সুখ আৰু দুখ


ৰ’দ আৰু মেঘ
পৰস্পৰৰ নগ্ন ৰূপ,
দুয়ো আকাশৰ হৃদমণি
আকাশে মেঘক বুকুত সামৰে
বৰষুণত বেলিয়ে স্নান কৰে
ৰ’দৰ আঙুলিত ধৰিয়ে
সঞ্জিৱীত হ’য় পৃথৱী৷

সুখ আৰু দুখ
পৰস্পৰৰ নগ্ন ৰূপ
দুয়ো অন্তৰৰ জ্যোতিস্কাৰক
অন্তৰে দুখক ধাৰণ কৰে
চকুলোত হাঁহিয়ে স্নান কৰে
ওঁঠৰ শিপা খামুচিয়ে
আনন্দআগমন জীৱনত৷

দুখৰ সাম্ৰাজ্য যিমান বহল
সুখৰো সিমানেই বিচৰণ।.

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)