শেহতীয়া লেখা

অৱহেলিত অপেক্ষা










অৱহেলিত অপেক্ষা

------------

চহৰৰ গলি এটিত সদায় ৰৈ থাকো

তোমাৰ বিপ্লৱী চুমা এটাৰ অপেক্ষাত

যি চুমায় মোক বিপ্লৱী কৰি তুলিব

বুকুত বিপ্লৱৰ স্ফুলিঙ্গ জ্বলিব

আকাশে বতাহে বাজিব স্বাধীনতাৰ গান

হাতৰ মুঠিত অনা সূৰ্যৰ  ৰংবোৰ

আলফুলে বুলাই দিবহি ওঁঠত

দিন শেষত অৱহেলিত আপেক্ষাবোৰ

এটি এটিকৈ সৰি পৰে ৰাতিৰ বুকুত

সেয়েহ সূৰ্যৰ ৰঙা ৰঙখিনি

বুলোৱা নহয়গৈ ওঁঠত

স্বাধীনতাৰ পতাকাটিও উঠি থিয় নহয়

সেয়েহ হয়তো মোৰ চহৰখনে

উচুপি উঠে মাজৰাতি

অশান্ত মনলৈ নিজ অলিয়ে গলিয়ে

বাউলৰ দৰে ঘূৰি ফুৰে

চহৰৰ খোজে প্ৰতি বাজি উঠে

ঘৰবোৰত হেঁচি ৰখা অসংখ্য চিৎকাৰ

জাগ্ৰত চকুবোৰৰ সুপ্ত ইতিহাস

ভৰিত বন্ধা শিকলিৰ ঝংকাৰ

যন্ত্ৰনাত দগ্ধ চহৰখনে আত্মগোপন

কৰিবলৈ অন্ধকাৰৰ দিশে আগবাঢ়ে

ক্লান্ত চহৰখনে বৈ থকা নৈ দেখি

কিছুসময় নৈৰ পাৰত বহে

নৈখনলৈ চাই থাকোতেই

ছোৱালী এজনী আহে নৈ ঘাটলৈ

চহৰখনলৈ চাই হাঁহে

ফাগুনৰ ৰং বুলোৱা ওঁঠ

চকু ভৰা কাজল

আউলি বাউলি মেঘালী চুলি

ভৰিত নুপুৰৰ ৰুণ-জুন

লাহে লাহে তাই নদীত নামে

জোনাকী পোহৰত

নিজ ইচ্ছামতে সাতুৰি থাকে

শেষ ৰাতি পোহৰক মেঘে ঢাকতেই

অন্তৰ্ধান হৈ যায় অন্ধাৰৰ বুকুত

পুৱা ৰক্তাক্ত উৰনাখন উদ্ধাৰ হয়

উৰণাখনেই জানে

তাইৰ জীৱনৰ শেষ উশাহ নিশাহ

কিমান কষ্টকৰ আছিল 

দিনৰ পোহৰত চহৰৰ দৰে

ময়ো চাই থাকো

তাইৰ পদচিহ্নবোৰ

আমাক বিলাপ জুৰে

আমি নুশুনে সেইবোৰ

নাই নাই ,আমি শুনিব নিবিচাৰো

আক্ষেপত বালিত মুখ গুজি শুই পৰে পদচিহ্নবোৰ

আৰু চহৰখন আগৰ দৰেই চলি থাকে যন্ত্ৰৰ দৰে ।।