সাঁকো

 হাজাৰ ব্যস্ততাৰ মাজতো মানুহে মানুহৰ সংগ বিচাৰে,মানুহৰ মৰম বিচাৰি।প্ৰেমৰ পিছে পিছে ঘূৰিছে বিশ্ব ব্ৰাহ্মণ্ড।তথাপিও মানৱ প্ৰেমত ঘূণে ধৰিছে।যিটো সময়ত আবিদ মাষ্টৰে এক সুখী জীৱন কটাব লাগিছিল। সুখৰ জীৱন থাকিব লাগিছিল।মুক্তমনে ঘূৰি ফুৰিব লাগিছিল।অৱসৰ জীৱনটো ঘূৰি পকি তীৰ্থ ভ্ৰমণ কৰি ঘূৰাৰ সময় কিন্তু সময়ে সেয়া কাঢ়ি কৈছে। এক অস্থিৰতাই গাস কৰিছে সকলোতে।

আবিদ মাষ্টৰে খিৰিকীৰ কাষত থকা বিচনাখনত টোপনি আহিবলৈ চেষ্টা কৰি আছে।ঘৈনিয়েকে ওলপ দূৰৈত মজিয়াতে বহি আধা শুকান তামোলকেইটা কাটি আছে।শকত মানুহজনী ঘামত তিতি গৈছে।বাহিৰত প্ৰখৰ ৰ'দ। গৰমো পৰিছে কিছু।হাই প্ৰেচাৰ থকা বাবে গৰমত চটফটাইছে।ওপৰত ফেনটো ঘেৰ ঘেৰাই ঘূৰিছে।বহুত পুৰণি হোৱা বাবে ঘূৰো নুঘূৰোকৈ ঘূৰি আছে।বতাহৰ গতি বঢ়াব পৰা নাই।পোন্ধৰ- বিশ বছৰ ধৰি এই ফেনটোয়ে দুয়োকে শীতল কৰি ৰাখিছে।ল'ৰাই বদলাই দিব বিচাৰিলেও বদলাব নালাগে বুলি কৈ দিয়ে।মেকাৰ এজন মাতি আনি ঠিক কৰিলে নতুনৰ দৰে নহলেও বৰ্তমান ফেনতকৈ ভাল হ'ব।মাষ্টৰৰ মতে পুৰণি বস্তুবোৰেই খাটি,বৰ্তামানবোৰত ভেজাল আছে,একেবাৰে অৰ্ডিনাৰী। 

টেবুলৰ ওপৰত ফোনটো বাজি উঠিল।এই সময়ত কোনে ফোন কৰিল বুলি মনতে ভাবি বিছনাৰ পৰা উঠি ফোনটো ধৰিলে।

'কাম কাজ নাই,আৰম্ভ হ'ল আৰু . . .।'- ঘৈনিয়েকে কেৰাহীকৈ চাই মুখতে ভৰভোৰালে।

ঃ হেল্ল ,কিৰে কি খৱৰ তোৰ ? - মাষ্টৰে ফোন বিচিভ কৰি লৈ মাষ্টৰে ক'লে। সিমূৰৰ পৰা মধুসুধন শৰ্মাৰ মাত ভাহি আহিল। দুয়ো একেখ্ন স্কুলৰ সহ শিক্ষক আছিল।এতিয়া দুয়ো অৱসৰ প্ৰাপ্ত।দুয়ো বেলেগ ধৰ্ম বিশ্বাসী যদিও সিহঁতৰ মাজত সেই প্ৰাচীৰখন নাই। দুয়োনৰ মাজত সুগঢ় বন্ধুত্ব। এজনে আনজন লগত কথা নাপাতি,লগ নকৰি থাকিব নোৱাৰে।এতিয়া দেখা সাক্ষাৎ আগৰ দৰে নহলেও বজাৰত চাহঘৰত বহে।বিভিন্ন বিষয়ত কথা পাতে।ব্যক্তিগত,ঘৰুৱা,সামাজিক ,আৰ্থনৈতিক।কৰোনা ভাইৰাচ ফলত হোৱা লক ডাউনৰ ফলত দুয়োৰে লগ নহলেও ফোনত কথা পাতে।

ঃ আংশিক ভাল বুলি ক'ব পাৰি কিন্তু বেছিভাগেই বেয়া।

ঃ ভালখিনি পিছত শুনিম বাৰু বেয়াখিনি প্ৰথমে কচোন বাৰু। 

ঃধৈৰ্য ধৰ বন্ধু,সকলো কৈ আছোঁ‌।প্ৰথমে কিছু আলোচনা কৰি লও।তাৰ পিছত ক'ম বাৰু।

ঃঠিক আছে। 

: বৰ্তমান টি.ভি. নিউজবোৰ দেখিছনে? কেনেকৈ সত্যতা নিৰুপন নকৰাকৈ মানুহৰ মাজত সাম্প্ৰদায়িকতা বিয়পাই আছে।সংবাদ মাধ্যমক গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।আচলতে বৰ্তমান প্ৰায়বোৰ সংবাদ মাধ্যম নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছে।সংবাদ মাধ্যমবোৰ এতিয়া ফেঁ‌চীবাদী চৰকাৰৰ হাতৰ মুঠিত। জনসাধানো বিক্ৰি যোৱা সাংবাদিকৰ কথাত নিজৰ বিচাৰ বিবেচনা বন্দকত থৈ ঘৃণাৰ বজাৰ খুলি বহে।

: সেয়াইতো হৈ আছে,দেখি আছো কিন্তু মুখ খুলিবলৈ ভয় লাগে এতিয়া।মুচলমান সম্প্ৰ্দায়ৰ বিৰুদ্ধে মানুহক ইমান ইমান উচটনি দিছে যে ভাল কথা কলে বেয়া হ'ব।

: তাকেই, এফালে মানুহবোৰ মহামাৰীৰ ফলত মৃত্যু হৈ আছে ,খাদ্যৰ অভাৱত মানুহ হাহাকাৰ কৰি আছে।কৃষকৰ শস্য পথাৰতে নষ্ট হৈ আছে।দেশে প্ৰৱল খাদ্য নাটনিত পৰাৰ আশঙ্কা কৰা হৈছে। সেইবোৰ লৈ আলোচনামূলক প্ৰগ্ৰাম বা অনুদানমূলক কাৰ্য কৰা বাদ দি সাম্প্ৰদায়িকতাত লাগি গৈছে।আচলতে আমি ভাল দেশত জন্ম লাভ কৰিছোঁ‌ ঠিকে কিন্তু মানুহৰ মনবোৰ ভাল হোৱা নেদেখিলোঁ‌।

: এৰা!চৰকাৰখনেওতো তাকেই বিচাৰে।

: চৰকাৰ এই নীতি যুগে যুগে হয়তো চলি আহিছে।সৰু কালত শুনা সাধুকথা এটা মনত বৰকৈ দোলা দিছে। সেইটো এনে ধৰণৰ আছিল। এখন দেশত এজন ধুৰন্ধৰ,লুভীয়া ৰজা আছিল। তাৰ মন্ত্ৰীজনো তেনেই চতুৰ। ৰজাজনে নিজৰ প্ৰ্তিপত্তি প্ৰদৰ্শন কৰি ভাল পায়।লগতে চাল চাতুৰি কথাৰে প্ৰজাক নিজৰ বশ কৰি ৰাখে।তোলে তোলে সিহঁতক শোষণ কৰি নিজ ভোৰাল টনকীয়াল কৰি থাকে। এদিনাখন ৰজাজনে ৰাজ্যৰ উত্তৰ দিশে কেইবাটাও সোণৰ কলহৰ সন্ধান পালে। সেইবোৰ গোপনে অনাৰ উপায় উলিয়াবলৈ ধৰিলে।কাৰণ প্ৰজাই জানিলে সহায় বিচাৰি আহিব। ৰজা আৰু মন্ত্ৰয়ে মিলি বুদ্ধি এটা উলিয়ালে।ৰাতিটোৰ ভিতৰতে ৰাজ্যৰ দক্ষিন দিশত কিছু ৰূপত মুদ্ৰা সিঁচৰতি কৰি থৈ আহিল।ৰাতিপুৱাৰ লগে লগে ঢোল পিটি প্ৰচাৰ কৰিলে যে ৰজাই ৰাতি সপোনত দেখিছে ৰাজ্যৰ দক্ষিন দিশত বহু টকা সিঁচৰতি হৈ আছে।হোজা প্ৰ্জাই সেইফালে যাত্ৰা আৰম্ভ কৰিলে।পিছে ৰাজ্যত কিছু জ্ঞানী মানুহো আছিল।সিহঁতে সেইফালে নগৈ ৰজাৰ সমালোচনা কৰি মানুহক বাধা দিবলৈ চেষ্টা কৰাত লাগিল।চতুৰ ৰজা মন্ত্ৰীয়েও কম নহয়।সিহঁতে জানিছিল ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰি দিলে সকলোৰে বিবেকশূণ্য হৈ পৰিব।সেইমতেই আৰম্ভ কৰিলে ধৰ্মৰ নামত উন্মাদনা। লাগি গল সিহঁতৰ মাজত কাজিয়া।তাৰ মাজতেও দুই এজনৰ সুক্ষ্ম বিচাৰ বুদ্ধিৰ আছিল।সিহঁতে ৰজা মন্ত্ৰীৰ বুদ্ধি বুজিব পাৰি ঘটনাটো পোহৰত আনিব বিচাৰতেই সিহঁতক ৰাষ্ট্ৰদ্ৰোহৰ নামত কাৰাবন্দী কৰা হ'ল। তেতিয়া ৰজাৰ সকলো বাধা নহোৱা হৈ গ'ল।ৰাতিৰ ভিতৰতে সোণৰ কলহবোৰ আনি ভৰালত সোমাই ৰাখি মহা আনন্দত টপনি গ'ল।

সমাপ্ত

: :তোৰ সাধুটো অতীতৰ হ'লেও এই সময়ৰ সৈতে মিলি গৈছে।আমি যি উদ্দেশ্যে আদিৰ পৰা মানুবোৰে খুজ কাঢ়ি আছোঁ‌,সেয়া আজিও অপ্ৰাপ্তিহৈয়ে ৰ'ল।আমি পোহৰৰ দিশৰ সলনি উদ্দেশ্যবিহীন ভাবে আন্ধাৰৰ দিশেই খোজবোৰ বঢ়াই আছোঁ‌।কাৰণ আমি এতিয়াও অন্ধহৈ থাকিলোঁ। সময়ৰ লগে লগে নিজৰ চকু মেলিবৰ চেষ্টা নকৰিলোঁ‌।প্ৰকৃততে জীৱনৰ উদ্দেশ্য পোহৰ হ'ব লাগে।সেয়া উপলব্ধি কৰাৰ শক্তি আমি অৰ্জন কৰিব নোৱাৰিলোঁ‌।

:তই ঠিকে কৈছোঁ‌,আমি নিজকে প্ৰ্গতিশীল বুলি দাবি কৰিলেও প্ৰ্কৃততে আমি অতীতৰ অন্ধকাৰ যুগতে আছোঁ‌। মানুহ আধুনিক হ'ল ঠিকেই মন মানসিকতা আধুনিক নহল।কাৰণ বৰ্তমান আধুনিকৰাৰ সংজ্ঞা ধন সম্পত্তি,চলন ফিৰন,পিন্ধা উৰা আদিক বুজায়। শিক্ষিতৰ হাৰ বাঢ়িল কিন্তু শিক্ষাৰ মানদণ্ড মূল্যহীন হৈ পৰিল।শিক্ষক হিচাপে হয়তো আমিয়েই দায়ী কাৰণ আমি শিক্ষক সমাজেই হয়তো নতুন প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰিলোঁ‌।

:এৰা!এইবোৰ ভাবিলে মনটো দুখেৰে ভৰি পৰে।আগে পৰে বাদ দে এই সংকটৰ সময়তো এনে সাম্প্ৰদায়িকতা বিয়পিব বুলি ভবা নাছিলোঁ‌। এয়া হয়তো বিশ্বৰ ভিতৰত বিৰল ঘটনা।এতিয়া এনে হ'ল লক ডাউন খোলাৰ পিছতো ইয়াৰ প্ৰভাৱ পৰিব।

: সেই পৰিস্থিতি কৰিবলৈ চেষ্টা কৰি আছে।অতীতৰে পৰা আমাৰ পূৰ্বপুৰুষে গঢ়ি তোলা সাঁকোখন ভাঙি যোৱাৰ উপক্ৰ্ম হৈছে।তথাপিও চিন্তা নকৰিবি আমি জীয়াই থকালৈ সাঁকোখন মেৰামতি কৰি গৈ থাকিম।

:সেই সাঁকোৰে উত্তৰপুৰুষ আহিব নে?

:আহিব আহিব,তোৰ মোৰ দৰে দুজন হলেও আহিব।সমাজত সেই দুজন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আহিব।আৰু যিদিনা অহা বন্ধ হ'ব সেইদিনাই পৃথিৱী ধ্বংস হ'ব।

:তই দেখোন জ্যোতিষীৰ দৰে ভবিষ্যতবানী কৰিলি ।এই বন্ধত নতুনকৈ জ্যোতিষী শিকিলি নেকি?- আবিদ মাষ্টৰে ধেমালিৰ সুৰত ক'লে। ইমান সময় গাম্ভীৰ্য হৈ থকা পৰিৱেশ কিছু পাতলিল।

:কেতিয়াবা শিকিবও লাগে।বেছি ভাল নালাগিলে সন্যাস লৈ গুচি যাম হিমালয়লৈ।অন্তত ইহঁতৰ ধৰ্ম ধৰ্ম খেল দেখাৰ পৰা মুক্ত হ'ম। শৰ্মাই হাঁ‌হি উত্তৰ দিলেও আবিদে বুজি পালে কথাৰ মাজত লুকাই থকা গাম্ভীৰ্যতা।তথাপিও কথা পাতলাবলৈ ক'লে- মোকো লগত লৈ যাবি অন্তত চাব পাৰিম গুৰৰ বস্তাৰ দৰে পেটটো লৈ ধুতি কূৰ্তা পিন্ধা মানুহজন লেঙটি পিন্ধিলে কেনে দেখি।

:তোৰ লুঙ্গিটোকে দিবি তেন্তে,সেইটোকে পিন্ধি যাম।

দুয়ো সৰু লৰাৰ দৰেই উচ্চ স্বৰে হাঁ‌হিবলৈ আৰম্ভ কৰিলে।

:এই বয়সত ডেকা লৰাৰ দৰে এইবোৰ কথা পাতিব লাগেনে?জানোঁ‌ আজি কিনোঁ‌ ভূতে ধৰিলে।হাহিঁ‌ হাঁ‌হি গলি পৰিছে।- মাজতে ঘৈণীয়েকে মুখতে ভোৰভৰালে। ঘৈণীয়েকৰ কথা কানত পঢ়াত মবাইল কানত ধৰিয়েই হাঁহি হাঁ‌হি কলে

:তোমাৰ সন্দেহ আছে নেকি ,আমিযে এতিয়াও ডেকা হৈয়ে আছোঁ‌?

:হুহ!- ঘৈণীয়েকে মুখখন বিশেষ ভংগিমাৰে আনফালে ঘূৰালে।লগে লগে আবিদে আকৌ কলে

:তোৰ মিতিনিয়ে কৈ আছে আমি বোলে বুঢ়া হৈছোঁ‌।

:শৰীৰ বুঢ়া হ'ল বুলি আমাৰ মন সৰু লৰাৰ দৰেইতো।আজি কিমান দিনৰ মূৰত এনেই হাঁ‌হিবলৈ সময় পালোঁ‌,ব্যস্ততাপূৰ্ণ জীৱনত সকলো পাহৰি আছিলোঁ‌। কৈ থাকোতে শৰ্মাই কিছু গম্ভীৰ হ'ল।ক্ষন্তেক ৰৈ আকৌ কলে-

আজিকালি ল'ৰাবোৰৰ মন সংকৃৰ্ণ ,মন খুলি হাঁহিব নাজানে।আমাৰ মন চিৰ যৌৱনপ্ৰাপ্ত,চিৰ উজ্বল।

:ঠিকে কৈছে।পিছে এতিয়া তোৰ দুখৰ কাৰণটো ক।

:ৰ,প্ৰথমে ক'ব ধৰা কথাখিনি আলোচনা কৰি লও।

লক ডাউনৰ মাজেৰেই বহাগ আহিল।কুলিয়ে কু কু মাতেৰে চৌপাশ মুখৰিত কৰিছে। নানা ফুলৰ সুবাসৰ লগতে কঠাল মুছি,আমৰ মছি আদিৰ সুবাস ভৰি পৰিছে।শুকান ডালত কুঁ‌হিপাত মেলিলে। আমি ওলাব নোৱাৰোঁ‌ বিহু উৎসৱ পালন কৰিবলৈ কিন্তু প্ৰকৃতিয়ে বিহু উৎসৱ পালন কৰি আছে। প্ৰকৃতিয়ে নাচি আছে। পৰিৱেশ প্ৰদূষণ নহোৱা হৈছে ,শব্দপ্ৰদূষণৰ নহোৱা হৈছে।আকাশখনলৈ চা আমাৰ তাহানিৰ সময় ঘূৰি আহিছে।

খিৰিকীৰে মূৰটো আকাশৰ ফালে চালে। মেঘহীন মুক্ত নীলা আকাশ । আকাশখনেই একতাৰ নিদৰ্শন।ভাল বেয়া সকলোৰে মূৰৰ ওপৰত ঘৰৰ চালৰ সদৃশ ৰৈ আছে যুগ যুগান্তৰ। কি উদাৰ!

:এই উদাৰতাৰ বহুত নিদৰ্শন আছে।সূৰ্য,গছ,প্ৰকৃতি,বৰষুণ আদি সকলো উদাৰতাৰ প্ৰতিক অথচ আমি জীৱ শ্ৰেষ্ঠ বুলি দাবি কৰা মানৱ জাতি উদাৰ হ'ব নোৱাৰিলোঁ‌।জীয়াই থাকিবলৈ প্ৰকৃতিৰ পৰা সকলো অনুদান লৈ আমি শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি থাকোঁ‌।আচলতে আমাৰ অহংকাৰ কৰিবলৈ কিবা আছে জানোঁ‌?শ্ৰেষ্ঠ কবলৈ হলে আমি আকাশ,মাটি ,সূৰ্য,গছ আদিক ক'ব লাগিব। সিহঁতক আমি কিমান নিৰ্যাতন কৰিলোঁ‌ তথাপিও আমাক পেলাই দিয়া নাই।অথচ আমিবোৰ!

:হয় ও,যি প্ৰকৃতিয়ে আমাক জীৱন দান দি আছিল,তাৰ ওপৰত আমি কিমান অত্যাচাৰ কৰিলোঁ‌।আজি প্ৰকৃতিয়ে দেখুৱাই দিছে নিজৰ শক্তি। মানুহবোৰ ঘৰত সমোৱাৰ লগে লগে কমি গৈছে প্ৰদূষণ ।

আজি পৃথিৱীৰ সকলো কল কাৰখানা বন্ধ,প্ৰকৃতিও মুক্ত,বতাহো মুক্ত ।পৃথিৱীয়ে নিজৰ বৰণ সলাইছে।এতিয়া সকলোয়ে মুকুলিকৈ উশাহ ল'ব পাৰিছে।নৈ সমুহ প্ৰদূষণ মুক্ত হৈছে।চৰাই চিৰিকতি মুক্ত মনে উৰিছে,গাইছে।বনৰ পশুবোৰ মুক্তমনে বিচৰণ কৰি আছে।কিমান মনোগ্ৰাহী হৈছে পৃথিৱীখন। যেন অজান শক্তিয়ে পৃথিৱীখনক নিচুকাইছে। 

এতিয়া ফোন ৰাখিছোঁ‌,কথাবোৰ ভাবি চাচোন।তাৰ পিছত ফোন কৰিবি। -কথাখিনি কৈয়ে শৰ্মাই ফোনটো ৰাখি দিলে।

ফোনটো কাটি দিয়াত আবিদৰ মন ভাবগধুৰ হৈ হ'ল।মুহূৰ্ততে আকৌ মুখৰ ভাব পৰিবৰ্তন হ'ল।লগে লগে ফোনত আকৌ শৰ্মাৰ নম্বৰ ডায়েল কৰিলে . . . .।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু