চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ 2

 যোৱা খণ্ডৰ পিছৰ পৰা

সেউজীয়া শাক পাচলি:


চৰ চাপৰিত বানপানীৰ দিনকেইটাৰ বাহিৰে প্ৰায়  বাৰ মাহতে শাক পাচলি থাকে । বিশেষকৈ শীত-কালত যথেষ্ট পৰিমাণে শাক পাচলি পোৱা যায় । চৰ চাপৰিৰ প্ৰায়বোৰ মানুহে কৃষক । তেওঁলোকে ব্যৱসায়িক ভিত্তিত শাক পাচলিৰ খেতি কৰে । শাকৰ ভিতৰত কিছুসংখ্যক শাক যেনে - কলমৌ শাক , মাটি কাদুৰি ( হেলেঞ্চি) শাক , খুতুৰা, ৰঙা খুতুৰা, দোৰণ শাক , জিলমিল ( বথুৱা বা বইতা) শাক , ঢেকীয়া শাক , কছু শাক , মচন্দৰী আদি বনৰীয়া ভাৱে পোৱা যায় । এই থলুৱা শাকবোৰ চৰ চাপৰিৰ পথাৰৰ দাঁতিত ,বাটৰ দাঁতিত হয় । যিবোৰ চৰ চাপৰিৰ মানুহৰ অতিকৈ প্ৰিয় । বনৰীয়া শাকৰ ওপৰিও ঘৰত বা পথাৰত খেতি কৰা শাকবোৰ হ'ল - পাট শাক , ডেমচি শাক , সৰিয়হ শাক ,লাউ শাক ,লাই শাক , লাল শাক,আলুৰ শাক , মূলাৰ শাক , কোমোৰা শাক , লভা শাক , পালেং শাক , ৰঙালাউৰ শাক , মিঠা আলুৰ শাক , পূৰৈ( কুই ) শাক আদি ।চৰ চাপৰিৰ মানুহে শাকবোৰ বিভিন্ন ধৰণে খোৱাৰ বাবে প্ৰস্তুত কৰে । যেনে - শাক ভৰ্তা , শাক ভাজি , শাক মাছেৰে জোল বনাই অথবা শাক পিঠালি বনাই । শাক পিঠালি চৰ চাপৰিৰ জনপ্ৰিয় খাদ্য । শাক দালিৰেও ৰান্ধি খায় । আনহাতে চৰ চাপৰিৰ নিত্য চাপৰিৰ নিত্য প্ৰচলিত পাচলি সমূহ হ'ল -আলু, বেঙেনা, কচু , কোমোৰা, লাউ , ৰঙালাউ, ভাতকেৰেলা , জিকা , ভোল , ডাটা , ওলকবি, অমিতা , কলডিল ( কলাৰ থৰ)  , কল পচলা ( কাইঞ্জাল) , বন্ধাকবি আদি ।


মাছ-মাংস :

 চৰ - চাপৰিৰ খাদ্যাসম্ভাৰৰ আন এক অভিন্ন অংগ হ'ল মাছ । ব্ৰহ্মপুত্ৰ নদী বা ইয়াৰ উপনদী সমূহক কেন্দ্ৰ কৰিয়েই যিহেতু চৰ - চাপৰি সমূহত মানুহৰ বসবাস , সেইবাবেই  ইয়াৰ মানুহে ব্ৰহ্মপুত্ৰ নদী বা উপনদী ,বিল আদিৰ পৰা মাছ মাৰি খাব পাৰে । অৱশ্যে চৰ - চাপৰিৰ সকলোৱে সদায় মাছ নামাৰে , বহুতে কিনিও খায় ।

 অসমৰ নদী সমূহত মাছ সুলভ বাবেই হয়তো চৰ চাপৰিৰ খাদ্যাসম্ভাৰত মাছৰ পয়োভৰ বেছি ।

 বৰালী, চিতল, মিৰিকা , ৰৌ , আৰি , গোলসা, টেঙেনা, পুঠি, বৰলীয়া, ভাঙন, কাৱৈ , শ'ল , মাগুৰ , গেদগেদী, বটিয়া, বামি, খলিহনা, মিছা (ইচা), শিঙৰা ( টেংৰা), শিঙি , চান্দা ,শল , গৰৈ , গৰৈ মাছৰ পোনা, দাৰিকনা  আদি মাছ চৰ চাপৰিৰ খাদ্যাসম্ভাৰত সচৰাচৰ দেখা যায় । সৰু মাছৰ চৰ্চৰি, গৰৈ মাছৰ ভৰ্তা, পিয়াঁজ দি মিছা মাছৰ ভাজি, বৰালি দি পানীলাও, শল দি পকা কমোৰা, বেঙেনাৰে বৰলিয়া , চান্দা মাছৰ ভৰ্তা , পুঠি মাছৰ ভাজি আদি চৰ চাপৰিৰ খাদ্যাসম্ভাৰৰ সোৱাদ লগা ব্যঞ্জন ।


মাছৰ তুলনাত চৰ চাপৰিৰ খাদ্যাসম্ভাৰত মাংসৰ গুৰুত্ব কম ।কোনো উৎসৱ - পাৰ্বণ, বিয়া - সভা আৰু আলহী আপ্যায়নৰ বাবে মাংস ব্যৱহাৰ কৰা দেখা যায় । চৰ চাপৰিত জনপ্ৰিয় মাংস হ'ল - হাঁহ । যিহেতু চৰ চাপৰিবাসী  কোনো নৈৰ ওচৰে পাজৰে বাস কৰে সেই বাবেই প্ৰায় প্ৰতি ঘৰত হাঁহ থাকে । সেইবাবে আলহী আহিলে বা ঘৰতে খাবলৈ হ'লে হাঁহৰ মাংসকে প্ৰাধান্য দিয়ে । ইয়াৰ পিছতে আহে কুকুৰা মাংস । কুকুৰাও ঘৰতে থকা বাবে আলহী বা ঘৰতে খাবলৈ কুকুৰা মাংস ব্যৱহাৰ কৰে । ইয়াৰ ওপৰিও পাৰৰ মাংস , ছাগলীৰ মাংস আদি ভক্ষণ কৰে । গৰুৰ মাংসও জনপ্ৰিয় খাদ্য যদিও এই মাংস সুলভ নহয় বাবে কম ব্যৱহাৰ হোৱা দেখা যায় । বিশেষকৈ কোৰবাণী কলত এই মাংসৰ পয়োভৰ বেছি ঘটে ।


মছলা :

চৰ চাপৰিৰ ৰন্ধন প্ৰণালীত যিমান মছলাৰ প্ৰয়োজন হয়  প্ৰায় প্ৰায়বোৰ মছলা নিজে উৎপাদন কৰি লোৱা হয় । পিঁয়াজ, নহৰু , আদা , ধনীয়া, জিৰা , ৰান্ধুনী জিৰা, তেজপাত , কালজিৰা, সৰিয়হ  আদি চৰ চাপৰিতে উৎপাদন হয় ।

সেউজীয়া মছলাৰ ভিতৰত ধনীয়াপাত, মানধনীয়া, ভোগপাত আদি চৰ চাপৰিতে পোৱা যায় ।

 চৰ চাপৰিৰ ৰন্ধন প্ৰণালীত আধুনিকতাৰ প্ৰভাৱ নপৰিলেও আধুনিকতাৰ বজাৰৰ কিছু সামগ্ৰী চৰ চাপৰিতো ব্যৱহাৰ হয় , যেনে - গৰম মছলা, ৰিফাইন , কিছমিছ, কাজু আদি ।

চৰ চাপৰিত মছলাৰ পৰাও লোভনীয় চাটনি বনোৱা হয় । নহৰু আৰু শুকান জলকীয়াৰ চাটনি, ধনীয়াপাত বা ধনীয়া আৰু নহৰুৰ চাটনি ,কালজিৰাৰে নহৰু পাতৰ চাটনি । কালজিৰাৰ চাটনি , সৰিয়হৰ চাটনি আদি অধিক জনপ্ৰিয় । কালজিৰা আৰু নহৰুৰ চাটনি সদ্য প্ৰসৱজাত মাতৃক ভাতৰ লগত দিয়াটো এক পৰম্পৰাৰ দৰে । জনবিশ্বাস মতে কালজিৰা আৰু নহৰু চাটনি খালে কেছুৱাই গাখীৰ বেছিকৈ পায় । আনহাতে ভৰ ৰ'দত কাম কৰা মানুহৰ শুকান জলকীয়াৰ চাটনি অধিক প্ৰিয় । জলকীয়াৰ চাটনিয়ে দেহক ৰ'দৰ তাপৰ সৈতে লৰিবলৈ  আৰু দেহৰ বিষ বেদনা দূৰ কৰে বুলি বিশ্বাস কৰে ।


মাহ :

চৰ চাপৰি সমূহত অতীতৰে পৰা প্ৰচলিত আৰু গুৰুত্বপূৰ্ণ খাদ্য হৈছে দালি বা মাহ । মাহ / দালি অবিহনে চৰ চাপৰিৰ খাদ্যাসম্ভাৰ অসম্পূৰ্ণ । আগতে মানুহে দালি খাইছিল অভাৱৰ বাবে কিন্তু অসমত দালি বহুল প্ৰচলিত হোৱাত দালি আধুনিক তালিকাত পৰিলেও চৰ চাপৰিত দালি আগৰে পৰাই প্ৰচলিত । চৰ চাপৰিৰ কৃষকসকলে অতীতৰে পৰা মাটিমাহ , মুচুৰ মাহ, ৰহৰ , ফেচাৰী মাহ, বুট মাহ , অৰহৰ মাহ আদিৰ খেতি কৰি আহিছে , যাৰ বাবেই খাদ্য হিচাপে এই দালিৰ প্ৰচলন অত্যাধিক । অৱশ্যে অভাৱৰ বাবেও দালিৰ জনপ্ৰিয়তা বেছি । মাছ মাংসৰ তুলনাত দালি অলপ হ'লেই বহুকেইজন মানুহে খাব পাৰে । চৰ চাপৰিৰ প্ৰায়বোৰ পৰিয়াল যৌথ পৰিয়াল তাতে খেতিৰ কামৰ বাবে মজদুৰ / কামলা চাৰি পাঁচজন থাকেই । যাৰ বাবেই দালিটোয়ে সুলভ হয় । অৱশ্যে বৰ্তমান যৌথ পৰিয়াল কমি গৈছে যদিও চৰ চাপৰিত এতিয়াও আছে । আগতকৈ এতিয়া দালিৰ চাহিদা কমি গ'লে দালিটো বহুলভাৱে প্ৰচলিত ।  দালি হ'লে মাছ - মাংস  প্ৰয়োজন নহয় । দালি- ভাজি , দালি- ভৰ্তা - এই দুই ধৰণৰ যুগলবন্দী অতুলনীয় । 

দালি বা মাহেৰে নানা ধৰণে ব্যঞ্জন তৈয়াৰ কৰি খায়। মাটি মাহ দি গৰৈ মাছ, মাটি মাহ দি মাংস , আমৰ ফলি  দি মুচুৰ দালি, কেঁচা আমেৰে মুচুৰ দালি ,শুকান বগৰী দি মুচুৰ দালি , মাংস দি বুটৰ দালি  আদি । ইয়াৰ ওপৰিও

 মিক্স দালি সিজাই ঘুগনিৰ দৰে ৰান্ধি খায় ।

মাহৰ ভিতৰত যদি বাদামো ধৰা হয় তেন্তে বাদাম ভৰ্তাও এক প্ৰিয় খাদ্য । নৈৰ পাৰত বালিচাপৰিত প্ৰচুৰ পৰিমাণে বাদাম খেতি হয় । সেই বাদাম ভাজি নাইবা সিজাই নহৰু জালুকৰ সৈতে ভৰ্তা বনায় ।

আগলৈ------

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু