জীৱন#jiban



কি যে প্ৰহেলিকাময় জীৱন(#life)!কেতিয়াবা অসমাপ্ত সপোনবোৰৰ পিছে পিছে দৌৰি ভাগৰি পৰোঁ ,কেতিয়াবা ভগ্ন সপোনবোৰে মোক টানি নি আন্ধাৰৰ মাজত পেলাই দিয়ে ।আন্ধাৰৰ মাজত থকা কাঁইটবোৰে হানি খুচি চিৰাচিৰ কৰে,তেজবোৰ বৈ যায় অন্ধকাৰ সুতিয়েদি।জীৱনটো এক সাথৰ।জীৱনৰ বাট কেতিয়াবা উজু কেতিয়াবা কঠিন।আচলতে উজু বুলিবলৈ একো নাই, সেয়া আমাৰ ভ্ৰম।জীৱন বাটটো বহুত কঠিন।তাৰ বাবে প্ৰতিপল আমাৰ বাবে ৰৈ থাকে নতুন নতুন সংগ্ৰাম।ঠিক পানীত উপঙি থকা পদুম ফুলৰ দৰে।পুখুৰীৰ পানীয়েই তাৰ জীৱন।পুখুৰীৰ  দুটি পাৰ যেন জীৱন আৰু মৃত্যু। তাৰ মাজতেই জীয়াই থাকিবলৈ সংগ্ৰাম কৰি যায়।ৰ'দ ধুমুহা,বৰষুণে কোমল পাতবোৰত বাৰে বাৰে আঘাত কৰে।পদুম ফুলে সেই আঘাত সহ্য কৰি জীয়াই থাকিবলৈ নিৰ্ভয়ে সংগ্ৰাম কৰে।ময়ো সংগ্ৰাম কৰিবলৈ ভয় নকৰো।মই এগৰাকী সংগ্ৰামী।সংগ্ৰাম কৰি আছো জীয়াই থাকিবলৈ।মাজে মাজে ক্লান্ত হৈ পৰোঁ।কেতিয়াবা ভাব হয়  যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাওঁ কনো দূৰ দেশলৈ।য'ত কোনো নাই,জীৱন সংগ্ৰাম নাই,সপোন নাই,হেঁপাহ নাই,সপোন মৃত্যুৰ চিৎকাৰ নাই।আছে মাথোঁ এজাক চৰাই,পখিলা,পাহাৰ,জলপ্ৰপাত,নৈ ।ফুলৰ সুবাহ কঢ়িওৱা মৃদু বতাহ।য'ত বতাহক মই চুই চাম, সুধিম তাৰ উদাৰতাৰ কাহিনী।পাহাৰৰ দাতিত বহি চাই ৰম পাহাৰী নৈখন। শিলবোৰৰ আঘাত কিমান সহিব পাৰে নৈখন তাৰ বুকুতে শুই এবাৰ শুনিবৰ মন।আহ!অমুলক হেঁপাহ এইবোৰ! হেঁপাহবোৰে ঘৰৰ চাৰিবেৰত ধুমুহাৰ গতিত দৌৰি ফুৰে খিৰিকি বিচাৰি।মাজৰাতি সাৰ পাই দেখো হেঁপাহবোৰে উচুপি আছে।।সিহঁতৰ দুখত ময়ো গোটেই ৰাতি উজাগৰে পাৰ কৰি দিওঁ।হিমালয় পৰ্বতখন আহি মোৰ বুকুত ৰয়।পৰ্বতৰ তলেৰেই লক্ষ্য কৰিলোঁ পুৱাৰ বেলিৰ পোহৰত  সিহঁত নিহত হোৱা।মই কষ্টেৰে পৰ্বতখন বুকুৰ পৰা আতৰাই সিহঁতৰ মৃত্যুত সমবেদনা জনাই সাজু হও নতুন সংগ্ৰামৰ বাবে।কেতিয়াবা ঈশ্বৰক সুধো সুখৰ বোজা ইমান পাতল কিয় আৰু দুখৰ বোজা ইমান গধুৰ কিয়?কিছুমানে খাবলৈ নাপাই মৰি আছে আৰু কিছুমানে খাব নোৱাৰি খাদ্য পেলাই দিছে।ঈশ্বৰৰ পৰা কোনো উত্তৰ নাহে।ঈশ্বৰে সৃষ্টি কৰা সৃংখলাৰ পৰা উত্তৰ বিচাৰি মনক সান্তনা দিয়াৰ চেষ্টা কৰোঁ। যেনেকৈ বেক্টেৰিয়াক শোষণ কৰি ঘাহ হয়,ফৰিঙে ঘাহ খায়,ফৰিঙক ভেকুলিয়ে খায়,ভেকুলিক সাপে খায়,সাপক ঈগলে খায়,ঈগল মৰিলে বেক্টেৰিয়াই খায়। এনেদৰে খাদ্য শৃংখলৰ দৰে দুখীয়া মানুবোক শোষণ কৰি চতুৰবোৰে ধনী হয়। সুখ আৰু দুখবোৰৰতো কোনো শৃংখল নাই।আমি কও দুখ থাকিলেহে সুখ অনুভৱ কৰিব পাৰি।দুখৰ মাজতে সুখ আছে।সেই ক্ষেত্ৰত কব পাৰি সুখ দুখৰো শৃংখলা আছে।কিন্তু যি ঘৰত অকল দুখবোৰেই বাহৰ পাতি থাকে।

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু