অন্তিম বিদায়



তোমাৰ চকুয়ে যিদিনাই
মোৰ বুকুত চুৰিকাঘাত কৰিছিল












সেইদিনাৰ পৰাই আহত মই
যন্ত্ৰণাকাতৰ বুকুৰ পৰা
 টোপাটোপে সৰি গল বহু তেঁজ
তেঁজৰ টোপালবোৰ ৰক্তবীজ
এটি এটিকৈ কবিতাহৈ জন্ম হয়
মোৰ উশাহ বন্ধ হ'ব ধৰাতে
কবিতাবোৰ মোৰ উশাহ হয় ,
উশাহবোৰ তোমাৰ বাবে সাঁচি ৰাখিছোঁ,
কিছুদিনৰ পৰা বুকুৰ বিষ বাঢ়ি আহিছে
কলিজাতো ঘাডোখৰ বাঢ়িছে
আজি অতদিনৰ পৰা কবিতা এটা
জন্ম লোৱা নাই
উশাহবোৰ ক্ৰমে চুটি হৈ অহি আছে
হয়তো চিৰদিনৰ বাবে স্তব্ধ হ'ব
তাৰ বাবে আক্ষেপ নাই
মোৰ বাবে  সেই মৃত্যুও সৌভাগ্য
প্ৰিয় কবিয়ে কৈছিল 'মৃত্যু এক শিল্প ।'
মোৰ বাবে মৃত্যু এক সুমধুৰ গজল
যাৰ ৰাগিত মগ্ন হৈ গুচি যাম চিৰদিনলৈ
মোৰ বাবে তুমি  নজ্বলাবা মমবাতি অথবা এটি দিয়া
মোৰ নামত এটোপাল অশ্ৰু
হৃদয়ত  ৰাখিবা সজতনে
অন্তিম বিদায়ৰ দিনা
সেই অশ্ৰুৰেই জনাবা অন্তিম বিদায় ।

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)