ধৰ্ম


হাজাৰ ব্যস্ততাৰ মাজতো মানুহে মানুহৰ সংগ বিচাৰে,মানুহৰ মৰম বিচাৰে।প্ৰেমত পঢ়ে।প্ৰেমৰ পিছে পিছে ঘূৰে বিশ্ব ব্ৰাহ্মণ্ড।আজি সেই প্ৰেমত ঘুণে ধৰিছে।যিটো সময়ত আবিদ মাষ্টৰে এক সুখী জীৱন কটাব লাগিছিল। সুখৰ জীৱন থাকিব লাগিছিল।মুক্তমনে ঘূৰি ফুৰিব লাগিছিল।অৱসৰ জীৱনটো ঘূৰি পকি তীৰ্থ ভ্ৰমণ কৰাৰ সময় কিন্তু সময়ে সেয়া কাঢ়ি লৈছে। এক অস্থিৰতাই গ্ৰাস কৰিছে সকলোতে।
আবিদ মাষ্টৰে খিৰিকীৰ কাষত থকা কাঠৰ পালেঙখনত শুই টোপনি আহিবলৈ চেষ্টা কৰি আছে।ফুলৱাল কৰা ঘৰটোত এখন টেবুল,কাঠৰ পুৰণা আলমাৰি আৰু এটা আলনা আছে।দেৱালত মক্কা-মদিনাৰ ছবি, কোৰানৰ আয়াত কিছুমানৰ আলপনা আৰি থোৱা আছে। আহল বহল কোঠাটোৰ দুৱাৰৰ কাষত মজিয়াতে বহি ঘৈণীয়েকে আধা শুকান তামোলকেইটা কাটি আছে।শকত আৱত মানুহজনী ঘামি গৈছে।বাহিৰত প্ৰখৰ ৰ'দ। গৰমো পৰিছে কিছু।হাই প্ৰেচাৰ থকা বাবে গৰমত চটফটাইছে।ওপৰত ফেনখন ঘেৰ ঘেৰ শব্দ কৰি ঘূৰিছে। ফেনখন বহুত পুৰণি হোৱা বাবে ঘূৰো নুঘূৰোকৈ ঘূৰি আছে।বতাহৰ গতি বঢ়াব পৰা নাই।পোন্ধৰ- বিশ বছৰ ধৰি এই ফেনখনেই দুয়োকে শীতল কৰি ৰাখিছে।ল'ৰাই বদলাই দিব বিচাৰিলেও বদলাব নালাগে বুলি কৈ দিয়ে মাষ্টৰে।মেকাৰ এজন মাতি আনি ঠিক কৰিলে নতুনৰ দৰে নহলেও বৰ্তমানৰ ফেনতকৈ ভাল হ'ব বুলি ভাবে মাষ্টৰে।তেওঁ‌ৰ মতে পুৰণি বস্তুবোৰেই খাটি,বৰ্তামানবোৰত ভেজাল আছে,একেবাৰে অৰ্ডিনাৰী।
ক্ৰিং ক্ৰিং . . .টেবুলৰ ওপৰত ফোনটো বাজি উঠিল।আবিদ মাষ্টৰে বিছনাৰ পৰা উঠি মোবাইল ফোনটো ৰিচিভ কৰিলে।
'কাম কাজ নাই আৰম্ভ হ'ল আৰু . . .।'- ঘৈনিয়েকে কেৰাহীকৈ চাই মুখতে ভৰভোৰালে।
ঃ হেল্ল ,কিহে কি খৱৰ তোৰ ? - ফোন ৰিচিভ কৰি লৈ আবিদ মাষ্টৰে ক'লে। সিমূৰৰ পৰা মধুসুধন শৰ্মাৰ মাত ভাহি আহিল। দুয়ো একেখন স্কুলৰ সহ শিক্ষক আছিল।এতিয়া দুয়ো অৱসৰ প্ৰাপ্ত।দুয়ো বেলেগ ধৰ্ম বিশ্বাসী যদিও সিহঁতৰ মাজত সেই প্ৰাচীৰখন নাই। দুয়োজনৰ মাজত সুদৃঢ় বন্ধুত্ব।এজনে আনজনৰ লগত কথা নপতাকৈ, লগ নধৰাকৈ থাকিবই নোৱাৰে ।আজি কালি আগৰ দৰে সঘনাই দেখা সাক্ষাৎ নহয় যদিও বজাৰে সমাৰে ,চাহৰ দোকানত বা গেলামালৰ দোকানত হলেও কেতিয়াবা কেতিয়াবা লগালগি নোহোৱাকৈ নাথাকে ।দুয়ো লগালগি হলেই বিভিন্ন কথাৰ ওৰা পাতে ।ব্যক্তিগত জীৱনৰ কথা,ঘৰুৱা জীৱনৰ এশ এবুৰি সমস্যাৰ কথা,সামাজিক জীৱনৰ অনেক খলাবমাৰ কথা,অৰ্থনৈতিক,ৰাজনৈতিক ---মুঠতে কথাৰ শেষ নাই ,দুয়োৰে আলোচনা চক্ৰত ।আজি ভালেদিন হ'ল দুয়ো দুয়োকে লগ নোপোৱা কিয়নো এতিয়া কৰোণা ভায়ৰাচৰ মহামাৰীৰ ফলস্বৰূপে সকলো গৃহবন্দী হৈ পৰিছে ।তেওলোক দুয়োজনো গৃহবন্দীত্বৰ কবলত ,গতিকে ফোনৰ জৰিয়তে কথা পতাৰ বাহিৰে অন্য বিকল্প এতিয়া নাই ।
: আংশিক ভাল বুলি ক'ব পাৰি কিন্তু বেছিভাগেই বেয়া।
: ভালখিনি পিছত শুনিম বাৰু, বেয়াখিনি প্ৰথমে কচোন ।
:ধৈৰ্য ধৰ বন্ধু,সকলো কৈ আছোঁ‌।প্ৰথমে কিছু আলোচনা কৰি লও।তাৰ পিছত ক'ম বাৰু।
:ঠিক আছে।
: বৰ্তমান টি.ভি. নিউজচেনেলবোৰ দেখিছনে? কেনেকৈ টি.ভিৰ এঙ্কৰবোৰে গঠনমূলক আলোচনা বাদ দি বিভেদমূলক আলোচনা চলাই আছে। সত্যতা নিৰূপন নকৰাকৈ কিছুমান ধাৰণা বিয়োপাই দিছে।সংবাদ মাধ্যমক গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়।আচলতে বৰ্তমান প্ৰায়বোৰ সংবাদ মাধ্যম নিজৰ স্বকীয়তা হেৰুৱাই পেলাইছে।সংবাদ মাধ্যমবোৰ এতিয়া ফেঁ‌চীবাদীৰ হাতৰ মুঠিত।ইয়াত অতি প্ৰগতিবাদ কিছুমানে ঘী ঢালি দিছে। জনসাধাৰনো বিক্ৰী যোৱা কিছু সাংবাদিকৰ কথাত নিজৰ বিচাৰ বিবেচনা বন্ধকত দি ঘৃণাৰ বজাৰ খুলি বহিছে।
: সেয়াইতো হৈ আছে,দেখি আছো কিন্তু মুখ খুলিবলৈ ভয় লাগে এতিয়া।আমাৰ সম্প্ৰদায়ৰ বিৰুদ্ধে মানুহক ইমান উচটনি দিছে যে ভাল কথা কলেও বেয়া হ'ব।
: তাকেই, এফালে মানুহবোৰ মহামাৰীৰ ফলত মৃত্যু হৈ আছে ,খাদ্যৰ অভাৱত মানুহ হাহাকাৰ কৰি আছে।কৃষকৰ শস্য পথাৰতে নষ্ট হৈ আছে।দেশে প্ৰৱল খাদ্য নাটনিত পৰাৰ আশঙ্কা কৰা হৈছে। প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰ বাড়ী ভাঙিলে।সেইবোৰ লৈ গঠনমূলক আলোচনাৰ অনুষ্ঠান বা অনুদানমূলক কাৰ্য কৰা বাদ দি সাম্প্ৰদায়িকতাত লাগি গৈছে।আচলতে আমি ভাল দেশত জন্ম লাভ কৰিছোঁ‌ ঠিকে কিন্তু মানুহৰ মনবোৰ ভাল হোৱা নেদেখিলোঁ‌।
: এৰা! সাম্প্ৰতিক সময়ত তাকেই চলি আছে।
: সাম্প্ৰদায়িকতাৰ নীতিয়েই যুগে যুগে এচাম শক্তিয়ে প্ৰভুত্ব চলাই আহিছে,সাম্প্ৰতিক কালত চৰম আৰু বাস্তৱ পৰিস্থিতি আহি পাইছে।সৰু কালত শুনা সাধুকথা এটা মনত পৰিছে।সেইটো শুনি ল।সাধুটো এনে ধৰণৰ-
এখন দেশত এজন ধুৰন্ধৰ,লুভীয়া ৰজা আছিল। তাৰ মন্ত্ৰীজনো তেনেই চতুৰ। ৰজাজনে নিজৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰি ভাল পায়।লগতে চাল চাতুৰি কথাৰে প্ৰজাক নিজৰ বশ কৰি ৰাখে।তলে তলে সিহঁতক শোষণ কৰি নিজ ভোৰাল টনকীয়াল কৰি থাকে। এদিনাখন ৰজাজনে ৰাজ্যৰ উত্তৰ দিশে কেইবাটাও সোণৰ কলহৰ সন্ধান পালে। সেইবোৰ গোপনে অনাৰ উপায় উলিয়াবলৈ ধৰিলে।কাৰণ প্ৰজাই জানিলে কথা বেলেগ হ'ব। ৰজা আৰু মন্ত্ৰয়ে মিলি বুদ্ধি এটা পাঙিলে।সেইমতেই ৰাতিটোৰ ভিতৰতে ৰাজ্যৰ দক্ষিণ দিশত কিছু ৰূপৰ মুদ্ৰা সিঁচি থৈ আহিল।ৰাতিপুৱাৰ লগে লগে ঢোল পিটি প্ৰচাৰ কৰিলে যে ৰজাই ৰাতি সপোনত দেখিছে ৰাজ্যৰ দক্ষিণ দিশত বহু টকা সিঁচৰতি হৈ পৰি আছে।হোজা প্ৰজাই সেইফালে যাত্ৰা আৰম্ভ কৰিলে।পিছে ৰাজ্যত কিছু জ্ঞানী মানুহো আছিল।সিহঁতে সেইফালে নগৈ ৰজাৰ সমালোচনা কৰি মানুহক বাধা দিবলৈ চেষ্টা কৰাত লাগিল।চতুৰ ৰজা মন্ত্ৰীয়েও কম নহয়।সিহঁতে জানিছিল ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰি দিলে সকলোৰে বিবেকশূণ্য হৈ পৰিব।সেইমতেই আৰম্ভ কৰিলে ধৰ্মৰ নামত উন্মাদনা। লাগি গল সিহঁতৰ মাজত কাজিয়া।তাৰ মাজতেও দুই এজনৰ সুক্ষ্ম বিচাৰ বুদ্ধিৰ আছিল।সিহঁতে ৰজা মন্ত্ৰীৰ বুদ্ধি বুজিব পাৰি ঘটনাটো পোহৰত আনিব বিচাৰতেই সিহঁতক ৰাষ্ট্ৰদ্ৰোহৰ নামত কাৰাবন্দী কৰা হ'ল। তেতিয়া ৰজা নিষ্কণ্টক হৈ পৰিল আৰু ৰাতিৰ ভিতৰতে সোণৰ মূদ্ৰাৰ কলহ বিলাক কঢ়িয়াই আনি ৰাজ ভড়াল পোৱালেহি ।মহা আনন্দত ৰজা শান্তিৰে টোপনি গল ।
সমাপ্ত
: :তোৰ সাধুটো অতীতৰ হ'লেও এই সময়ৰ সৈতে মিলি গৈছে।আমি যি উদ্দেশ্যে আদিৰ পৰা বৰ্তমানলৈ মানুবোৰে খোজ কাঢ়ি আছো,সেয়া আজিও অপ্ৰাপ্তি হৈয়ে ৰ'ল।আমি পোহৰৰ দিশৰ সলনি উদ্দেশ্যবিহীন ভাবে আন্ধাৰৰ দিশেই খোজবোৰ আগবঢ়াই আছো।কাৰণ আমি এতিয়াও অন্ধহৈ থাকিলোঁ। সময়ৰ লগে লগে নিজৰ চকু মেলিবৰ চেষ্টা নকৰিলোঁ‌।প্ৰকৃততে জীৱনৰ উদ্দেশ্য পোহৰ হ'ব লাগে।সেয়া উপলব্ধি কৰাৰ শক্তি আমি অৰ্জন কৰিব নোৱাৰিলোঁ‌।অথচ আমি জীৱশ্ৰেষ্ট বুলি দাবী কৰোঁ‌।
:তই ঠিকে কৈছ,আমি নিজকে প্ৰগতিশীল বুলি দাবি কৰিলেও প্ৰকৃততে আমি অতীতৰ অন্ধকাৰ যুগতে আছোঁ‌। মানুহ আধুনিক হ'ল ঠিকেই ;মন মানসিকতা আধুনিক নহ'ল।কাৰণ বৰ্তমান আধুনিকৰাৰ সংজ্ঞা ধন সম্পত্তি,চলন ফিৰন,পিন্ধা উৰা আদিক বুজায়। শিক্ষিতৰ হাৰ বাঢ়িল কিন্তু শিক্ষাৰ মানদণ্ড নোহোৱা হৈ পৰিল।শিক্ষক হিচাপে হয়তো আমিয়েই দায়ী কাৰণ আমি শিক্ষক সমাজেই হয়তো নতুন প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰিলোঁ‌।
:এৰা!এইবোৰ ভাবিলে মনটো দুখেৰে ভৰি পৰে।আগে পৰে বাদ দে ;এই সংকটৰ সময়তো এনে সাম্প্ৰদায়িকতা বিয়পিব বুলি কল্পনাই কৰা নাছিলো। এনে মনোভাৱ হৈ থাকিলে লকডাউন খোলাৰ পিছতো ইয়াৰ ক্ষীণ প্ৰৱাহ এটা তলে তলে যে বৈ থাকিব সেইটো ধূৰূপ ।
: সেই পৰিস্থিতি কৰিবলৈ চেষ্টা কৰি আছে।অতীতৰে পৰা আমাৰ পূৰ্বপুৰুষে গঢ়ি তোলা সাতাম-পুৰুষীয়া ঐক্যতাৰ সাঁকোখন ভাঙি যোৱাৰ উপক্ৰম হৈছে।তথাপিও চিন্তা নকৰিবি আমি জীয়াই থকালৈ সাঁকোখন মেৰামতি কৰি গৈ থাকিম।
:সেই সাঁকোৰে উত্তৰপুৰুষ আহিব নে?
:আহিব আহিব,তোৰ মোৰ দৰে দুজন হলেও আহিব।সমাজত সেই দুজন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আহিব।আৰু যিদিনা অহা বন্ধ হ'ব সেইদিনাই পৃথিৱী ধ্বংস হ'ব।
:তই দেখোন জ্যোতিষীৰ দৰে ভবিষ্যতবানী কৰিলি ।এই বন্ধত নতুনকৈ জ্যোতিষী শিকিলি নেকি?- আবিদ মাষ্টৰে ধেমালিৰ সুৰত ক'লে। ইমান সময় গাম্ভীৰ্য হৈ থকা পৰিৱেশ কিছু পাতলিল।দুয়ো হাঁ‌হিলে।
:কেতিয়াবা শিকিবও লাগে।আৰু এটা কথা ভাবিছোঁ‌,বেছি ভাল নালাগিলে সন্যাস লৈ গুচি যাম হিমালয়লৈ।অন্তত ইহঁতৰ ধৰ্ম ধৰ্ম খেলখন দেখাৰ পৰা মুক্ত হ'ম। শৰ্মাই হাঁ‌হি হাঁ‌হি ধেমেলীয়া সুৰত কথাবোৰ কৈ গৈছে যদিও আবিদ মাষ্টৰে বুজি উঠিছে তেওঁ‌ৰ কথাৰ মাজত লুকাই থকা গাভীৰ দুখবোধৰ কথা।তথাপিও কথা পাতলাবলৈ ক'লে- মোকো তোৰ লগতে লৈ যাবি তেন্তে, অন্তত: দেখিবলৈ পাম গুৰৰ বস্তাহেন পেটটো লৈ ধুতি কূৰ্তা পিন্ধা মানুহজন লেঙটিডাল মাৰিলে কেনে দেখি।দুয়ো উচ্চ স্বৰে হাঁ‌হিবলৈ ধৰিলে।
:এই বয়সত ডেকা ল'ৰাৰ দৰে এইবোৰ কথা পাতিব লাগেনে?জানোঁ‌ আজি কিনো ভূতে ধৰিলে। হাঁ‌হি হাঁ‌হি গলি পৰিছে।- মাজতে ঘৈণীয়েকে মুখতে ভোৰভৰালে। ঘৈণীয়েকৰ ভোৰভৰণি আহি তেওঁৰ কাণত পৰাত মবাইলটো কানত ধৰিয়েই হাঁহি হাঁ‌হি ঘৈণীয়েকক উদ্দেশ্য কৰি কলে-
:আমাৰ মন চেঙেলীয়া হৈয়েই আছে যে তাত তোমাৰ সন্দেহ আছে নেকি?
:হুহ!- ঘৈণীয়েকে মুখখন বিশেষ ভংগিমাৰে আনফালে ঘূৰালে।লগে লগে আবিদে আকৌ শৰ্মাৰ উদ্দেশ্যে কলে
:তোৰ মিতিনিয়ে কৈ আছে আমি বোলে বুঢ়া হৈছোঁ‌।
:মিতিনিক কৈ দে আমাৰ মন এতিয়াও চেঙেলীয়া হৈয়ে আছে ,অৱশ্যে তই ঘৰত বুঢ়া দৰে থাক হ'বলা,নহলেনো কয়নে? -তেওঁ‌ হাঁ‌হি হাঁহি কৈ কিছু গম্ভীৰ হ'ল। ক্ষন্তেক ৰৈ আকৌ কবলৈ ধৰিলে-
:আজি কিমান দিনৰ মূৰত এনেকৈ হাঁ‌হিবলৈ সময় পালোঁ‌,ব্যস্ততাপূৰ্ণ জীৱনত সকলো পাহৰি আছিলোঁ‌। হাঁ‌হিবলৈএনে মুকলি পৰিৱেশো পোৱা নাছিলোঁ‌।
আজিকালি ল'ৰাবোৰৰ মন সংকীৰ্ণ ,মন খুলি হাঁহিব নাজানে।আমাৰ মন চিৰ সেউজ,চিৰ উজ্বল।
:ঠিকে কৈছ।পিছে এতিয়া তোৰ দুখৰ কাৰণটো ক।
:ৰ,প্ৰথমে কৰিব ধৰা আলোচনাখিনি শেষ কৰি লও।
লক ডাউনৰ মাজেৰেই ব'হাগ আহিল।কুলিয়ে কুউ কুউ মাতেৰে চৌপাশ মুখৰিত কৰিছে। নানা ফুলৰ সুবাসৰ লগতে কঠাল মুচি,আমৰ মল আদিৰ সুবাস ভৰি পৰিছে চৌপাশ।শুকান ডালত কুঁ‌হিপাত মেলিলে। বিহুৰ উৎসৱ পালন কৰিবলৈ আমি ওলাব নোৱাৰিলেও কিন্তু প্ৰকৃতিয়ে বিহু উৎসৱ পালন কৰি আছে। প্ৰকৃতিয়ে নাচি আছে।গাই আছে।পৰিৱেশ প্ৰদূষণ নহোৱা হৈছে ,শব্দপ্ৰদূষণ নহোৱা হৈছে।আকাশখনলৈ চা আমাৰ তাহানি সময়ৰ প্ৰকৃতিক সৌন্দৰ্য ঘূৰি আহিছে।
খিৰিকীৰে জুমি আকাশৰ ফালে চালে আবিদ মাষ্টৰে।
:ধোৱাহীন নীলা আকাশ ।এইযে আকাখন ,আকাশখনেই একতাৰ নিদৰ্শন।ভাল বেয়া সকলোৰে মূৰৰ ওপৰত ঘৰৰ চালৰ সদৃশ ৰৈ আছে যুগ যুগান্তৰ। কি উদাৰ!
:উদাৰতাই প্ৰকৃতিৰ ধৰ্ম।এই উদাৰতাৰ বহুত নিদৰ্শন আছে।সূৰ্য,গছ,প্ৰকৃতি,বৰষুণ আদি সকলো উদাৰতাৰ প্ৰতীক অথচ আমি জীৱ শ্ৰেষ্ঠ বুলি দাবি কৰা মানৱ জাতি উদাৰ হ'ব নোৱাৰিলোঁ‌।আমাৰ ধৰ্ম উদাৰ নহল।জীয়াই থাকিবলৈ প্ৰকৃতিৰ পৰা সকলো অনুদান লৈ আমি শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি থাকোঁ‌।আচলতে আমাৰ অহংকাৰ কৰিবলৈ কিবা আছে জানোঁ‌?শ্ৰেষ্ঠ ক'বলৈ হ'লে আমি আকাশ,মাটি ,সূৰ্য,গছ আদিক ক'ব লাগিব। সিহঁতক আমি কিমান নিৰ্যাতন কৰিলোঁ‌ তথাপিও সকলো নীৰৱে সহি গৈছে।অথচ আমিবোৰ!
:হয় ও,যি প্ৰকৃতিয়ে আমাক জীৱন দান দি আছিল,তাৰ ওপৰত আমি কিমান অত্যাচাৰ কৰিলোঁ‌।আজি প্ৰকৃতিয়ে দেখুৱাই দিছে নিজৰ শক্তি।নিজৰ বাট নিজে মুকলি কৰি লৈছে।নিজৰ আৱৰণ সোলাইছে। মানুহবোৰ ঘৰত সোমোৱাৰ লগে লগে প্ৰকৃতিয়ে মুক্ত বিচৰণ কৰিছে।আজি পৃথিৱীৰ সকলো কল- কাৰখানা বন্ধ,প্ৰকৃতিও মুক্ত,বতাহো মুক্ত ।এতিয়া সকলোয়ে মুকুলিকৈ উশাহ ল'ব পাৰিছে।নৈ,চৰাই চিৰিকতি মুক্ত মনে উৰিছে,গাইছে।বনৰ পশুবোৰ মুক্তমনে বিচৰণ কৰি আছে।কিমান মনোগ্ৰাহী হৈছে পৃথিৱীখন। যেন অজান শক্তিয়ে নিচুকণি গীত গাই
পৃথিৱীখনক নিচুকাইছে।
:এতিয়া ফোন ৰাখিছোঁ‌,কথাবোৰ ভাবি চাচোন।তাৰ পিছত ফোন কৰিবি।
আজি বিহু বিহু, কালি
বিহু বিহু, নাহৰ ফুল ফুলিবৰ বতৰ. . . .৷”
বিহুনামটো গুনগুনাই শৰ্মাই ফোনৰ লাইন কাটি দিলে।
ফোনৰ লাইন কাটি দিয়াত আবিদ মাষ্টৰৰ মুখ ভাবগধুৰ দেখা গ'ল।মুহূৰ্তৰ ভিতৰতে আকৌ মুখৰ ভাৱ পৰিবৰ্তন হ'ল।লগে লগে আকৌ শৰ্মাৰ নম্বৰ ডায়েল কৰিলে . . . .।
------------------- ------------------









Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)