শেহতীয়া লেখা

কামিজ





গাড়ীৰ পৰা নামিয়েই দোকানবোৰৰ সন্মুখত আয়শাই অলপ থতমত খালে৷ বহুদিন হ’ল বজাৰ নকৰা, একপ্ৰকাৰ কবলৈ গ’লে তিনি চাৰি বছৰৰ পৰা বজাৰ কৰিবলৈ এৰি দিছে আয়শাই৷ এতিয়া আকৌ ককালৰ বিষটোয়ে মাজে মাজে আয়শাক বিৰক্তি কৰে৷ তাৰোপৰি বৰ্তমান কাশ্মিৰৰ পৰিস্থিতিও ভাল নহয়৷ কাৰ গুলিত কাৰ নাম লিখা থাকে ঠিক নাই ৷ ঘৰৰ পৰা ওলালে আকৌ ঘৰত সশৰীৰে ঘূৰি যাব পাৰিব নে নাই তাৰ কোনো ঠিক নাই, তথাপি নিজৰ মনৰ তাগিদাত আজি বজাৰ কৰিবলৈ আহিছে৷ বাছৰ পৰা নামিয়েই আয়শাই লক্ষ্য কৰিলে এই কেইবছৰত বজাৰৰ বহুখিনি পৰিবৰ্তন হৈছে৷ পুৰণি দোকানবোৰৰ মাজে মাজে নতুন দোকান কিছুমানৰ জাক জমকতাত বাৰুকৈয়ে চকুত চমক লগায়৷ সেই চমকে মানুহক টানিলৈ যায় দোকানলৈ৷ আয়শাও দুখোজমান দি আকৌ ৰৈ গ’ল৷

 ‘অচিনাকি দোকানিবোৰে যদি ঠগন দিয়ে? দাম বেচিকৈ লয় যদি?’ নিজকে নিজে প্ৰশ্ন কৰি আয়শাই আকৌ পিছুৱাই গ’ল চিনাকি দোকান এখন বিচাৰি৷ দৃষ্টি ঘূৰাই থাকোতে পুৰণি চিনাকী ঠাইত চিনাকি দোকান এখন বিচাৰি পালে৷ এইখন দোকানো উন্নত কৰিছে৷ সু-সজ্জিত গ্লাছ- শ্বকেজেৰে নানা ৰঙৰ কাপোৰ ওলমাই ৰাখিছে৷ দোকানীজনক নেদেখা হ’লে চিনাকি দোকান নহয় বুলি কিজানি ঘূৰিয়েই আহিলহেঁতেন আয়শাই৷ আগৰ দৰে কলা ফ্ৰেমৰ চচমা পিন্ধা ইমতিয়াজ আলি নামৰ দোকানি জনক কাউন্টাৰত দেখিহে চিনিব পাৰিলে আগৰ দোকানখনেই বুলি৷ মাত্ৰ পৰিবৰ্তন হৈছে কিছু৷ চিনাকি দোকানখন পাই আয়শাই কিছু আশ্বস্ত হ’ল, তথাপিও মনত হুৱাদুৱা৷ ইমান ভিৰৰ মাজত দোকানিয়ে তাইক চিনি পাবতো? তাকো ইমান দিনৰ মূৰত? তাতে বিষে তাইক জুৰুলা কৰিছে৷ মুখৰ চামৰাবোৰ কিছু কোচ খাই আহিছে ৷ আগৰ দৰে ভৰি দুখনতো শক্তি নাই৷

 সংকোচ মনেৰেই আয়শাই সোমাই গ’ল৷ তাইক দেখিয়েই কাউন্টাৰত বহি থকা দোকানৰ মালিকজনে হাঁহিৰে সম্ভাষণ জনালে৷ আয়শাই ঠিক ঠাৱৰ কৰিব নোৱাৰিলে সেই হাঁহি দোকানিবোৰৰ স্বভাৱগত হাঁহি নে তাইক চিনিব পৰা বাবে হাঁহিছে৷ দোকানিবোৰেও বা কিমান মানুহক মনত ৰাখিব! এসময়ত আয়শাও নিয়মিত গ্ৰাহক আছিল এই দোকানৰ৷ ল’ৰা ছোৱালী পৰা আৰম্ভ কৰি নিজৰ কাপোৰো এইখন দোকানৰ পৰাই লৈছে৷ এই কেইবছৰতে পাহৰি যাবনে? আয়শাই ভিতৰলৈ সোমাই পিছফালে ঘূৰি দেখিলে৷

 দোকানিজনে দোকানত সমোৱা সকলোকে হাঁহিৰে সম্ভাষণ জনাই আছে৷ তাইৰ বুকুত খুদুৱনি, যদি ঠক দিয়ে৷ নাই নাই এয়া এক বিশ্বাস যোগ্য বহু পুৰনি প্ৰতিষ্ঠান৷ তাই মনত সাহস কৰি ভিতৰলৈ গৈ কাপোৰ দেখুৱা ল’ৰা এজনক ভাল দামী কামিজ এটা দেখুৱাব কলে৷ চাইজ সুধাত দোকানৰে আৰু এজন ল’ৰা দেখুৱাই দিলে সেই জোখমতে দিবলৈ৷ ল’ৰাজনে বহুকেইটা কামিজ দেখুৱাৰ পিছত এটা বগা ৰঙৰ কামিজ পছন্দ কৰিলে৷ 



কামিজটোত সুতা আৰু মতিৰ কাম কৰা আছে৷ পেন্ট আৰু দুপাট্টাৰ কাপোৰ ভাল মসৃণ৷ আয়শাই দামদৰ কৰি কামিজটো কিনিলে কিন্তু মনত খুদুৱনী সৃষ্টি হ’ল৷ দোকানিজনক আগৰ নিয়মীয়া গ্ৰাহক বুলি চিনাকি দি ওলপমান দাম কমাবলৈ কলে যদিও দোকানিজনে উত্তৰ দিলে ‘ বাইদেউ বৰ্তমান সকলো বস্তুৰ দাম বাঢ়ি গৈছে জানেনে? আমাৰো উপায় নাই, প্ৰায় কিনা দৰতে দিছোঁ৷ আপোনাৰ লোকচান হোৱা নাই৷ বেচ ভাল কামিজ এটাই পছন্দ কৰিছে আপুনি, ব্ৰোন্ডেড হয় আৰু আপুনি আমাৰ পুৰণা কাষ্টমাৰ, আপোনাৰ পৰা বেচি লমনে? আপুনি নিচিন্তে লৈ যাওঁক৷’

আয়শাই কামিজটো কিনি দোকানৰ পৰা ওলাল৷ তাইৰ মনৰ খুদুৱনি মাৰ নগল৷ মনত লাগিয়ে থাকিল কামিজটো লৈ লোকচান হোৱা নাইতো? কিন্তু দোকানীজনৰ সতে কথা পাতি মানুহজনে ছলাহী কথা কৈ তাইক ঠগোৱা নাই যেনেই লাগিছে৷ মানুহজন বেচ ভদ্ৰ৷ আগতেও বহুবাৰ দোকানত আহিছে, কেতিয়াও বেয়া ব্যৱহাৰ পোৱা নাই৷ এবাৰ এই দোকানখনলৈ আহোতে তাইৰ চেন্ডেলযোৰ চিঙি গৈছিল৷ তেতিয়া দোকানীজনে দেখা পাই তাইক বহিবলৈ কৈ দোকানৰ লৰা এজনৰ হতোৱাই আঠা আনি দিছিল৷ তাৰ পিছত চেন্ডেল ঠিক কৰিহে দোকানৰ পৰা ওলাইছিল৷ সেয়া কমেও পোন্ধৰ বছৰ হ’ল৷ তেতিয়া ল’ৰাৰ বয়স মাত্ৰ দহ-এঘাৰ বছৰ আৰু ছোৱালীজনীৰ পাঁচ বছৰ৷ দুয়োকে লগত লৈ গৈছিল বজাৰ কৰিবলৈ৷ অৱশ্যে সেই দোকানত প্ৰথম প্ৰৱেশ তাৰ বহু আগতেই হৈছিল, লৰাৰ বয়স যেতিয়া সাত বছৰ তেতিয়া আয়শাৰ স্বামী ভাৰত পাকিস্থানৰ যুদ্ধত শ্বহীদ হৈছে৷ আয়শাৰ স্বামী কাশ্মিৰ পুলিচ আছিল৷ স্বামী পৰলোক হোৱাৰে পৰা আয়শাই নিজে বজাৰ কৰি ঘৰখন চলাইছিল৷ গতিকে বজাৰ কাপোৰ কানি কিনিবলৈ এই দোকানতে আহিছিল৷ ভীৰ কম থাকিলে কেতিয়াবা আলাপ আলোচনাও কৰিছিল বিভিন্ন বিষয়ৰ ওপৰত৷ 

আজি তাইৰ পৰিচয় পাই কিছু কথাও পাতিলে৷ আয়শাই জনালে আগৰ সেই দুখৰ দিন গ’ল৷ ল’ৰা ডাঙৰ হৈছে৷ সিও দেউতাকৰ দৰে কাশ্মীৰ পুলিচৰ যোগদানৰ এপইন্টমেন্ট পাইছে৷ এই ঈদৰ পিছতে গুচি যাব ট্ৰেনিং লবলৈ ৷ আয়শাই গৰ্বৰে দোকানীজনক জনোৱাত দোকানীজনে আনন্দ প্ৰকাশ কৰিলে৷ কথা পাতি তাইৰ সন্দেহ কিছু কমিলে৷ মনত সাহস পালে৷

  কামিজটো পুতেকৰ বাবেই লৈছে আয়শাই৷ পুৰা পাঁচ হাজাৰ টকা দি কিনিলে৷ ইমান দাম দি কামিজটো কিনিব নালাগিছিল নেকি? ইমান দামি কাপোৰ আজিলৈকে কিনা নাই কেতিয়াও৷ এক দেৰ হাজাৰ টকাৰেই তিনিজনৰ কাপোৰ হৈ গৈছিল৷ আৰু এতিয়া পাঁচ হাজাৰত এজনৰ কাপোৰ৷ ল’ৰাই যদি কয় মা তোমাক দোকানীয়ে ঠগ দিছে৷ কাপোৰটোও ভাল নহয় –তেতিয়া!!!! নাই নাই দোকানিজনে কৈছে কাপোৰ বৰ ভাল৷ তাই দোকানৰ পৰা ওলোৱাৰ লগে লগে মেকুৰি এটা আয়শাৰ সন্মুখেৰে গৈ গাড়ীৰ চকাৰ তলত পৰি চাৰিওফালে তেজ চিটিকি পৰিল৷ আয়শাৰ ভৰি এখোজ পিছুৱাই গ’ল, চিঞৰি উঠিল ‘ ইয়া আল্লাহ’৷
 চকুৰ সন্মুখত এনে দৃশ্য দেখি আয়শাৰ মূৰ ঘূৰালে ৷ বাটৰ কাষতে বহি থকা বৃদ্ধ ভক্ষাৰীজনে চিঞৰিলে-ঘোৰ বিপদ, ঘোৰ বিপদ৷ তোৰ আচঁলৰ টুকুৰা চিঙিল৷ ভিক্ষাৰীজনে আয়শাৰ কাষত আহি তাইকে উদ্দ্যেশ্য কৰি চিঞৰিলে৷ ভিক্ষাৰীজনৰ এনে উগ্ৰতা দেখি তাইৰ কলিজাৰ পানী শুকাই গ’ল৷ কি কয় এইবোৰ ভিক্ষাৰীজনে? তাইৰ কি বিপদ হ’ব পাৰে৷ তাইৰ বিপদৰ দিন উকলিল এতিয়া সুখৰ দিন আহি আছে৷ কথাষাৰ চিঞৰি ভিক্ষাৰীজনক কবৰ মন গ’ল তাইৰ৷ এনেতে কাষৰ থকা পান দোকানী এজনে কলে- বাইদেউ তাৰ কথাত মন নিদিব৷ এইজন পাগল যি মুখত আহি তাকে কয়৷ পান দোকানীজনে তাইৰ অৱস্থা বুজি এনেকৈ কলে নে আচলতে মানুহজন পাগল৷ পাগলে হ’ব নহলে এনেকৈ কয়নে? আয়শাই কেৰাহীকৈ মানুহজনৰ পিনে এবাৰ ঘূৰি চালে৷ মানুহজনৰ ফটা মলিয়ন হলৌ- চোলা আবৃত চৰ্মসাৰ হাড়কেইডাল মাথোঁ৷ বগা ৰং ধৰা ধুলি বালি মিশ্ৰিত দীঘল দীঘল দাৰি চুলি৷ ফণিৰ আচোৰ যে তাত বহু বছৰ ধৰি পৰা নাই দেখিলেই বুজা যায়৷ হাত ভৰিৰ চামৰা ধুলি বালিৰে লেতেৰা হৈ আছে৷ মানুহজন এই হাঁহি আছে, এই মন মাৰি নিজে নিজৰ লগত কিবা কিবি কৈ আছে৷ খন্তেক মূহূৰ্তৰ বাবে আয়শাই সকলো পাহৰি গ’ল৷ বেগৰ পৰা খুচুৰা দহ টকা ওলিয়াই দিবলৈ বিচাৰোতেই দেখিলে মানুহজন তাৰ পৰা আতৰি গৈছে৷ টকাটো দিব নোৱাৰি মনত ওলপ বেয়া লাগিল৷
 আয়শাই মনে মনে ভাবিলে ইমানবোৰ মানুহৰ মাজত এনে এজন মানুহ অসহায় অৱস্থাত ঘূৰি আছে কোনেও নেদেখে নে? এজনো আগবাঢ়ি আহিব নোৱাৰে নে সহায় কৰিবলৈ? এই চহৰখনত টকা থকা মানুহ কম পৰিছেনে? কৌটিপতি মানুহো আছে বহুত কিন্তু সিহঁতে দামী গাড়ীৰ গ্লাচৰ বাহিৰত একো দেখা নাপায়৷সকলোৱে মাথোঁ টকাৰ পাগল৷ আমি ভদ্ৰ মানুহ বুলি কোৱা এই পাগলবোৰতকৈ আচলতে সেই পাগলজনেই ভাল৷ মানুহজন টকাৰ বাবে পাগল নহয়, য’ত যি পাইছে তাকে খাইছে, য’তে পায় তাতে শুই থাকে৷ যাৰ মনত কোনো ভেদ ভাব নাই , যিয়েই নকওঁক অন্তত সময়ত মাত এষাৰতো দিছে৷ এই চহৰৰ মানুহবোৰৰ দৰে সকলো দেখি অন্ধ মানুহৰ দৰে গুচি যোৱা নাই৷ সেইবোৰ ভাবনা তাতে সামৰি আয়শাই গাড়ীৰ ৰখোৱা ঠাইলৈ যাত্ৰা কৰিলে৷
 সৰু ভেনবোৰত গ’লে সুবিধা হয়, ঘৰৰ কাষত নামিব পাৰি কিন্তু আয়শাই টকাৰ কথা ভাবি গাড়ীৰেই যোৱা ঠিক বুলি ভাবিলে কাৰণ আয়শাৰ হাতত মাত্ৰ বিশ টকা আছে৷ আয়শাই লৰা লৰিকৈ গৈ ঘৰমুৱা বাচত উঠিল৷ বাচখনত বেচি ভিৰ নাই বাবে আয়শাই ইচ্ছামতে খিৰিকীৰ কাষৰ চিটত বহিল৷ আয়শাই বাহিৰলৈ চাই থাকিল- বৰফ আবৃত গছবোৰত ৰ’দ পৰি মনোৰম, নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে৷ ঠায়ে ঠায়ে আখৰট গছবোৰত গুলপীয়া ফুলবোৰ ফুলি আছে৷ ঝিলবোৰত পদুম ফুলবোৰ মলয়া বা লাগি হালি জালি নাচিছে৷ তাৰ মাজত চৰাই চিৰিকতি, নৌকা বিহাৰ৷ পাহাৰবোৰৰ আগবোৰ যেন কোনোবাই বগা ৰেশমী চাদৰ উৰি দিছে৷ সেইবাবেই হয়তো কাশ্মিৰক ভূস্বৰ্গ কোৱা হয়৷এই ভূ-স্বৰ্গৰ আয়শাৰ ঘৰখনত দেখিলে- বৰ ৰূপী লৰাই তাইৰ পৰা আশিৰ্বাদ লৈছে৷ কিছু পিছতে ন-কয়নাৰ লাজুক লাজুক খোজ৷  

 পিছমূহুৰ্ততে আইতা,আইতা… কৈ আগবাঢ়ি অহা সৰু কেছুৱাৰ থুনুক থানাক খোজবোৰ.৷

হঠাৎ গাড়ীৰ হৰ্ণ বজোৱাত চক খাই উঠিল৷ তাৰ মানে তাইৰ চকু জাপ খাইছিল৷ সপোন হ’লেও এদিন দিঠক হ’ব বুলি কথাবোৰ ভাবিয়েই তৃপ্তিৰে হাঁহিলে৷ পিছমূহুৰ্ততে তাইৰ মন আকৌ কামিজলৈ সীমাবদ্ধ হ’ল৷

 এইবোৰ ভাল কম্পানীৰ সেয়েহ দাম বেচি৷ দাম বেচি হ’লে কি হ’ল , ইমান দিনৰ মূৰত এযোৰ কাপোৰ উপহাৰ দিব তাতে ইমান ভাবিব লাগেনে? ল’ৰাই পছন্দ কৰিলেই হ’ল৷ সৰুৰে পৰা মাক আৰু ভনীয়েক, আইতাকৰ বাবে কষ্ট কৰি আছে৷ নিজৰ পছন্দমতে এটাও দামি কাপোৰ লোৱা নাই৷ ঘৰখনৰ বাবে বহু কষ্ট কৰিলে সি৷ কাপোৰ যোৰ চাই তাৰ মনৰ আনন্দ দেখি আয়শাৰ মনে শান্তি পাব৷ কিমান দিনৰ পৰা ঘৰৰ খৰচ ৰাহি কৰি কৰি টকা কেইটা গোটাইছে৷ টকাটো বেচি নহয় ইমান দিনে আইতাৰ বেমাৰ আৰু আৰ্থিক দূৰ অৱস্থাত শুকাই যোৱা ওঁঠত অন্তত আজি অলপ হাঁহি খেলিব ৷ কথাবোৰ মনতে ভাবি থাকোতেই গাড়ীৰ হেন্দিমেনে চিঞৰিলে- আগত নামিবলগীয়া কোনে কোন আছে ওলাই আহক সোনকালে৷ আয়শাই কামিজৰ মোনাখন ভালকৈ যতনাই ধৰিলে৷ সন্মুখৰ ফালে বহি থকা বাবে আয়শাই গাড়ী ৰোৱালৈ অপেক্ষা কৰিল৷ বয়সো বাঢ়ি গৈছে, এতিয়া আৰু আগৰ শক্তি নাই৷ হাই প্ৰেচাৰেও দেহত ঘৰ কৰি লৈছে৷গাড়ীৰ ব্ৰেক লগোৱাৰ লগে লগে যদি পৰি যায় হাত ভাঙি গলে বিপদ৷

‘ খুঢ়ী আপুনি চাগে নামিব, মই উঠি দিওঁ আপুনি ওলাই আহক৷’- কৈ আয়শাৰ কাষত বহি অহা অচিনাকি যুবকজনে উঠিবলৈ ললে৷হয়তো ভাবিলে তাৰ কাৰণেই উঠিব পৰা নাই৷‘নাই নাই, বহা৷ গাড়ীখন ৰখিব দিয়া৷’

আয়শাই কামিজযোৰৰ বিষয়ে লৰাজনক সুধিব বিচাৰি আকৌ ৰৈ গ’ল৷ এনেকৈ দামৰ বিষয়ে সুধিলে আকৌ কি যেভাবিব! ভদ্ৰ যেন লাগিলেও অচিনাকি লৰা৷
আয়শাই সুধিম নুসুধিম কৰি থোকোতেই গন্তব্য স্থানত গাড়ীখন ৰখালে৷কামিজৰ মোনাখন ভালকৈ ধৰি আয়শাই গাড়ীৰ পৰা নামিল৷ আয়শাৰ মন উৎফুল্লিত কাৰণ আৰু অলপ সময় পিছতে কামিজটো লৰাৰ হাতত দিবগৈ,তাতে দোকানীয়ে কামিজযোৰ ব্ৰান্ডেট বুলি কৈছে ৷

আয়শাই গাড়ীৰ পৰা নামিয়ে মানুহ কিছুমানৰ হুলুস্থুল দেখা পালে, পৰিবেশ যেন আতঙ্কময়৷ ঠায়ে ঠায়ে পুলিচো ৰৈ আছে৷ কিবা এটা হৈছে, কিন্তু কি? মানুহবোৰৰ মাজত চিনাকি এজনকো নেদেখিলে কথাটোনো কি সুধিবলৈ৷ পিছত ভাবিলে কাশ্মিৰত কিবা নহয় কিবা সদায় ঘটিয়ে থাকে গতিকে আজিও কিবা এটা হৈছে চাগে৷ প্ৰায়েই চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে ধৰ্ণা, প্ৰতিবাদ আদি হৈ থাকে আৰু চৰকাৰ প্ৰশাসনে কঠোৰ হাতে দমন কৰে ব্ৰিটিছৰ দৰে৷ মাজে মাজেই কাশ্মিৰৰ নিৰ্দোষ যুৱকক পাকিস্থানি আতঙ্কবাদী ভবি গুলিয়াই হত্যা কৰে আৰ্মিবোৰে৷ কেতিয়াবা আৰ্মি আৰু পাকিস্থানি আতঙ্কবাদীৰ মাজতো গুলিয়াগুলি,বোমা নিক্ষেপ আদি হৈ থাকে, আজিও তেনেই কিবা হৈছে চাগে৷

 আজি যে কাৰ বুকুৰ কলিজা কাঢ়ি ললে সিহঁতে , ভাবি আয়শাই হুমুনিয়াহ পেলালে৷ আগৰ দৰে আজিও পৰিবেশ লাহে লাহে উত্তপ্ত হৈ পৰিব যেন লাগি আছে৷ আয়শাই ইফাল সিফাল নচোৱাকৈ খোজবোৰ খৰ- খেদা কৰিলে৷ সোনকালে ঘৰ গৈ পালেই ৰক্ষা৷ ল’ৰা ছোৱালীহালে বা কি কৰি আছে৷ তাইক লৈ সিহঁতে চিন্তা কৰি আছে চাগে৷ কথাবোৰ ভাবি আৰু বেগাই খোজ ললে৷ কাউৰীবোৰ ওপৰত কিয়জানো আজি ইমানকৈ কা কা কৰি আছে৷ আয়শাৰ মন শংকিত হলেও সেইবোৰ লৈ ভবাৰ সময় নাই৷ যিমান বাট চমু হৈ আহিছে সিমানে তাইৰ মন উৎফুল্লিত হৈ উঠি আছে৷ কামিজযোৰ হাতত তুলি দিয়াৰ লগে লগে ল’ৰাৰ মুখত যি হাঁহি ফুটি উঠিব সচাঁকৈয়ে সেয়া মাকৰ বুকু আন্দৰে ভৰি পৰিব৷ সৰু হৈ থাকোতে সৰু সৰু বস্তু আনি দিয়াত কিমান আনন্দৰে ভৰি পৰিছিল তাৰ মন৷ তাৰ ৰং চাই মাকেও মনত শান্তি পাইছিল৷ হয় আজিও সি সৰু ল’ৰাৰ দৰে ফূৰ্তি পাব৷ চাপ্ৰাইজ দিয়াৰ উদ্দেশ্যে মনৰ উচ্ছুসতা দবাই ৰাখি ঘৰৰ পদূদিত ভৰি দিলে৷ পদূলিত বহু মানুহৰ সমাগম৷ কি হ’ল একো ধৰিব নোৱাৰি ভিৰ ফালি আগুৱাই গ’ল৷ আয়শালৈ সকলোৰে কৰুণাৰ দৃষ্টি৷ এনেতে জীয়েকে কান্দি কান্দি দৌৰি আহি আয়শাক সাবটি ধৰিলে৷ তাই কান্দোনত ইমান ভাঙি পৰিছে যে ফেঁকুৰি ফেঁকুৰি কি কৈছে একো ধৰিব পৰা নাই৷ কিবা অশুভ ঘটনা যে ঘটিছে সেই অনুমান কৰি আয়শাৰ বুকুত কিবা যেন খুন্দা মাৰি ধৰিলে৷ আয়শাই কিবা কোৱাৰ আগতে ছোৱালীয়ে হাতত ধৰি ঘৰৰ সন্মুখলৈ লৈ গ’ল৷ বগা কাপোৰেৰে ঢকা মুখ উলিয়াই দি থোকাথুকি মাতেৰে কলে আৰ্মিৰ গুলিত দাদা …………..৷

লগে লগে আয়শাই বগা কাপোৰৰ টুকুৰাটো গুচাই দি চিঞৰিলে –‘ তই এইবোৰ কি কৈছ, তাৰ একো হোৱা নাই৷

কৈ মোনাখনৰ পৰা কামিজটো উলিয়াই কলে – চা বাবা তোৰ বাবে মই কামিজ আনিছোঁ ধুনিয়া নহয়নে? এইবাৰ ঈদত এইযোৰ পিন্ধি ঈদৰ নামাজলৈ যাবি৷’

‘ সি আৰু নুঠে বাইদেউ , কপালত যি আছিল তাকে হৈছে, আল্লাহৰ বিধান আমি কোনেও খণ্ডাব নোৱাৰি৷ ধৈৰ্য ধৰক৷’

‘নাই নাই সি উঠিব, তোমালোকে কথা নকবা, গুচি যোৱা৷ মোৰ ল’ৰাই উঠি কামিজযোৰ চাই কিমান আনন্দিত হ’ব মই জানোঁ৷ মই তাৰ কাষতে বহি থাকোঁ উঠালৈকে৷’

আয়শাই ল’ৰাৰ কাষত বহি একে লেঠাৰিয়ে চাই অপেক্ষা কৰি ৰ’ল৷ হাতৰ কামিজযোৰ তেজে তিতা বুকুত লাগি ৰক্তাক্ত হৈ ৰ’ল ……৷















                     কামিজ
গাড়ীৰ পৰা নামিয়েই দোকানবোৰৰ সন্মুখত আয়শাই অলপ থতমত খালে৷ বহুদিন হ’ল বজাৰ নকৰা, একপ্ৰকাৰ কবলৈ গ’লে তিনি চাৰি বছৰৰ পৰা বজাৰ কৰিবলৈ এৰি দিছে আয়শাই৷ এতিয়া আকৌ ককালৰ বিষটোয়ে মাজে মাজে আয়শাক বিৰক্তি কৰে৷ তাৰোপৰি বৰ্তমান কাশ্মিৰৰ পৰিস্থিতিও ভাল নহয়৷ কাৰ গুলিত কাৰ নাম লিখা থাকে ঠিক নাই ৷ ঘৰৰ পৰা ওলালে আকৌ ঘৰত সশৰীৰে ঘূৰি যাব পাৰিব নে নাই তাৰ কোনো ঠিক নাই, তথাপি নিজৰ মনৰ তাগিদাত আজি বজাৰ কৰিবলৈ আহিছে৷ বাছৰ পৰা নামিয়েই আয়শাই লক্ষ্য কৰিলে এই কেইবছৰত বজাৰৰ বহুখিনি পৰিবৰ্তন হৈছে৷ পুৰণি দোকানবোৰৰ মাজে মাজে নতুন দোকান কিছুমানৰ জাক জমকতাত বাৰুকৈয়ে চকুত চমক লগায়৷ সেই চমকে মানুহক টানিলৈ যায় দোকানলৈ৷ আয়শাও দুখোজমান দি আকৌ ৰৈ গ’ল৷
 ‘অচিনাকি দোকানিবোৰে যদি ঠগন দিয়ে? দাম বেচিকৈ লয় যদি?’ নিজকে নিজে প্ৰশ্ন কৰি আয়শাই আকৌ পিছুৱাই গ’ল চিনাকি দোকান এখন বিচাৰি৷ দৃষ্টি ঘূৰাই থাকোতে পুৰণি চিনাকী ঠাইত চিনাকি দোকান এখন বিচাৰি পালে৷ এইখন দোকানো উন্নত কৰিছে৷ সু-সজ্জিত গ্লাছ- শ্বকেজেৰে নানা ৰঙৰ কাপোৰ ওলমাই ৰাখিছে৷ দোকানীজনক নেদেখা হ’লে চিনাকি দোকান নহয় বুলি কিজানি ঘূৰিয়েই আহিলহেঁতেন আয়শাই৷ আগৰ দৰে কলা ফ্ৰেমৰ চচমা পিন্ধা ইমতিয়াজ আলি নামৰ দোকানি জনক কাউন্টাৰত দেখিহে চিনিব পাৰিলে আগৰ দোকানখনেই বুলি৷ মাত্ৰ পৰিবৰ্তন হৈছে কিছু৷ চিনাকি দোকানখন পাই আয়শাই কিছু আশ্বস্ত হ’ল, তথাপিও মনত হুৱাদুৱা৷ ইমান ভিৰৰ মাজত দোকানিয়ে তাইক চিনি পাবতো? তাকো ইমান দিনৰ মূৰত? তাতে বিষে তাইক জুৰুলা কৰিছে৷ মুখৰ চামৰাবোৰ কিছু কোচ খাই আহিছে ৷ আগৰ দৰে ভৰি দুখনতো শক্তি নাই৷ সংকোচ মনেৰেই আয়শাই সোমাই গ’ল৷ তাইক দেখিয়েই কাউন্টাৰত বহি থকা দোকানৰ মালিকজনে হাঁহিৰে সম্ভাষণ জনালে৷ আয়শাই ঠিক ঠাৱৰ কৰিব নোৱাৰিলে সেই হাঁহি দোকানিবোৰৰ স্বভাৱগত হাঁহি নে তাইক চিনিব পৰা বাবে হাঁহিছে৷ দোকানিবোৰেও বা কিমান মানুহক মনত ৰাখিব! এসময়ত আয়শাও নিয়মিত গ্ৰাহক আছিল এই দোকানৰ৷ ল’ৰা ছোৱালী পৰা আৰম্ভ কৰি নিজৰ কাপোৰো এইখন দোকানৰ পৰাই লৈছে৷ এই কেইবছৰতে পাহৰি যাবনে? আয়শাই ভিতৰলৈ সোমাই পিছফালে ঘূৰি দেখিলে৷ দোকানিজনে দোকানত সমোৱা সকলোকে হাঁহিৰে সম্ভাষণ জনাই আছে৷ তাইৰ বুকুত খুদুৱনি, যদি ঠক দিয়ে৷ নাই নাই এয়া এক বিশ্বাস যোগ্য বহু পুৰনি প্ৰতিষ্ঠান৷ তাই মনত সাহস কৰি ভিতৰলৈ গৈ কাপোৰ দেখুৱা ল’ৰা এজনক ভাল দামী কামিজ এটা দেখুৱাব কলে৷ চাইজ সুধাত দোকানৰে আৰু এজন ল’ৰা দেখুৱাই দিলে সেই জোখমতে দিবলৈ৷ ল’ৰাজনে বহুকেইটা কামিজ দেখুৱাৰ পিছত এটা বগা ৰঙৰ কামিজ পছন্দ কৰিলে৷ কামিজটোত সুতা আৰু মতিৰ কাম কৰা আছে৷ পেন্ট আৰু দুপাট্টাৰ কাপোৰ ভাল মসৃণ৷ আয়শাই দামদৰ কৰি কামিজটো কিনিলে কিন্তু মনত খুদুৱনী সৃষ্টি হ’ল৷ দোকানিজনক আগৰ নিয়মীয়া গ্ৰাহক বুলি চিনাকি দি ওলপমান দাম কমাবলৈ কলে যদিও দোকানিজনে উত্তৰ দিলে ‘ বাইদেউ বৰ্তমান সকলো বস্তুৰ দাম বাঢ়ি গৈছে জানেনে? আমাৰো উপায় নাই, প্ৰায় কিনা দৰতে দিছোঁ৷ আপোনাৰ লোকচান হোৱা নাই৷ বেচ ভাল কামিজ এটাই পছন্দ কৰিছে আপুনি, ব্ৰোন্ডেড হয় আৰু আপুনি আমাৰ পুৰণা কাষ্টমাৰ, আপোনাৰ পৰা বেচি লমনে? আপুনি নিচিন্তে লৈ যাওঁক৷’
আয়শাই কামিজটো কিনি দোকানৰ পৰা ওলাল৷ তাইৰ মনৰ খুদুৱনি মাৰ নগল৷ মনত লাগিয়ে থাকিল কামিজটো লৈ লোকচান হোৱা নাইতো? কিন্তু দোকানীজনৰ সতে কথা পাতি মানুহজনে ছলাহী কথা কৈ তাইক ঠগোৱা নাই যেনেই লাগিছে৷ মানুহজন বেচ ভদ্ৰ৷ আগতেও বহুবাৰ দোকানত আহিছে, কেতিয়াও বেয়া ব্যৱহাৰ পোৱা নাই৷ এবাৰ এই দোকানখনলৈ আহোতে তাইৰ চেন্ডেলযোৰ চিঙি গৈছিল৷ তেতিয়া দোকানীজনে দেখা পাই তাইক বহিবলৈ কৈ দোকানৰ লৰা এজনৰ হতোৱাই আঠা আনি দিছিল৷ তাৰ পিছত চেন্ডেল ঠিক কৰিহে দোকানৰ পৰা ওলাইছিল৷ সেয়া কমেও পোন্ধৰ বছৰ হ’ল৷ তেতিয়া ল’ৰাৰ বয়স মাত্ৰ দহ-এঘাৰ বছৰ আৰু ছোৱালীজনীৰ পাঁচ বছৰ৷ দুয়োকে লগত লৈ গৈছিল বজাৰ কৰিবলৈ৷ অৱশ্যে সেই দোকানত প্ৰথম প্ৰৱেশ তাৰ বহু আগতেই হৈছিল, লৰাৰ বয়স যেতিয়া সাত বছৰ তেতিয়া আয়শাৰ স্বামী ভাৰত পাকিস্থানৰ যুদ্ধত শ্বহীদ হৈছে৷ আয়শাৰ স্বামী কাশ্মিৰ পুলিচ আছিল৷ স্বামী পৰলোক হোৱাৰে পৰা আয়শাই নিজে বজাৰ কৰি ঘৰখন চলাইছিল৷ গতিকে বজাৰ কাপোৰ কানি কিনিবলৈ এই দোকানতে আহিছিল৷ ভীৰ কম থাকিলে কেতিয়াবা আলাপ আলোচনাও কৰিছিল বিভিন্ন বিষয়ৰ ওপৰত৷ আজি তাইৰ পৰিচয় পাই কিছু কথাও পাতিলে৷ আয়শাই জনালে আগৰ সেই দুখৰ দিন গ’ল৷ ল’ৰা ডাঙৰ হৈছে৷ সিও দেউতাকৰ দৰে কাশ্মীৰ পুলিচৰ যোগদানৰ এপইন্টমেন্ট পাইছে৷ এই ঈদৰ পিছতে গুচি যাব ট্ৰেনিং লবলৈ ৷ আয়শাই গৰ্বৰে দোকানীজনক জনোৱাত দোকানীজনে আনন্দ প্ৰকাশ কৰিলে৷ কথা পাতি তাইৰ সন্দেহ কিছু কমিলে৷ মনত সাহস পালে৷
  কামিজটো পুতেকৰ বাবেই লৈছে আয়শাই৷ পুৰা পাঁচ হাজাৰ টকা দি কিনিলে৷ ইমান দাম দি কামিজটো কিনিব নালাগিছিল নেকি? ইমান দামি কাপোৰ আজিলৈকে কিনা নাই কেতিয়াও৷ এক দেৰ হাজাৰ টকাৰেই তিনিজনৰ কাপোৰ হৈ গৈছিল৷ আৰু এতিয়া পাঁচ হাজাৰত এজনৰ কাপোৰ৷ ল’ৰাই যদি কয় মা তোমাক দোকানীয়ে ঠগ দিছে৷ কাপোৰটোও ভাল নহয় –তেতিয়া!!!! নাই নাই দোকানিজনে কৈছে কাপোৰ বৰ ভাল৷ তাই দোকানৰ পৰা ওলোৱাৰ লগে লগে মেকুৰি এটা আয়শাৰ সন্মুখেৰে গৈ গাড়ীৰ চকাৰ তলত পৰি চাৰিওফালে তেজ চিটিকি পৰিল৷ আয়শাৰ ভৰি এখোজ পিছুৱাই গ’ল, চিঞৰি উঠিল ‘ ইয়া আল্লাহ’৷ চকুৰ সন্মুখত এনে দৃশ্য দেখি আয়শাৰ মূৰ ঘূৰালে ৷ বাটৰ কাষতে বহি থকা বৃদ্ধ ভক্ষাৰীজনে চিঞৰিলে-ঘোৰ বিপদ, ঘোৰ বিপদ৷ তোৰ আচঁলৰ টুকুৰা চিঙিল৷ ভিক্ষাৰীজনে আয়শাৰ কাষত আহি তাইকে উদ্দ্যেশ্য কৰি চিঞৰিলে৷ ভিক্ষাৰীজনৰ এনে উগ্ৰতা দেখি তাইৰ কলিজাৰ পানী শুকাই গ’ল৷ কি কয় এইবোৰ ভিক্ষাৰীজনে? তাইৰ কি বিপদ হ’ব পাৰে৷ তাইৰ বিপদৰ দিন উকলিল এতিয়া সুখৰ দিন আহি আছে৷ কথাষাৰ চিঞৰি ভিক্ষাৰীজনক কবৰ মন গ’ল তাইৰ৷ এনেতে কাষৰ থকা পান দোকানী এজনে কলে- বাইদেউ তাৰ কথাত মন নিদিব৷ এইজন পাগল যি মুখত আহি তাকে কয়৷ পান দোকানীজনে তাইৰ অৱস্থা বুজি এনেকৈ কলে নে আচলতে মানুহজন পাগল৷ পাগলে হ’ব নহলে এনেকৈ কয়নে? আয়শাই কেৰাহীকৈ মানুহজনৰ পিনে এবাৰ ঘূৰি চালে৷ মানুহজনৰ ফটা মলিয়ন হলৌ- চোলা আবৃত চৰ্মসাৰ হাড়কেইডাল মাথোঁ৷ বগা ৰং ধৰা ধুলি বালি মিশ্ৰিত দীঘল দীঘল দাৰি চুলি৷ ফণিৰ আচোৰ যে তাত বহু বছৰ ধৰি পৰা নাই দেখিলেই বুজা যায়৷ হাত ভৰিৰ চামৰা ধুলি বালিৰে লেতেৰা হৈ আছে৷ মানুহজন এই হাঁহি আছে, এই মন মাৰি নিজে নিজৰ লগত কিবা কিবি কৈ আছে৷ খন্তেক মূহূৰ্তৰ বাবে আয়শাই সকলো পাহৰি গ’ল৷ বেগৰ পৰা খুচুৰা দহ টকা ওলিয়াই দিবলৈ বিচাৰোতেই দেখিলে মানুহজন তাৰ পৰা আতৰি গৈছে৷ টকাটো দিব নোৱাৰি মনত ওলপ বেয়া লাগিল৷ আয়শাই মনে মনে ভাবিলে ইমানবোৰ মানুহৰ মাজত এনে এজন মানুহ অসহায় অৱস্থাত ঘূৰি আছে কোনেও নেদেখে নে? এজনো আগবাঢ়ি আহিব নোৱাৰে নে সহায় কৰিবলৈ? এই চহৰখনত টকা থকা মানুহ কম পৰিছেনে? কৌটিপতি মানুহো আছে বহুত কিন্তু সিহঁতে দামী গাড়ীৰ গ্লাচৰ বাহিৰত একো দেখা নাপায়৷সকলোৱে মাথোঁ টকাৰ পাগল৷ আমি ভদ্ৰ মানুহ বুলি কোৱা এই পাগলবোৰতকৈ আচলতে সেই পাগলজনেই ভাল৷ মানুহজন টকাৰ বাবে পাগল নহয়, য’ত যি পাইছে তাকে খাইছে, য’তে পায় তাতে শুই থাকে৷ যাৰ মনত কোনো ভেদ ভাব নাই , যিয়েই নকওঁক অন্তত সময়ত মাত এষাৰতো দিছে৷ এই চহৰৰ মানুহবোৰৰ দৰে সকলো দেখি অন্ধ মানুহৰ দৰে গুচি যোৱা নাই৷ সেইবোৰ ভাবনা তাতে সামৰি আয়শাই গাড়ীৰ ৰখোৱা ঠাইলৈ যাত্ৰা কৰিলে৷ সৰু ভেনবোৰত গ’লে সুবিধা হয়, ঘৰৰ কাষত নামিব পাৰি কিন্তু আয়শাই টকাৰ কথা ভাবি গাড়ীৰেই যোৱা ঠিক বুলি ভাবিলে কাৰণ আয়শাৰ হাতত মাত্ৰ বিশ টকা আছে৷ আয়শাই লৰা লৰিকৈ গৈ ঘৰমুৱা বাচত উঠিল৷ বাচখনত বেচি ভিৰ নাই বাবে আয়শাই ইচ্ছামতে খিৰিকীৰ কাষৰ চিটত বহিল৷ আয়শাই বাহিৰলৈ চাই থাকিল- বৰফ আবৃত গছবোৰত ৰ’দ পৰি মনোৰম, নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে৷ ঠায়ে ঠায়ে আখৰট গছবোৰত গুলপীয়া ফুলবোৰ ফুলি আছে৷ ঝিলবোৰত পদুম ফুলবোৰ মলয়া বা লাগি হালি জালি নাচিছে৷ তাৰ মাজত চৰাই চিৰিকতি, নৌকা বিহাৰ৷ পাহাৰবোৰৰ আগবোৰ যেন কোনোবাই বগা ৰেশমী চাদৰ উৰি দিছে৷ সেইবাবেই হয়তো কাশ্মিৰক ভূস্বৰ্গ কোৱা হয়৷ 
এই ভূ-স্বৰ্গৰ আয়শাৰ ঘৰখনত দেখিলে- বৰ ৰূপী লৰাই তাইৰ পৰা আশিৰ্বাদ লৈছে৷ কিছু পিছতে ন কয়নাৰ লাজুক লাজুক খোজ৷  
 পিছমূহুৰ্ততে আইতা,আইতা… কৈ আগবাঢ়ি অহা সৰু কেছুৱাৰ থুনুক থানাক খোজবোৰ.৷
হঠাৎ গাড়ীৰ হৰ্ণ বজোৱাত চক খাই উঠিল৷ তাৰ মানে তাইৰ চকু জাপ খাইছিল৷ সপোন হ’লেও এদিন দিঠক হ’ব বুলি কথাবোৰ ভাবিয়েই তৃপ্তিৰে হাঁহিলে৷ পিছমূহুৰ্ততে তাইৰ মন আকৌ কামিজলৈ সীমাবদ্ধ হ’ল৷ 
 এইবোৰ ভাল কম্পানীৰ সেয়েহ দাম বেচি৷ দাম বেচি হ’লে কি হ’ল , ইমান দিনৰ মূৰত এযোৰ কাপোৰ উপহাৰ দিব তাতে ইমান ভাবিব লাগেনে? ল’ৰাই পছন্দ কৰিলেই হ’ল৷ সৰুৰে পৰা মাক আৰু ভনীয়েক, আইতাকৰ বাবে কষ্ট কৰি আছে৷ নিজৰ পছন্দমতে এটাও দামি কাপোৰ লোৱা নাই৷ ঘৰখনৰ বাবে বহু কষ্ট কৰিলে সি৷ কাপোৰ যোৰ চাই তাৰ মনৰ আনন্দ দেখি আয়শাৰ মনে শান্তি পাব৷ কিমান দিনৰ পৰা ঘৰৰ খৰচ ৰাহি কৰি কৰি টকা কেইটা গোটাইছে৷ টকাটো বেচি নহয় ইমান দিনে আইতাৰ বেমাৰ আৰু আৰ্থিক দূৰ অৱস্থাত শুকাই যোৱা ওঁঠত অন্তত আজি অলপ হাঁহি খেলিব ৷ কথাবোৰ মনতে ভাবি থাকোতেই গাড়ীৰ হেন্দিমেনে চিঞৰিলে- আগত নামিবলগীয়া কোনে কোন আছে ওলাই আহক সোনকালে৷ আয়শাই কামিজৰ মোনাখন ভালকৈ যতনাই ধৰিলে৷ সন্মুখৰ ফালে বহি থকা বাবে আয়শাই গাড়ী ৰোৱালৈ অপেক্ষা কৰিল৷ বয়সো বাঢ়ি গৈছে, এতিয়া আৰু আগৰ শক্তি নাই৷ হাই প্ৰেচাৰেও দেহত ঘৰ কৰি লৈছে৷গাড়ীৰ ব্ৰেক লগোৱাৰ লগে লগে যদি পৰি যায় হাত ভাঙি গলে বিপদ৷
‘ খুঢ়ী আপুনি চাগে নামিব, মই উঠি দিওঁ আপুনি ওলাই আহক৷’- কৈ আয়শাৰ কাষত বহি অহা অচিনাকি যুবকজনে উঠিবলৈ ললে৷হয়তো ভাবিলে তাৰ কাৰণেই উঠিব পৰা নাই৷ 
‘নাই নাই, বহা৷ গাড়ীখন ৰখিব দিয়া৷’
আয়শাই কামিজযোৰৰ বিষয়ে লৰাজনক সুধিব বিচাৰি আকৌ ৰৈ গ’ল৷ এনেকৈ দামৰ বিষয়ে সুধিলে আকৌ কি যে ভাবিব! ভদ্ৰ যেন লাগিলেও অচিনাকি লৰা৷
আয়শাই সুধিম নুসুধিম কৰি থোকোতেই গন্তব্য স্থানত গাড়ীখন ৰখালে৷কামিজৰ মোনাখন ভালকৈ ধৰি আয়শাই গাড়ীৰ পৰা নামিল৷ আয়শাৰ মন উৎফুল্লিত কাৰণ আৰু অলপ সময় পিছতে কামিজটো লৰাৰ হাতত দিবগৈ,তাতে দোকানীয়ে কামিজযোৰ ব্ৰান্ডেট বুলি কৈছে ৷ 
আয়শাই গাড়ীৰ পৰা নামিয়ে মানুহ কিছুমানৰ হুলুস্থুল দেখা পালে, পৰিবেশ যেন আতঙ্কময়৷ ঠায়ে ঠায়ে পুলিচো ৰৈ আছে৷ কিবা এটা হৈছে, কিন্তু কি? মানুহবোৰৰ মাজত চিনাকি এজনকো নেদেখিলে কথাটোনো কি সুধিবলৈ৷ পিছত ভাবিলে কাশ্মিৰত কিবা নহয় কিবা সদায় ঘটিয়ে থাকে গতিকে আজিও কিবা এটা হৈছে চাগে৷ প্ৰায়েই চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে ধৰ্ণা, প্ৰতিবাদ আদি হৈ থাকে আৰু চৰকাৰ প্ৰশাসনে কঠোৰ হাতে দমন কৰে ব্ৰিটিছৰ দৰে৷ মাজে মাজেই কাশ্মিৰৰ নিৰ্দোষ যুৱকক পাকিস্থানি আতঙ্কবাদী ভবি গুলিয়াই হত্যা কৰে আৰ্মিবোৰে৷ কেতিয়াবা আৰ্মি আৰু পাকিস্থানি আতঙ্কবাদীৰ মাজতো গুলিয়াগুলি,বোমা নিক্ষেপ আদি হৈ থাকে, আজিও তেনেই কিবা হৈছে যে বাটৰ মানুহৰ আলোচনা কিছু কানত পঢ়িল৷ আজি যে কাৰ বুকুৰ কলিজা কাঢ়ি ললে সিহঁতে , ভাবি আয়শাই হুমুনিয়াহ পেলালে৷ আগৰ দৰে আজিও পৰিবেশ লাহে লাহে উত্তপ্ত হৈ পৰিব যেন লাগি আছে৷ আয়শাই ইফাল সিফাল নচোৱাকৈ খোজবোৰ খৰ- খেদা কৰিলে৷ সোনকালে ঘৰ গৈ পালেই ৰক্ষা৷ ল’ৰা ছোৱালীহালে বা কি কৰি আছে৷ তাইক লৈ সিহঁতে চিন্তা কৰি আছে চাগে৷ কথাবোৰ ভাবি আৰু বেগাই খোজ ললে৷ কাউৰীবোৰ ওপৰত কিয়জানো আজি ইমানকৈ কা কা কৰি আছে৷ আয়শাৰ মন শংকিত হলেও সেইবোৰ লৈ ভবাৰ সময় নাই৷ যিমান বাট চমু হৈ আহিছে সিমানে তাইৰ মন উৎফুল্লিত হৈ উঠি আছে৷ কামিজযোৰ হাতত তুলি দিয়াৰ লগে লগে ল’ৰাৰ মুখত যি হাঁহি ফুটি উঠিব সচাঁকৈয়ে সেয়া মাকৰ বুকু আন্দৰে ভৰি পৰিব৷ সৰু হৈ থাকোতে সৰু সৰু বস্তু আনি দিয়াত কিমান আনন্দৰে ভৰি পৰিছিল তাৰ মন৷ তাৰ ৰং চাই মাকেও মনত শান্তি পাইছিল৷ হয় আজিও সি সৰু ল’ৰাৰ দৰে ফূৰ্তি পাব৷ চাপ্ৰাইজ দিয়াৰ উদ্দেশ্যে মনৰ উচ্ছুসতা দবাই ৰাখি ঘৰৰ পদূদিত ভৰি দিলে৷ পদূলিত বহু মানুহৰ সমাগম৷ কি হ’ল একো ধৰিব নোৱাৰি ভিৰ ফালি আগুৱাই গ’ল৷ আয়শালৈ সকলোৰে কৰুণাৰ দৃষ্টি৷ এনেতে জীয়েকে কান্দি কান্দি দৌৰি আহি আয়শাক সাবটি ধৰিলে৷ তাই কান্দোনত ইমান ভাঙি পৰিছে যে ফেঁকুৰি ফেঁকুৰি কি কৈছে একো ধৰিব পৰা নাই৷ কিবা অশুভ ঘটনা যে ঘটিছে সেই অনুমান কৰি আয়শাৰ বুকুত কিবা যেন খুন্দা মাৰি ধৰিলে৷ আয়শাই কিবা কোৱাৰ আগতে ছোৱালীয়ে হাতত ধৰি ঘৰৰ সন্মুখলৈ লৈ গ’ল৷ বগা কাপোৰেৰে ঢকা মুখ উলিয়াই দি থোকাথুকি মাতেৰে কলে আৰ্মিৰ গুলিত দাদা …………..৷
লগে লগে আয়শাই বগা কাপোৰৰ টুকুৰাটো গুচাই দি চিঞৰিলে –‘ তই এইবোৰ কি কৈছ, তাৰ একো হোৱা নাই৷
কৈ মোনাখনৰ পৰা কামিজটো উলিয়াই কলে – চা বাবা তোৰ বাবে মই কামিজ আনিছোঁ ধুনিয়া নহয়নে? এইবাৰ ঈদত এইযোৰ পিন্ধি ঈদৰ নামাজলৈ যাবি৷’
‘ সি আৰু নুঠে বাইদেউ , কপালত যি আছিল তাকে হৈছে, আল্লাহৰ বিধান আমি কোনেও খণ্ডাব নোৱাৰি৷ ধৈৰ্য ধৰক৷’
‘নাই নাই সি উঠিব, তোমালোকে কথা নকবা, গুচি যোৱা৷ মোৰ ল’ৰাই উঠি কামিজযোৰ চাই কিমান আনন্দিত হ’ব মই জানোঁ৷ মই তাৰ কাষতে বহি থাকোঁ উঠালৈকে৷’ 
আয়শাই ল’ৰাৰ কাষত বহি একে লেঠাৰিয়ে চাই অপেক্ষা কৰি ৰ’ল৷ হাতৰ কামিজযোৰ তেজে তিতা বুকুত লাগি ৰক্তাক্ত হৈ ৰ’ল.....৷