যাদুগৰ ফকিৰৰ সাধুকথা




যাদুগৰ  ফকিৰৰ  সাধুকথা

এক দেশত এজন ৰজা আছিল । ৰজাজন বৰ দয়ালু , দানবীৰ আছিল । ৰজা হলেও তেওন সাধাৰণ প্ৰজাৰ দৰেই বসবাস কৰিছিল । ৰজাৰ এক ৰানী আৰু এজনী জীয়ৰী আছে ।জীয়ৰীজনীৰ দুবছৰমান হৈছে বিয়া হ'বৰ এনেতে এদিন ৰজাজন ঢুকাল । দেউতাৰ মৰাৰ খবৰ পাই জীয়েকে কান্দি কাটি অস্থিৰ হৈ আহি মাকৰ ঘৰ পালেহি । তেতিয়াৰ পৰাই কিছুদিনৰ বাবে মাকৰ ঘাৰত থাকিব বুলি সিদ্ধান্ত ললে কাৰণ তাইৰ মাকজনীও অকলশৰীয়া । সেইমতেই তাই মাকৰ ঘৰতে থাকিবলৈ ললে। আইতাকেও নাতিয়েকক পাই দুখ কষ্টবোৰ পাহৰি থাকিল ।

এদিন ৰানীয়ে ৰাজ্যৰ কামত বাহিৰলৈ যাব লগা হ'ল । এনে সময়তে এদিন এজন যাদুগৰ মানুহ ফকিৰৰ বেশ ধৰি সেই ৰজাৰ ঘৰলৈ আহে। পদুলিমুখত আহি ভিক্ষা বিচাৰিলে। চোতালত সৰু ল'ৰাজন অকলে খেলি আছে। মাকে ভিতৰৰ পৰা ভিক্ষা আনি আগবঢ়াই দিওতে ভিক্ষাৰীজনে ৰজাৰ জীয়েকৰ বগা ফুলফুলীয়া হাতখন চাই তাইৰ ৰূপ লাবন্যৰ কথা গম পায়। ভিক্ষাৰীয়ে আৰবেৰৰ পিছৰ পৰা ভিক্ষা নলৈ আৰু অলপ আগবাঢ়ি আহি দিবলৈ কলে। তাই আৰু অলপ আগবাঢ়ি আহিল । ভিক্ষাৰীজনে আৰু আগবাঢ়ি আহিবলৈ কয় । এনেকৈ যেতিয়া ৰজাৰ জীয়েকে এখোজ এখোজকৈ ভিক্ষাৰীজনৰ ওচৰ পায় তেতিয়া ভিক্ষাৰীজনে যাদু কৰি তাইক কুকুৰ বনাই লগত লৈ যায় আন ঘৰলৈ ভিক্ষা খুজিবলৈ । এঘৰলৈ গৈ ক'ল গছ বনায়। কলগছৰ পৰা টোপাটোপে পানী সৰি পৰে। সেয়া পানী নহয় ৰাজকন্যাৰ চকুপানী। তাই কান্দি কান্দি কৈ থাকে- ফকিৰ তোমাৰ হাত ধৰো

ভৰিত পৰো

কোলাৰ সন্তান মোৰ পিয়াহ খাব।( ফকিৰ তোমাৰ হাতে ধৰি পায়ে পৰি কোলেৰ চেলে দুদু খাব ৰে--)

কল গছত এনেকৈ ইনাই বিনাই গান গাই থকা দেখি মানুহে জুম বান্ধি বান্ধি সেয়া চায়। এনেকৈ আন ঘৰলৈ যাওতে ঘোৰা বনায় । ঘোৰায়ো কান্দি কান্দি গায় -' ফকিৰ -------' এনেকৈ ফকিৰে যাদুৰে তাইক নানা বস্তু বনাই মানুহক দেখুৱাই ভিক্ষা মাগি মাগি গুছি যায়। ইফালে মাকে আহি নাতিক চোতালত কান্দি থকা দেখি জীয়েকক মাত দিয়ে। জীয়েকৰ কোনো সহাৰি নাই। মাকে জীয়েকক বিচাৰি গোটেই ঘৰ চলাথ কৰি শেষত আশ পাশৰ ঘৰলৈ গৈ সুধিলত এজনে কলে- তাইকতো দেখা নাই পিছে এজন ভিক্ষাৰী আহিছিল । ভিক্ষাৰীজন যাদুগৰ । যাদুৰে কলগছ বনায় , ঘোৰা বনায়। সেইবোৰ আকৌ গীত গাই গাই ইনাই বিনাই কান্দে। সেইবোৰ শুনি মাকে কিবা এটা সন্দেহ কৰি জোৱাইয়েকক খবৰ দিয়ে। জোৱাইয়েক খবৰ পাইয়ে আহি ঘৈনিয়েকক বিচাৰি ফুৰে । তেতিয়া মানুহে কলে যে এজন ফকিৰ আহিছিল । সি যাদুৰে মানুহক ঘোৰা বনায় , গছ বনায় । কিজানি সেইজনেই তোমাৰ ঘৈনিয়েকক লৈ গৈছে। এই কথা শুনি কেছুৱাটিৰ দেউতাকে ফকিৰক বিচাৰি বিচাৰি গৈ ফকিৰৰ ঘৰ গৈ পায় । পিছে ঘৰ পালে কি হ'ব ! ঘৈনিয়েকক বিচাৰি যোৱা কথা জানিয়ে ফকীৰে তাক শিল বনাই থয়। ফকীৰে অকল তাৰ ঘৈনিয়েককে নহয় ভিক্ষা খুজি থাকোতে ধুনীয়া জীয়ৰী বোৱাৰী দেখিলে যাদু কৰি আনি যোৰকৈ বিয়া পাতে। তেনেকৈ বিয়া পাতি পাতি আঠ ন জনী ঘৈনিয়েক হৈছে। চাওঁতে চাওঁতে সময় পাৰ হৈ গৈ থাকিল।

ইফালে সৰু কেছুৱাটি লাহে লাহে ডাঙৰ দীঘল হ'বলৈ ধৰিলে। লাহে লাহে নানী( আইতাকক) মাক দেউতাকৰ কথাও সুধিবলৈ আৰম্ভ কৰিলে । তেতিয়া নানীয়ে সকলো ভাঙি পাতি কৰে। সেই কথা শুনাৰ পিছৰ পৰাই ল'ৰাজনে ফকীৰৰ ঘৰ বিচাৰি উলিয়ায় আৰু সদায় ফকীৰৰ ঘৰৰ আশেপাশে ঘূৰিবলৈ ধৰিলে। এনেকৈ এদিন ল'ৰাজনে লক্ষ্য কৰিলে দুপৰীয়া সময়ত ফকীৰৰ আটাইকেইজনী পত্নী নদীৰ ঘাটলৈ গা ধুবলৈ যায়। তাকে দেখি ল'ৰাজনো প্ৰতিদিনে নদীৰ ঘাটলৈ যায় । বহি থাকে । এনেকৈ কেইদিন যোৱাৰ পিছত ল'ৰাজনৰ যিজনী মাক হয় সেইজনীয়ে ল'ৰাজনলৈ লক্ষ্য কৰিলে। তাক চাইয়ে মাকৰ মনত চাৎ মাৰি উঠিল। নিজৰ ল'ৰাজনলৈ মনত পৰিল। মনে মনে ভাবিলে - ' মোৰ ল'ৰাজনো চাগে এতিয়া ইমান ডাঙৰ হৈছে। ' গা ঘহি থাকোতে মাকে ল'ৰা জনলৈ বাৰ বাৰ লক্ষ্য কৰিলে। ল'ৰাজনলৈ তাইৰ মৰম লাগি গ'ল। ল'ৰাজনৰ চকুতো মায়া , যেন সি সন্মুখত নিজৰ মাকক পাইছে। মাকজনীয়ে নিজৰ ল'ৰাক চিনি নাপালেও মাকৰ অন্তৰে টান দিছে। কিয় জানোঁ তাইৰ মন বাৰে বাৰে ল'ৰাজনৰ বিষয়ে জানিব বিচাৰি আছে। সকলোৰে সন্মুখত ল'ৰাজনৰ লগত কথা পাতিলে ফকীৰক কৈ দিব পাৰে বুলি ভয় । সেইকাৰণেই তাই লাহে ধীৰে গা ধুই উঠিল । ফকীৰৰ গোটেইকেইটা লপত্নী গা ধুই আগে আগে যাবলৈ ধৰিলে পিছে ল'ৰাজনৰ মাকে পিছ পৰি ৰ'ল। সেই তাই সুজগতে ল'ৰাজনৰ পৰিচয় সুধিলে। ল'ৰাজনে সকলো বিবৰি কলে। সৰুতে মাক দেউতাকক হেৰুৱালেও আইতাকৰ মুখৰ পৰাই মাক দেউতাকৰ নাম শুনিছে। ল'ৰাজনৰ কথা শুনাৰ লগে লগে মাতৃ হৃদয় হাহাকাৰ কৰি উঠিল তাক মমতাৰ আচঁলেৰে আবৰি লবলৈ কিন্তু নোৱাৰিলে। বুকুত জমা হৈ থকা কষ্টবোৰ দুচকুৰে নিগৰি আহিল। তেতিয়া ল'ৰাজনে বুজি পালে তাৰ মাক হয় তথাপিও সুধিলে কিয় কান্দিছে বুলি। তেতিয়া তাক কলে তাইয়ে তাৰ মাক বুলি। ল'ৰা জনে মাকক কলে-' বলা আমি ঘৰলৈ যাওঁ। মই তোমাক লৈ যাম। '

' মই যাব নোৱাৰো বাবা। মই গলে ফকীৰে তোমাৰ দেউতাক আৰু তোমাক মাৰি পেলাব। এতিয়া ফকীৰ মৰাৰ পিছতহে যাব পাৰিম।'

' তেন্তে তুমি আজি গৈ চলে বলে সুধিবা তাৰ মৃত্যু কেতিয়া হ'ব?'

'কেনেকৈ সুধিম যদি কবা সন্দেহ কৰে ?'

'তুমি গৈ ক'বা - তুমি এতিয়া বুঢ়া হৈছা , তোমাৰ কেতিয়া মৃত্যু হয় ঠিক নাই। তোমাৰ মৃত্যু হলে আমাৰ কি হ'ব?'

ল'ৰাৰ কথাত মাকে সন্মতি জনাই ততালিকে তাৰ পৰা গুচি গল। সেইদিনা ল'ৰাই দিয়া বুদ্ধি মতেই সুযোগ বুজি ফকীৰৰ কাষত বহি পান তামোল দি কলে- আমাৰ কথা কেতিয়াবা ভাবিচানে? তুমিতো এতিয়া বুঢ়া হৈছা , তোমাৰ কেতিয়া মৃত্যু হয় ঠিক নাই। তোমাৰ মৃত্যু হলে আমাৰ কি হ'ব?'

তেতিয়া ফকীৰে কলে- ' তোৰ চিন্তা কৰিব নালাগে , মোৰ এতিয়াই মৃত্যু নহয়।'

' আপুনি কেনেকৈ জানিব আপোনাৰ মৃত্যু কেতিয়া হ'ব?'

' মই জানোঁ কাৰণ মোৰ জীউ এটা ৰাজহাঁহৰ ভিতৰত আছে।'

' কি যে কয় আপুনি!' তাই ঠাট্টা কৰি হাঁহিবলৈ ধৰিলে।

' নৈখনৰ সিপাৰে সেইযে গাঁওখন দেখিছা তাতেই মোৰ ভায়েকৰ ঘৰ। সেই ভায়েকজনৰ ঘৰত বহুত ৰাজহাঁহ আছে। তাৰে ভিতৰত যিটো বুঢ়া ৰাজহাঁহ সেইটোৰ মাজত মোৰ জীউ আছে । যিদিনা সেই হাঁহটো মৰিব সেইদিনাহে মোৰ মৰণ।'

সেই কথা শুনি পিছদিনা ল'ৰাজনৰ মাকে গা ধুবলৈ গৈ আকৌ লাহে লাহে গা ধুই সকলোৰে পিছ পৰিল। সুযোগ বুজি নিজৰ ল'ৰাক লগ কৰি সকলো ভাঙি পাতি কলে। ল'ৰাজনে মাকৰ পৰা বিদায় লৈ ঘৰ পাই আইতাকক কান্দি কান্দি গানৰ সুৰত কবলৈ ধৰিলে-

'অ দাদী দাদীৰে

পালে যে প্ৰথম ঘোৰা তাৰে সাজায়া দে

সাত সমদুৰ পাৰি দিমু খুৰে নাপায় পানী ৰে--।'


ঘৰত থকা ৰাখল জনকো কবলৈ ধৰিলে-

' অ কাইলা কাইলাৰে

পালে যে প্ৰথম ঘোৰা তাৰে সাজায়া দে

সাত সমদুৰ পাৰি দিমু খুৰে নাপায় পানী ৰে--।'

তাৰ কান্দোন মিশ্ৰিত কথা শুনি আইতাকেও গানৰ সুৰত ৰাখলজনক কলে- ' অ কাইলা কাইলাৰে

কিবা কৈৰা সাত সমুদুৰ পাৰি দেয় তাই আমাৰা দেখমু ৰে।'

সেইমতে ৰাখলজনে এটা ঘোৰা ধুনীয়াকৈ সজাই দিলে। সজোৱা ঘোৰাৰ পিঠিত উঠিয়েই ল'ৰাজনে মূৰত টোকৰ এটা মাৰিলে। লগে লগে ঘোৰাই নদীৰ ওপৰেদি উৰি যাবলৈ ধৰালে। যাওতে যাওতে এটা সময়ত গৈ ফকীৰৰ ভায়েকৰ ঘৰ পালেগৈ। ঘৰৰ পদূলিৰ পৰাই ফকীৰৰ ভায়েকজনক খুৰা বুলি মাতি মাতি মাতি চোতাল পালে। তাৰ মাত শুনি ফকীৰৰ ভায়েকজনেও ঘৰৰ পৰা ওলাই তাৰ ওচৰ পালে। ইমান ধুনীয়াকৈ খুৰা সম্বন্ধ দি মাতিছে যে তাক সন্দেহ কৰাৰ থল নাই । তথাপিও তাক যেন চিনিব পৰা নাই তেনে ভাব এটা দেখি কিবা কোৱাৰ আগতেই কলে -' কিয় মোক আপুনি চিনি পোৱা নাই ? মই আপোনাৰ ভাতিজা। আপোনাৰ সৰু ভায়েকৰ ল'ৰা। '

' আৰে কিয় চিনি নাপাম , পাইছোঁ, পাইছোঁ। মোৰ ভাতিজাক মই চিনি নাপাম সেয়া হয় নেকি। আহা আহা বহা, ইমান দূৰৰ পৰা আহিছা---।'

ল'ৰাজনৰ কথাবোৰ মানুহজনে বিস্বাস কৰি তাক আথে বেথে ঘৰৰ ভিতৰলৈ লৈ গৈ বহিবলৈ দিলে। কি খোৱাব কি নুখোৱাব এনে হুৱাদুৱা লাগি গল। তাক বহুত আদৰ যতন কৰিলে । এটা সময়ত ল'ৰাজনে কলে - মই এটা বস্তু লৈ যাব বিচাৰোঁ।'

' কি লাগে তোমাক লৈ যোৱা।'

' মই এটা ৰাজহাঁহ লম।'

' ওহ হাঁহ লাগে ? লৈ যোৱা মোৰ বহুত হাঁহ আছে , তাৰ পৰা নিজৰ পছন্দ অনুযায়ী লৈ লোৱা ।'

ল'ৰাজনে ইমান হাঁহৰ ভিতৰত বুঢ়া হাঁহটো পচন্দ কৰিলে।

মানুহজনে কলে- সেয়া দেখোন বুঢ়া হাঁহ , সেইটো দি কি কৰিবা , না কনী পাৰিব না একো কৰিব পাৰিবা।'

মানা কৰা সত্ব্যেও সি সেই হাঁহটোৱে ল'ব বুলি যোৰ কৰিলে । বুঢ়াই উপায়ন্তৰ হৈ লবলৈ কলে । তাই হাঁহটো ধৰি লৈ যাবলৈ ধৰোতেই বুঢ়ৰ সৰু জীয়েকজনী তাৰ লগত খুৰাৰ ঘৰলৈ যাবলৈ জেদ ধৰিলে । যাৰ বাবে তাইকো লগত যাবলৈ অনুমতি দিলে । দুয়ো ঘোৰাত উঠি হাঁহৰ দুটা ডেউকা দুজনে ধৰিলে । আকৌ ঘোৰাৰ মূৰত টোকৰ দিয়াৰ লগে লগে ঘোৰা উৰি যাবলৈ ধৰিলে। দুইজনে ডেউকা ধৰাৰ বাবে বাৰ বাৰ দুফালে টান পৰে । যাৰ বাবে সিফালে ফকীৰ অস্থিৰ হৈ পৰিল । চটফটাবলৈ ধৰিলে। যিমানেই টান পৰে সিমানেই ফকীৰ অসুস্থ হ'বলৈ ধৰিলে। এনেকৈ ঘৰ পোৱাৰ আগে আগে ল'ৰাজনে জানি বুজি টানকৈ টানি হাঁহৰ মাজতে ফালি পেলালে। লগে লগে ফকীৰৰ মৃত্যু হ'ল। লগে লগে সকলো ফকীৰৰ যাদুৰ পৰা মুক্ত হ'ল। ল'ৰাজনো গৈ তাৰ মাৰ কাষ পালেগৈ। পাথৰ বনাই থোধা তাৰ দেউতাকো আকৌ মানুহ ৰূপ পালে । তেনেকৈ আৰু বহুত মানুহক গছ, গৰু , ছাগলী , পাথৰ বনাই থৈছিল সিহঁতো মানুহ ৰূপ পালে । তেতিয়া সকলোৱে ফকীৰৰ মৃত্যু দেখি আনন্দত নিজা নিজা ঘৰলৈ ৰাওঁনা দিলে। ল'ৰাজনেও তাৰ মাক দেউতাকক লগত লৈ আনন্দমনে ঘৰলৈ ৰওনা দিলে।

Comments

Popular posts from this blog

প্ৰেম(love)

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?