জীয়াই আছো কিছু অস্থিৰতাৰ সৈতে
জীয়াই আছো কিছু অস্থিৰতাৰ সৈতে
--------'
@ #Begum Asma
জীয়াই আছো
কিছু অস্থিৰতাৰ সৈতে
নৈৰাস্য আৰু শোকাগ্নি
গুনগুনাই আছে মোৰ
তেজৰ মৰাসূতিত
ইয়াত গছ আৰু পাতবোৰ
বিষন্নতাত জঠৰ লাগিছে
সেয়েহ উশাহত
এআকাশ শূণ্যতা
ঘড়ীটো সলনি হৈ গৈ থাকে
সলনি নহয় বস্তিৰ ঘড়ীটো
ঘড়ীৰ টিক টিক শব্দবোৰ
মাজৰাতি হাতুৰীৰ টং টং
শব্দ হৈ বাজি থাকে
এই দেশত ধৰ্ষিতা কন্যাৰ যোনিত
সভ্যতাৰ আত্মবিলাস
ৰক্তমাখা পতাকাত
জাতীয় সংগীত বিহীন
অজশ্ৰ শিশুৰ মুখ
নাভীমূলৰ ক্ষতত স্বাধীনতা অঙ্কিত
নাৰীৰ স্তনত বিপ্লৱৰ নিচান
পিতৃৰ কান্ধত
দুপৰীয়াৰ বেলি
হাতত জ্বলি যোৱা পথাৰ
চৌদিশে বতাহত পোৰা গোন্ধ
ৰাজপথত নিলাম দেশ
এতিয়া ফেক্টৰী, জুহাল
সকলোতে ধৰ্মঘট
নাঙলৰ সীৰলুতো ধৰ্মঘট
অথচ মোৰ পিতৃয়ে মাজৰাতি
সাৰ পাই শুনে
সাম্যবাদ প্ৰতিষ্ঠাৰ জয়ধ্বনি
মাতৃৰ চকুত উৰি থকে পতাকা
তলত এজাক উন্মুক্ত শিশু ।