আজাদি কা অমৃত মহোৎসৱ

@Begum Asma Khatun

আজাদি কা অমৃত মহোৎসৱত 

মোৰ দেশৰ ঘৰে ঘৰে ভয়ৰ ত্ৰাস

ভোকৰ ভয় ,উচ্ছেদৰ ভয়, বজাৰৰ ভয়, 

ৰাজনীতিৰ ভয়, নেতাৰ ভয় , দালালৰ ভয়, 

ধৰ্মান্ধৰ ভয়,প্ৰশাসনৰ ভয়

সকলোতে ভয় আৰু ভয়।


ঘৰে ঘৰে তিৰঙ্গাৰ শ্লোগান দি থকা

এই দেশত কেনেকৈ উৰিব স্বাধীনতাৰ পতাকা?

ইয়াত শিশুটিয়ে মাকৰ আচঁলত ধৰি

ভাত দিবলৈ কৈ থাকোতেই

চৰুৰ ভাত সাজ বুলডজাৰেৰে মহতিয়াই 

ঘৰখন ভাঙি দিয়া হয় 


উদাং ভেটিত ভাতবোৰ পৃথিৱীৰ মানচিত্ৰ হৈ পৰে

শিশুটিয়ে মানচিত্ৰখন মচি দি

স্বাধীনতাৰ পতাকাখন উৰাব বিচাৰে

তাকো লাঠিৰে কোবাই খেদি দিয়া হয়


ভোকাতুৰ মানুহৰ জানো স্বাধীনতা আছে?

ভোকৰ জানোঁ কোনো দেশ আছে?

দেশ -বিদেশ, শৰণাৰ্থী শিবিৰ, ডিটেনশ্যন কেম্প

ইত্যাদি ৰাজনীতিৰ পথাৰখন ভোকে নিচিনে

ভোকৰ বাবে লাগে এখন ঘৰ 

এখন সেউজীয়া পথাৰ 

আৰু এমুঠি ভাত লাগে।


ভোকৰ ভাত মুঠিৰ বাবেই

পাঁচবছৰীয়া কন্যাৰ মৃতদেহ যতিয়া

মাকৰ কোলাত তুলি দিয়া হয়

মাকৰ বুকুৰ পৰা দেশৰ পতাকাখন সৰি পৰে

চাহপাত বৰণীয়া সেই মাতৃৰ বুকু খনতো 

অকাঁ আছিল এখন ধুনীয়া জাতীয় পতাকা।


ৰেলপথৰ দাতিত , ষ্টেশনত, বস্তিবোৰত, ফুটপাথত , 

নৈ পাৰত অথবা চাহবাগানৰ দাতিত

এতিয়াও শুই থাকে এটি এটি পৰাধীন দেশ

সিঁহতেও স্বাধীনতাৰ পতাকা এখন উৰুৱাব বিচাৰে

সিহঁতক কোনে দিব স্বাধীনতাৰ অমৃত ?


স্বাধীনতা এতিয়াও পৰাধীন

কোনে কৰিব স্বাধীনতাক স্বাধীন?

পতাকা এখন উৰুৱালেই দেশ স্বাধীন নহয়

স্বাধীনতা , স্বদেশপ্ৰেম বুকুত থাকিব লাগে

খোচখোৰ অফিচাৰজনেও প্ৰতিবছৰে পতাকা উৰায়

হত্যাকাৰীহাতবোৰেও প্ৰতিবছৰে পতাকা উৰায়

এনেকি ৰাষ্ট্ৰদ্ৰোহীবোৰেও প্ৰতিবছৰে পতাকা উৰায়।


সেই স্বাধীনতাৰ পতাকাবোৰত উজ্বলি থাকে

জ্বলি যোৱা শিশুৰ বনকৰা হাত দুখন,

সন্তানহাৰা মাতৃৰ মুখ ,শিশুবোৰৰ পুষ্টিহীনতা

,গৃহহীন লোকৰ চকুলোঁ , ডিটেনশন কেম্পত বন্দী

মাতৃৰ শিশুৰ অসহায় চকু।


স্বদেশ প্ৰেম আমাৰ আজন্ম প্ৰেম

স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ

বুকুত কেচাঁ তেজেৰে অকাঁ জাতীয় পতাকা 

তথাপিও চোন গুলিজাই আমাৰ বুকুত ফুটে

গুলিবিদ্ধ বুকুত বুট জুতা চৰে

এই তেজে তিতা পতাকা কোনে উৰিৱাব ধুই?


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু