শেহতীয়া লেখা

আত্মাৰ উচুপনি

           
          ১

‘মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে……………৷ ধল পুৱাতেই বুলেনৰ মবাইলত ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতৰ ৰিং টন বাজি উঠিল৷ ভাগৰে তাক ফোন ধৰিবলৈ বাধা দিলেও বিবেকে জাগ্ৰত প্ৰহৰী সজাই আগবঢ়াই দিলে৷ বুলেনে শুই থাকি চকু বন্ধ কৰিয়েই ফোন ৰিচিভ কৰিলে৷
: হেল্ল……
আনফালৰ পৰা পুৰুষ কন্ঠ৷ বুলেনে ফোন কাটিয়েই একে জাপে বিচনাৰ পৰা উঠিল৷ উঠিয়ই প্ৰথমে প্ৰদিপক জগাবলৈ মাতিলে৷
: সোনকালে উঠ এফালে যাব লাগে৷
: তোৰ পৰা আৰু ৰক্ষা নাই, জোনৰ পোহৰ মাৰে যোৱাই নাই হ’বলা,কাৰ আকৌ কি বিয়াখন বাজি গ’ল?
: ধেমালিখন নকৰিবিচোন, চুপচাপ উঠি আহ বাটতে কম৷
বুলেনে কৈয়ে আলনাৰ পৰা চাৰ্টটো লৈ বুটাম লগাই লগাই বাহিৰত ওলাই গ’ল৷ প্ৰদিপে ব্ৰাচ কৰিবলৈ বিচাৰিছিল যদিও বুলেনৰ খৰধৰ দেখি সিয়ো সাৰ্ট পিন্ধি কেমেৰাটো হাতত লৈ বুলেনৰ পিছে পিছে ওলাই গ’ল৷ বুলেনে তাৰ আপুৰুগীয়া পুৰণি বাইকখন ভিতৰৰ পৰা উলিয়াই থাকোতে প্ৰদীপে নিজৰ চাৰ্টটো পিন্ধি ললে৷ বুলেনে বাইখন উলিয়াই মৰমৰে মচিবলৈ ধৰিলে৷
: মোক তই ব্ৰাছ কৰিবলৈ নিদিলি আৰু এতিয়া খাটাৰাখনক মৰম কৰিছ, বা বা. ৷-প্ৰদীপে কিছু খং কৰিলে৷
:‘ ঐ ,এই খাটাৰাখনেই আমাক এমুঠি ভাত জোগাৰ কৰাত সহায় কৰি আছে৷’ বাইকখন চাফা কৰি থাকোতেই বুলেনে ক’লে৷ বাইকখন বহু পুৰণা হৈছে যদিও বুলেনৰ বাইকখনৰ প্ৰতি বেচ দৰদ৷ সদায় কিছুসময় বাইকখন চাফা কৰাত লাগি যায়৷ বাইকখনেই তাৰ সম্বল৷ বাইকখনো প্ৰভুভক্তু , প্ৰতিদিনে মাইলৰ পৰ মাইল তাক পিঠিত বহুৱাই ঘূৰি ফূৰে৷ বুলেনে বাইকখন বাহিৰত উলিয়াই ষ্টাৰ্ট দিলে৷ প্ৰদিপে ৰুমৰ তলাটো লগাই দৌৰি গৈ বুলেনৰ পিছফালে বহিলে৷ ৰুমত সিমান দামী কোনো বস্তু বা টকা পইচা একো নাই তথাপিও গুৰুত্বপূৰ্ণ তথ্য কিছু আছে৷ গাঁও হ’লে কথা নাছিল৷ ‘ মা, আহিলো..’ বুলি কলেই হ’ল গ’ল৷ বঙাইগাঁও চহৰত ভাৰা ঘৰ, ইয়াত ওলপ সাবধান হবলৈ বাধ্য৷ বৰ্তমান চহৰৰ অলিয়ে গলিয়ে কিছু ল’ৰাই ডেনড্ৰাইট, হৱাটনাৰ, নিচা জাতীয় টেবলেট আদিৰ কোৰাল গ্ৰাসত পৰি সিহঁত টকাৰ বাবে যিকোনো কাম কৰিবলৈ প্ৰস্তুত হৈ থাকে৷ সিহঁতক ব্যৱহাৰ কৰা মানুহো কম নহয়৷ এইবোৰৰ অবৈধ বেহা বন্ধ কৰিবলৈ বুলেনহঁতে বহুত চেষ্টা কৰিলে কিন্তু একো লাভ নহ’ল৷ চৰকাৰে এইবোৰক নাকি লগাবলৈ একো ব্যৱস্থাই গ্ৰহণ নকৰে৷ তাৰ বাবেই হাজাৰ হাজাৰ শিশু, যুৱক এতিয়া সেই অন্ধকাৰত আৱদ্ধ৷
কুৱলীৰ বুকু ফালি জনশূন্য পথেৰে উৎকট শব্দ কৰি আগবাঢ়ি গৈ থাকিল বাইকখন৷ বাইকৰ শব্দৰ বাহিৰে চৌদিশ নিতাল, জয়াল৷ আকাশত ল’গা আন্ধাৰৰ ৰং এতিয়াও আংশিক ভাবে আছেই৷ যেন কোনোবাই হাতত ইৰেজাৰ লৈ কলা ৰঙবোৰ মুচি মুচি গৈছে আৰু লাহে লাহে উজ্বল পোহৰ ওলাব ধৰিছে৷ সেই অদৃশ্য মায়াজাল সেই অদৃশ্যজনৰে মহিমা৷ যিবোৰ আমাৰ চিন্তা-বুদ্ধিতকৈ বহুত দূৰৈত৷ কিছুদূৰ গৈ ইনটাৰন্যশ্যনাল হাই এৱে পাৰ কৰিয়েই বি.টি.এডিৰ সীমাৰ মাজত সোমাই পৰিল৷ বৰ্তমান যি বি.টি.এডিত দিন দুপৰতে মানুহে যাবলৈ ভয় কৰে৷ কিছুমান অমানুহৰ বাবেই এই বি.এডি. ইতিহাসৰ বুকুত কলঙ্কিত হৈ আহিছে৷ এনে নহয় যে এই ঠাইৰ সকলো মানুহেই বেয়া, কিন্তু এচাম যুৱক ভুল পথেৰে পৰিচালিত হৈ কিডনাপ, হিংসা, হত্যা আদিৰ দৰে জঘন্য কামবোৰ সংঘটিত কৰি আহিছে৷ জলা জুইত ঘিউ ঢলা মানুহো তাকৰীয়া নহয়৷ সুযোগ বুজি গোষ্ঠীগত সঙ্ঘৰ্ষ লগাই দিয়ে৷ সেই জুইত দগ্ধ এতিয়া বি.টি.এডিৰ ভূমি৷ হেজাৰ হেজাৰ মানুহৰ ঘৰ জ্বলাই দিয়া হ’ল, কিমান শিশু,নৰ- নাৰীক হত্যা কৰা হ’ল৷ বিশ্ব দৰবাৰত এই ঠাইখন কলঙ্কিত হৈ ৰ’ল৷ ৰাজনীতি কৰা সকলৰ বাহিৰে কাৰ কি লাভ হ’ল? সিহঁতক কোনে বুজাব যে‘ যুদ্ধই মাথোঁ ধ্বংস মাতি আনে’‘ হিংসাই মাথোঁ হিংসাক খোৰাক যোগায়’৷
 এইখিনি ঠাইতে এনে নিজান-নিতাল পৰিবেশত দুয়ো আগবাঢ়িবলৈ অলপমান শংকিত হৈছিল যদিও অৱশেষত বীৰৰ দৰেই দুয়ো গতি কৰিছিল বুকুত দুৰ্বাৰ সাহস লৈ৷ সিহঁতৰ কামবোৰেই এনেকুৱা, হাতৰ মুঠিত জীৱন লৈ দৌৰিব লাগে৷ সমাজত মানুহৰ মুখা পিন্ধা হিংসুক পশুবোৰৰ লগত প্ৰায়ে সিহঁতৰ মুখামুখি হয়৷ চকু মুদি দৌৰিলে পশুবোৰে ভাল পায়, কিন্তু বুলেন চকু মুদি অন্ধত্বৰ ভাও জুৰা ভকত নহয়৷ সি অতন্দ্ৰ-প্ৰহৰী, জাগ্ৰত, নিৰ্ভীক,সাহসী৷ কোনো প্ৰলভনে তাক টলাব নোৱাৰে৷ সদায় সত্যৰ পক্ষে আগবাঢ়ি যায়৷
বুলেনৰ বাইক তীব্ৰ গতিত আগবাঢ়ি গৈ আছে৷ যিমানে ভিতৰলৈ গৈ আছে সিমানে জয়াল পৰিৱেশ৷ বতাহত পোৰা গাঁওবোৰৰ পৰা উৰি অহা কেঁচা গোন্ধ ৷ ইমান জয়াল পৰিৱেশৰ মাজতো দূৰৈৰ পৰা ভাহি আহিছে শান্তিকামি পাখীৰ ৰুণ৷ সচাঁকৈয়ে জীৱশ্ৰেষ্ঠ  মানুহতকৈ এই চৰাইবোৰেই ভাল৷ ইহঁতক দেখিলেই এনে লাগে পৃথিৱীখন কিমান ধুনীয়া৷ এই দুদিনীয়া পৃথিৱীত এনেকৈযে মানৱতাৰ গীত গাই গাই পাৰ কৰা উচিত৷ কাৰণ মানৱতাই হৈছে মানৱজাতিৰ মূলমন্ত্ৰ৷ সেই মানৱতাকে পৰিহাৰ কৰি মানুহ কেনেকৈ পশুলৈ অৱনমিত হয় সেয়া বুলেনে কাষৰ পৰাই দেখিছে৷ কেইদিনমান আগতে বি.টি.এডিত হোৱা গণ হত্যাৰ গোন্ধ এতিয়াও যোৱা নাই৷ বুলেনে যেন ৰিণি ৰিণি শুনিবলৈ পাইছে সেই অতৃপ্ত আত্মাবোৰৰ উচুপনি৷
এই বাটেৰেই বুলেনহঁতে প্ৰায়ে আহ-যাহ কৰিছিল৷বাটৰ কাষৰ মৃত্যুৰ কিৰিলিয়ে সিহঁতৰ অন্তৰ আত্মা কপাই তুলিছিল৷ মনে মনে ঈশ্বৰৰ ওচৰত প্ৰতিবাদ কৰিছিল৷ মনত গৰলৰ টোপোলা বান্ধি এই মানুহ নামৰ কীটবোৰ কিয় পৃথিৱীত এৰি দিছা নিজৰ মাতৃ-গৰ্ভক কলংকিত কৰিবলৈ? মৃত্যু অমৰ জানিও সভ্যতাৰ ভেটি ভাঙি কিহৰ অৰিয়াঅৰি? জীৱ শ্ৰেষ্ঠ মানুহৰ প্ৰমূল্যবোধ ক’ত হেৰাল?
এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰশ্নবোৰ আকাশলৈ নিক্ষেপ কৰিছিল যদিও এতিয়াও উত্তৰ পোৱা নাই৷ সি জানে এইবোৰ প্ৰশ্নৰ উত্তৰ ঈশ্বৰৰ হাততো নাই ৷
কিছু সময় পিছতে দুয়ো গন্তব্য স্থানত উপস্থিত হ’লগৈ৷ বেলিটিয়ে ভুমুকি মাৰিলে৷চৌদিশ কিছু ফৰকাল হৈছে৷ বাইকৰ পৰাই দেখা পালে বাটৰ কাষতে কিছু মানুহৰ ভীৰ৷ বাইকখন ৰখাই দুয়ো ভিৰ ফালি আগবাঢ়ি গ’ল৷ হঠাৎ স্তব্ধ হ’ল বুলেনৰ খোজ৷ সন্মুখত পৰি আছে কেছুৱাৰে সৈতে এগৰাকী মহিলাৰ নিথৰ শৱদেহ, কিছু আতৰত জাৰ্মানী বনবোৰৰ মাজত  ১৩-১৪ বছৰীয়া কিশোৰী এগৰাকীৰ নিৰ্জীৱ দেহ৷ ধকধকীয়া বগা মুখত দাতৰ আচোৰ, ওঁঠৰ কোণেৰে গোটমৰা তেজৰ নৈ৷ চুলিবোৰ বিশৃঙ্খল ধানখেৰৰ দৰে হৈ আছে৷ উদং দেহটি কোনোবাই ওৰনিৰে ঢাকি দিছে৷ ছোৱালীজলীলৈ চাই এনে লাগে যেন নিস্পাপ দুচকুলৈ নিদ্ৰা নামি আহিছে আৰু কিছুসময় পিছতে তাই সাৰ পাব৷ বুলেনে আগবাঢ়ি গৈ ছোৱালীজনীৰ কাষতে হাঠু কাঢ়ি বহি কপালত হাত থৈ জগাবলৈ চেষ্টা কৰিলে৷ বুলেনৰ দুচকুৰে চকুলো বৈ আহিল৷ কোনো আপোনজনেহে এনেকৈ আবেগেৰে কাৰোবাক জগাবলৈ চেষ্টা কৰে৷ এই ছোৱালীজনীও বাৰু তাৰ আপোন নে?
 পৰিস্থিতি চাই প্ৰদীপে আগবাঢ়ি গৈ বুলেনৰ গাত হেচুকি দি কলে-
‘ কি হ’ল তোৰ? আমি সাংবাদিক, ইমান ভাবুক হ’লে নহব৷ ৰিপোৰ্ট কৰ৷’
‘ আহ! প্ৰদীপ, আমি সাংবাদিকবোৰ মানুহ নহয় নেকি? চাচোন এই নিস্পাপ ছোৱালীজনী আৰু মাকৰ কোলাত সৰু শিশুটিলৈ৷ ইয়াক লৈ কি ৰিপোৰ্ট কৰিম? এই ৰিপোৰ্ট কৰা মানে পাষণ্ডবোৰে চাই বুকু ফুলাই হাঁহিব৷ কিছুমানে অলপ দূখ কৰিব, চচিয়েল মিডিয়াত আপলোড কৰিব, কোনে কিমান লাইক কমেন্ট পাব চাব , দুখ প্ৰকাশ কৰিব তাৰ পিছত সকলো পাহৰি যাব৷ ভূক্তভোগীয়ে দিনৰ পিছত দিন থানা, আদালতত অহাযোৱা কৰিব নিজৰ সৰ্বোচ্চ হেৰুৱাই৷ কিন্তু কি হ’ব? সিহঁতক ন্যায় কোনেও নিদিয়ে৷ তাৰোপৰি আইন প্ৰনেতা, আইনৰ ৰক্ষক সকলেই যেতিয়া অপৰাধীৰ সো হাত তেতিয়া দূৰ্ভগীয়াই কেনেকৈ ন্যায় পাব৷ যিদিনা আইন প্ৰনেতাসকল, ন্যায়পালিকা সকল নিৰপেক্ষ হৈ ন্যায়ৰ পক্ষ লৈ ৰায় দিব সেইদিনাই মই গৰ্বৰে চিঞৰিম-‘ সাম্প্ৰদায়িকতা, অসহিগষ্ণুতা, দৰিদ্ৰতাই কোঙা কৰা ভাৰতবৰ্ষই আজি ন্যায়ৰ পক্ষ লৈ অগ্ৰগতিৰ দিশে খোজ দিছে৷’ সেইদিনা মই সকলোতকৈ সুখি ব্যক্তি হ’ম৷ তোৰ ভাল নালাগিবনে ন্যায় পোৱা পোৱা মানুহৰ মুখৰ মিঠা হাঁহি কেমেৰাত ধৰি ৰাখিবলৈ?
:বুজি পাওঁ তোৰ ভাৱনা কিন্তু আমাৰ কৰ্ম আৰু কৰ্তব্যৰ কথা পাহৰি গ’লে নহব৷ আমাৰ কাম আমি কৰি যাব লাগিব৷……..’ – প্ৰদীপৰ বুজনিত বুলেন চকুৰ পানী মচি প্ৰত্যক্ষ দৰ্শী আৰু আত্মীয় সকলৰ লগত ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিলে৷
তাৰ পিছত কেমেৰাৰ সন্মুখত থিয় দিলে- ‘ যোৱা কেইমাহমানৰ পৰা বি.টি.এডিত হত্যা, হিংসা, বলাৎকাৰ নিচিনা বৰ্বৰ কাৰ্য ঘটি যোৱা আমি অৱগত৷ অলপ সুস্থিৰ হৈছে যদিও ঠায়ে ঠায়ে এনেকুৱা হত্যা, হিংসা চলিয়ে আছে৷ জাতি,ধৰ্মৰ নামত কলঙ্ক কিছুমানে ধৰ্মৰ আৰ লৈ , জাতিৰ আৰ লৈ এনে জঘন্য অপৰাধ সংঘটিত কৰি আছে...............৷
ৰিপোৰ্ট কৰি থকা সময়তেই পুলিচ আৰু এমবুলেঞ্চ আহি হাজিৰ হ’ল৷ পুলিচৰ লগত কথা পাতি শৱদেহ কেইটা পষ্টমৰ্টেমৰ বাবে গাড়ীত তুলি দি বাইকখন লৈ উভতিল আকৌ সেই লিঙলিঙিয়া পথেৰে৷ এনেতে মুখত কলা কাপোৰ পিন্ধা কিছু দুৰ্বৃত্তই লাখুটিৰে সিহঁতক আক্ৰমন কৰিলে৷ কথমপি প্ৰাণলৈ পলায়ন কৰিলে যদিও কেমেৰাৰ অলপ ক্ষতি হ’ল আৰু সিহঁতো হাত ভৰিত কিছু আঘাতপ্ৰাপ্ত হ’ল৷ যদিও বাইক নৰখাই পূৰ্ণ গতিত উভতিলে৷ ৰুমত সোমাইয়ে বুলেনে গাৰুত মুখ গুজি বিচনাত বাগৰিল৷ প্ৰদীপে চাৰ্ট খুলি থৈ হাত মুখ ধুই ল’লে৷ ৰুমত থকা ক’ল আৰু বিস্কুট উলিয়াই নিজে খাই খাই বুলেনক মাতিলে-
:ঐ কি হ’ল তোৰ? বেয়াকৈ লাগিছে নেকি?
: নাই,এনেই ভাল লগা নাই৷ ছ্যাল্যা, এইটো জীৱনৰ প্ৰতি ধিক৷
: ঠিকেই কৈছ তই, ছ্যাল্যা দুটকাৰ চাকৰি, কাম ভয়ানক৷ ভালকৈ জীয়াই থকাৰো নচিব নাই, মৃত্যুয়ো নাই৷ – কিছুসময় দুয়ো মৌন হৈ ৰ’ল৷ কোনেও কাকো একো নকলে৷ মাথোঁ চঞ্চল বতাহজাকে কিছুপৰ নৃত্য কৰি থাকিল৷ কিছুপৰ নিৰৱে থকাৰ পিছত প্ৰদীপে আকৌ কলে-
‘ বাদ দে এইবোৰ ইমশ্যনাল৷ৰাতিপুৱাৰ পৰা একো খোৱা নাই, মুখ ধুই এইবোৰে খাই ল৷ মোৰ ভোক লাগিছে৷ দুটামান খাই দিছোঁ, গোটেই খাই দিম কিন্তু৷
: খা, মই নাখাও৷
:যা , তোৰ আজি আকৌ কি হ’ল৷ মনটো ইমান গধুৰ কৰিছ যে৷ আগতেও দেখোন এনে কাণ্ডৰ মুখামুখি হৈছো৷ তেতিয়াতো এনেকৈ থকা নাই ৷ আজি কি হ’ল?
‘ একো হোৱা নাই, মোক অলপ অকলে থাকিব দে৷
প্ৰদীপ একো নকৈ ভাত ৰন্ধাৰ উদ্দেশ্যে ভিতৰৰ সৰু কোঠালৈ সোমাই গ’ল৷ বুলেনে গাৰুত মাজত মুখ গুজিয়েই শুই তেনেকৈয়ে পৰি থাকিল৷ সি ক’ব নোৱাৰাকৈয়ে অতীতৰ মাজত হেৰাই গ’ল৷
       


‘ মানুহে মানুহৰ বাবে………..’ কালজয়ী গীতৰ ৰিংটোনটো বাজি উঠিল৷ গীতটো বুলেনৰ বৰ প্ৰিয়৷ মোবাইল কিনাৰে পৰা মোবাইলৰ ৰিংটোন এইটোৱেই ৰাখিছে৷ ৰূপেন নামৰ চিনাকী ল’ৰা এজনে বুলেনক জৰুৰী মাতিলে ছৈবাড়ি বাগানলৈ৷ বাগানখন বুলেনৰ ঘৰৰ পৰা ৪-৫ কিল.মি.৷ বুলেন মাজে মাজে বাগানলৈ গৈ থাকে বাবে তাক বহুতেই চিনি পায়৷ বুলেন ঘড়ীলৈ চালে ৰাতি দহ বাজিছে৷ ঘৰৰ পৰা কমেও ২০ মিনিট বাইখনেৰে যাব লাগিব৷ বুলেন প্ৰতিদিন কাকতৰ সাংবাদিক৷ তাৰোপৰি জৰুৰী মাতিছে যোৱাটো দায়িত্বৰ লগতে কৰ্তব্য৷ বুলেন ৰাতিৰ অন্ধকাৰৰ বুকু ভেদি নিজৰ কেমেৰা আৰু বাপোতিসাহোন বাইকখন লৈ গ’ল৷ গৈ পোৱাৰ লগে লগে তাক কল কৰা লৰাজন ৰূপেন ফোপাই ফোপাই আগবাঢ়ি আহিল৷
: দাদা, সোনকালে আহক, সোনকালে …, সিহঁতে মাৰিলে …. ৷ ৰূপেন অস্থিৰ হৈ কি কৈ আছে বুলেনে একো ধৰিব নোৱাৰিলে৷ ইতিমধ্যে পুলিচো আহি পালে৷ সিহঁতে একেলগে আগবাঢ়ি গ’ল৷ ল’ৰাজন এক প্ৰকাৰ দৌৰিয়েই গ’ল৷ কিছু দূৰৈৰ পৰাই হুলুস্থুল শুনা গ’ল৷ ধৰ, মাৰ ডাইনীক, ডাইনীক মাৰি পেলা৷ পুলিচৰ অহা খৱৰ পাই মানুবোৰ কোনে কেনি দৌৰি পলাল তাৰ ঠিক নাই৷
জোনৰ পোহৰত বুলেনে লক্ষ্য কৰিলে গছএজপাত বান্ধি থোৱা আছে এজনী ষোড়শী গাভৰু আৰু এজনী বৃদ্ধা৷ পুলিছে মানুহবোৰৰ সন্ধান কৰাত লাগিল৷ বুলেনে আগবাঢ়ি গৈ বৃদ্ধাজনীক খুলিব ধৰি ৰক্তাক্ত অৱশ শৰীৰৰটো চুই বুজিলে বৃদ্ধা গৰাকী আৰু নাই৷ কাষতে ছোৱালীজনী প্ৰায় মূমূৰ্ষ অৱস্থাত কেকাই কেকাই বাৰ বাৰ কৈ আছে- ‘আমাক নামাৰবি বাপু, আমি ডাইনী নহয়…..৷’ সি হাত ভৰি খুলি দি তাইক অভয় প্ৰদান কৰিলে৷ ছোৱালীজনীয়ে ভয়তে বুলেনক সাৱটি ধৰিলে৷ প্ৰথমবাৰৰ বাবে তাৰ বুকুত এজনী গাভৰুৰ বুকুৰ উত্তাপ৷ সেই উষ্ম উত্তাপৰ মিঠা শিহৰণত তাৰ বুকু কপি উঠিল৷ বুলেনে অনুভৱ কৰিলে ছোৱালীজনীয়ে গা এৰা দিছে অৰ্থাৎ ইতিমধ্যে বেহুশ হৈছে৷ থিয়কৈ ৰাখিব নোৱাৰি আলফুলে তাইৰ মূৰটো কোলালৈ আনি বহি পৰিল৷ বুলেনে জোনৰ পোহৰত তাইৰ মুখলৈ এবাৰ চালে৷ আজলি মৰমীয়াল মুখখন৷ বগা নহলেও মিঠা শ্যাম বৰণীয়া চেহেৰাত অপূৰ্ব মাধুৰ্য্য ভৰি আছে৷ ধেনুভেৰীয়া চকু৷ কপি থকা ৰঙা ওঁঠ৷ বুলেনে কব নোৱাৰাকৈয়ে চাই ৰ’ল বহুপৰ৷ ৰূপেনে কাষলৈ আহি মাত দিয়াতহে তৎ ঘূৰাই পালে৷ বুলেনে ৰুপেনক পানী আনিবলৈ কৈ আউল বাউল হৈ থকা চুলিবোৰ আলফুলে ঠিক কৰি দিলে৷ কপালৰ তেজবোৰ মুচি দিলে৷ বুলেনে নিজকে নতুন ৰূপত উদ্ধাৰ কৰিলে৷ তাৰ এনে লাগিল তাইক বুকুৰ মাজত লৈ নতুন জীৱন দিব৷ ভাবি থাকোতেই ৰূপেন পানী লৈ আহি পালেহি ৷ পানী গালে মুখে চটিয়াই দিয়াতহে তাই চেতনা ঘূৰাই পালে৷ জ্ঞান ঘূৰাই পোৱাৰ পিছতেই তাই মাকক বিচাৰিলে৷ পুলিছে মাকক মৃত ঘোষনা কৰা শুনি কান্দোনত ভাগি পৰিল৷ বুলেনে তাইক মৰমতে লাহে লাহে বুজনি দিয়াত অলপ শান্ত হ’ল৷ পুলিচে ঘটনাৰ বিষয়ে জানিব বিচৰাত লাহে লাহে তাই সকলো ঘটনা বিবৰি ক’লে-‘ ইহঁতে মিছাই আমাক ডাইনী সজাইছে৷ আচলতে ইহঁতৰ বহুদিন ধৰি মোৰ ওপৰত নজৰ আছিল আৰু ইহঁতকেইটাৰ আমাৰ ঘৰৰ মাটি-ভেটি প্ৰতিয়ো লোভ আছিল৷ মোক পাবলৈ ইহঁতে বহুবাৰ চেষ্টা কৰিও বিফল হৈছে, ইহঁতৰ স্বাৰ্থ সিদ্ধ নোহোৱাত চক্ৰন্ত কৰি গাঁওৰ ল’ৰা ছোৱালীৰ বেমাৰৰ সুযোগ লৈ ওজাৰ সহায়ত ৰাইজক পতিয়ন নিয়ালে আমি ডাইনি বুলি… ৷ ইহঁতৰ মতে –আমাৰ বাবেহে বোলে গাৱৰ লৰা ছোৱালীবোৰ বেমাৰ আজাৰত ভুগিছে৷
:তোমাৰ নাম কি?-বুলেনে তাইক সুধিলে৷
:‘ৰূপা’-তাই চমুকৈ উত্তৰ দিলে৷
:বাহ! কি ধুনীয়া নাম, ৰূপৰ দৰেই ধুনীয়া ৰূপাজনী৷-সি মনে মনে ভুৰ ভুৰাই কলে৷
ইমানদিনে বুলেনে লগতেই ব্যস্ত আছিল৷ তাইৰ খোৱা বোৱাৰ পৰা পিন্ধা উৰালৈকে সমস্ত বিষয়ত সিয়ে ধ্যান ৰাখিব লগা হৈছিল৷অৱশেষত বুলেনে সিদ্ধান্তক ললে মাকৰ লগত আলোচনা কৰি ৰূপাক সিহঁতৰ ঘৰত লৈ আহিব৷মাকৰ লগত নিজৰ জীয়ৰীৰ দৰেই থাকিব পাৰিব ৷ সিদ্ধান্তমৰ্মেই প্ৰথমে মাকৰ লগত আলোচনা কৰি ৰুপাক আনিবলৈ বাগানলৈ গ’ল৷
 বাগানত গৈ বুলেনৰ চকু থৰ লাগিল৷ ৰূপাৰ বিয়া দেখি৷ ৰূপাই ৰভাৰ তলৰ পৰাই তালৈ চাই ৰ’ল৷ তাইৰ চকুত কৃতজ্ঞতা নে কি বুলেনে ধৰিব নোৱাৰিলে৷ বুলেন ৰভাৰ ওচৰ চাপি যোৱাত এজনে জনালে ৰূপেনে বাগানৰ মুৰব্বী সকলোক বুজাই দুয়োৰে বিয়াৰ বাবে মান্তি কৰাইছে৷ ৰূপায়ো মত দিছে৷‘ ভালেই হৈছে, অন্তত ৰূপাৰ ওপৰত ছায়া হ’ল তাইক ৰক্ষা কৰিবলৈ৷’ বুলেনে নিজৰ মনক বুজনি দি তাৰ পৰা ঘূৰি আহিল৷
দিন বাগৰিল, সময় পাৰ হ’ল ৷ বুলেনো ব্যস্ত হৈ পৰিল নিজৰ কামত৷ আগৰ দৰে আৰু যোৱা নহয় বাগিছালৈ৷ ১ বছৰৰ ভিতৰত মাত্ৰ এবাৰ গৈছিল৷ বাগিছাত দৌল আৰম্ভ হৈছে৷ গছ পাতে , ঘৰে বাহিৰে হোলিৰ আনন্দ৷ দিনত হোলিৰ ৰঙেৰে সকলোৱে ৰাঙলি হ’ব আৰু ৰাতি বাগিচাৰ খোলা মাঠত আৰম্ভ হ’ব দৌল যাত্ৰাৰ লগত সংগতি ৰখি ঝুমুৰ গান, গানৰ তালে তালে নাচনীৰ নৃত্য৷ লগতে ৰাধাকৃষ্ণৰ বিৰহৰ গীত৷ এই সময়ত বাগান বৰ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়৷ হোলিৰ সময়ৰ দৰে বৈচাগী মেলাতো ঝুমুৰৰ তালে তালে নাচি উঠে বাগান৷ বুলেনে প্ৰত্যেকবাৰে যায় এই মেলালৈ৷ এইবাৰো বুলেন মন মেলিলে বাগানলৈ৷ এবাৰ ৰূপেনক ফোন কৰি লোৱা ভাল হ’ব ভাবি মোবাইলত ৰূপেনৰ নম্বৰ উলিয়াই ডাইল কৰিলে৷ সিফালৰ পৰা ভাহি আহিল ৰূপাৰ কন্ঠ৷ খৱৰ সুধাত তাইৰ মাত থোকাথুকি হৈ পৰিল৷ বুলেন কিছু আচৰিত হ’ল৷ ৰূপেনৰ কথা সুধাত তাই হুকহুকাই কান্দি দিলে৷ কান্দোনৰ মাজতে কোৱা কথাবোৰ তাৰ ভৰিৰ তলত মাটি স্খলন হোৱা যেন পালে৷ মনত হোলীৰ ঝুমুৰ গান, নৃত্যৰ উৎসৱ পলকতে তাণ্ডৱ নৃত্যলৈ পৰিবৰ্তন হ’ল৷
মদ আৰু নিচাৰ টেবলেটবোৰ যে কৈনেকৈ যুৱ সমাজক গ্ৰাস কৰি আছে এই মূহুৰ্তত ৰূপাৰ বাহিৰে কোনেও উপলব্ধি কৰিব নোৱাৰিব৷ কি প্ৰয়োজন আছিল সেইবোৰ খোৱাৰ? নতুন সংসাৰ এখন আৰম্ভ কৰিছিলহে মাত্ৰ৷ ৰূপেন মাজে সময়ে নিচাসজ কৰিছিল সেয়া বুলেন জানে৷ কাৰণ বাগানৰ প্ৰায়ভাগ যুৱকে নিচা কৰে৷ বাদ দিবলৈ বহুবাৰ বুজাইছিল৷ হ’ব বুলি কথা দিও এনেকৈ সীমা চেৰাই যাব বুলি কল্পনাও কৰা নাছিল৷
ৰাতি ৯ টা বজাত যাবলৈ প্ৰগ্ৰাম কৰি থৈছিল কিন্তু ৰূপাৰ লগত কথা পাতি তেতিয়াই যাবলৈ ওলাল৷তেতিয়া সন্ধিয়া সাত মান বাজিছে, লগত বন্ধু এজনক লৈ গ’ল৷
বাগানৰ সন্মুখৰ পৰাই সিহঁতে ঝুমুৰ গীতৰ সুৰ শুনা পালে৷ তেওঁলোক আগবাঢ়ি গ’ল৷ বাগানৰ বস্তি একেবাৰে উদং৷ সকলোৱে উৎসৱৰ মাঠত যোগ দিছে৷ সিহঁতেও মাঠলৈ খোজ বঢ়ালে৷ হঠাৎ বুলেনৰ খোজ ৰৈ গ’ল৷ ‘ ৰূপাই এমাহ আগতে গাত মেৰিয়াই লোৱা বগা সাজযোৰেৰে গৈছে নে মাঠলৈ?’ বুলেনে মনতে ভাবিলে৷ বুলেনৰ খোজ অজানিতে ৰূপাৰ জুপুৰিৰ দিশে গ’ল৷ হঠাৎ দূৰৈৰ পৰাই ৰূপাৰ চিঞৰ শুনা গ’ল৷ এইবাৰ দুয়ো দৌৰি গ’ল৷ কিবা অঘটনৰ শংকা কৰি লগৰজনে মবাইলৰ কেমেৰা অন কৰি ললে৷ বুলেন দৌৰি গৈ জুপুৰীৰ দুৱাৰখন ভাঙি ভিতৰত সোমাই গ’ল৷ বুলেনৰ উগ্ৰমূৰ্ত্তি দেখি পাষণ্ডবোৰে পলাবলৈ ধৰিলে৷ বুলেন চকু কান বন্ধ কৰি নিজৰ চাৰ্ট টানি খুলি ৰূপাক ঢাকি দিলে৷ ৰূপা মূমূৰ্ষ প্ৰায় অৱস্থা৷ ৰূপাৰ বান্ধি থোৱা হাতদুখন খুলি দিলে৷ মুখৰ সোপা খুলি দিয়াৰ লগে লগে গেঙাই থকা শব্দবোৰ উচ্ছ স্বৰে কান্দোনত পৰিৱৰ্তন হ’ল ৷ নাৰীৰ সৰ্বোচ্চ হেৰুৱা এই কান্দোনে বাগানৰ গছপাতবোৰ কপি উঠিল৷ ৰূপাই নিজৰ কাপোৰ মাটিৰ পৰা উঠাই নিজকে মেৰিয়াই পাগলীৰ দৰে ভয়ত পিছুৱাই গ’ল৷ বুলেনে বন্ধুজনক পুলিচক ফোন কৰিব কলে৷ ফোন নলগাত বুলেন বাহিৰলৈ গৈ বন্ধুজনক থানালৈ পঠিয়াই দিলে৷ ক্ষন্তেকৰ ভিতৰতে ৰূপাই কেৰাচিনৰ টেমা হাতত লৈ নিজৰ গাত ঠালিবলৈ লৈছে৷ বুলেনে ভিতৰত সোমায়ে এনে পৰিস্থতি চাই একে জাপে গৈ কেৰাচিনৰ টেমা হাতৰ পৰা কাঢ়ি লৈ দলিয়াই পেলাই দি জোৰকৈ এটা চৰ সোধালে৷ তাই প্ৰতি উত্তৰত একো কোৱাৰ আগতেই বুলেনে তাইক মৰমতে দুবাহুৰ মাজত আকৱালি ললে৷
‘ মোক নুচোব, মোক নুচোব, এৰি দিয়ক……’ ৰূপাই জোৰ কৰিলে এৰি দিবলৈ ৷ বুলেনে তাইক আৰু যোৰকৈ বুকুৰ মাজত গুজি ললে৷ তাইৰ অৱস্থা দেখি বুলেনৰ চুকুৰে চকুলো বৈ আহিল৷ তাইক কি বুজনি দিব ভাবি নাপাই মাথোঁ কলে
‘ কি কৰিছা এইবোৰ, নিজকে হত্যা কৰা মহাপাপ৷’
‘ বাবু ক’ত দেখিলে মই জীয়াই আছু? দেখা নাই মোক হত্যা কৰিলে সিহঁতে, হত্যা কৰিলে..৷ আপোনালোকেও আতৰি যাওক , মই এই চুৱা দেহটি জ্বলাই দিম৷’
কৈ তাইৰ সৰ্ব শক্তিৰে বিলেনৰ বাহু বন্ধনৰ পৰা মুক্ত হ’ল৷ তাই আকৌ চেষ্টা কৰিলে কিন্তু বুলেনৰ খং চাই খুটা এটাত আউজি বহি হুকহুকাই কান্দিবলৈ ধৰিলে৷ বুলেনে তাইক কান্দিবলৈ বাধা নিদিলে৷ সিওঁ অলপ দূৰত বহি ৰ’ল৷ ইতিমধ্যে পুলিচ আহি হাজিৰ হ’ল৷ ৰূপাৰ জবান বন্দী আৰু মবাইলৰ ভিডিও টি তথ্য হিচাপে লৈ বাগানত তন্নকৈ পাশণ্ডকেইটাক বিচৰাত লাগিল৷ দুজনক পালে বাকী তিনিজন পলাই সাৰিল৷ পুলিচৰ লগত বুলেনৰ বন্ধুজনেও গ’ল৷ বাগানৰ মানুহ কেইজন আহিছিল সিহঁতেও গ’লগৈ৷ বুলেনে তাইক অকলে এৰি যাব নোৱাৰিলে৷ মাত্ৰ বুলেন ৰ’ল ৰূপাৰ কাষত৷ ৰূপা তেতিয়াও আঠুত মুৰগুজি উচপি আছে৷ কিন্তু কান্দোনৰো শক্তিকন নাই৷ তাই বৰ ক্লান্ত৷ এনেকৈ কান্দি থাকিলে হয়তো অচেতন হ’ব ভাবি বুলেন কোঠাৰ ভিতৰত চকু ঘুৰাই দেখিলে পানীৰ কলহ৷ এগিলাচ পানী ঢালি আনি তাইক যোৰ কৰি এঢোক খুৱাই দিলে৷ তাইক বহুত সময় বুজালে৷ বুজনি মানি কিছু শান্ত হ’ল৷ তাইক শুই থাকিবলৈ জোৰ কৰিলে যদিও বেৰৰ খুটাত আউজি বহি ৰ’ল৷ বুলেন গৈ আগৰ ঠাইতে বহি ৰ’ল৷ ৰাতি ১ টা বাজিছে৷ বাহিৰত মাইকত বাজি আছে ঝুমুৰ গান৷ কোঠাত দুয়োৰে উশাহ নিহাসৰ বাহিৰে কোনো শব্দ নাই৷দুয়ো নিশব্দ৷ ৰূপাৰ বুকুৰ পৰা চকুৰে বৈ অহা নৈখনো নিশব্দভাবেই বৈ গৈছে৷ বুলেনে ৰূপালৈ চালে৷ মাটিৰ চাকিৰ পোহৰত নৈখন তিৰবিৰাই আছে৷ গালে মুখে চুলিবোৰ আউল লাগি আছে, চকু বন্ধ যদিও পানীয়ে সজাৱ কৰি ৰাখিছে৷ ৰূপা এটি সম্পূৰ্ণ বিষাদৰ কবিতা৷ যাক বুকুত লৈ আওৰাবলৈ মন গ’ল৷ নিষ্ঠুৰ মানুহৰ পৰা বহু দূৰত কোনো নিৰ্জন ঠাইত৷ মনে মনে ভাবি বুলেন উঠি গৈ ৰূপাৰ কাষত বহিল৷ হাতেৰে আলফুলে চুলিবোৰ মুখৰ পৰা আতৰাই দিলে৷ ৰূপা চকু মেলি চালে৷ পৰস্পৰৰ চকুত চকু পৰিল৷ কোনেও কাকো একো কব নোৱাৰিলে৷ ৰূপাৰ চকুৰ পৰা চকুলো মচি দিব ধৰতেই বুলেনে বুজিলে তাইৰ দেহ জুইৰ দৰে তপত৷ এবাৰ কপালত হাত দি চালে৷ ৰূপাৰ অত্যান্ত জ্বৰ উঠিছে৷
: ৰূপা তোৰ দেখোন বৰ জ্বৰ, বল এতিয়াই ডক্টৰৰ তাতে লৈ যাওঁ৷’
: নালাগে বাবু, মোৰ একো নহয়৷ ঈশ্বৰে মোক ভল পালে ইমান সময়ে মোক উঠাই লৈ গ’লহেতেন৷ মই পাপী, মই পাপী….৷
: চুপ থাক, ইয়াত তোৰ দোষ ক’ত? ইমান জ্বৰ উঠিছে এতিয়াই ডক্টৰৰ তাতে যাবই লাগিব৷
: জোৰ নকৰিবা বাবু, মোৰ জীয়াই থকাৰ কোনো ইচ্ছা নাই৷ কি হ’ব জীয়াই থাকি, কাৰ বাবে জীয়াই থাকিম?
: মোৰ বাবে…..৷ অজানিতে তাৰ মুখৰ পৰা ওলাই গ’ল৷ দুয়ো কিছুসময় মোন হৈ ৰ’ল৷ বুলেন তাইক উঠিবলৈ কি নিজে উঠিল৷
: বাবু, তুমি কাষত থাকিলে মই ভাল হৈ যাম৷ মোৰ শপত মোক এই ৰাতিখন যাবলৈ যোৰ নকৰিবা৷
শপত দিয়াত বুলেনে প্ৰতিবাদ কৰিব নোৱাৰিলে৷ কিছুসময় তাইলৈ অসহায় চাওনিৰে চাই ৰ’ল৷ বুলেন হাত এৰাই গৈ চৰিয়া এটাত পানী আনি তাৰ পকেটৰ পৰা ৰূমাল উলিয়াই তাইৰ কাষত বহি জ্বৰ পট্টি দিলে৷ ৰূপা প্ৰতিবাদ কৰিব খুজিলে৷
‘চুপ, এটা কথাও শুনিব নোখোজো৷ মোৰ চকুৰ ফালে চোৱা৷’
ৰূপাৰ সাহস নহল তালৈ চাবলৈ৷ বুলেনে তাইৰ মুখত ধৰি তালৈ চাবলৈ বাধ্য কৰালে৷ দুটি সাগৰ মিলি মহাসাগৰ হ’ল৷ তাইৰ চকুৰে আৰু তীব্ৰ গতিত নৈ ববলৈ ধৰিলে৷ বুলেন তাইক সজোৰে বুকুত গুজি ললে৷ অৱশেষত এটি কেচুৱাৰ দৰে লেতু সেতু হৈ তাৰ বুকুত নিজকে এৰি দিলে৷ বুলেনে খুটাত আউজি ৰূপাক নিজৰ বুকুতে শুৱাই টোপোনি অনিবলৈ চেষ্টা কৰি থাকিল৷ ৰূপাই জ্বৰৰ প্ৰকোপত  আবোল তাবোল বকি গ’ল৷ ‘ বাবু, মই সৰু মানুহ, সৰু জাতৰ৷ বাউনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়৷ মই জানো বাবে হাত মেলা নাই কেতিয়াও৷ মই সৰু জাতৰৰ…. তাইৰ এই কথাষাৰ বুলেনৰ বুকু ভেদি গ’ল৷ সি বুজি পালে বিয়াৰ দিনা তাইৰ চকুৰ ভাষাত কি আছিল৷ তাৰ নিজকে অপৰাধী লাগিল৷ কিয় সি বুজি নাপালে এগৰাকী নাৰীৰ হৃদয়ৰ কথা৷ ‘ মোক ক্ষমা কৰি দে ৰূপা, মোক ক্ষমা কৰি দে , মই তোৰ মনৰ কথা জনা নাছিলোঁ৷ বুলেন পাগলৰ দৰে ৰূপাৰ কপালত , মুৰত চুমাৰে মৰম কৰিব ধৰিলে৷ ৰূপাই সৰু ছোৱালীৰ দৰে বুলেনৰ বুকুত আবোল তাবোল কৈ থাকিল৷ পিছৰাতি ৰূপা শান্ত হ’ল৷ ৰূপা টোপনী গ’ল৷ বুলেনো তাইক বুকুত লৈয়ে কেতিয়া দুচকু জাপ খালে ক’ব নোৱাৰিলে৷ বাহিৰত বাজি ৰ’ল ৰাধাকৃষ্ণৰ বিৰহৰ গীত৷
: ঐ উঠ, ভাত খাও আহ৷ মোৰ বৰ ভোক লাগিছে৷’
প্ৰদীপৰ মাতত বুলেন উচপ খাই উঠিল৷ ভৰা বুকুখনত হাত ফুৰাই চালে৷ বুকুখন একেবাৰে ৰিক্ত৷ কালৰ গতিত মাথোঁ এমুঠি স্মৃতি আৰু সেই সজীৱ স্পন্দনৰ উমাল অনুভূতি এতিয়াও সজিৱ হৈ আছে৷