চুমকি আৰু ফেৰীৱালাৰ সাধু

 


চুমকি আৰু ফেৰীৱালাৰ সাধু



এক দেশত আছিল এক বুঢ়ি । বুঢ়িৰ ধুনীয়া এজনী নাতিনী 
আছিল। নাতিনীজনীৰ নাম চুমকি। চুমকি সৰু থাকোতেই তাইৰ মা দেউতা ঢুকাইছে। সেইকাৰণে আইতাকেই তাইক ডাঙৰ দীঘল কৰিছে। আইতাকে মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিয়ে যদিও চুমকি যেতিয়া স্কুলত যায় তেতিয়া লগৰীয়াবোৰৰ মাক দেউতাকক চাই তাইৰ মনত বেয়া লাগে। কষ্টত বুকু ভৰি যায় যদিও তাই আইতাকৰ সন্মুখত হাঁহি মাতি থাকে। এনেকৈ এদিন চুমকিহঁতৰ গাঁৱত এজন ফেৰীৱালা আহে । চুমকীৰ লগৰীয়া সকলোৱে কিবা নহয় কিবা কিনে কিন্তু চুমকিৰ টকা নথকা বাবে তাই দূৰৈত অকলে থিয় হৈ থাকে। এনেকৈ দূৰৈত থিয় হৈ থকা চুমকিক কেইবাদিনো লক্ষ্য কৰিলে । সকলোৱে কিবা নহয় কিবা কিনে কিন্তু তাই নিকিনে কথাটো ফেৰীৱালাজনৰ হজম নহল। ফেৰীৱালাজন কেইবাদিনো চুমকীক লক্ষ্য কৰাৰ পিছত এদিন তাইৰ বান্ধবী এজনীক তাইৰ বিষয়ে সুধিলে। বান্ধবীজনে ভাঙি পাতি কলে যে তাইৰ মা দেউতা নাই। আইতাকে কোনোমতে তাইৰ পোহপাল কৰে। কথাবোৰ শুনি ফেৰিৱালাজনে চলে বলে চুমকিৰ ঘৰ কোনটো সেয়াও জানি ললে। সেইদিনা ফেৰীৱালা গ'লগৈ। তাৰ দুদিনমান পিছতে ফেৰীৱালাজনে খাৰু - মালা লৈ চুমকিহঁতৰ ঘৰ পালে। ঘৰৰ সন্মুখত চুমকিক পাই ফেৰীৱালাই পৰিচয় দিলে- চুমকি , মই তোমাৰ মাৰ ভায়েক হয় । তোমাৰ মামা মই । চুমকিৰ আইতাকৰ ওচৰতো গৈ চুমকিৰ মামা হয় বুলি পৰিচয় দিলে। আইতাকে ভালেই পালে ইমান দিন পিছত তাইৰ কোনো আত্মীয়ই তাইৰ খৱৰ ল'বলৈ আহিছে। সেইদিনা আইতাকে ফেৰীৱালাক আদৰ যত্ন কৰি খোৱাই বোৱাই বিদায় দিলে। সেইদিনাৰ পৰা ফেৰীৱালাই ঘন ঘন অহাযোৱা আৰম্ভ কৰিলে । চুমকিৰ বাবেও নান ধৰণৰ বস্তু আনি দিয়ে। আইতাকক বজাৰ কৰি দিয়ে । এনেকৈ এদিন ফেৰীৱালাই ভাগিনীয়েকক ঘৰলৈ লৈ যাব বিচাৰিলে। আইতাকেও মানা নকৰিলে । বেচেৰীৰ ফুৰিবলৈ যোৱাৰ কনো ঠাই নাই । মমায়েকে কেইদিনৰ কাৰণে লৈ যাব বিচাৰিছে যেতিয়া লৈ যাওঁক।
চুমকিও মমায়েকৰ ঘৰলৈ যোৱাৰ আনন্দ। তাই কাপোৰ কানি টোপলা বান্ধি মমায়েকৰ লগত গ'ল । যাওঁতে বাটত নৈ পাৰ হ'ব লাগে। নৈ পাৰ হৈ বালি চাপৰি হৈ পাহাৰ এটাৰ গুৰিয়েদি গৈ মমায়েকৰ ঘৰ পালে । ঘৰত মানুহ বুলিবলৈ এজনী মাত্ৰ বুঢ়ী । বুঢ়ীজনী ফেৰীৱালাৰ মাক। চুমকীয়ে মমায়েকৰ ঘৰ পাইয়ে কেনে যেন অনুভৱ হ'ল। ঘৰ পাইয়ে ফেৰীৱালাজনে চুমকিক ঘৰত থৈ বজাৰলৈ ওলাই গ'ল । বজাৰৰ পৰা ৰঙা শাৰী , আলতা ফিতা যি যি বিয়াত লাগে সকলো লৈ আহিল । গাঁওৰ মানুহ দুনুহো মাতিলে । এইবোৰ চাই চুমকিৰ সন্দেহ হ'ল। ফেৰীৱালাই চুমকিক নতুন শাৰী পিন্ধিবলৈ কৈ গাঁৱৰ মুণ্সিজনক মাতিবলৈ যোৱাৰ সুযোগতে নতুন শাৰী মাকক পিন্ধাই থৈ মাকৰ বগা সাজযোৰ পিন্ধি মূৰ কাপোৰ দি তাৰ পৰা পলাল। যি বাটেৰে তাই ৰওনা দিলে সেই বাটেৰেই ফেৰীৱালাই আহি থকা দেখা পালে। তাই ভয়ে ভয়ে আগবাঢ়িল । মুখ ভালকৈ আঁচলেৰে ঢাকি দোৱা দৰূদ পঢ়ি পঢ়ি গৈ থাকিল । বাটৰ এটা কাষেৰে চুমকি গ'ললৈ আনটো কাষেৰে ফেৰীৱালা । চুমকিক চিনিব নোৱাৰিলে। তাই সেইখিনি পাৰ হৈ খৰধৰকৈ খেৱা ঘাটলৈ গৈ নাৱত উঠিলে। নাওঁ এৰি দিলে। বতাহত তাইৰ মূৰৰ আচঁল আতৰি গ'ল । তাই ৰূপ লাবন্য দেখি নাৱৰীয়াই মুগ্ধ হৈ পৰিল । চুমকিৰ সেইফালে লক্ষ্য নাই । মাত্ৰ মনে মনে দোৱা পঢ়ি আছে । এটা সময়ত ঘৰ গৈ পাই আইতাকক সকলো ভাঙি পাতি কলে। ইপিনে নাৱৰীয়াও তাইৰ ৰূপত মুগ্ধহৈ তাইৰ পিছে পিছে আইতাকৰ কাষ পাই চুমকিৰ বিয়াৰ প্ৰস্তাৱ দিয়ে। আইতাকে খুশি খুশি সিহঁতৰ বিয়া কৰাই দিয়ে । ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)