চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ১

 চৰ চাপৰিৰ মুছলমান সকলোৰ  খাদ্যাসম্ভাৰ

অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ হোৱাৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া সংস্কৃতি দেখা যায় । অসমত নানা জাতি জনগোষ্ঠীৰ ঐতিহ্যময় সংস্কৃতিৰ সমাহাৰৰ বাবেই অসমৰ সংস্কৃতি গৌৰৱৰ ধ্বজা বহন কৰি আছে  । পিন্ধন উৰণ , ৰীতি- নীতি ,  উৎসৱ পাৰ্বনৰ দৰে জনগোষ্ঠী সমূহৰ খাদ্য সম্ভাৰৰ সেই সংস্কৃতিৰ অন্তৰ্গত । অসমৰ প্ৰত্যকটো জাতি জনগোষ্ঠীৰ খাদ্যাসম্ভাৰ অতি চহকী । আন আন জনগোষ্ঠীৰ দৰে অসমৰ চৰ চাপৰিৰ খাদ্যাসম্ভাৰো অতি চহকী । ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল সমুহত বাস কৰা মিঞা জনগোষ্ঠীটোয়ে পৰিৱেশ অনুকুলে বিভিন্ন ধৰণে খাদ্য গ্ৰহণ কৰি আহিছে । নৈৰ দাঁতিত হোৱা বাবে কেতিয়াবা বানপানীৰ মাজত কেতিয়াবা প্ৰচণ্ড খৰাঙৰ ধূলি বালিৰ মাজত বাস কৰিবলগীয়া হয় । তাৰ ওপৰিও কেতিয়াবা  ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বস্বান্ত কৰি পেলায়, তাৰ পিছতো কহুৱাৰ দৰে বালিচাপৰিত নতুনকৈ আকৌ জী উঠে । এনে এক পৰিবেশৰ মাজত জীৱন নিৰ্বাহ কৰাৰ বাবে খাদ্যও এই পৰিৱেশ অনুকুলে খাব লগীয়া হয় , বিশেষকৈ বানপানীৰ সময় খিনিত চৰ চাপৰিৰ মানুহৰ বাবে বহুত সংকটজনক । সংকটৰ এই সময়চোৱা পৰা হ'লে  অত্যাধিক পৰিশ্ৰমৰ ফলত চৰ চাপৰি সমূহ  আকৌ সেউজীয়া হৈ পৰে । চৰ চাপৰিৰ মানুহৰ কৃষিয়েই হৈছে জীৱনযুদ্ধৰ একমাত্ৰ অস্ত্ৰ ।  ধান , মৰাপাটৰ পৰা আৰম্ভ কৰি মাহ , শাক - পাচলিৰে পথাৰ সেউজীয়া হৈ পৰে । চৰ চাপৰিৰ বাবে ব্ৰহ্মপুত্ৰ নৈখন যেনেকৈ ধ্বংস কাৰণ হৈ উঠে তেনেকৈ বৰদান হৈ পৰে ।ব্ৰহ্মপুত্ৰৰ বানপানীয়ে চৰ চাপৰিৰত পলস পেলাই থৈ যায় তাতে যৱধান, ধান , মাকে, চিনা, কাউন , শাক -পাচলি ,মাহ , বাদাম , নহৰু , পিঁয়াজ আদি  খেতি ভাল হোৱাৰ লগতে চৰ চাপৰিৰ মানুহে ব্ৰহ্মপুত্ৰৰ পৰা নানা প্ৰকাৰৰ মাছ মাৰি খাব পাৰে । কিছুমান মানুহে মাছ মাৰি জীৱন নিৰ্বাহো কৰে ।


চৰ চাপৰিৰ খাদ্যাসম্ভাৰৰ কিছু বৈশিষ্ট্য পৰিলক্ষিত হয় । সেইবোৰ হ'ল -

 ১) ভাত প্ৰধান খাদ্য 

২)  পিঠা- পনাৰ অধিক প্ৰচলন ।

৩) সেউজীয়া শাক পাচলিৰ সমাহাৰ ।

৪) মাছৰ অধিক প্ৰচলন ।

৫) শুকান মাছৰ ব্যৱহাৰ ।

৬) ভৰ্তা (চাটনি ) ৰ অধিক প্ৰচলন ।

৭)কম তেলৰ ব্যৱহাৰ ।

৮) গৰু মহৰ গাখীৰ আৰু দৈৰ প্ৰচলন ।

৯)মাংসৰ ক্ষেত্ৰত হাঁহ , কুকুৰা আদিৰ ব্যৱহাৰ ।

১০) নহৰু আৰু জলকীয়াৰ অধিক ব্যৱহাৰ ।

১১) ঘৰুৱা মছলাৰ ব্যৱহাৰ ।

১২) চিৰা , মুৰিৰ ব্যৱহাৰ ।

১৩) বুট , গম , মুৰি আদিৰ চাতুৰ ব্যৱহাৰ ।

১৪)মুখ শুদ্ধিৰ বাবে আৰু অতিথি আপ্যায়নত তামোল পানৰ ব্যৱহাৰ ।

১৫) মাহ জাতীয় খাদ্যৰ অধিক ব্যৱহাৰ ।

১৬) কাউন, চিনা আদিৰ প্ৰচলন ।

 চৰ চাপৰিৰ মূল খাদ্য ভাত যদিও পিঠা - পান, চিৰা - মুৰিও জনপ্ৰিয় খাদ্য । চৰ চাপৰিৰ প্ৰায়বোৰ খাদ্যৰ মূল উপাদান চাউল । চাউলৰ পৰাই প্ৰায়বোৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰা হয় । চৰ - চাপৰিৰ খেতিয়ক সকলোৰ মূল উৎপাদনেই হ'ল ধান । ধানৰ পৰা চাউল । এই চাউলৰ পৰাই বিভিন্ন খাদ্য সম্ভাৰ তৈয়াৰ কৰা হয় ।

চৰ চাপৰিৰ খাদ্যৰ মূল উপাদান হিচাপে চাউলেই প্ৰধান । ঋতু অনুসৰি চৰ চাপৰিত বিভিন্ন ধৰণৰ ধান খেতি কৰে । বিশেষকৈ আউল ধান ( আহু ধান) আৰু শাৰী ধান ।বৰ্তমান ইৰি ধানো  কৰা দেখা যায় । ধানৰ ভিতৰত জহাই ধান , ৰঞ্জিত ধান, মইনাগিৰি ধান , সোণঝুলি , বাসমতি, ঠেপা ধান, ভোগ ধান ইত্যাদি ।

চৰ চাপৰিত ভাত খাবৰ বাবে ধান তিয়াই সিজোৱা হয় । সিজোৱা ধানবোৰ আকৌ ৰ'দত মেলি দি শুকাই লোৱা হয় । শুকান ধানবোৰ মেলত বা ঢেঁকীত খুন্দি ভাতৰ বাবে তৈয়াৰ কৰা হয় । অতীতৰে পৰা ধান ঢেঁকীতে খুন্দিছিল যদিও আধুনিকতা বজাৰত এতিয়া প্ৰায়  মানুহে মেলত ধান খুন্দা দেখা যায় । উখোৱা চাউলেৰে ভাত ৰান্ধি খায় । ভাত গৰমে গৰমে খোৱাৰ ওপৰিও পঁইতা/পান্তা ভাত  , বাঁহী ভাত খায় ।

ৰাতি ভাত খোৱাৰ পিছত ৰাহি হোৱা ভাত পানী দি থোৱা হয়, ৰাতিপুৱা সেই ভাত জমি অলপ টেঙা ধৰণৰ হয় , কেতিয়াবা টেঙা নহয় সেই ভাতে পঁইতা ভাত হিচাপে খায় । পঁইতা/ পন্তা ভাত কেঁচা জলকীয়া, পিঁয়াজ নাইবা শুকান মাছ ভৰ্তা, আলু ভৰ্তা, কালজিৰা ভৰ্তা আদিৰ লগত খায় ।

আনহাতে বাঁহী ভাত ঠাণ্ডাৰ দিনত খায় । জাৰকালি ৰাতি ৰাহি হোৱা ভাত থৈ দিলে সেইবোৰ ৰাতিপুৱা পিঁয়াজ , নহৰু, জলকীয়া, তেল , ধনীয়াপাত দি ভালকৈ মিহলি কৰি খায় । 

উখোৱা চাউলেৰে মুৰি ও তৈয়াৰ কৰা হয় । অৱশ্যে মুৰিৰ বাবে ব্যৱহাৰ কৰা ধান বিশেষ ধৰণে সিজোৱা হয় ।

আনহাতে) ধান নিসিজোৱাকৈ ৰ'দত শুকাই মেলত বা ঢেঁকী ত খুন্দি আৰৈ (আউলা/আতপ ) তৈয়াৰ কৰা হয় । এই চাউলেৰে পায়স , পিঠা - পনা তৈয়াৰ কৰা হয় ।


চিৰা , মুৰি , পিঠা আদি চৰ চাপৰিৰ জনপ্ৰিয় খাদ্য । চিৰা - মুৰি চৰ চাপৰিৰ প্ৰায়বোৰ ঘৰতে থাকেই । দিনত এবাৰ নহলে এবাৰ মুৰি এমুঠি মান খাবই । ৰাতিপুৱা চাহৰ পৰিৱৰ্তে গুড় দি মুৰি , কল দি মুৰি , কঠালৰ ৰস দি মুৰি , আমৰ ৰস দি মুৰি , তেল; ধনীয়াপাত; পিঁয়াজ, জলকীয়া  আদি সানি মুৰি , মাংস বা দালিৰ সৈতে মুৰি , আদি ধৰণে মুৰিৰ জুতি লোৱা দেখা যায় । মুৰি গুৰি কৰি নিমখ চেনীৰ পানীৰে নাইবা গাখীৰ চেনীৰেও খায় । এতিয়া অৱশ্যে চাহৰ প্ৰচলন হোৱাত চাহৰ লগতো খায় ।

সেইদৰে চৰ চাপৰিৰ খাদ্যাসম্ভাৰত  পিঠা অপৰিহাৰ্য্য । পিঠা অবিহনে চৰ চাপৰিৰ খাদ্যাসম্ভাৰ আধৰুৱা ।  চৰ চাপৰিৰ উৎসৱ - পাৰ্বণ, বিয়া , আলহী আপ্যায়ন কৰিবলৈ , জী - জোঁৱাইক খুৱাবলৈ  পিঠা বনোৱাটো বাধ্যতামূলক ধৰণৰ । বিশেষকৈ ঠাণ্ডাৰ দিনত বা নতুন ধান কটাৰ সময়ত পিঠা বনোৱাৰ ধুম  ।

নতুন চাউলৰ পৰা পায়স বনাই মছজিদত দিয়াৰো নিয়ম আছে , যাক চৰ চাপৰিত চিন্নি দিয়া বুলি কয় ।

পিঠা বনাবলৈ মূলতে চাউল তিয়াই ঢেঁকীত বা আন খুন্দনাত খুন্দি গুড়ি কৰি পিঠাগুৰি তৈয়াৰ কৰা হয় । তাৰ পিছত বিভিন্ন পিঠা  বিভিন্ন ধৰণে বনোৱা হয় । পিঠা বনোৱাটোও এটা শিল্প । চৰ চাপৰিৰ গৃহিণী সকলে এই শিল্প কৰ্মত পাৰ্গত ।

আধুনিক যুগত মানুহে পিঠা বনোৱা পাহৰি গ'লেও চৰ চাপৰিত এতিয়াও পিঠাৰ প্ৰচলন অধিক । 

চৰ চাপৰিত শীতৰ ৰাতিপুৱাবোৰ পিঠাৰ সুবাসেৰে উমাল হৈ থাকে । গোটেই বছৰ পিঠাৰ প্ৰচলন থাকিলেও বিশেষকৈ আঘোণ মাহৰ পৰাই পিঠা পনাৰ বতৰ আৰম্ভ হৈ পৰে । আঘোণত নতুন ধান চপাই ঘৰত অনা হয় । আঘোণত ন খোৱা, চিন্নি দিয়া আৰু পিঠা খোৱা এক প্ৰকাৰ প্ৰথাৰ দৰে হৈ পৰিছে ।

চৰ চাপৰিত বহুল প্ৰচলিত পিঠাবোৰ হ'ল -  তেল পিঠা , ভাপা পিঠা , গাখীৰ পিঠা , দইলা / মুইঠা পিঠা, কুলি পিঠা , দুধ কুলি পিঠা ,পুলি পিঠা , কল পিঠা ,কাঠল পিঠা,  তাল পিঠা , হাতে কটা সেৱাই, ৰুট পিঠা, ঝাল পিঠা, পাকন পিঠা, খোলা চাপৰি পিঠা আদি । 

আৰৈ বা আউলা চাউলেৰে পিঠা বনোৱাৰ বাহিৰেও পায়স , নাস্তা, জাই, খিচিৰী, বইখুদা, খাটা, আদি বনোৱা হয় ।

আগলৈ -----------


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু