চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা

 

চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা



এক দেশত আছিল এক সদাগৰ । সদাগৰৰ ঘৈনিয়েকজনী বৰ চতুৰ । এদিন সদাগৰজনে পুতেকক লগত লৈ বানিজ্য কৰিবলৈ বিদেশলৈ যায়। ঘৰত মাত্ৰ শাহু আৰু বোৱাৰী । সেই কথা এক কান দুই কান কৰি চোৰৰ কানত পৰিল।চোৰে সেই কথা শুনি ফুৰ্তি পালে। এইবাৰ মোটা অংকৰ বস্তু চোৰ কৰিব পাৰিব বুলি মনতে ভাবিলে। তেতিয়াৰ পৰাই চোৰে কেনেকৈ চোৰ কৰিব তাৰ চিন্তা আৰম্ভ কৰিলে। সদাগৰৰ ঘৰৰ চাৰিওফালে ঘোৰাফেৰা আৰম্ভ কৰি দিলে। চোৰৰ অস্বাভাৱিক চলন ফুৰন সদাগৰৰ চতুৰ ঘৈনিয়েকৰ চকুৰ পৰা সাৰি নগল। সেই দেখি শাহুৱেকে গৈ বোৱাৰীক কথাটো কলে । বোৱাৰীজনীও বৰ চতুৰ। পিছদিনা যেতিয়া চোৰে ঘৰৰ কাষেৰে যাবলৈ ধৰিলে তেতিয়া বোৱাৰীয়ে চোৰে শুনাকৈ কলে- 'মা , মই যে আপোনাক গহণা থবলৈ দিছিলোঁ , ক'ত থৈছে ? '
' আমাৰ যে আখলৰ ছাই পেলাও , সেই ছাইৰ দমত লুকাই থৈছোঁ । কোনেও গম নাপাব। '
কথাষাৰ শুনি চোৰে বেচ আনন্দ পালে । চোৰে ৰাতিলৈ অপেক্ষা কৰি থাকিল। ৰাতিৰ আন্ধাৰ হোৱাৰ পিছত যেতিয়া মানুহবোৰ শুই পৰিছে তেতিয়া চোৰে পাকঘৰৰ পিছফালে থকা বাৰীখনত থৈ দিয়া ছাইৰ দম হাতেৰে লিৰিকি বিদাৰি তহিলং কৰিলে কিন্তু সোণ ৰূপৰ কোনো টোপলা নাপালে। সেইদিনা চোৰে ঘূৰি গ'ল। আকৌ পিছদিনা চোৰে কান উনাই সদাগৰৰ ঘৰৰ আগফালে দি অহাযোৱা কৰি থাকিল। সেই দেখি চতুৰ বোৱাৰীজনে আকৌ কলে - ' শাহুমা , আজি সোনৰ টোপলাটো ক'ত ৰাখিছে?'
' তুমি চিন্তা নকৰিবা। আজি বহুত ভাল ঠাইত থৈছোঁ। আমাৰ বাৰীত যে জামুন গছ আছে , তাতে গৰলে মাটিৰে বাস সাজিছিল, কিছুদিন থাকি গৰলে বাহ এৰি গুছি গৈছে। সেই বাহত থৈ আহিছোঁ। '
চোৰে শুনি বৰ মজা পালে । চোৰে মনে মনে কলে- ' বুঢ়ি আজি কেনেকৈ সোণ ৰক্ষা কৰিবি?'
চোৰে আন্ধাৰ হোৱালৈ অপেক্ষা কৰি থাকিল। যেতিয়া আন্ধাৰ হৈছে তেতিয়া চোৰে গৈ জামুন গছত উঠি গৰলৰ বাহত হাত ভৰাই দিলে। লগে লগে বাহত থকা গৰলে চোৰৰ হাত , গালে মুখে কামুৰিবলৈ ধৰিলে। ' ওৰে বাবাৰে --' বুলি কৈ চোৰে দৌৰিবলৈ ধৰিলে। পিছে পিছে গৰল । চোৰে দৌৰি দৌৰি গৈ ঘৰ পাই ঘৰৰ দুৱাৰ জপাই দিলে। কিছুসময়ৰ ভিতৰত চোৰৰ গাল মুখ ফুলিবলৈ ধৰিলে। বিষত জ্বৰ আহি গ'ল। বিষ আৰু জ্বৰৰ বাবে চোৰে বিচনাতে কেইদিনমান পৰি থাকিব লগা হ'ল। কিছুদিন পিছত চোৰ সুস্থ হ'ল। চোৰৰ মনত বুঢ়িৰ প্ৰতি বৰ খং। চোৰে ভাবিলে বুঢ়িক এশিকনি দিবলৈ বুঢ়িৰ নাকৰ তলৰ পৰা এইবাৰ চোৰ কৰি আনিব । সেইমতেই চোৰে সুযোগ বুজি আবেলিয়ে বুঢ়িৰ ঘৰত সোমাই বিচনাৰ তলত সোমাই থাকিল। চতুৰ বুঢ়ীৰ চকুৰ পৰা চোৰে ক'ত সাৰি যাব পাৰে ! বুঢ়ীয়ে চোৰক বিচনাৰ তলত সোমাই থকাটো গম পালে কিন্তু চতুৰ বুঢ়ীয়ে চোৰক বুজিবলৈ নিদিলে। বুঢ়ীয়ে মনে মনে মণ্ডলৰ ঘৰলৈ গ'ল। মণ্ডলক গৈ ৰাতি চোৰ অহাৰ কথা কলে। বুঢ়িৰ কথা শুনি মণ্ডলৰ মনে মনে খং। মণ্ডল অহালৈ চোৰে বহি থাকিবনে ? তথাপিও বুঢ়িক কৈ দিলে মাতিলে যাব ।
সন্ধিয়া ৰন্ধা বঢ়া হৈ গ'ল। ৰাতি খাই বৈ শাহু বোৱাৰী একে কোঠাতে শুবলৈ যো জা কৰিলে এনেতে বোৱাৰীয়ে কলে- শাহুমা , সাধুকথা এটা কওক। মোৰ টোপনি অহা নাই। '
' বৌমা, মোৰ পেটতে কিমান কথা আছে , তোমাৰ আকৌ সাধুকথা লাগে। শুনা - এদিন তোমাৰ শহুৰে মাছ মাৰিবলৈ গৈছিল। দুপৰীয়া বোৱালী মাছ এটা মাৰি আনি কাটি বাচি আধা মাছ তেতিয়া ৰান্ধিবলৈ কলে আৰু আধা ৰাতিৰ সাজলৈ থৈ দিবলৈ কৈ গা ধুবলৈ গ'ল। মই মাছ কাটি বাচি ধুই মাছ ভাজিলোঁ। ভজাৰ সময়ত এটা টুকুৰা খাই চালোঁ বৰ সোৱাদ লাগিল । তাৰ পিছত আৰু এটুকুৰা খালোঁ। এনেকৈ খাওঁতে খাওঁতে গোটেই সোপা খাই শেষ কৰিলোঁ। খোৱাৰ পিছতহে মোৰ হুচ আহিল। তোমাৰ শশুৰে ভাত খাবলৈ একো নাই। মই কেইটামান বেঙেনা পুৰি ভৰ্তা বনাই থৈ দিলোঁ। ইতিমধ্যে তোমাৰ শশুৰ আহি পালে । ভাত খাবলৈ বহিল। ভাতৰ পাতত অকল ভৰ্তা চাই মোক সুধিলে মাছৰ কথা। মই খাই থৈছোঁ বুলি কোৱাৰ লগে লগে বহা পীৰাখন হাতত লৈ মোৰ মূৰত মাৰি দিলে। লগে লগে মই চিঞৰ মাৰিলোঁ- ও মণ্ডলৰে বাচাও --।'
সেইফালে মণ্ডলেও কান উনাই আছিল। বুঢ়ীৰ মুখত মণ্ডলৰ নাম শুনিয়ে মণ্ডল পুতেককেইজনৰ সৈতে লাঠি ঠেঙ্গা হাতত লৈ বুঢ়ীৰ ঘৰত হাজিৰ। চোৰে গোমেই নাপালে তাক ধৰিবলৈ মানুহ আহিছে। বাহিৰত মণ্ডল অহাৰ উমান পাই বুঢ়ীয়ে ঘৰৰ দুৱাৰ খুলি দিলে লগে লগে মণ্ডলৰ পুতেক কেইজনে চোৰক ধৰি বান্ধি লৈ গ'ল।
-------------- সমাপ্ত

Comments

Popular posts from this blog

প্ৰেম(love)

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?