সন্ধানহীন














মোৰ মাজত মোক বিচাৰি পোৱা নাই
কিছুদিনৰ পৰা সন্ধানহীন হৈ আছে
বহুদিন আগতে মাজৰাতি
উজাগৰে সপোন দেখিছিল
কংক্ৰিটৰ চহৰত প্ৰেমৰ বৃক্ষ হোৱাৰ
বালিচাপৰিৰ মাজৰে নৈ হৈ বৈ যোৱাৰ

হঠাৎ জানো কি হ'ল!
এনে দুৰ্দিনত পলাই গল
মোক বিচাৰি বিজ্ঞাপন এটাও দিছিলোঁ‌
কোনোবাই খবৰ দিলে
দূৰ এক আপোন পৃথিৱীৰ গোন্ধত
পানীপৰুৱাৰ দৰে শ্ৰমিকৰ মিচিলত
খোজ কাঢ়ি আছোঁ‌

বতাহবেগে গৈ দেখিলোঁ‌
শ্ৰমিকৰ ভৰিৰ পানীজোলাৰ ৰক্তপুঞ্জই
লিখি গৈছে বঞ্চনাৰ ইতিহাস
সিহঁতে হাতে গঢ়া চহৰখনে
আভিজাত্যৰ পোচাক পিন্ধিছে
ৰাজতন্ত্ৰই বহি বহি বীণা বজাইছে

মূৰত বোজা কোলাত শিশু লৈ
পৃথিৱী এটিয়ে দিগন্তলৈ যাত্ৰা কৰি থাকোতেই
সম্ভ্ৰান্ত চহৰৰ চাৰ্টাৰ্ড ফ্লাইট পাৰ হৈ গল
অসহায় চাৱনিবোৰ আকাশৰ বহ্নিত জ্বলিল

সিহঁতৰ ক্লান্ত চাৱনিত দগ্ধ হৈ থকা মোক
বস্তাত মেৰিয়াই লৈ আনিলো
কেতিয়া যে পলাই গল!

মাজৰাতি খবৰ পালোঁ‌
ভিক্ষাৰীৰ লগত ফুটপাথত শুই আছে
খালী উদৰ লৈ নিদ্ৰাহীনতাত চটফটাইছে
অন্ধকাৰ বাটেৰে গৈ টানি চোচৰাই আনি
'উনিচম'খুৱাই শুৱাই দিলোঁ‌

ৰাতিপুৱাৰ ব্ৰেকিং নিউজ
খাদ্যৰ অভাৱত ভিক্ষাৰীৰ মৃত্যু হৈছে
মৰা মাছৰ দৰে অসহায় চকুবোৰত
স্বাধীনতাৰ পতাকাখন উৰি আছে

খবৰটো শুনা মাত্ৰেই দৌৰিলে
মই পিছে পিছে গৈও ধৰিব নোৱাৰিলোঁ‌
এইবাৰ বাতৰিত দেখিলো মোক
ৰাজপথত চাবুকেৰে কোবাই থকা হৈছে
টিভিৰ এঙ্কৰে উদাত্ত কন্ঠে কৈ আছে

এয়া আপোনালোকৰ সন্মুখত কুখ্যাত অপৰাধী
ক্ষুধাৰ্ত পৃথিৱীৰ খোজ কাঢ়ি যোৱা দেখি
ই মুষ্টিবদ্ধ হাতখন দাঙি
প্ৰাপ্য অধিকাৰ বিচাৰিছে
অন্নৰ দাবীত কাঁ‌হীখন আগবঢ়াই দিছে
ইমান সাহস!

মই দৌৰি গৈ ৰাজপথৰ মাজত দেখিলোঁ‌
কাঁ‌হীৰ টুকুৰাবোৰত ভাৰতৰ মেপখন
থৰ থৰকৈ কপি আছে
কাষত এখন পৃথিৱীৰ মৃতদেহ
আৰু দাসত্বৰ শৃঙ্খলত বন্দী
মোৰ ৰক্তাক্ত দেহ

মই মোক কান্ধত তুলি লৈ আহি
কফিনত ভৰাই থলো মোক
মাজৰাতি প্ৰলাপ বকি থকা শুনিলো
গণতন্ত্ৰ এডাল চাবুক
আমাৰ ঘামবোৰ ৰাষ্ট্ৰ
আমাৰ তেজবোৰ সাম্যবাদ
ভাৰত নিৰ্মাণ চলি আছে
ভাৰতৰ পিন্ধনত ফটা কাপোৰ, ফটা গেঞ্জি. . .।

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)