কেচাঁ তেজৰ গোন্ধ

     
             সময় প্ৰবাহমান নৈ, নৈয়ে পলস পেলোৱাৰ দৰে বিভীষিকাও কৰি যায়, যাৰ ত্ৰাসত আহত পথাৰবোৰ৷ প্ৰখৰ দুপৰীয়া৷ বাটৰ দাঁতিকাষৰীয়া পথাৰত ৰাজহাড় ভাজ পৰা বৃদ্ধজনে বোকা খামোচি আলি বান্ধি আছে এখন হাতেৰে৷ মানুহজন এহতীয়া, সোঁ হাতখন নাই৷ ভৰপক ৰ’দৰ উৎপীৰনত বোকা লাগি থকা সেইখন হাতেৰেই কপালৰ ঘাম মচি লৈছে কান্ধত থকা ৰঙা চেকৰ সৰু গামচাখনেৰে৷ বকাৰে লুতুৰি পুতুৰি হৈছে গামচাখন৷ গাল মুখৰ লগতে বগা দাঢ়ীবোৰতো বোকা লাগিছে৷ পেটৰ জলা জুইৰ তাড়নাত বৃদ্ধজনে ইমান কষ্ট কৰি থকা দেখি  দূখে বৰ পীৰা পাৰি বহিল ৷ বাটেৰে বহু মানুহ আহিছে গৈছে- কিন্তু বুঢ়ালৈ লক্ষ্য কৰিবলৈ কাৰো আজৰিয়েই নাই৷ মই আগবাঢ়ি গৈ মাত এষাৰ দিব বচাৰি আকৌ কিবা ভাবি পিছুৱাই আহিলোঁ৷
:নানা(ককা) ভাত আনিছো৷-
এনেতে কাষৰ পৰা কাৰোবাৰ মাত শুনি ঘূৰি দেখিলোঁ  সৰু ছোৱালি এজনীয়ে চৰিয়া যেন লগা কিবা এটা এডোখৰ কাপোৰেৰে বান্ধি ওপৰৰ গাঠিত ধৰি বৃদ্ধজনৰ কাষ পাই মাত দিলে৷ বৃদ্ধই তৎক্ষনাত মূৰ তুলি চালে৷ বৃদ্ধই তাইক গছৰ ছাঁত ৰ’বলৈ ইংগিত দিলে৷ কিছুপৰ ছাঁত থিয় হৈ থাকি তাই ক্ৰমাৎ মোৰ পিনে আগবাঢ়ি আহিল৷
‘ মানুহজন তোমাৰ কি হয়?’ – মনৰ উৎসুকতা ঢাকিব নোৱাৰি সুধিলোঁ৷
‘ মোৰ নানা( ককা) হয়’ -
 লাহেকৈ উত্তৰ দি তাই মোলৈ খন্তেক ৰ লাগি চাই পুনৰ কিছু সংকোচবোধেৰে কিছু দূৰ থিয় হ’লগৈ৷ কাৰণ সেইখন গাঁৱত মোক কাহানিও দেখা পোৱা নাই৷বিশেষ কামত আজি প্ৰথম এইখন গাঁৱত মোৰ পৰ্দাপন হৈছে৷ বঙাইগাঁও জিলাৰ দক্ষিণ দিশত অৱস্থিত এই ডুমেৰ গুৰী গাঁৱখন৷ এইখন গাঁৱৰ বিষয়ে বহু কথাই  শুনি আহিছোঁ৷ ১৬৭১ চনত ৰজা বিজিত নাৰায়ণে এই ঠাইতে বিজনী ৰাজ্যৰ ৰাজধানী পাতিছিলষ,কিন্তু সময়ৰ সোঁতত এই ৰাজ্যৰ ভাৰ কুমুদ নাৰায়ণৰ হাতলৈ যায়৷ তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী৷ তেওঁ অপুত্ৰক আছিল বাবেই ৰজাই ৰাজ কায্যত মন বহুৱাব পৰা নাছিল৷ ৰাজ কাৰ্য এৰি প্ৰায়ে চিকাৰলৈ গৈছিল৷ এদিন ৰজা চিকাৰলৈ যাওঁতে সুন্দৰী গাভৰু( অভায়েশ্বৰী)ৰ প্ৰতি আসক্ত হৈ এসময়ত বিয়া পাতিছিল৷ এফালে আধুনিক শিক্ষাৰে শিক্ষিত, সুন্দৰী আৰু গৰ্বিতা স্বভাৱৰ বৰ মহিষী সিদ্ধেশ্বৰী আনফালে সৰু মহিষী অভায়েশ্বৰী আছিল অশিক্ষিত আৰু সজ-সৰল মনৰ৷ ৰাজ ৰাণী অশিক্ষিত বাবে এদিন ৰজাই শিক্ষিতা বৰ পত্নীৰ ওচৰত সৰু পত্নীৰ দায়িত্ব দিলে পঢ়াবলৈ৷ এনেই হিংসাৰ জুইত দগ্ধ তাতে ৰজাৰ কঠোৰ নিৰ্দেশ, ফলত এসময়ত ৰাজ অন্তেষপুৰত অন্তৰ্কন্দলৰ সুত্ৰপাত হয়৷ আনকি পঢ়ুৱাই থাকোতে বৰ ৰানীয়ে সৰু ৰানীৰ চকুত পাখি কলমেৰে আঘাত কৰাৰ ফলত এটা চকু অন্ধ হৈ পৰে৷ এই অন্ত ৰ্কন্দলত ৰজাৰ জীৱন দূৰ্বিসহ হৈ পৰে আৰু এটা সময়ত ৰাজ চক্ৰান্তত ৰজাৰ মৃত্যু হয়৷  তাৰ পিছতে ৰাজ কৰ্মচাৰী , আমোলা, প্ৰজাসকল দুই ভাগত বিভক্ত হয়৷ দেৱান জীৱনৰাম ফুকনে বৰ ৰাণীৰ পক্ষ লোৱাত বৰ ৰানীৰ পক্ষ শক্তিশালী হয় ৷ সেয়েহ সৰু ৰানীক নজৰবন্দী কৰা হয়৷ আনকি সৰু ৰাণীক বাৰম্বাৰ চক্ৰান্ত কৰি হত্যা কৰিবলৈও ষড়যন্ত্ৰ ৰচনা কৰা হ’ল৷ সৰু ৰানীয়ে এই অভিসন্ধিৰ কথা জানিব পাৰি তাৰ পৰা পলায়ন কৰে৷ বাধা বিঘিনি নেউচি অটব্য অৰণ্যৰ মাজেৰে ক্ষত বিক্ষত শৰীৰ লৈ গোৱালপৰা পায়গৈ৷ তাৰ পৰাই আত্মীয়ৰ সহায় লৈ কেচ চলাই নিজৰ ৰাজপাট ঘূৰাই পায়৷ ৰাজ্যৰ মংগলকামী, দূৰদৰ্শী ৰানী অভায়েশ্বৰীয়ে বিজনী ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লৈ শিষ্টাচাৰ আৰু আত্মীয়তাৰে ৰাজ্যৰ উন্নতি সাধনত সক্ষম হ’ল, কিন্তু ১৮৯৭ চনৰ বৰ ভূমিকম্পত ৰাজধানী আৰু ৰাজবাড়ী মাটিৰ তলত পোত যায়৷ পিছলৈ ৰাণী অভায়েশ্বৰীয়ে দেওহাটীলৈ স্থানান্তৰ কৰে৷ এই নগৰখনক পিছলৈ ৰানীৰ নামেৰে  অভায়াপুৰী ৰখা হয়৷ ই দেৱদাৰু নগৰী বুলি প্ৰসিদ্ধ৷
হঠাৎ হাঁহিৰ শব্দত মোৰ ভাৱনাত ওৰ পৰি সিহঁতৰ ওপৰত দৃষ্টি( নিবন্ধন) হ’ল৷ ছোৱালীজনীয়ে ককাক হাত ধুবলৈ পানী ঢালি আছে৷ এহাতেৰে বোকাবোৰ ভালকৈ ধুব পৰা নাই , ইফাল সিফাল হৈছিল বাবেই হয়তো ইমান জোৰকৈ হাঁহি মাৰিছে৷ ভোকৰ বেলাত এনে হাঁহয়ে বিৰক্তি জন্মালেও কিন্তু  তাইৰ লগত ককাকে নাহাঁহি থাকিব নোৱাৰিলে৷ ওলপ পিছত বৃদ্ধজনে খোৱা আৰম্ভ কৰিলে আৰু ছোৱালীজনীয়ে খেলি থাকিল৷ মই খোৱা শেষ হোৱালৈ অপেক্ষা কৰি সিহঁতৰ কাষলৈ আগবাঢ়ি গলোঁ৷
‘ খুড়া বেয়া নাপায় যদি এটা কথা সুধোনে?’
‘এ কি বেয়া পাম সুধাচোন,পিছে তোমাক চিনিহে নাপালোঁ- কাৰ ঘৰলৈ আহিছানো মা?’
‘ আপুনি মোক চিনি নাপাব , মই আজগৰ মাষ্টৰৰ ঘৰলৈ আহিছোঁ৷ পিছে খুড়া, ৰাতি আপুনিয়ে গৈছিলনেকি সেইখন ঘৰলৈ?’
‘ ও , ময়েই অলপ টকা বিচাৰি গৈছিলোঁ, মোৰ পত্নীৰ বেমাৰ সেইবাবে৷ মাষ্টৰ বৰ ভাল মানুহ, বিপদে আপদে সহায় কৰে৷ পিছে আমাৰ দৰে দুখীয়া মানুহৰ গাঁওখন চাবলৈ মন কৰিছা ভাল বাৰু, কোৱাচোন কি জানিব বিচাৰিছা?’
‘ আপুনি এই বয়সত এনেকৈ কষ্ট কৰি আছে ,আপোনাৰ ল’ৰা ছোৱালী নাইনেকি?’
‘ কি কৰিম আমাৰ দৰে দুখীয়া মানুহক অভাৱে কষ্ট কৰিবলৈ বাধ্য কৰায়৷ ল’ৰা ছোৱালী লৈ ডাঙৰ সংসাৰখনত প্ৰয়োজনো বহুত বেচি৷ ল’ৰা তিনিজন আৰু ছোৱালী পাঁচজনী৷ দুজনীক ছোৱালীক বিয়া দিছোঁ, এইজনী ডাঙৰ ছোৱালীৰ জী-নাতিনী৷- খেলি থকা সৰু ছোৱালীজনীলৈ লক্ষ্য কৰি কলে৷
ল’ৰা তিনিজন৷ এজনে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিব৷ দুজন সকলোতকৈ সৰু৷ সিহঁত দুটায়ো স্কুল পঢ়ি আছে৷ ল’ৰা ছোৱালীৰ স্কুলৰ খৰচ, খোৱা-বোৱা মাত্ৰ মোৰ এইখন হাতেৰ উপাৰ্জনেৰেই চলে৷ খেতি মাটি নাই, আনৰ মাটি আধিয়াৰ লৈ খেতি কৰোঁ , মাষ্টৰৰ দৰে কিছু মানুহ অলপ সহায় কৰে তেনেকৈয়ে কোনোমতে সংসাৰখন জোৰা টাপলি মাৰি চলাই আছো৷ যিকেইদিন জীয়াই আছোঁ সংগ্ৰামতো কৰিবই লাগিব নে কি কোৱা মাজনী?’
‘ আজিকালি দুখীয়া মানুহৰ বাবে বহু চৰকাৰী যোজনা আছে, ল’ৰা ছোৱালী পঢ়াবৰ বাবেও বহু যোজনা আছে, আপুনি সেইবোৰৰ সুবিধা গ্ৰহণৰ কাৰণে চেষ্টা নকৰে কিয়?’
‘ যোজনা বহিত আছে কিন্তু সেইবোৰ আমাৰ দৰে দুখীয়া কপালত নাই,সেইবোৰ ধনীৰ বাবেহে৷ কথাতে কয় নহয় বোলে -‘ তেলাৰ মূৰত তেল’৷’
‘তেনেকৈ কৈছে কিয়?’
‘ কিয় নকম কোৱা? এতিলৈকে বহুতবাৰ এটা আই.এ.ওৱাই আৰু বৃদ্ধ পেঞ্চনৰ বাবে ঘূৰি ঘূৰি কিমান চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিলো কিন্তু এই পঙ্গু মানুহজনৰ কথা কোনেও নুশুনিলে৷ সিহঁতে আমাক সমাজৰ বোজা বুলিয়েই ভাবে৷ বাকী আমাৰ পিছত বহু মানুহৰ আবেদন গ্ৰহণ কৰিলে কাৰণ সিহঁতে টকা ঘূচ দিব পাৰে৷ মোৰ পৰাও পাঁচ হেজাৰ টকা খুজিছিল৷ মই এই দুখীয়া মানুহজনে ক’ত পাম ইমান টকা কোৱা?
‘হয়, সেইবোৰ দেখিলে দুখ লাগে৷ প্ৰতিটো বিভাগৰ অফিচত চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ পৰা দৰমহা লৈয়ো সাধাৰণ মানুহৰ পৰা ঘুচ খায়৷ চৰকাৰৰ নেতাবোৰো তেনেই , ভোটৰ আগত বৰ বৰ ভাষণ দিয়ে জনতাৰ সেৱক হ’ব, জনতাৰ সেৱা কৰিব পিছত নিৰ্বাচনত জয় লাভ কৰি প্ৰতিশ্ৰুতি পাহৰি যায় আৰু জনতাৰে তেজ শুহি খায় চাম চিকাৰ দৰে৷ কেতিয়াবা ঘৃণা ওপজে ইহঁতলৈ৷ জনতাৰ সেৱা কৰিবলৈ দৰমহা পায় পিছে জনতাকেই লুটি খায়৷ পিছে আপোনাৰ হাতখনৰ কি হৈছিল?’
‘ সেইবোৰ বহুত কথা, বহুত ইতিহাস ….৷’- কৈ মানুহজন দীঘলকৈ এটা হুমুনিয়াহ কাঢ়িলে৷ তেখেতৰ হুমুনিয়াহত বহুত বেদনা-বিধূৰ ইতিহাসৰ উমান পাই কবলৈ অনুৰোধ কৰিলোঁ৷
‘ কওঁকচোন কি হৈছিল’ – মই অনুৰোধ কৰাত তেখেতে লুঙ্গীৰ গাঠিত বান্ধি থোৱা তামোল পানৰ টোপোলা খুলি তামোল এখন মুখত ভৰাই গছৰ তলত ভালকৈ বহি লৈ স্মৃতিৰ বন্ধ দুৱাৰখন মেলি দিলে৷
১৯৭৯ চন৷ অসমত ভৰপক বিদেশী বিতাড়ন আন্দোলন৷ কিছুমান উগ্ৰ জাতীয়তাবাদী নেতাই ৰাজনীতি কৰিবলৈ ৰাইজৰ মনত ভ্ৰান্ত ধাৰণা সোমোৱাই দিলে যে লুঙ্গি টুপি পিন্ধা সকলো মুচলমান বাংলাদেশী৷ অছুৰ নেতা সকল ইয়াৰ অন্যতম৷ ইতিহাস অধ্যায়ন নকৰাকৈয়ে ভোটা বুদ্ধিৰ কিছুমানে এই কথা মানি ললে৷ আৰম্ভ হ’ল মুচলমান মানুহৰ ঘৰ জ্বলাই দিয়া কাৰ্য৷ লুঙ্গি টুপি পিন্ধা মানুহ দেখিলেই বাংলাদেশী বুলি শাৰীৰীক মানসিক অত্যাচাৰ কৰা হ’ল৷
:জুই জুই জুই বচোৱা…’ কোনোবাই চিঞৰি চিঞৰি গাঁওৰ চ’কত দৌৰি আহি আমাৰ সন্মুখতে পৰি গ’ল৷ সন্ধিয়া ঘৰৰ সন্মুখৰ চ’কত আমি যুৱক কেইজনমানে বহি আছিলোঁ৷ মুনিচুনি বেলিৰ আন্ধাকাৰত একো ধৰিব নোৱাৰি আমি আটায়ে উঠি আগবাঢ়ি গলোঁ আগন্তকৰ কাষলৈ৷ আন্ধাৰৰ মাজতে জোনৰ খীন পোহৰত লক্ষ্য কৰিলোঁ চৌধ-পোন্ধৰমান বছৰীয়া ছোৱালী এজনী৷ অশৃঙ্খল অৱস্থাত বেহুচ হৈ পৰিছে৷ লগে লগে এজনে কাষৰ দোকান এখনৰ পৰা পানী আনি চকুয়ে মুখে চটিয়াই দিয়াতহে হুচ আহিল৷ চেতনা পাইয়ে আকৌ চিঞৰিবলৈ ধৰিলে –‘ মোক বচোৱা, মোক বচোৱা , সিহঁতে মোৰ মা-দেউতাক জ্বলালে৷’- বেচেৰী ভয়তে অচেতন হৈ পৰিছিল, সুস্থিৰ নহলে মানসিক সন্তোলন হেৰুৱাই পেলাব বুলি ভাৱি তাইক সুস্থিৰ কৰিবলৈ চেষ্টা কৰিলোঁ৷ অনবৰত কান্দি থকা ছোৱালীজনী কিছু সুস্থিৰ হোৱাত তাইৰনো ঘৰ ক’ত বুলি সুধাত পূৱফালে আঙুলিয়াই দিলে৷ দেখুৱাই দিয়া দিশলৈ  লগে লগে দেখিলো-কাষৰ গাঁৱখলত দাউ দাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই আকাশৰ পিনে মুখ কৰি নৃত্য কৰিছে৷ ভালকৈ লক্ষ্য কৰিলোঁ মানুহৰ মৰণকাতৰ চিঞৰ শুনা গ’ল৷ লগে লগে তাইক এঘৰত থৈ আমাৰ গাঁওৰ যুৱক,বৃদ্ধ সকলৱে আলোচনা কৰি আমাৰ গাঁৱখন বচোৱাৰ কাৰ্যত তৎপৰ হৈ পৰিলোহঁক৷ দিনে ৰাতিয়ে পালি-পহৰা দিলোঁ৷ ভয়ে ভয়ে দিন কটাবলৈ ধৰিলোঁ৷ অসমৰ প্ৰায় মুছলমান বসতিপ্ৰধান থকা অঞ্চলবোৰৰ একেই অৱস্থা৷ এনে পৰিস্থিতিত অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হ’ল৷
‘ মাজম শুনিছোঁ সংখ্যালঘুৰ ন্যায়ৰ স্বাৰ্থত আমছুৰ গঠন হৈছে’ – মোৰ গাঁৱৰে বন্ধু মিজানুৰ ৰহমান অভায়াপুৰীৰ পৰা আহোতেই মোক লগ পাই কথাষাৰ কলে৷’
‘ হয়, আমছুৰ জন্মৰ বাবে ১৯৮০ চনৰ মাৰ্চ মাহটো আমাৰ বাবে স্মৰণীয় হৈ ৰ’ব৷ ’
‘ তাৰ মানে তই মোতকৈ আগতেই মোৰ আগতেই শুনিছা?’
‘ হয় আৰু এইটোও শুনিছো অহা ২৬ মে’ৰ দিনাখন লেংটিচিঙাৰ পৰা সমদল উলিয়াব অভায়াপুৰীলৈ৷ তাতে মহুকুমাধিপতিক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিব৷ মই যাম, তুমিও ওলাই আহিবা ৷’
‘শুনিছা যেতিয়া ভাল বাৰু , আমি একেলগে ওলাম বাৰু৷ চ্যালাহঁতে আমাক বাংলাদেশী বুলি কবলৈ আহে৷ এইবাৰ দেখুৱাই দিম সিহঁতক সংখ্যালঘুৰ শক্তি৷
‘তাকেইতো কিমান আৰু সহ্য কৰিম অপমান , অত্যাচাৰ৷ এইবাৰ আমি সকলোৱে মিলি তাৰ প্ৰতিবাদ কৰিম৷ অকল ইয়াতে নহয় অসমৰ বিভিন্ন জিলাত একেলগে এই কাৰ্যসুচী লোৱা হ’ব৷ বাতৰি কাকত, কিছু সংগঠণে জাঙুৰ খাই উঠিছে প্ৰতিবাদি দিবসৰ কথা শুনি৷ প্ৰচাৰো কৰি আছে বাংলাদেশীৰ সংগঠন বুলি ’
 ‘ প্ৰচাৰ কৰিব দিয়ক সিহঁতক, পিছে একো কৰিব নোৱাৰে চাই যা৷ মই এতিয়া আহোঁ , ২৬ তাৰিখে লগ পাম বন্ধু৷ - কৈ মিজানুৰে গুছি গ’ল৷
২৬ মে’৷ পুৱাতেই আমি গৈ সমদলত ভাগ ললো৷ ইতিমধ্যে লক্ষাধিক মোৰ দৰে তজবজীয়া ডেকা, ছাত্ৰ, কৃষক, শিক্ষিত-অশিক্ষিত মানুহ স্ব:স্ফূৰ্তভাবে ওলাই আহিছে সমদলত ভাগ লবলৈ৷ সমদল গৈ লেংটিচিঙাৰ ডুমৰীয়া এল.পি. স্কুলৰ সন্মুখত আমাক বাধা দিয়া হ’ল৷ আৰক্ষীৰ লগত এ.ডি.চিও আছে৷ বাধা নামানি মহুকুমাধিপতিক স্মাৰক পত্ৰ দিম বুলি আগুৱাই গলোঁ৷ আৰক্ষীয়ে কিছু পিছুৱাই গ’ল৷
‘ গুৰুম গুৰুম…৷’হঠাৎ বহুকেইটা গুলিৰ শব্দ হ’ল৷ সকলোৰে মাজত হুৱা দুৱা লাগি গ’ল৷ মোৰ কাষতে ছাত্ৰ ছাত্তাৰ তালুকদাৰ ঢলি পৰিল, লগে লগে মোৰ বন্ধু মিজানুৰো ঢলি পৰিল৷ মানুহবোৰ ইফাল সিফাল দৌৰিবলৈ ধৰিলে৷ কিছুমানক পুলিচে চোচৰাই নি পুলিচৰ গাড়ীত তুলিলে, কিছুমানক লাঠিৰে কোবাই ঘূনীয়া কৰিলে৷ বহুতে গুলি খাই মাটিত পৰিছে, কিছুমানে যন্ত্ৰণাত চিঞৰি আছে৷ মিজানুৰ আৰু ছাত্তাৰ মৃত্যুমুখি যন্ত্ৰণাত চটফটাই আছিল৷ সিহঁত মোৰ লগতে সমদলৰ প্ৰথম শাৰীত আছিল৷ ছাত্তাৰ পলকলে শেষ নিশ্বাস ত্যাগ কৰিলে৷ মিজানুৰে মোক উদ্দেশী কলে-‘ বন্ধু বিদায়, ইয়া আল্লাহ….৷’ মই তাক ধৰিবলৈ লওঁতেই আৰু কেইজাই গুলিৰ শব্দ হ’ল, লগে লগে মোৰ চকুৰে আন্ধাৰ দিখি পৰি গলোঁ৷ এদিন পিছত মোৰ জ্ঞান ঘূৰাই পালোঁ আৰু দেখিলো মোৰ হাত..৷
‘ নাকান্দিব খুঢ়া, আপোনাৰ কথা শুনি মৰ্মাহত হৈছোঁ৷’ – হুক হুকাই কান্দি উঠা বৃদ্ধজনক শান্তনা দিয়াৰ ভাষা নাই, মই যেন বাকৰূদ্ধ তথাপিও কিছু শান্তনা দিবলৈ যত্ন কৰিলোঁ৷ কিন্তু তেখেতৰ চকুৰ পৰা চকুলোৰ নৈখন বৈয়ে থাকিল৷ নৈখনত শব্দ কৰি থাকিল শান্তিপূৰ্ণ সমদলৰ ওপৰত উগ্ৰ জাতীয়তাবাদী সকলোৰ সৈতে পুলিচে  হিংস্ৰতাৰ গুৰুম গুৰুম শব্দ, আৰু বাজি থাকিল বহুতৰ মৰণকাতৰ আৰ্তনাদ৷ যন্ত্ৰণাত, ভয়ত কঁপি উঠে নৈখন যেতিয়া জোনৰ পোহৰ পৰে৷ অসমৰ ইতিহাস কলংঙ্কিত কৰা ৰাজপথ ৰাঙলী হোৱা তেজবোৰ নৈত আজিও শুকোৱা নাই৷ আজিও মই পালোঁ সেই কেচাঁ তেজৰ গোন্ধ…..৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)