সাস্থ্য ৰক্ষাৰ্থে বেলৰ(wood apple) উপয়োপ,বেলৰ গুনাগুন


বেল(wood Apple )  আমাৰ  সকলোৰে পৰিচিত নাম,কিন্তু আমি বহুতেই ইয়াৰ গুনাগুনৰ বিষয়ে নাজানোঁ৷ বেল সোৱাদেৰ আৰু  ঔষদি গুনেৰেও ভৰপূৰ৷বেলৰ লগতে এই গছৰ ছাল, পাত আদিও ঔষদি গুনে ভৰপুৰ৷ ইয়াৰ উপৰিও বেল বগা চিমেন্টৰ লগত ব্যৱহাৰ কৰে৷বেল বহুধৰনে ব্যৱহাৰ কৰা হয়৷বেল চূৰ্ণ কৰি ঔষদ ৰূপে ব্যৱহাৰ কৰা হয়৷ কেচাঁ বেল কাটি শুকাই চাহ খোৱা হয়৷ আধা পকা বেল মূৰাব্বা বনোৱা হয়৷  পকা বেল চৰ্বত কৰি খোৱা হয়৷

এই বেলত বিভিন্ন ৰোগ ধ্বংস কৰাৰ ক্ষমতা আছে৷ যাৰ বাবে ইয়াক শান্ডল্য কোৱা হয়,যাৰ অৰ্থ পীড়া নিবাৰক৷
বেল গছ ভাৰতৰ সকলো ঠাইতে পোৱা যায়৷ ভাৰতৰ কিছুমান ঠাইত ই আন  নামেৰেও জনাজাত৷অসম আৰু কলকতাত বেল,গুজৰাটত বিলি,পাঞ্জাৱত শ্ৰীফল, সন্থালত সিংজো,কঠিয়াবাৰত থিলকথ নামেৰেও জনা যায়
বেল গছ ১৫ ৰ পৰা ৩০ ফুট ওখ হয়৷ফেব্ৰুৱাৰী- মাৰ্চ মাহত বেলৰ কলি ওলাই গৰম অহাৰ লগে লগে বেল পকীৱলৈ ধৰে৷কেচাঁ থাকোতে বেল দেখাত সেউজীয়া আৰু পকীবলৈ ধৰিলে লাহে লাহে সোনোৱালী হালধীয়া দৰে হয়৷
বেলত পোৱা বহুধৰনৰ ভিটামিন,ফাইবাৰ,উপকাৰী চৰ্বী, খনিজলৱন আদি পোৱা যায় যেনে- ফচফৰাচ, কেলচিয়াম,আইৰন, পেক্টিন, শৰ্কৰা,কসায়িন,লদবাব আদি৷
১০০ গ্ৰাম বেলত পোৱা পোষক তত্ব সমূহ হ’ল-
 ভিটামিন এ-৫৫ মি.গ্ৰা.
 ভিটামিন চি-৮-৬০ মি.গ্ৰা,
 থাইমিন-০.১৩ মি.গ্ৰা.,
  ৰাইবোপ্লাবিন-১.১৯মি.গ্ৰা.,
  কাৰ্বহাড্ৰেট-২৮-৩১ গ্ৰাম,
  প্ৰটিন-১.৮-২.৬২ গ্ৰাম., 
  খণিজ লৱন -৫৪-৬১ গ্ৰাম.৷
বেল বিভন্ন প্ৰকাৰে খোৱা যায় যদিও গৰমৰ দিনত চৰ্বতহে সাস্থৰ পক্ষে উত্তম৷ এক গিলাচ বেলৰ চৰ্বত পান কৰিলে মৰমৰ কাৰণে লগা তৃষ্ণাভাৱ দূৰ হয় আৰু হেৰোৱা শক্তি ঘূৰাই পোৱা যায়৷লু ৰ পৰা হোৱা বিভিন্ন বেমাৰৰ পৰা ই ৰক্ষা কৰে৷ বেলে ব্লাড প্ৰেচাৰ কন্টোল কৰে৷আনকি বেলে কেঞ্চাৰ চেলসমূহ নষ্ট কৰে৷মধুমেহ বেমাৰ কন্টোল কৰে, লিভাৰ সুস্থ কৰি ৰাখে৷বেলে পেট চাফা কৰি ৰাখে৷ কব্জ বা পিত্তৰ সমস্যাৰ পৰা আতৰাই ৰাখে৷এনেকি নিয়মিত সেৱনে আলচাৰ বেমাৰ ভাল কৰে৷ অধিক মচলাযুক্ত আহাৰ খোৱাৰ পিছত এগিলাচ বেল চৰ্বত খালে উপকাৰ হয়৷
বেলৰ চৰ্বত স্কীনৰ বাবেও উপকাৰী৷ নিয়মিত সেৱনে ছামৰাৰ উজ্বলতা ঘূৰাই আনে আৰু সুস্থ কৰি ৰাখে৷

বেলৰ পাততো বহি ঔষদি গুন আছে৷ কটা ঘাত বেলপাতৰ ৰস লগালে সোণকালে ভাল হয়৷ কৰবাত চামৰা এৰুৱাই গলে ইয়াৰ পাত পিহি লগালে সুফল পোৱা যায়৷বেল পাত ৰস কৰি খালে বহু বেমাৰত সুফল পোৱা যায়৷
ইমান ঔষদি গুণ থকাৰ পিছতো আমি বেলক ফল হিছাপে খাবলৈ  অৱহেলা কৰোঁ৷সহজলভ্য আৰু কম মূল্যৰ এই মূল্যবান ফলবিধ নিয়মিত খালে  বহু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি৷
তলত বেল চৰ্বত বনোৱা বিধ্ দিয়া হৈছে
https://www.youtube.com/watch?v=-OBYtRSJtls&t=5s

                                                                

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)