শেহতীয়া লেখা

খেজুৰৰ উপকাৰীতা benefit of dates



খেজুৰ এবিধ শ্ৰেষ্ঠ পুষ্টিকৰ ফল ৷ খেজুৰ এনে এক ফল য’ত আমাৰ শৰীৰত লাগতীয়াল প্ৰায় সকলো উপোদান আছে৷ এই ফলবিধ আৰৱৰ জনপ্ৰিয় ফল৷ পৃথিৱীৰ সকলো দেশতে খেজুৰৰ গছ দেখা যায় যদিও আৰৱ, ইৰাক ইটালী আদি অঞ্চলৰ জলবায়ুত এই ফল অধিক হোৱা দেখা যায়৷ দেশভেদে খেজুৰৰ গছৰ প্ৰকাৰো বেলেগ বেলেগ দেখা যায়৷ভাৰতৰ জলবায়ুত সিমান ভাল নহয়৷ খেজুৰ গছৰ পৰা খেজুৰ ৰসো উলিওৱা হয়, যি অতি সুস্বাদূ ৷ এই ৰসেৰে বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয় বা এনেও পিঠাৰে, মুৰিৰে খোৱা হয়৷ এই ৰসেৰে খেজুৰ গুৰ তৈয়াৰ কৰা হয়৷ খেজুৰ গুৰৰ পায়স , পিঠা আৰু ৰসগোল্লা অন্যতম। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি মনলৈ শান্তি আহে। খেজুৰ বা খাজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। আমি খাই ভালপোৱা খেজুৰত আছে  আহ, ছডিয়াম,পানী, প্ৰটিন,জিংক,ফলিকএচিড, ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি।

খেজুৰৰ উপকাৰীতাসমূহ-

১.খেজুৰত অধিক মাত্ৰাত ক’লেষ্ট্ৰল আৰু ছুগাৰৰ মাত্ৰা কম পৰিমাণে থাকে৷ যাৰ বাবে নিয়মীয়া খাদ্য হিচাপে ব্যৱহাৰ কৰি ইয়াক ওজন কমাব পৰাত ব্যৱহাৰ কৰিব পাৰে৷

২.অধিক মাত্ৰাৰে ভৰপুৰ প্ৰ’টিনে শৰীৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে৷ যাৰ বাবে স্বাস্থ্য প্ৰতি সজাগ হোৱা জিম যোৱা লোকক খেজুৰ খাবলৈ কোৱা হয়৷

৩.খেজুৰ প্ৰচুৰ পৰিমাণে b1, b2, b3, b5 ৰ লগত ভিটামিন A আৰু C পোৱা যায়৷ সকলোৱে ভিটামিনৰ অভাৱ হ’লে কোনোধৰণৰ ছাপ্লিমেন্ট লোৱাৰ প্ৰয়োজন নায়৷ লগতে খেজুৰ সেৱন কৰিলে শৰীৰত প্ৰয়োজন হোৱা গ্লুক’জ, চুক্ৰ’জ, ফ্ৰক্ট’জৰ পৰিমাণ বৃদ্ধি হয়৷

৪.মেগ্ৰীজ, চেলেনিয়ম, কাপৰ, মেগ্ৰীচিয়ামৰ দৰে পদাৰ্থই মানুহৰ শৰীৰৰ হাড় শক্তিশালী তথা মজবুত কৰি তোলাত সহায় কৰে৷খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।

৫.ছ’ডিয়ামৰ অভাৱত মানুহৰ স্নায়ু প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে৷ যাৰ বাবে মানুহে অধিক পৰিশ্ৰম কৰিব নোৱাৰে৷ কিন্তু পোৱা খালী পেটত এগিলাচ পানীৰ লগত খেজুৰক নিয়মিয়াকৈ সেৱন কৰিলে শৰীৰ সুস্থ আৰু সতেজ হয়৷

৬.খেজুৰত গ্লুক'জ, চুক্ৰ'জ আৰু ফ্ৰুক্ট'জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।

৭.খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।

৮.প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০'০৯ গ্ৰাম আইৰণ পোৱা যায়। ১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।

৯. খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়।

১০. গৰ্ভৱতী মহিলাই খেজুৰ খো্ৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।
১১.আয়ুৰ্বেদিকৰ চৰক সংহিতাত উল্লেখ আছে যে খেজুৰ আৰু কিচমিচ গৰুৰ ঘিউত ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। সেয়েহে সন্তান হীনতা সকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।
১২.খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫ টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়‌।

১৩. চৰ্দি , কাহ আৰু পানী লগাত খৈজুৰে অমৃতৰূপে কাম কৰে‌ । প্ৰতিদিনে ৪/৫ টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।

১৪.খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
১৫. খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।

১৬,খেজুৰে সৌন্ধৰ্য বৃদ্ধি কৰে, আমাৰ ছালক সুস্থ কৰি ৰাখে৷

১৭.খেজুৰে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে৷

১৮.খেজুৰে স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে৷
এনেধৰণৰ কামত উপযোগী হোৱা খেজুৰে কেৱল এয়াই নহয় আন বহু কামত সহায় কৰে৷ আয়ৰণৰ অভাৱৰ ফলত উশাহ চুটি হোৱা, ভাগৰ, এনিমিয়াৰ দৰে ৰোগক প্ৰতিকাৰ কৰে৷ ওজন সন্তোলিত, ছাল মসৃণ কৰা পাচন তন্ত্ৰক অধিক শক্তিশালী কৰাত সহায় কৰে খেজুৰে৷ এই গুণকাৰী খেজুৰক এবাৰ হ’লেও সকলোৱে সেৱন কৰা উচিত৷