বহু বিবাহ আৰু মুছলিম মিয়া সমাজ

 #বহু #বিবাহ আৰু #মুছলিম #মিয়া সমাজ

বৰ্তমান অসমৰ ৰাজনীতি ত বহু চৰ্চিত বিষয় বাল্যবিবাহ আৰু বহুবিবাহ । চৰকাৰে এই দুটাই বন্ধ কৰিবলৈ ব্যৱস্থা লৈ আছে । এই ক্ষেত্ৰত ভাল পদক্ষেপ বুলি ক'ব লাগিব কিন্তু বিষয় দুটালৈ ৰাজনীতি কৰি আছে তাৰ বাবে ই সমৰ্থন যোগ্য নহয় ।
ইছলামত বহু বিবাহৰ স্বীকৃতি আছে। মুছলমান সমাজত অতীতৰে পৰা বহু বিবাহৰ প্ৰচলন দেখা যায়। বহু বিবাহৰ ক্ষেত্ৰত ইছলামত কিছুমান চৰ্ত আছে। সেই চৰ্ত সমুহ পালন কৰিব পাৰিলেহে এজন ব্যাক্তি বহু বিবাহ কৰিব পাৰে। চৰ্ত সমুহ পালন কৰিব নোৱাৰিলে বিবাহ কৰাৰ পৰা বিৰত থাকিবলৈ আল্লাহে কোৰান স্বৰীফত হুকুম দিছে। অৰ্থাৎ যিসকলে আল্লাহে দিয়া চৰ্ত  পালন কৰিব নোৱাৰিব বুলি আশঙ্কা থাকে সিহঁতৰ বাবে বহু বিবাহ নিষিদ্ধ। কোৰাণ শ্বৰীফত ছুৰা নিসাৰ তিনি নম্বৰ আয়াতত  স্পষ্ট উল্লেখ আছ যে- 
' আ যদি তোমালোকে  আশংকা কৰা যে, ইতিম সকলৰ  প্রতি সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ'লে  নাৰীসকলৰ মাজৰ পৰা  তোমালোকৰ পছন্দ মতে দুজনী, তিনিজনী নাইবা চাৰিজনীকে বিয়া কৰি লোৱা ; কিন্তু যদি তোমালোকে  আশংকা কৰা যে, সিহঁতৰ লগত  সুবিচাৰপূৰ্ণ  আচৰণ কিৰিব নোৱাৰিবা তেনেহ'লে  মাত্র এটা নাইবা সিহঁতৰ সোঁ  হাত যাৰ অধিকাৰী (ক্রীতদাসী); এইটো তাতকৈ উত্তম; এইটো অবিচাৰ নাকৰাৰ সম। '
ইয়াৰ অৰ্থ হ'ল যদি কোনো ব্যক্তি প্ৰত্যেকজন স্ত্ৰীক সম মৰ্য্যদা বা সম অধিকাৰ  দিব নোৱাৰে  অৰ্থাৎ প্ৰত্যেকজনৰ লগত ন্যায় বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে ন্যায় বিচাৰ কৰিব নোৱাৰে  তাৰ বাবে বহু বিবাহ নিষিদ্ধ ।
ন্যায়বিচাৰৰ অর্থ অকল  ভৰণপোষণ আৰু জৈবিক চাহিদা পূৰণ কৰাই নহয় ন্যায়বিচাৰ হ'ল -  আর্থিকভাবে স্ত্রীক সহযোগিতা কৰা , জৈৱিক- মানসিক চাহিদা , সামাজিক আৰু পাৰিবাৰিক চাহিদা আদি পূৰণ কৰিব পাৰিব লাগিব ।
যিয়ে এইবোৰ নোৱাৰে তাৰ বাবে বহু বিবাহ নিষিদ্ধ । আল্লাহ তালাই মানুহক এটা হৃদয়ৰ অধিকাৰী কৰিছে তাতে একেলগে বহুজনক সমভাৱে কোনেও স্থান দিব নোৱাৰে । এজনৰ প্ৰতিহে বেছি মায়া মোহ দেখা যায় তেনে ক্ষেত্ৰত কেনেকৈ ন্যায় বিচাৰ হ'ব ?
আনহাতে কিছুমান মুছলমান স্কলাৰে বহু বিবাহ বিষয়ে হজৰত মহম্মদ (ছঃ) বাহিৰে সাধাৰণ মানুহক অনুমতি আল্লাহে দিয়া নাই বুলি বৰ্ণনা কৰিছে । তেওঁলোকৰ ছুৰা নিসাৰ তিনি নম্বৰ আয়াতৰ বাখ্যা তলত দিয়া ধৰণে কৰে -
' আৰু যদি তোমালোকে  সন্দেহ কৰা এতিমসকলোৰ লগত ন্যায়বিচাৰ (তুক্ব'সিতু) কৰিব নোৱাৰিবা তেনেহ'লে   (এতিম) ছোৱালীবোৰৰ মাজৰ পৰা যেনে  সঙ্গত মন কৰা  বিয়া  দিয়া দু'জন, তিনজন বা চাৰিজন কৰি ...কিন্তু যদি আশংকা কৰা ন্যায়সঙ্গত আচৰণ (তা'দিলু) কৰিব নোৱাৰিবা তেনেহ'লে এজনক (এজন কৈ) অথবা যি তোমালোকৰ  সোঁ হাতৰ  অধিকাৰভুক্ত হয়; এইটোই  হ'ল আৰু নিকটবর্তী (কার্যকৰ) পথ, যাতে তোমালোকে  অবিচাৰ  কৰিব লগা নহয়  । '
 
যিয়েই নহওঁক কোনটো সঠিক, কোনটো সঠিক নহয় এই বিষয়ে মই সিদ্ধান্ত দিব নোৱাৰিম কিন্তু এইটো ঠিক বহুবিবাহৰ নামত ধৰ্ম বদনাম ।
মিয়া সমাজত বহু বিবাহ অতীতৰে পৰা প্ৰচলন যদিও, বহু বিবাহৰ ক্ষেত্ৰত ধৰ্মক ঢাল হিচাপে ব্যৱহাৰ কৰা দেখা যায়। প্ৰকৃততে যিসকলে বহু বিবাহ কৰে তাৰে প্ৰায়ভাগে ইছলাম ধৰ্ম পালন নকৰে, নাম মাত্ৰ মুছলমান। যিসকলে ধৰ্ম মানি চলে সিহঁতে আল্লাহে দিয়া হুকুম মানি চলাৰ চেষ্টা কৰে। সিহঁতে আল্লাহ তালালৈ ভয় কৰি চলে। আল্লাহে দিয়া বিধান বা নীতি আদৰ্শৰ মাজত কোনো ভুল নাই। এইবোৰ সঠিকভাৱে মানি চলিলে জীৱন সুন্দৰ হয়। ইছলামৰ নীতি আদৰ্শক ভুল পথত লৈ গৈ নিজকে মুছলমান বুলি দাবী কৰাটো উচিত নহয়। চৰ চাপৰিত বহু বিবাহৰ প্ৰচলন থাকিলেও চৰ চাপৰিৰ মুছলমান সমাজ সজাগ নহয়।‌ বহু বিবাহৰ ক্ষেত্ৰত যে মানুহ বিপথে গৈছে বা বহুতৰে জীৱন ধ্বংস হৈছে সেইবোৰ লৈ কোনেও চিন্তা নকৰে।
চৰ চাপৰিত এনেই নানা সমস্যাৰে জৰ্জৰিত, তেনে ক্ষেত্ৰত এইবোৰ লৈ ভাবিবলৈ কাৰো আহৰি নাই। তাৰ মাজতো এইবোৰ সমস্যালৈ মানুহ সজাগতাৰ সৃষ্টি কৰিব লাগিব। চৰ চাপৰিত মিয়া সমাজত বহু বিবাহ হোৱাৰ কাৰণবোৰ হ’ল দৰিদ্ৰতা, নিৰক্ষৰতা বাল্যবিবাহ কু চৰিত্র নিঃসন্তান আদি।
(১) দৰিদ্রতাৰ বাবেও সমাজত বহুবিবাহ হোৱা দেখা যায় । ল’ৰা এজন দৰিদ্ৰ হ’লে কিছুমান পৰিয়ালত দেখা যায় এনে ঘৰৰ ছোৱালী বিচাৰে যি ঘৰৰ ছোৱালীক বিয়াৰ লগত যৌতুক হিচাপে টকা দিব। চৰ চাপৰিত দেখা যায় ছোৱালী দেখাত ধুনীয়া নহ’লে টকা পইচা দি হ’লেও বিয়া দিয়ে। চৰ চাপৰিত ছোৱালী শিক্ষিত কৰি আত্মনিৰ্ভৰশীল হোৱালৈকে গুৰুত্ব নিদিয়ে। শিক্ষাৰ ক্ষেত্ৰত অভিভাৱক উদাসীন। তেনে ক্ষেত্ৰত ছোৱালী ধুনীয়া নহ’লে টকা দি বিয়া দিয়ে। ল’ৰা জনে প্ৰথমে টকাৰ মোহত বিয়া পাতে কিন্তু পিছলৈ পত্নীৰ প্ৰতি মোহ উঠি যায়। তেতিয়া আন ছোৱালীৰ প্ৰতি আকৃষ্ট হয় আৰু দ্বিতীয় বিয়া কৰে।
দৰিদ্ৰতাৰ ক্ষেত্ৰত আন এক সমস্যা দেখা যায়। চৰ চাপৰিৰ দৰিদ্ৰ যুৱকবোৰে বিয়াৰ পিছত ৰোজগাৰ কৰি ঘৰ সংসাৰ চলোৱাত অপাৰগ হৈ চহৰলৈ কাম কৰিবলৈ যায়। চহৰত থাকি নতুন ছোৱালীৰ প্ৰতি আকৃষ্ট হৈ আগৰজন পাহৰি যায়। এনেকৈও দ্বিতীয় বিবাহ সংগঠিত হয়।  চৰ চাপৰিৰ পৰা চহৰলৈ অহা এই কাম কৰা মানুহৰ মাজত বহুবিবাহৰ হাৰ বেছি ।
(২) বহু বিবাহৰ ক্ষেত্ৰত নিৰক্ষৰতাও এটা কাৰক। চৰ চাপৰি এলাকাত যিমান বহু বিবাহ হোৱা দেখা যায় প্ৰায়বোৰ নিৰক্ষৰ লোকৰ সমাজত হে দেখা যায়। শিক্ষাই মানুহক জীৱনৰ মানদণ্ড বুজিবলৈ সহায় কৰে। শিক্ষাবিহীন মানুহ মেৰুদণ্ডহীন প্ৰাণীৰ দৰে। মানুহৰ শিক্ষা নথকা আৰু মেৰুদণ্ড নথকা বিষয়টো প্ৰায় একেই। শিক্ষাই মানুহক আত্ম সন্মানৰ সৈতে জীয়াই থাকিবলৈ শিকায়। মানুহ এজনৰ আত্ম সন্মান নাথাকিলে সমাজত যিতি কৰিব পাৰে।‌ তেওঁলোকো ঠিক তেনেকুৱা। মন গ’ল বিয়া পাতিলে, মন গ’ল কাজিয়া পেচাল কৰি এৰি দিলে। আনহাতে হাদিছ কোৰান পৰিব নাজানে আনৰ মুখত শুনিছে বহু বিবাহ নবী ( ছাঃ) ৰ সুন্নত। সেইটো ঢাল হিচাপে লৈ বিবাহ কৰে কিন্তু নবী (ছাঃ) য়ে বহু বিবাহৰ ক্ষেত্ৰত কি কৈছে সেইবোৰ মূল্যহীন। যিসকলে বহু বিবাহ কৰে সিহঁতে যদি জানে বহু বিবাহ ইছলামত নিষিদ্ধ তথাপিও সিহঁতে বহু বিবাহ কৰিব।
(৩) বাল্যবিবাহ : চৰ চাপৰিত বাল্যবিবাহৰ প্ৰচল বেছি।  অৱশ্যে কিছুবছৰৰ পৰা বাল্যবিবাহৰ হাৰ কিছু কমিছে। যদিও এতিয়াও বাল্যবিবাহ বন্ধ হোৱা নাই।
বাল্যবিবাহৰ ক্ষেত্ৰত দেখা যায় ছোৱালী এজনী কম বয়সত বিয়া হৈ কম বয়সতে মাতৃত্বৰ বোজা কান্ধত লয়। তাৰোপৰিও চৰ চাপৰিৰ নাৰী সকলৰ অত্যাধিক কামৰ চাপ, পুষ্টিৰ অভাৱ আদিবোৰ কাৰণত বোৱাৰী জনী শাৰীৰিক ভাৱে দুৰ্বল  হৈ পৰে । এনেবোৰ কাৰণতে বোৱাৰী এজনী কম বয়সতে বুঢ়ীৰ দৰে দেখা যায়। কুঢ়িতে বুঢ়ী বুলি কথাষাৰ ইয়াত মিলে। আনফালে ল’ৰা জন বয়স বাঢ়ি অহাৰ লগে লগে আৰু পহুৱাল  হৈ পৰে। সেই ক্ষেত্ৰত দেখা যায় পত্নীৰ প্ৰতি অৱহেলা আহি পৰে। ইয়ে দ্বিতীয় বিবাহ লৈ ইন্ধন যোগায়।

(৪)নিঃসন্তান : ইয়ো এটা অন্যতম কাৰক বহু বিবাহৰ ক্ষেত্ৰত। চৰ চাপৰিত কোনো দম্পত্তি নিঃসন্তান হ’লে পুৰুষজন আকৌ বিয়া পাতে। কিছুমান ক্ষেত্ৰত পুৰুষজনৰ বিয়ালৈ মন নাথাকিলেও ঘৰৰপৰা যোৰ কৰিয়েই বিয়া পাতি দিয়ে। কিছুমান পুৰুষ আছে ঘৰৰপৰা বাধা দিলেও নিজে বিয়া পাতে। সন্তান নহ’লে কিছুমান পুৰুষে পত্নীক অবাধ্য নিৰ্যাতন কৰি ঘৰৰপৰা উলিয়াই নতুনকৈ বিয়া পাতে।

(৪) কু চৰিত্ৰ : কু চৰিত্ৰ মানুহৰ ঘাই শত্ৰু। ইয়ে পৰকীয়া কৰিবলৈ ইন্ধন যোগায়। কিছুমান মানুহ স্বভাৱগত কু চৰিত্ৰৰ । লোভীয়া প্ৰকৃতিৰ। ঘৰত যিমানে ধুনীয়া, গুণৱতী পত্নী নাথাকক কিয় আন নাৰীৰ প্ৰতি সিহঁতৰ লোভ থাকিবই। এই ক্ষেত্ৰত শিক্ষিত, অশিক্ষিত ধনী, দুখীয়া নাই। অৱশ্যে শিক্ষিত বোৰ চতুৰ। ভদ্ৰতাৰ মুমা পিন্ধি গোপনে পৰকীয়া কৰে। ঘৈনীয়েকৰ সম্মুখত তো ভাল হৈ থাকে, সমাজতো ভাল বুলি দেখুৱাৰ চেষ্টা কৰে। ইহঁতে পৰকীয়া কৰে আনে নজনাকৈ। কিবাকৈ ধৰা পাৰিলেহে ৰাইজে যোৰ কৰি বিয়া পাতি দিয়ে। নিৰক্ষৰবোৰ পৰকীয়া কৰে বিয়াও পাতে আকৌ এৰিও দিয়ে। পিছৰ জন ভাল নালাগিলে আন এজনীক গোটাই আনে। এনেকৈ চলি থাকে বহু বিবাহ। কিছ কু চৰিত্ৰৰ নাৰীও এই ক্ষেত্ৰত ইন্ধন যোগায়। কিছু এনে নাৰী আছে যিয়ে নিজৰ স্বামী থাকোতেই আন বিবাহিত পুৰুষৰ লগত পৰকীয়া কৰি বহু বিবাহৰ ক্ষেত্ৰত অৰিহণা যোগায়।
বহু বিবাহৰ কুফল : বহু বিবাহৰ ফলত এগৰাকীকৈ নাৰীৰ জীৱন ধ্বংস হয়। নাৰী গৰাকীৰ লগতে আটাইতকৈ ক্ষতিগ্ৰস্ত হয় ল’ৰা ছোৱালী বোৰৰ। চৰ চাপৰিৰ নাৰী বোৰ আত্মনিৰ্ভৰশীল নহয়। আৰ্থিকভাৱে স্বামীৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিস্থিতিত যেতিয়া গিৰীয়েকজন দ্বিতীয় বা তৃতীয় বিবাহ কৰি গুছি যায়। তেতিয়া ল’ৰা ছোৱালী বোৰক লৈ পত্নী দিশাহাৰা হৈ পৰে। ইছলামত নাৰীক সম্পত্তিৰ অধিকাৰ দিছে যদিও সেয়া কাৰ্যক্ষেত্ৰত প্ৰায় হোৱা দেখা নাযায়।‌ দেউতাকে ঢুকোবাৰ পিছতহে যদি দিয়ে দিলে, নিদিলে নাই।‌ স্বামীৰ পৰা পাবলগীয়া সম্পত্তি ৰা দেলমোহৰো আদায় নকৰে তেনে ক্ষেত্ৰত পত্নী গৰাকী একেবাৰে হাত খালি হৈ পৰে। পত্নীজন অকলে হ’লে নিজৰ বাবে যিকোনো কাম কৰিব পাৰে অথবা অভিভাৱকে আন ঠাইত বিয়া দিব পাৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় দুই তিনিটা ল’ৰা ছোৱালী হোৱাৰ পিছত গিৰিয়েকে দ্বিতীয় বিবাহ কৰে।‌যাৰ বাবে ল’ৰা ছোৱালী হালক লৈ পত্নী গৰাকীৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰে। খাবলৈ নাপাই , শুবলৈ নাপাই এটা সময়ত  পুষ্টিহীনতাত ভোগে।
বহু ঠাইত দেখা যায় মাতৃ গৰাকীয়ে প্ৰথম স্বামী এৰি দ্বিতীয় এজনৰ লগত বিয়া হয়। এনে ক্ষেত্ৰতো ল’ৰা ছোৱালীবোৰৰ অৱস্থা সোচনীয় হৈ পৰে।‌ দেউতাই হওঁক বা মাকেই হওঁক দুজনৰ এজনে পৰকীয়া কৰি দ্বিতীয় বিয়া কৰাৰ পিছত ল’ৰা ছোৱালীৰ জীৱন অন্ধকাৰ হৈ পৰে।
মই জনা  কেইটামান বহুবিবাহৰ পৰিণামৰ সবিশেষ তলত আলোচনা কৰিলোঁ।
১) চল্লিশ বছৰীয়া পুৰুষ এজনৰ ভৰপুৰ সংসাৰ। ছয়জন ল’ৰা ছোৱালী। চাকৰি নাই যদিও মাটি আছে যথেষ্ট পৰিমাণে। কৃষি কৰ্মৰ পৰাই পৰিয়াল ভালকৈ চলে। ঘৈনীয়েক জনী কৃষি কৰ্মৰ যিমান কাম, ল’ৰা ছোৱালীৰ দেখা শুনা, পঢ়া শুনা আদি সকলো অকলে চম্ভালিছিল। এনে এখন ভৰপুৰ সংসাৰত পুৰুষ গৰাকী বেলেগৰ প্ৰেমত পৰি বিয়া পাতি আনে। তেতিয়া প্ৰথম ঘৰৰ ল’ৰা ছোৱালীবোৰ ডাঙৰ আছিল। পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল আছিল বাবে সিমান অসুবিধা হোৱা নাই কিন্তু পিছৰ ঘৰৰ পত্নীৰ যেতিয়া ছয়জন ল’ৰা ছোৱালী হ’ল , সিহঁতে পঢ়াৰ পৰিবেশ একেবাৰে নাপালে। দিনে ৰাতি কাজিয়া পেচাল। যষ্ঠ ছোৱালীজনী যেতিয়া পানী কেঁচুৱা তেতিয়া স্বামী বেমাৰ হৈ বিছনাত পৰি কিছুমাহ পিচত ঢুকাই থাকিল। ইতিমধ্যে সংসাৰৰ ভাগ বটৰা হৈছে। পিছৰ গৰাকীৰ এজন ল’ৰা । ল’ৰাজনো নাবালক। তেনে অৱস্থাতে মাকে কোনোমতে সংসাৰখন ধৰি ৰাখে যদিও ল’ৰা ছোৱালী কেইটাৰ জীৱন অন্ধকাৰৰ গোৰাহত সোমায়।
২) ১৮ বছৰীয়া এজনী ছোৱালী। ছোৱালীজনী দেখাত একেবাৰে কুশ্ৰী নহয় যদিও কলা, চুটি চাপৰ । ছোৱালীজনী মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডেৰী পঢ়ি থাকোতে দুখীয়া এজনৰ লগত টকা পইচা দি বিয়া দিলে। ল’ৰাজনো দেখাত সিমান ভাল নহয়। বিয়াৰ কেইবছৰমান পিছত পত্নী দেখাত ভাল নোহোৱাৰ অজুহাতত তাইক এৰি বেলেগ এজনীক বিয়া পাতি আনে। প্ৰথমজন এলাগী। তেনে ক্ষেত্ৰত ছোৱালীজনী মানসিক ভাৱে অসুস্থ হৈ পৰে। যাৰ বাবে ল’ৰা ছোৱালী দুটাৰ ভৱিষ্যত অনিচ্ছয়তা ।
৩) আন এজন পুৰুষ। বয়স ৩৫ । পুৰুষজনে প্ৰথম বিয়া পাতিছে। সেই ঘৰৰ ল’ৰা ছোৱালী তিনিটা। সেই পুৰুষজন আন এজনীৰ লগত পৰকীয়া কৰি বিয়া পাতি পলাই লৈ যায় চহৰত। সেই জনী আকৌ এজনী ছোৱালীৰ মাতৃ মানে আনৰ পত্নী। বোৱাৰীজনী স্বামীৰ প্ৰেমত ইমান ব্যস্ত যে জীয়েকজনীযে পুষ্টিহীনতাত ভুগি আছে , দুই - আঢ়ৈ বছৰ পিছতো ভালকৈ মানে স্পষ্টকৈ কথা ক'ব নোৱাৰে, বাহিৰত কি কৰি আছে নে নাই সেইবোৰ লৈ খেয়াল নাই । একেদৰে লৰাজনো আগৰ ঘৰৰ সন্তানবোৰৰ কোনো খেয়াল নাই ।ধুনীয়া  পত্নীৰ মোহত পৰি কেইবছৰ মান সংসাৰ কৰাৰ পিছতে আকৌ নতুন প্ৰেম । এইবোৰ লৈ নিতে কাজিয়া । শেষত তাইক ভাৰাঘৰত এৰি থৈ একেবাৰে গুছি যায় । ঘৰভাৰাও বহুত বাকী । এনেদৰে দুজন নাৰী আৰু ল'ৰা - ছোৱালীবোৰৰ জীৱন অন্ধকাৰ ।
৪) পুৰুষজনৰ বয়স ৪৫ মান  হ'ব । পত্নী আৰু ল'ৰা ছোৱালীলৈ ছয়জনীয়া পৰিয়াল । মানুহজন গুৱাহাটীত থাকি দিন হাজিৰা কৰি ঘৰলৈ টকা পঠিয়াই দিয়ে, পত্নীয়ে ল'ৰা ছোৱালীক পঢ়োৱা, অতি অভাৱৰ সংসাৰ নিজে হাতে টনকিয়াল কৰি তুলিছিল । তেনে সময়তে চহৰৰ পৰা আন এগৰাকী বিয়া পাতি লৈ আহে । সেইজনীও দুটা সন্তানৰ মাতৃ । সন্তানক এৰি পলাই আহিছে ।  আহিয়েই সতিনীৰ  সংসাৰ নিজৰ মুঠিত লয় । ডাঙৰ ল'ৰাজনক পঢ়া বাদ দিবলৈ বাধ্য কৰায় । বাকী বোৰৰ অৱস্থা একেই । এইবোৰ চাই মাকজনী মানসিকভাৱে অসুস্থ । ল'ৰা ছোৱালীকেইটাও পঢ়াত বৰ  চোকা আছিল । মাত্ৰ এটা বিবাহৰ বাবে সিহঁতৰ ভৱিষ্যত ধ্বংসৰ গৰাহত পৰি গ'ল ।
৫)  পুৰুষজনৰ প্ৰায় ৪০ বছৰ । ল'ৰা ছোৱালী তিনিটা । পত্নীক অত্যাচাৰ কৰি কৰি খেদি দি দ্বিতীয় বিবাহ কৰে ।  প্ৰথমকেইমাহ ভালেই আছিল কিন্তু পুৰুষজনৰ উপাৰ্জন অনুপাতে সংসাৰত অভাৱ দিনে দিনে বাঢ়ি আছিল । তাতেই সংসাৰত সতিনীৰ ল'ৰা ছোৱালী । সহ্য নকৰে । প্ৰথম কাজিয়া পেচাল, ল'ৰা ছোৱালীকেইটাক অকথ্য নিৰ্যাতন চলি থাকিল । পুৰুষজনৰ উপাৰ্জন কমি থাকিল তাতে নিৰ্যাতন ।  এদিন দ্বিতীয় পত্নীও গুছি গ'ল ।  সেই সকলোবোৰ খং ল'ৰা ছোৱালীবোৰৰ পিঠিৰ ওপৰত । তাৰোপৰিও ৬,৮,৯  বছৰীয়া সন্তান দিনটো অকলে  খাই নাখাই থাকে , দেউতাকে দহ বজাত আহি কিবা বনাই দিলেহে খায় । পঢ়া শুনাৰ কোনো গুৰুত্ব নাই । এনেকৈ  ধ্বংস হৈ আছে সিহঁতৰ জীৱন ।
উপৰোক্ত বহুবিবাহৰ ঘটনা কেইটা চালে বুজা যায় বহুবিবাহৰ ফলত মিয়া সমাজখন কিমান ক্ষতিগ্ৰস্ত হৈ আছে । শিশুসকল হ'ল দেশ এখনৰ সম্পদ কিন্তু বহুবিবাহে শিশু সকলোকে বেছি ক্ষতি কৰি আছে । সেয়েহ বাল্যবিবাহৰ লগতে বহুবিবাহৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা ল'ব লাগে । যাতে সমাজখন উন্নতিৰ পথত আগুৱাই যাব পাৰে । সমাজ এখনৰ উন্নতিৰ বাবে মাতৃ আৰু শিশু দুয়ো গুৰুত্বপূৰ্ণ । শিশু আৰু মাতৃৰ  কল্যাণ নহলে সমাজৰ কল্যাণ অসম্ভৱ । ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু