শেহতীয়া লেখা

ইতিহাস
















হঠাৎ মাজৰাতি কোনোবাই
দুৱাৰত টুকুৰিয়াইছিল
দুৱাৰ খুলি দেখিলোঁ‌
সন্মুখত কৰিমন,বচিৰ,আব্দুল
(ইহঁতক কিছুদিন আগতে টিভিৰ
কোনো খৱৰত দেখিছিলোঁ‌ ঠিক মনত নাই)
সিহঁতৰ হাতে হাতে ৰঙা নিচান
আৰু কান্ধত এটাকৈ টোপোলা।
কিহঁ‌ৰ নিচান বুলি সোধাত
আব্দুলে কলে -
দেখা নাই তেজ তিতা লাল নিচান
স্বাধীনতা বিচাৰিছোঁ‌,স্বাধীনতা. ..
মই সুধিলো -টোপোলাটোত কি ?
বচিৰে কলে- টোপোলাত ইতিহাস লৈ ঘূৰিছোঁ‌।
মই-ইতিহাস?
কৰিমন-হয় ইতিহাস,
সেই ৰাতি নেলিত সিহঁতে গাওঁ জ্বলাই
তাত ককাক জীৱন্তে জ্বলাই দিয়া ইতিহাস,
বালাগাৱত হানি খুচি
দেউতাক হত্যা কৰা  ইতিহাস ,
মাটি ভেটি হেৰুৱাই
ডিটেনশ্বন কেম্পত বন্দী মাৰ ইতিহাস
আৰু পুষ্টিহীনতাত মৃত্যু হোৱা
মোৰ ভাতৃৰ ইতিহাস,
আৰু এচুকত আছে
তাহানিৰ ৰেঙনিৰ ৰাজত্বৰ স্মৃতি
যি আমাৰ ওঁ‌ঠৰ দাঁ‌তিত ৰং সানিছিল
তাৰ মছলিন ঔজ্জ্বল্যতাই টোপনি
প্লাৱিত কৰিছিল,
যি আজি আৰু নাই।
সিহঁতে কিছুসময় উচুপিছিল
হঠাৎ বজ্ৰকোঠৰহৈ কৈছিল-
দুখ নকৰিব
সংগ্ৰাম কৰক সংগ্ৰাম
আমাৰ সৈতে আজুৰি আনক
স্বাধীনতাৰ স্বঅভিমান
গাওঁক আমাৰ বিজয়ৰ গান
আমি ফিৰাই আনিম আমাৰ সন্মান,
ক্ৰমে ৰাতি গভীৰ হৈ আহিছিল
পিছৰাতি সিহঁত ৰঙা নিচানটি দি
গুছি গৈছিল শঙ্কাময় বাটেদি . . . .।