সুস্থ চিন্তা
বৃদ্ধ আশ্ৰমৰ বাবে অকল সন্তানক দোষাৰোপ কৰি যুক্তিকৰ নহয়। কিছুমান অকল সন্তানৰ কাৰনেই হয় কিন্তু প্ৰায়ভাগৰে উৰহিৰ( ওৰ ) বেলেগহে । এদিন বান্ধৱী এজনীৰ লগত ল'ৰা- ছোৱালীৰ কথা পাতোতে হঠাৎ কৈ উঠিল - ল'ৰাৰ লগত ফ্ৰেন্ডলী হ'ব লাগে । আজি তই যেনে ব্যৱহাৰ কৰিবি কাইলৈ সিও একেই ব্যৱহাৰ কৰিব। বৃদ্ধ আশ্ৰমবোৰ কি কাৰণে হৈছে ? সৰুতে ল'ৰা - ছোৱালীক সময় দিয়া নাই, মমতাৰে বুকুত আকোৱালী ল'ব পৰা নাই , যাৰ বাবে সিহঁৰত মাজত আত্মিকতা হোৱা নাই । শেষত কি হয় বৃদ্ধ আশ্ৰম।
সেইকাৰণে লৰা- ছোৱালীৰ লগত ভাল ব্যৱহাৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে।
Comments
Post a Comment