শেহতীয়া লেখা

জীৱন(jiban part 2)


জীৱন!অৰ্থটো জীৱনভেদে বেলেগ ।কোনোবাই জীৱনটো এটা সৰল অঙ্কৰ দৰে বুলি ভাবে ।ভাত পানী খাই জীয়াই থকাটোয়ে জীৱন বুলি ভাৱে৷তেওলোকে ভাতমুঠিৰ বাবেই হাহাকাৰ কৰি ফুৰে।কোনোবাই জীৱনটোক সংগ্ৰাম হিছাপে লয়৷কৰ্মঠ মানুহবোৰে যিমানদূৰ পাৰে কৰ্ম কৰি যায়৷ পৰিশ্ৰমী,অধ্যবসায়ী মানুহে মনৰ দুৱাৰ খুলি জ্ঞানৰ পৃথিবীত ভাহি ফুৰে,তাতেই তেওঁলোকে জীৱনৰ অৰ্থ বিচৰি পায়৷কিছুমানে ঈশ্বৰৰ ওপৰত আস্থা ৰাখি দেশৰ বাবে দহৰ বাবে লগতে পৰিয়ালৰ বাবে নিজক উছৰ্গা কৰাৰ মনোবৃত্তিৰেও জীৱনৰ অৰ্থ বিচৰাৰ চেষ্টা কৰে ৷সকলো মানুহৰ বাবে জীৱনৰ অৰ্থ সুকীয়া।জীৱন ৰহস্যৰ সন্ধানৰ মাজেৰেই মানুহে সৃষ্টি কৰে , জীৱনৰ অৰ্থ বিচাৰি মানুহে হাবাথুৰি খায়,আশাৰ পিছে পিছে দৌৰে,কল্পনাৰ মোহত বন্দী হয় ।জীৱন বিচিত্র , জীৱন ৰহস্যৰে ভৰা, বুজিয়ো বুজিব নোৱাৰা এক সাথৰ । সেয়ে হয়তো জীৱন ইমান সুন্দৰ, ইমান মায়াময় ।