শেহতীয়া লেখা

চ’ৰ চাপৰিৰ আ-অলংকাৰ ( #অসমীয়া গহণা )

                 

         


         চ’ৰ চাপৰিৰ আ-অলংকাৰ (অসমীয়া গহণা )

অসমৰ চ’ৰচাপৰিৰ অধিকাংশ লোকেই কৃষিজীৱি৷ অতীতৰ পৰা এইসকল মানুহে নাঙলৰ ভৰত নিজৰ মেৰুদণ্ড কেতিয়াও পোনাব পৰা নাই৷ বৰ্তমানো ইয়াৰ ব্যতিক্ৰম নহয়৷ যিসময়ত মানুহে চন্দ্ৰত বসবাসৰ কথা ভাবি আছে সেই সময়ত চ’ৰ চাপৰিৰ মানুহে অন্ন-বস্ত্ৰ-বাসস্থানৰ তাগিদাত চহৰত গৈ দিন হাজিৰা, ঠেলা চালক, ৰিক্সা চালক মিস্ত্ৰি আদি বিভিন্ন কামত নিয়োজিত হৈ আছে৷ চ’ৰ-চাপৰিৰ বহু নাৰী চহৰলৈ ওলাই আহি শ্ৰমিকা,যোগালি,বাচন-বৰ্ত্তন,কাপোৰ ধোৱা আদি কামত নিয়োজিত হৈছে৷ চ’ৰ- চাপৰিৰ মহিলাই পুৰুষৰ কান্ধত কান্ধ মিলাই কৃষি কৰ্ম কৰাৰ লগতে বাঁহ-বেতৰ কাম যেনে-বিছনী,চালনী,ঢাৰি,পাচি,ধিয়াৰ আদি বনায়৷ ইয়াৰ ওপৰিও ৰচী,কাঁথা,শিকিয়া,জাল আদি তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা টকাৰে দৈনন্দিন লাগতীয়াল সামগ্ৰী কিনাৰ লগতে নিজৰ সপোন,হেঁপাহ পূৰণ কৰে৷ প্ৰতিজন নাৰীৰ নিজকে সজাই পৰাই ৰখা আৰু বিভিন্ন আ-অলংঙ্কাৰ পিন্ধি নিজৰ শোভা বৰ্ধন কৰিব বিছাৰে৷ চ’ৰ-চাপৰিৰ প্ৰত্যেক গৰাকী নাৰীয়েই নিজৰ সাধ্যমতে বিভিন্ন ধৰণৰ গহণা পিন্ধা দেখা যায়৷ চ’ৰ চাপৰিত বিয়াত কইনা ঘৰৰ পৰা লগতে দৰাঘৰৰ পৰাও আ-অলংকাৰ দিয়া পৰম্পৰা অথবা বাধ্যতামূলক৷ সেয়েহ বিভিন্ন লোকগীত ,বিয়ানাম আদিতো আ-অলংকাৰ নাম তথা নাৰীৰ সৌন্ধৰ্য্যৰ বিষয়ে উল্লেখ পোৱা যায়৷ যেনে-          

‘ বিয়াৰ সাজনী সাজো কন্যালো

 বিয়াৰ সাজনী সাজো

বইসো দেখি সোণাৰ ময়না গয়না দিয়া গায়

এমন সাজোন সাজাবো যেন মুনিৰ মন ভৰায় …..৷’

 চ’ৰ-চাপৰিৰ নাৰীয়ে গহনা-গাঁঠৰি সৌন্ধৰ্য্য বৰ্ধনৰ লগতে বিপদৰ আৰু ভৱিষ্যতৰ সম্বল বুলি মানি আহিছে, অৰ্থাৎ কোনো বিপদ-আপদ,বেমাৰ-আজাৰৰ সময়ত কামত আহিব বাবেও সংৰক্ষণ কৰি থৈ দিয়ে৷ আমাৰ সংসবিধানত বা মুচলিম লো কোৰাণ শ্বৰিফত নাৰী সকলৰ সম্পত্তিৰ অধিকাৰ আছে যদিও চ’ৰ চাপৰিৰ নাৰী সকল সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ স্বামী বা পিতৃগৃহৰ পৰা আ-অলংকাৰৰ বাহিৰে কোনো সম্পত্তি নাপায়৷ তাৰোপৰি চ’ৰ-চাপৰিৰ নাৰীৰ উপাৰ্জনৰ বা কৰ্ম সংস্থাপনৰ কোনো ব্যৱস্থা নাই৷ এনে ক্ষেত্ৰত ভৱিষ্যত লৈ শংকাত থাকে৷ যি পুত্ৰ বা কন্যাই মাতৃগৰাকীক বৃদ্ধা অৱস্থাত সেৱা যত্ন কৰিব, অলংকাৰবোৰ তেওঁৰে হ’ব৷ নাইবা পৰিয়ালৰ কাৰো যিহেতু ভাল উপাৰ্জন নাই এনে ক্ষেত্ৰত কোনোবাৰ ডাঙৰ বেমাৰ আজাৰ হ’লে গহণা বিক্ৰী কৰি চিকিৎসাৰ কামত আহিব৷ বানত ঘৰ দুৱাৰ উঠি গলেও শেষ সম্ৱল গহনাবোৰ৷এই ধাৰণা বৰ্তমানো চ’ৰ-চাপৰিত প্ৰচলিত,সেয়েহ নাৰীয়ে চেষ্টা কৰে গহণা বনাই সংৰক্ষণ কৰিবলৈ৷

চ’ৰ চাপৰিৰ নাৰীসকলে প্ৰতিটো মূহুৰ্ততে জীৱন যুদ্ধত অৱতীৰ্ন যদিও নিজৰ দেহ সজোৱাৰ বাবে যত্নপৰ৷ দেহ সজ্জাৰ বাবে চ’ৰ চাপৰিৰ নাৰীসকলে অতীতৰে পৰা বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰি আহিছে৷ আ-অলংকাৰ লৈ চ’ৰ চাপৰিত কিছু লোক কথাও প্ৰচলিত ৷ সেইদৰে চৰ চাপৰিৰ মিঞা মহিলা সকলে সৌন্ধৰ্য্য বৰ্ধনৰ গহনা কনেকৈ আৰু কেতিয়াৰ পৰা নাৰী সকলে পিন্ধা আৰম্ভ কৰিলে তাকলৈ মিঞা সমাজত প্ৰবাদো আছে৷জনশ্ৰুতি মতে বহু বছৰ আগত এজন মানুহে বিয়া পাতিলে কিন্তু কইনাজনী সিমান ধুনীয়া নহয়,কলা বৰণৰ৷ বিয়াৰ কেইবছৰ যোৱাৰ পিছত মানুহজনৰ পত্নীৰ প্ৰতি অনিহা আহি গল৷ মানুহজনে তাইক থৈ আন এজনী সুন্দৰী ছোৱালী বিয়া পাতি আনিলে ৷ তাৰ পিছৰ পৰা তাইলৈ ঘূৰিও নচোৱা হল ৷ এদিন ৰাতি কলা মহিলা গৰীকীয়ে আল্লাহ তালাৰ ওচৰ হাত তুলি বহুত কান্দা কটা কৰিলে ৷ তাই একান্ত মনে কৰা পাৰ্থনাত আল্লাহ সন্তুষ্ট হৈ তাইক সুন্দৰ কৰি দিয়াৰ লগতে আল্লাহৰ হুকুমত অকলে নাক কান ফুটা হৈ তাত সোণৰ গহনা পিন্ধা পালে ৷ হাত , ডিঙি , ভৰিতো গহণাৰে সজাই দিয়া হ’ল ৷ ৰাতিপুৱা যেতিয়া তাই টোপনিৰ পৰা উঠি দুৱাৰ খুলি বাহিৰত ওলাইছে ,তেতিয়া তাইৰ ৰূপৰ চমকত স্বামীয়ে দৃষ্টি আতৰাব পৰা নাই ৷সেই তেতিয়াৰ পৰাই মানুহৰ মাজত গহনাৰ প্ৰচলন হৈছে ৷  

 

 

 চ’ৰ-চাপৰিত পিন্ধা অলংকাৰবোৰৰ চমু বিবৰণ তলত দাঙি ধৰিলোঁ-

১) নাকত পিন্ধা অলংকাৰ-

চ’ৰ চাপৰিৰ মিঞা সমাজত নাকৰ অলংকাৰৰ প্ৰধান্য অধিক , এনেকি নাকৰ অলংকাৰ অবিহনে ছোৱালী বিয়া নহয়৷ দৰাৰ ঘৰৰ পৰা বাকী অলংকাৰ নিদিলেও নাকত পিন্ধা অলংকাৰ এটা দিবই লাগিব বুলি অতীতৰ পৰা প্ৰচলিত হৈ আহিছে, এনেকি বিবাহিত মহিলা এগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছতে নাকফুলি খুলি দিয়াৰ নিয়ম৷ বিধোবা মহিলাই নাকৰ অলংকাৰ পিন্ধা মানা বুলি অতীতৰে পৰা প্ৰথাৰ দৰে সকলোৱে মানি আহিছে৷ সেয়া স্বামীয়ে বিয়াৰ সময়ত দিয়ে আকৌ স্বামাৰ মৃত্যুৰ পিছত নাকফুলেৰেই শ্ৰদ্ধাঞ্জলি দিয়ে৷ অৱশ্যে বৰ্তমান কিছু মহিলাক দেখা যায় স্বামীৰ মৃত্যুৰ পিছত নাকফুল পিন্ধা৷

নাকত অলংকাৰ পিন্ধোৱাৰ বাবে শিশু অৱস্থাতে ছোৱালীক কিছু নীতি নিয়মেৰে নাক বিন্ধা কৰা অভ্যস্ত গাঁওৰ কোনো মহিলাৰ দ্বাৰাই নাক বিন্ধা কৰি দিয়া হয়৷ মিহি বেজি-সূতাৰে এই বিন্ধা কৰি দিয়ে৷ কিছুদিন সুতা বান্ধি ৰাখি ঘা শুকালে মিহি শুকান দিয়া শলাইৰ কাঠি বা আন কোনো কাঠি সোমাই দি থোৱা হয়৷ নাকৰ বিন্ধা শুকালে ‘ বিছমিল্লাহ’ কৈ সোনৰ বা ৰূপৰ নাকফুলি পিন্ধাই দিয়া হয়৷নাকত পিন্ধা অলংকাৰক (নাকফুলি)বিভিন্ন নামেৰে জনা যায়৷ বিভিন্ন ধৰণৰ ফুলৰ বিপৰীত ফালে সুক্ষ্ম নলী লগোৱা থাকে৷ নলটো নাকৰ ফুটাৰে সোমুৱাই দি তাম বা ৰূপৰ খিলাৰে লগাই দিয়া হয়৷ তাৰে কিছুমান নাকফুলৰ পৰিছয় তলত উল্লেখ কৰিলোঁ-

১) ডাইল- এইবিধ মুচুৰ ডালিৰ আকৃতিৰ সৰু এটা নলীৰ লগত লগোৱা থাকে৷ যাৰ বাবে ইয়াক ডাইল নাম৷( চ’ৰ চাপৰিত ডালিক ডাইল বুলি কয়)

২) তাৰাফুল- এই নাকফুলবিধ তৰাৰ আকৃতিৰ হয়৷ মাজত এটা পাথৰ লগোৱা থাকে৷ (চ’ৰ চাপৰিত তৰাক তাৰা কয় বাবে নাকফুলবিধকো তাৰাফুল বুলি কয়৷)

৩)এছফুল-এই নাকফুলবিধ ইংৰাজী লেটাৰ ‘S’ ৰ আকৃতিৰ বাবে এছ বুলি কয়৷

৪)গেন্দা ফুল বা সাতদানা-এই নাকফুলবিধ নাৰ্জিফুলৰ দৰে আকৃতিৰ৷ নাৰ্জিফুল চ’ৰ চাপৰিত  গেন্দা ফুল নামে জনাজাত৷

৫)চিতি ফুল- পখিলাৰ আকৃতিৰ হয় এই নাকফুল৷ চ’ৰ চাপৰিত বহুতেই পখিলাক চিতি বুলি কয়৷

ইয়াৰ ওপৰিও চ’ৰ-চাপৰিৰ মহিলা সকলে নাকৰ ভিতৰৰ নতিত ফুটা কৰি বিভিন্ন আকৃতিৰ অলংকাৰ পিন্ধা দেখা যায়৷যেনে-

১)পালিশপাত- গোলাকৃতিৰ ৰিং এটাৰ লগত এটা দানা বা চিৰাৰ আকৃতিৰ সোণৰ দানা বহুৱাই সজা গহণা৷

২)নলক বা বেল্লাক- এই নলক বিধো বালিৰ(ৰিং)লগত অলপ ডাঙৰকৈ চিৰা আকৃতিৰ বা ডালিম ফুলৰ আকৃতিৰে লগাই সজা গহণা৷

৩) নাকঠশা- এইবিধ দুটা ডাঙৰ দালিৰ আকৃতিৰ সজোৱা হয়,এটাৰ লগত সংলগ্ন সুক্ষ্মনলী থাকে,আনটোৰ লগত নলীত সোমাই খাপ খোৱাকৈ খিলা থাকে৷ এটা এফালৰ পৰা দি আনটো আনফালৰ পৰা দুয়োটা লগাই থোৱা হয়৷

২ ) কপালত পিন্ধা অলংকাৰ: সেওঁতাৰ মাজেৰে কপালত পৰাতকৈ এইবিধ গহণাক মিঞা সমাজত সিতাপাটি বুলি কয়৷ চুলিৰ ফালে থকা অংশ ক্লিপৰ দৰে ভাজ থাকে বাবে চুলিত গাথি থয় আৰু কপালত থকা অংশ বিভিন্ন আকৃতিৰ হয়৷ সাধাৰণতে সিতাপাটি কইনাকহে পিন্ধোৱা হয়৷ অসমৰ লোক গীতত সিতাপাটিৰ উল্লেখ পোৱা যায় ৷ যেনে -

          আইলাম ৰে ভাই এই বাড়ী

           পাছদুৱাৰে কলাগাছ গাৰী

           কলাগাছে ধলা ফুল,

            নাৰীৰ মাথায় লম্বা চুল

           সেই নাৰী চুল বান্ধে সিটি-পাটি মাথায় বান্ধে৷

 

৩)কাণত পিন্ধা অলংকাৰ: নাকৰ দৰে কানতো শিশু কালতেই গাঁওৰ অভিজ্ঞ মহিলাৰ দ্বাৰা ফুটা কৰি নাকৰ দৰে একেই পদ্ধতিৰে কানত গহনা পিন্ধাই দিয়াৰ নিয়ম৷ চ’ৰ-চাপৰিৰ কিছুমান পুৰুষো কানত বালি পিন্ধা দেখা যায়,বিশেষকৈ যিয়ে মাক দেউতাকৰ প্ৰথম সন্তান বা এজনেই সন্তান,সেই কান ফুটা কৰি বালি পিন্ধাই দিয়ে৷ প্ৰবাদ মতে, সন্তানৰ বাধা বিঘিনি বা মচিবত কানত বালি দিলে সেইবোৰ কাটি যায়৷তাৰোপৰি যি মাৰ দেউতাকৰ সন্তান জন্মৰ পিছত মৃত্যু হয় অৰ্থাৎ সন্তান জীয়াই নাথাকে, কেইবাটাও সন্তানৰ মৃত্যুৰ পিছত এজন জীয়াই থাকিলে তাক ‘মল্যাৰ’ বুলি কোৱা হয়৷ এই ‘মল্যা’ কাটিবলৈ অৰ্থাৎ সেই সন্তান জীয়াই থাকিবলৈ কাণ ফুটা কৰি বালি বা টপ পিন্ধাই দিয়া হয়৷ এই প্ৰচলন অতীতৰ পৰা বৰ্তমানলৈকে সমাজত প্ৰচলিত হৈ আছে৷ চ’ৰ চাপৰিৰ লোকগীতত বা বিয়ানামত কানৰ অলংকাৰৰ বিষয়ে উল্লেখ আছে এইদৰে -

‘সত্তা সাজাইতে আৰো কিছু নাগেলো

বিষুমতি ৰাইয়ো,ফুলমতি ৰাইয়ো

সাত্তা সাজাইতে কাণেৰ মাকৰী নাগেলো……৷’

চ’ৰ-চাপৰিৰ নাৰীসকলে পিন্ধা কিছুমান আ-অলংকাৰৰ বিষয়ে তলত উল্লেখ কৰিলোঁ-

ক) পাশা-এই গহনাবিধ মূলতে আমৰ আকৃতিৰ হয়,কিন্তু চেপেটা৷ইয়াৰ লগত সংলগ্ন এটা হূকৰ দৰে থাকে,যাক কানৰ বিন্ধাৰে সমোৱাই দি আকৌ পাশাৰ লগত লগাই দিয়া হয়৷

খ) মাকৰি- মাকৰি সাৰধাৰণতে দুই ধৰণৰ,এবিধ হ’ল পাতা মাকৰি,আনবিধ টেপা মাকৰি৷

:পাতা মাকৰি-এইবিধ গহনা গোলাকাৰ আকৃতিৰ পাতৰ দৰে চেপেটা ৰিং বিশেষ৷ ওপৰফালে বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন বনোৱা থাকে৷ৰিঙৰ লগতে ওপৰফালে কানত সমুৱাই দিবলৈ মিহি হূক থাকে৷

:টেপা মাকৰি-এবিধ আকৌ ভিতৰফালে ফোপলা হৈ মাজ অংশত ফুলি থাকে বাবে ইয়াক টেপা মাকৰি কোৱা হয়৷ইয়াৰো বাহিৰফালে বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন বনোৱা থাকে৷

গ)অন্তি- এইবিধ অতি পুৰণা গহণা৷এই গহণা প্ৰায় এটা কড়ি গুটিৰ নিচিনা৷ভিতৰ অংশ ফোপোলা আৰু কানৰ লতিৰ তলত এটা ফুটা কৰি ফুটাৰ মাজেৰে তামৰ খিলা সমোৱা হয় আৰু সেই খিলাত অন্তি ওলোমাই ৰখা হয়৷

ঘ)শিতাদুল- এই গহনাত কানত সমুৱাই দিয়া ডাটৰ ওপৰত এটা ফুলাকৃতিৰ থাকে,তাৰ লগত সংলগ্ন দুফালে দুটা চেইন তললৈ ওলমাই মাজত অলপ ডাঙৰ ফুলাকৃতিৰ ডিজাইৰ লগত সংলগ্ন থাকে৷তাৰ পৰা তলৰ ফালে ঝুল লগোৱা থাকে৷

ঙ)চান্দবালি- এইবিধ গহনা কানত সমুৱাই দিয়া ডাটৰ ওপৰত এটা ফুলাকৃতিৰ থাকে.তাৰ লগত ওলমাই এটা অৰ্ধ চন্দ্ৰ আকৃতিৰ ডিজাইন সংলগ্ন থাকে৷তাৰ মাজত বিভিন্ন কাৰুকাৰ্য্য খোদিত থাকে৷ কিছুমানত তলৰ ফালে ঝুল দিয়া থাকে৷

ইয়াৰ ওপৰিও ৰানিদুল,উনকি,ঝুমকা,বাউটি,ৰিং,টপ আদি গহনা চৰ চাপৰিত জনপ্ৰিয়৷কানৰ লতিৰ ওপৰৰ অংশতো বহুতে ফুটা কৰি গহনা পিন্ধে,সেইবো হ’ল-কান ঠশা,মাচি পাত আদি৷

৪) গলত পিন্ধা অলংকাৰ-অতীতৰে পৰা গলত বিভিন্ন আকৃতিৰ আ-অলংকাৰ নাৰীয়ে পিন্ধি আহিছে,সেয়া ৰূপ,সোণ বা অন্য ধাতুৰো হয়৷ এনেকি পৃথিৱীত এনে কিছুমান জনজাতি মানুহ আছে,সিহঁতে ডিঙি দীঘল কৰিবলৈ এক প্ৰকাৰৰ বিশেষ অলংকাৰ পিন্ধে৷ দীঘল গলৰ নাৰী বেচি সৌন্ধৰ্যৰ গৰাকী বুলি বিশ্বাস৷সেইদৰে চৰ চাপৰিৰ মিঞা মহিলা সকলে সৌন্ধৰ্য্য বৰ্ধনৰ বাবে বিভিন্ন ধৰণৰ গহনা পৰিধান কৰি আহিছে৷

২: তাৰাখুটি : ই অতি পুৰনা গহনা৷ জাপিৰ দৰে গোলাকৃতিৰ আৰু ওপৰফালে শিৰথকা জোঙা আবৃতিৰে তৈয়াৰ কৰা হয়৷ কলা বা ৰঙা সুতা বা সৰু সৰু ফুতিৰ মাজত এটা এটাকৈ তাৰাখুটিবোৰ লগাই ডিভিত পিন্ধা হয়৷                                            

৩: ধান তাবিজ : এইবোৰ গহনাও পুৰানি৷ এই গহনাবিধ ধানৰ আকৃতিৰ দুফালে জোভা মাজত শকত কিন্তু অলপ ডাভৰ৷ ঢোলবিৰিত কৈ সৰু৷ ধান তাবিজবোৰ সুতা বা সৰু ফুতি বা ক্ৰাইষ্টইলৰ মাজে মাজে এটাকৈ লগোৱা হয়৷

৪: চন্দ্ৰাহাৰ : এইবিধ হাৰ অৰ্ধ চন্দ্ৰাকৃতিৰ৷ পৰিমানমতে ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ তিনিখন হাৰ একেলগে জোৰা লগাই ডিঙিত পিন্ধা হয়৷

৫: বিচৃছাহাৰ : ৰূপৰ পাতি গুনাৰ দৰে তৈয়াৰ কৰি প্ৰায় এক ছেঃ মিঃ দীঘলকৈ বনাই লগ লগাই বিচাহাৰ তৈয়াৰ কৰা হয়৷

৬: গোটাহাৰ : সোনৰ বা ৰূপৰ মিহি চেপেটা পাতি সৰু গোলকৈ তৈয়াৰ কৰি এটা এটাকৈ লগ লাগাই গোটাহাৰ বনাই গলত পন্ধা পয়৷

৭: বাহুত পিন্ধা অলংকাৰ : চ’ৰ চাপৰিৰ মহিলাসকলে সৌন্ধৰ্য্য বৰ্দ্ধনৰ বাবে বাহুত বিভিন্ন আকৃতিৰ অলংকাৰ পিন্ধে৷ সেইবোৰ ৰূপ বা সোনেৰে বিভিন্ন কাৰু কাৰ্য্য খোচিত বিভিন্ন নক্সাৰে তৈয়াৰ কৰা হয়৷ চেপেটা ডিজাইনৰ নক্সাৰে বনোৱা অলংকাৰবিধ সুতা বা সোন , ৰূপৰ চেইনৰ সহায়ত বাহুত বান্ধি ৰখা হয়৷ এইবোৰক বাজু বুলি কয়৷ বাজু আকৌ কেইবা প্ৰকাৰৰ৷ সেইবোৰ হল :- কাটা বাজু , ছিপ বাজু , তামলেট , বাদামি বাজু৷

 ৮: হাতত পিন্ধা অলংকাৰ : হাতত পিন্ধা অলংকাৰ নাৰীৰ সৌন্ধৰ্য্য বৰ্ধনৰ অনত্যম৷ নাৰীসকলে হাতত বিভিন্ন ধৰনৰ আ-আলংকাৰ পিন্ধা দেখা যায়৷ চ’ৰ – চাপৰিৰ নাৰীসকলেও ইয়াৰ ব্যতিক্ৰম নহয়৷ চ’ৰ-চাপৰীত ছোৱালীক সৰুৰে পৰাই পিন্ধাই দিয়ে হাতখন চিকু, ধুনীয়া হোৱাৰ কৱে৷ তাৰোপৰি চ’ৰ – চাপৰিত হাতৰ খাৰু অবিহনে থকা কুলক্ষনৰ চিন৷ প্ৰবাদ মতে বিবাহিত মহিলাই হাতত খাৰু নিপিন্ধিলে , হাত খালি কৰা ৰাখিলে স্বামীৰ আয়ু কমে৷ এনে প্ৰবাদ বৰ্ওমান সমাজতো প্ৰচলিত৷ চ’ৰ - চাপৰিৰ মহিলাহকলে পিন্ধা অলংকাৰবোৰ হল – শাখা ,পালিস পাত ,চুৰ , বয়লা , গামখাৰু , মুঠাখাৰু , ঝুৰিখাৰু , বাউটি , বসন্ত বাহাৰ , মিসৰীদানা , পলা , যাগৰি কাটা আদি৷ হাতত সৌন্ধৰ্য্য বৰ্দ্ধনৰ বাবে আভুলিত পিন্ধা আভুঠি অন্যতম৷

১) বাউটি : সোন বা ৰূপৰ বিভিন্ন ধৰনে কাম কৰা খাৰু বিশেষ৷ তামৰ খাৰুৰ ওপৰত সোন বা ৰূপ গলাই দিয়া হয়৷

২) বয়লা : বয়লা বিভিন্ন কাৰু কাৰ্য্য খোদিত পাইপৰ দৰে মাজত ফোপলা কিন্ত গোলাকাৰ৷ ফোপালা বয়লাৰ মাজত চাচ গলাই সনুৱাই দিয়া৷ বয়লা দুই প্ৰকাৰৰ খল বয়লা আৰু নতা বয়লা৷ খল বয়লাৰ ওপৰত বিভিন্ন ডিজাই খোদি নাথকে কিন্তু নতা বয়লা ওপৰত লতাৰ দৰে পাত ফুল বিভিন্ন ধৰনে খোদিত কৰা থাকে৷

৩) মুঠাখাৰু : প্ৰায় এমুঠি বহল চেপেটা সোন বা ৰূপৰ খাৰু ,মুঠাখাৰু আৰু গাম খাৰুৰ আকৃতি একেই৷ মুঠামাৰি পিন্ধিব লাগে বাবে ইয়াক মুঠা খাৰু কয়৷

৪) বসন্ত বাহাৰ : বসন্ত বাহাৰ খাৰুৰ কামবোৰ অতি সুক্ষ্ম আৰু পিতল বা সোনেৰ শলাৰে মুখ বন্ধ কৰা হয়৷ এই খাৰুবিধ প্ৰায় গাম খাৰুৰ আকৃতিৰ বিন্তু এৰে নহয়৷

৫) শাখা : তামৰ বা ৰভা , বগা চাচৰ ওপৰত বিভিন্ন কাৰু কাৰ্য্য খোদিত সোনৰ ডিজাইন বনাই লগাই দিয়া হয়৷

৬) ককাল বা কোমৰত পিন্ধা অলংকাৰ : ককালত পিন্ধা অলংকাৰ ককালৰ বেল্ট বিশেষ৷ এই অলংকাৰ বিভিন্ন আকৃতিৰ ডিজাইনেৰে বনোৱা হয়৷ ডিজাইন হিচাপে বিভিন্ন নাম আছে , সেইবোৰ হল – মাঞ্জাহাৰ , পানাহাৰ , কেকাৰ বিছা , মাঞ্জাৰ গোট আদি৷ সৰু লৰা ছোৱালীবোৰক ককালত জুনুকাৰ দৰে বান্ধি কিছু অলংকাৰ দেখা যায়৷এইবোৰ বিশেষকৈ সৰু লৰা ছোৱালীৰ গতি বিধি লক্ষ্য কৰিবলৈ পিন্ধাই দিয়ে৷কাৰণ চ’ৰ চাপৰিত ঘৰৰ চাৰিওপিনে বেছিভাগ সময়ে পানী থাকে৷মাকেও কামত ব্যস্ত থাকে৷

৭) ঠেঙত পিন্ধা অলংকাৰ : অতীতৰে পৰা ঠেঙত বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধি আহিছে মহিলা সকলেও ইয়াক অতীতৰে পৰা পিন্ধি আহিছে৷ চ’ৰ – চাপৰিত ছোৱালিবোৰাক খোজকঢ়া শিকাৰ পিছতে পিন্ধাই দিয়া দেখা যায় কাৰন সেই অলংকাৰৰ শব্দত সৰু ছোৱালীজনিৰ হতিবিধি  লক্ষ্য কৰে৷ কাৰন বছৰৰ বেচিভাগ সময়ত পানিৰে ভৰি থাকে চ’ৰ চাপৰি৷ তেনেকৈ ল’ৰাক কমৰত সুতাৰ সৈতে জুনুকা পিন্ধাই দিয়া হয়৷ অৱশ্যে চ’ৰ – চাপৰিৰ কিছু  মহিলাই ( যি সকলে কোৰান পঢ়ে , নামাজ পঢ়ে ) জুনুকা থকা অলংকাৰ নিপিন্ধে কাৰন খোজ কাঢ়িলে শব্দ হয়৷ ভৰিত পিন্ধা অলংকাৰৰ ভিতৰত ‘পায়েল’ অন্যতম৷ পিছে অতীতৰ অলংকাৰবোৰ ৰিছু ভিন্ন আছিল৷ সেইবোৰ হল – ঠেংখআৰু , বাঘখাৰু , আদি৷

১] ঠেংখাৰু : ৰূপেৰে বনোৱা মোটা বয়লাকৃতিৰ ভিতৰ অংশ ফোপলা৷ খাৰুৰ ভিতৰত সাই জাতিয় সৰু গুটি দিয়া হয়৷ কইনাই খোজ কাঢ়ি গলে লৰে ঠৈংখাৰুৰ শব্দৰ পৰা কইনাৰ গতিবিধি জানিব পৰা যায়৷ ইয়াক গোল খাইৰা বা ভেলাখাৰু বুলিও কয়৷

২] বাঘখাৰু : ভৰিৰ গোৰোহাৰ চাৰি আভুল ওপৰত ইউ ‘U’ আকৃতি দৰে দুই মুৰত চেপি পিন্ধা হয়৷

       - ইয়াৰ ওপৰি ভিৰৰআঙুলিবোৰত ৰূপৰ আঙঠি পিন্ধা হয়৷ ভৰিৰ আঙঠিবোৰক চুটকী বুলি কয়৷ চুটকী বিভিন্ন আকৃতিৰে ডিজাইন বনোৱা হয়৷

       - আলংকাৰৰ ক্ষেত্ৰত চ’ৰ চাপৰিৰ বহুত জাক জমক আছিল৷ সোণৰ তুলনাত ৰুপৰহে প্ৰধান্য বেছি৷ অৱশ্যে এয়া আৰ্থিক অনাটনৰ বাবে৷ সৰুৰে পৰা ছোৱালীবোৰে গহনা পিন্ধে৷ বিয়াত কইনা ঘৰৰ পৰা লগতে দৰাঘৰৰ পৰাও গহনা দিয়া পৰম্পৰা অথবা বাধ্যতামূলক৷ সৌন্ধৰ্য্য বৰ্ধনৰ বাবে অলংকাৰ পৰিধান কৰাৰ লগতে ৰোগ ব্যাধি উপশম হয় বুলি চ’ৰ চাপৰিৰ মানুহে বিশ্বাস কৰে৷ চ’ৰ চাপৰিত জন জীৱনত ব্যৱহাৰ কৰা বহু ধৰণৰ অলংকাৰৰ ডিজাইন বৰ্তমান চহৰ অঞ্চলত প্ৰধান্য বিস্তাৰ কৰা দেখা যায়৷ কিছুমান অলংকাৰ আৰু কিছুমান ডিজাইন সময়ৰ সোতত হেৰাই গৈছে৷কিয়নো অতীতৰ বস্তুৰ সংৰক্ষণৰ ব্যৱস্থা নাই৷ তাৰোপৰি লুইতৰ গৰা খহনীয়াই চ’ৰ চাপৰিৰ ঐতিহ্যময় সকলো বস্তুৱে গ্ৰাস কৰিছে৷