্দশা আৰু ইতিহাস, সুখ - দুখ , প্ৰেম , দৈনন্দিন জীৱন লৈ লিখা । অবিভক্ত গোৱালপাৰাৰ বহু ইতিহাস এই উপন্যাসত সমৃদ্ধ । কল্পনাৰে আগবাঢ়িলেও ইতিহাসক সমল কৰি লৈ বাস্তৱ ভিত্তিত লিখা হৈছে। উপন্যাসখনত বৰ্তমানৰ লগতে অতীতক দেখিবলৈ পাব বুলি ধাৰণা কৰিছোঁ। দেখিবলৈ পাব এইকাৰণেই কৈছোঁ , কিছুমান বস্তু আমি পঢ়ি সেই কাহিনীৰ মাজত সোমাই যাব পাৰিলে এনে লাগে আমাৰ সন্মুখত ঘটি আছে । সেইখিনি কৰিবলৈ তিনি চাৰি বছৰ লাগিছে । চৰ চাপৰিৰ অৱহেলিত মানুহবোৰৰ দুখ কষ্ট , সমাজ জীৱন সকলোৰে আগত তুলি ধৰা হৈছে এই উপন্যাসখনত।

১৯৫০ চনৰ মানুহৰ দূৰ্দশাৰ কাহিনী, ১৯৮০-৪৩ ঘটনাবোৰোৰ লগতে  চৰ চপৰিৰ মানুহৰ দুখ যন্ত্ৰণা, আনন্দ , অনুভৱ , কলা সংস্কৃতি, প্ৰেম , বিবাহ , ভৌগলিক পৰিৱেশ আদিৰ বিষয়ে অৱগত।সেইবোৰ সমল হিচাপে লৈ লগতে স্বাধীন পৰাধীন দেশৰ খণ্ড বিখণ্ডৰ ইতিহাস, স্বাধীনতাৰ ইতিহাসৰ লগতে অখণ্ড ভাৰতৰ পূৰ্ব বংগ বা বেঙ্গল প্ৰেচিডেঞ্চিৰ বিভিন্ন ঠাইৰ পৰা পূবলৈ উজাই আহি অসমৰ বুকুত নিজকে বিলিন কৰি দিছে। অসমখনক সুজলা সুফলা কৰিবলৈ হাড় ভঙা পৰিশ্ৰম কৰিছে। তাৰ পিছতো এই জাতিয়ে তুচ্য তাচিল্যৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে। নিৰ্যাতিত এই এই জনগোষ্ঠীৰ ৰূদ্ধ হৈ থকা আবেগ , অনুভুতি আৰু মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ কেইটামান চৰিত্ৰৰ জড়িয়তে তুলি ধৰা হৈছে 'বাইচাল' উপন্যাসখনত।

নিদৃষ্ট এটা ভৌগলিক ভূখণ্ডক উপন্যাসৰ পটভূমি হিচাপে লোৱা হৈছে যদিও গোটেই অসমৰ চৰ চাপৰিৰ মানুহৰ দূখ দূৰ্দশা , কষ্ট, সংস্কৃতি, ধৰ্ম, পৰম্পৰা , আদি সামৰি ল'বলৈ প্ৰয়াস কৰিছোঁ। অতীত বৰ্তমান একলগ কৰি উপন্যাস আকাৰে জীৱন্ত ৰূপ দিয়া হৈছে । উপন্যাসখন কল্পনাৰে আগবাঢ়িলেও ঐতিহাসিক তথ্য তথা বাস্তৱৰ ভিত্তিত লিখা হৈছে। এই তথ্যবোৰ বিভিন্ন কিতাপ , প্ৰৱন্ধ, আদিৰ আধাৰত লিখা হৈছে।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)