Black fungus(mocormycosis) কি , এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰ কি ?

 

Black fungus কি  আৰু  এই ৰোগ কেনেকৈ সংক্ৰমণ হয় , ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ কি ,এইবিষয়ে জানো আহক৷

#Black fungus হৈছে এক গুৰুতৰ বেক্টেৰিয়া অৰ্থাৎ ফাংগেল সংক্ৰমণ। যাক মুকৰ্মাইচিটেইছ(#Mucormycosis) বুলিও কোৱা হয়।

দেশত কৰোণা মহামাৰীয়ে বিভিষিকাৰ সৃষ্টি কৰাৰ সময়তে Black fungus( কলা বেক্টেৰীয়া)ই আতংকৰ সৃষ্টি কৰিছে।দেশত কৰোণা মহামাৰী প্ৰতিদিনে বাঢ়ি থকা সময়তে এই বেমাৰে নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে। এই বেমাৰ প্ৰতিদিনে বাঢ়ি গৈ আছে । মহাৰাষ্ট্ৰ , মধ্যপ্ৰদেশ, গুজৰাট,দিল্লীৰ পিছত এতিয়া উত্তৰ প্ৰদেশ , অসম লগতে বাকী প্ৰদেশ সমূহতো  বিয়পি আছে । এই বেমাৰৰ ভয়াবহতা ইমানে বাঢ়ি গৈছে যে বহুতৰে মৃত্যু হৈ আছে ।

এতিয়া আহক আমি জানো এই black fungus আচলতে কি?

আচলতে Black fungus বেক্টেৰীয়াৰ সংক্ৰামণ। বিশেষজ্ঞ সকলৰ মতে এইবিধ  পৰিৱেশত প্ৰাকৃতিকভাৱে থকা  মুকৰ্মইকোচিছ নামৰ ভেকুৰৰ এটা গোটৰ পৰা এই ৰোগ হয় । এই ৰোগ ইমান ভয়ংঙ্কৰ নহয় যদিও শৰীৰৰ ইমুউনিটি চিষ্টেম দূৰ্বল থাকিলে ভয়ঙ্কৰ ৰূপ লব পাৰে , যাৰে বাবে ৰোগীৰ মৃত্যু হ'ব পাৰে । মধুমেহ (ডায়েবেটিচ) ৰোগী সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে ।

এই ৰোগ ছাল , চকু,নাক আদিত প্ৰথমে প্ৰভাৱিত কৰে । তাৰ পিছত নাকৰ জড়িয়তে ভিতৰলৈ গৈ হাঁওফাঁও আৰু মগজুক প্ৰভাৱিত কৰে। যাৰ ফলত মানুহৰ মৃত্যু হয় । চিকিৎসক সকলৰ মতে এই বেক্টেৰীয়াৰ সংক্ৰামণ মানুহৰ মগজুত গৈ পালে তাৰ কোনো চিকিৎসা নাই ।


ইয়াৰ লক্ষণ সমূহ-

এতিয়ালৈকে এই ৰোগৰ লক্ষণ সমূহ হল - মূৰৰ বিষ, চকু ৰঙা পৰা, চকুৰ পৰা পানী ওলোৱা, চকুৰ লৰচৰ কমি যোৱা,নাক বন্ধ হে থকা, গাল আৰু মুখত দাগ আৰু ফুলি উঠা,নাকত কলা চামনি পৰা, চকুৰ বিষ , জ্বৰ আদি । বিশেষজ্ঞ সকলৰ মতে এই ৰোগ নাকৰ পৰা আৰম্ভ হয় । নাকৰ পৰা আৰম্ভ হৈ হাঁওফাঁও আৰু মগজুলৈকে যায় ।


Black fungus ৰ প্ৰতিকাৰ - এই ৰোগবিধ প্ৰথমেই ধৰিব পাৰিলে ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ , গতিকে ওপৰৰ লক্ষণ সমূহ লক্ষ্য কৰিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যোৱা প্ৰয়োজন। লগতে নাক মুখে গৰম ভাপ লোৱা, নিমখ পানীৰে কুলি কৰা, নাকেৰে টানি থকা , লগতে নিজৰ ইমুনিটি চিষ্টেম শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)