white fungus কি আৰু ইয়াৰ লক্ষণ সমুহ কি?

 



white fungus কি আৰু ইয়াৰ লক্ষণ সমুহ কি জানো আহক

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষক কৰোণা মাহামাৰীয়ে জৰুলা কৰি ৰখাৰ মাজতে white fungus আৰু  black fungus ৰ দৰে  গুৰুতৰ বেক্টেৰীয়াৰ সংক্ৰমণে দেশযুৰি নতুন আতংকৰ সৃষ্টি কৰিছে। নানা ৰাজ্যত ব্লাক ফাংগাছৰ বহুত কেছ সন্মুখত অহাৰ পাছতে ইয়াকো মহামাৰী ঘোষণা কৰিছে। এই সংক্ৰমণ শেষ হোৱাই নাই আকৌ নতুন এক ৰোগে আতংকৰ সৃষ্টি কৰিছে।সেয়া হল white fungus। এই বেক্টেৰিয়াৰ সংক্ৰমণ ব্লাক ফাংগাছতকৈ বেছি ভংয়ঙ্কৰ,কাৰণ এই বেক্টেৰিয়া অকল এটা বা দুটা অংগ নহয়  হাঁওফাঁও,কিডনী,প্ৰাইভেট পাৰ্ট, মগজুকে ধৰি শৰীৰৰ প্ৰত্যেক অংগতে সংক্ৰমণ হয় ।

White fungus দূষিত পানী আৰু বনষ্পতিৰ পৰা সংক্ৰমিত হয়।black fungus ৰ দৰে  white fungus ও এবিধ বেক্টেৰিয়া।চিকিৎসকৰ ভাষাত ইয়াক কেনডিডা নামে জনাজাত। এই বেক্টেৰিয়াবিধ নাক বা মুখত লাগিলে সোণকালে সংক্ৰমণ হয় ।এই বেক্টেৰিয়া সংক্ৰামিত কোনো বস্তু দেহত লাগিলেও এই ৰোগবিধ হ’ব পাৰে৷

ইয়াৰ লক্ষণ সমূহ হল-

 উশাহ নিশাহ লওতে কষ্ট,মূৰৰ বিষ,বুকুৰ বিষ,বমি,গাঠীত বিষ, চিন্তা শক্তি হ্ৰাস হোৱাৰ লগতে কথা কওতে অসুবিধা, ছালত সৰু সৰু ফোহাৰ দৰে উঠা আদি ৷ শৰীৰত উঠা ফোহাবোৰ বিষযুক্ত হয়৷

ইয়াৰ ওপৰিও যেতিয়া এই ৰোগ বাঢ়ি যায় তেতিয়া লক্ষণ সমূহ কৰোণা ৰোগৰ দৰেই হোৱা বাবে বহুতেই কৰোণা বুলি ভুল কৰে আৰু ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যু হয়।

whit fungus ৰ সংক্ৰমণ বেছিভাগ দূৰ্বল এমুনিটি চিষ্টেমৰ মানুহৰ শৰীৰত সোনকালে বিয়পে , ডায়বেটিচ ৰোগী , কেঞ্চাৰ ৰোগী সকলৰ শৰীৰত সোণকালে আক্ৰমণ কৰে।

এই ৰোগ সমূহ মহিলাসকলৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলায় । মহিলা সকলৰ লিউকোৰিয়া ( বগা স্ৰাব )ৰ দৰে দেখা দিয়ে।

এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চাফ চিকুন থাকিব লাগিব, কোনো ধৰণৰ ভেকুৰ থকা বস্তুৰ পৰা দুৰৈত থাকিব লাগিব৷ওপৰত উল্লেখ কৰা  যিকোনো লক্ষণ দেখা গলে চিকিৎসকৰ পৰামৰ্শ লওক ৷ প্ৰথম অৱস্থাত এই ৰোগবিধ ধৰা পৰিলে ইয়াক চিকিৎসা কৰি ভাল কৰা সম্ভৱ কিন্তু প্ৰথম অৱস্থাত চিনাক্ত কৰিব নোৱাৰিলে ৰোগবিধ গুৰুত্বৰ হৈ পৰে৷


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)