শেহতীয়া লেখা

শিলৰ আদি কথা



Stone Man sculpture, unknown artist- saw this at Portland Museum ...
©©©©©©©
সৰবজান,
পানীত বুৰি থকা শিলবোৰলৈ চোৱা
উশাহবোৰ ক্ৰমে চুটি হৈ আহিছে
বুৰবুৰণি তুলিছে
দৃষ্টিভ্ৰম হৈছে জীৱনলৈ
নৈ তলৰ মাটি খামোচি ধৰি
সময়ৰ গতি সলাব বিচাৰিছে,

দিনৰ উষাত অন্ধকাৰ  নামে
ৰাতিৰ বুকুত চিতা জ্বলে
উঠি ভাহি যায় নক্ষত্ৰমণ্ডল
সৰবজান, ইয়াত বেলি
শামুকৰ খোলত আবদ্ধ
আবদ্ধ তাৰ  . . . . . . ..!!

তিমিয়ে গিলে শিলবোক
পিত্তৰসত চূৰ্ণ বিচূৰ্ণ শিলবোৰ
বমিৰ লগত ওলাই আহে
সৰবজান,
তুমিতো জানাই মাটিৰ পৰা
শিল হোৱাৰ আদি কথা

শিলৰো চকু আছে ;
আছে হৃদয়
সেয়েহ নৈৰ আঘাতত
চকুপানীৰে বহু ৰক্তাক্ত যুগ সমুত্তীৰ্ণ কৰে
সময়ৰ পাৰত চকুপানীৰ সাগৰ  হয়,

সৰবজান,
সেই সাগৰত ডুবিলেই দেখো
জুয়ে পৰা হাড়বোৰ
যিবোৰক লৈ স্থূলীয় হাংগৰবোৰে
বিশেষজ্ঞৰ আখৰা পাতে
কিছুমানে হাতচাপৰি দিয়ে

সৰবজান,
কালিদাসৰ কাহিনীটো শুনিছিলানে?
ডালত বহি গুৰিত কাটে
ইহঁতেও ধ্বংসযজ্ঞ কৰি
উন্নয়নৰ আখৰা পাতে,

সৰবজান, তুমিতো জানাই
শিলৰ মৈথুনেৰে কেনেকৈ
জীয়াই ৰাখিছে নৈ
আৰু নৈ পৰীয়া সভ্যতা
ইতিহাসত ৰেখাঙ্কিত নাথাকিলেও
সময়ৰ গৰ্ভত এতিয়াও ভ্ৰূণ ,

এই অৰণ্যত উৎসৱ নাই,
তেজোত্তপ নাই
আচলতে শিলবোৰৰ নাক;কান ;কন্ঠ নাই
যাৰ বাবেই নিৰ্বাকে
যুগে যুগে সভ্যতাৰ খোজবোৰ
  বহন কৰি যায়  বুকুত।।।