চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ ৪

 যোৱা সংখ্যাৰ পিছৰ পৰা

২) গাখীৰ পিঠা- প্ৰয়োজনীয় উপকৰণ- আতপ/ আৰৈ চাউল ১ কেজি , নিমখ- ১ চা চামুচ,  পানী জোখমতে , গাখীৰ দুই বা তিনি লিটাৰ, খেজুৰ গুড় দুকাপ ( চেনী ও দিপ পাৰে) , ইলাচী ২ টা, নাৰিকল ৰোকা ১ কাপ ।


প্ৰণালী- চাউল ধুই চাৰি পাঁচ ঘন্টা তিয়াই থৈ পটাত বটি নাইবা  ঢেঁকীত খুন্দি পিঠাগুৰি তৈয়াৰ কৰি ল'ব । পিঠাগুৰিত নিমখ আৰু প্ৰয়োজন মতে কুহুমীয়া গৰম পানী দি এটা বেটাৰ তৈয়াৰ কৰিব । বেটাৰটো বেছি পাতলো নহয় ঘনো নহয় । তাৰ পিছত  অলপ সময় ঢাকি থ'ব । 

এতিয়া এটা পাত্ৰত গাখীৰ গৰম হ'বলৈ দিব । এলাইচি আৰু দাৰচিনিও দিব পাৰে । চৰ চাপৰিত আগতে ভোগপাত ব্যৱহাৰ কৰিছিল । ভোগপাত নাথাকিলে একো দিয়া নাই । এতিয়া কিছুমানে ভোগপাতৰ ঠাইত ইলাচী দিয়ে । গাখীৰ অলপসময় উতল আহিলে তাতে চেনী আৰু অলপ নিমখ দিয়ে । গুড় দি বনালে আন এটা পাত্ৰত অলপ পানী দি গুড় গৰম কৰিব লাগিব, গুড় গলি গ'লে অলপ ঠাণ্ডা কৰি গাখীৰত দি মিহলাই ল'ব । (গৰম গুড় আৰু গৰম গাখীৰ মিহলাই দিলে গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে । ) তাৰ পিছত নাৰিকল ৰোকা দিব লাগে । নাৰিকল নিদিলেও হয় । 

 এতিয়া খোলা গৰম কৰি তাতে এচামুচকৈ বেটাৰ দি ঢাকনীৰে ঢাকি দিব , প্ৰয়োজন হলে অলপ পানী চটিয়াই দিব । ৪ৰ পৰা 5 মিনিট পিছত ঢাকনি খুলি খন্তিৰে পিঠা উঠাই গৰমে গৰমে গাখীৰত দি দিব । গোটেই কেইটা পিঠা ভিজোৱাৰ পিছত ৰাতিটোৰ বাবে থৈ দিব । ৰাতিপুৱা উঠি পৰিৱেশন কৰিব । 


৩)পাচৈ- পাঁচ কেজি পৰিমাণ আহুধান/ আউস  ( গড়িয়া ) ধান ল'ব লাগে । ধানখিনি দহ বাৰ ঘন্টা তিয়াই থৈ দিব লাগে তাৰ পিছত ভালকৈ ধুই কলপাত বিচাই লৈ তাৰ ওপৰত ধান তিয়াই খেৰ বা কল পাতেৰে ঢাকি থব লাগে । মাজে মাজে ধানবোৰত পানী চটিয়াই দিব লাগে । দুই তিনিদিন পিছত যেতিয়া ধেনবোৰ  গজিবলৈ ধৰিব অৰ্থাৎ গেজ ওলাব তেতিয়া সেই ধান শুকাই ঢেঁকীত খুন্দি চালনিৰে চালি নাইবা কুলাত ঝাৰি তুহখিনি আইৰাই গুড়িখিনি  ল'ব লাগে । কিছুমানে কেঁচাই খুন্দি ৰস উলিয়াই লয় ।তুহখিনিও পানীত তিয়াই ৰস উলিয়াই লোৱা হয় । এতিয়া আতপ/ আউলা চাউলৰ ভাত ৰান্ধি অলপ ঠাণ্ডা হোৱাত  সেই ভাত এটা গামলাত বা কোনো পাত্ৰত লৈ  লগত গেজ ওলোৱা ধানৰ গুড়ি অথবা কেঁচাই ওলোৱা পানী মিহলি কৰি , নিমখ , চেনি দি হাতেৰে মিহলি কৰি মাটিৰ পাত্ৰত দি তুঁহ চেপি ৰখা পানীখিনি দি ( বহুতে গাখীৰো দিয়ে ) ভালকৈ কলপাতেৰে ঢাকি পাটৰ বস্তাৰে মেৰিয়াই থব লাগে যাতে মাটিৰ হাড়িটো  গৰম থাকে । ৰাতিটোৰ বাবে তেনেকৈ থৈ দিলে ৰাতিপুৱা খোৱাৰ বাবে ৰেডি হৈ যায় ।


৪)খাটা -

উপকৰণ-  পূৰঠ লাউ , আউলা চাউল, নিমখ, গাখীৰ , 

 প্ৰণালী - প্ৰথমে লাউ সৰু সৰুকৈ কাটি ল'ব লাগে, লাউখিনি ধুই নিমখ পানী আৰু গাখীৰ আৰু অলপ চাউল দি গলি যোৱাকৈ সিজোৱা হয় । চাউল নিদিয়াকৈ ও খাটা তৈয়াৰ কৰা হয় । কিছুমানে এই খাটাত সামান্য পৰিমাণে তেতেলি মিলোৱা দেখা যায় । আগতে এই খাদ্য অভাৱত পৰি মানুহে খাইছিল । কিছুমানে আকৌ নিজৰ ৰুচিৰ বাবে খায় ।

৫) চাতু-

গমধান , বুট, মাকৈৰ চাতু -  গমধান, বুট, মাকৈ আদি কেৰাহীত বেলেগ বেলেগ কৈ ভাজি লৈ গুড়ি  কৰি ল'ব লাগে । সকলো মিহলায়ো চাতু বনাব পাৰে নাইবা বেলেগ বেলেগ কৈ চাতু বনাই সংৰক্ষণ কৰিব পাৰে । পিছত প্ৰয়োজন সাপেক্ষে নিমখ চেনী পানীৰে গুলি খায় নাইবা গাখীৰ বা চাহেৰেও গুলি খায় । এইবোৰ খাদ্যই মানুহক শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয় ।বৰ্তমান বজাৰ দখল কৰি থকা অধিক মূল্যৰ প্ৰটিন পাউডাৰতকৈ এইবোৰ খাদ্য হেজাৰ গুণে উত্তম । 

আগলৈ-----

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু